ফটাঢোল

ড° লীলা গগৈৰ ৰম্য-ৰচনা পুথি “কপলিং ছিগা ৰেল”ৰ বিষয়ে এটি চমু আলোচনা – চবিনা ইয়াচমিন

লেখকৰ পৰিচয়মূলক টোকাঃ অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ এক চিৰপৰিচিত আৰু চিৰস্মৰণীয় নাম হ’ল ড° লীলা গগৈ৷ অসমৰ কৃষিজীৱী, বুদ্ধিজীৱী, ছাত্ৰ-ছাত্ৰী তথা শিক্ষাবিদলৈকে সকলোৰে মাজত এটি জনপ্ৰিয় নাম হ’ল ড° লীলা গগৈ৷ ৬০তম অসম সাহিত্য সভাৰ মৰিগাঁও অধিৱেশনৰ তেওঁ সভাপতি আছিল৷ শিৱসাগৰৰ দিখৌ পাৰৰ চেৰেকাপাৰ নামৰ ঠাইৰ লেবাং হাতীমূৰীয়া বংশত ১৯৩০ চনৰ ২৫ নবেম্বৰত তেওঁৰ জন্ম৷ তেওঁৰ পিতৃৰ নাম ৺ধনীৰাম গগৈ আৰু মাতৃৰ নাম ৺কমলা গগৈ৷ ড° লীলা গগৈয়ে তেওঁৰ শিক্ষাজীৱন আৰম্ভ কৰে ১৯৩৫ চনৰ চেৰেকাপাৰৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা৷ ১৯৫০ চনত

Read more

বিহুঃ সংস্কৃতি আৰু অপসংস্কৃতিৰ দোমোজাত আমাৰ জাতীয় উৎসৱটি – চাহিন জাফ্ৰি

‘বিহু’ অসমীয়াৰ এক অবিচ্ছিন্ন জাতীয় সংস্কৃতি। জন্মৰ পৰা মৃত্যুলৈ অসমীয়াৰ এক গৌৰৱোজ্জ্বল মানৱীয় আৰু সাংস্কৃতিক ধাৰা।অসমত বসবাস কৰি অহা বিভিন্ন নৃগোষ্ঠীসমূহৰ অঞ্চলভেদে স্বকীয়তাৰে অনুষ্ঠিত হোৱা বিভিন্ন বসন্তকালীন উৎসৱ অনুষ্ঠানৰ ভিতৰত “বিহু”ক অন্যতম প্ৰধান উৎসৱ হিচাপে ধৰা হয়।বিহু কোনো নিৰ্দিষ্ট জাতি বা জনগোষ্ঠীৰ নিজস্ব সম্পদ নহয়, ই হৈছে সমগ্ৰ অসমৰ জাতীয় উৎসৱ।জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অসমৰ আটাইবোৰ জনগোষ্ঠীৰ উৎসৱ-পাবৰ্ণসমূহক বিহুৰ সামগ্ৰিক ৰূপ বুলি অভিহিত কৰিব পাৰি।ভিন্নতাক পৰিহাৰ কৰি একতাৰ দোলেৰে উদাৰভাৱে অনুষ্ঠিত হোৱা বিহু উৎসৱটি হৈছে অসমীয়া জাতীয় সম্প্ৰীতিৰ এক উৎকৃষ্ট উদাহৰণ। সেয়েহে

Read more

নিংনি ভাৱৰীয়াৰ বিষয়ে দুআষাৰ – ইলি তালুকদাৰ

নিংনি ভাৱৰীয়া এটা বিখ্যাত নাম। উনৈশ শতিকাৰ এটি পূৰ্ণিমা তিথিত বৰপেটাৰ ফাটা হাটীত নিংনিৰ জন্ম। তেওঁৰ আন কিবা নাম আছিল নে জনা নাযায়। বৰপেটা চহৰৰ মানুহৰ এশটা বৈশিষ্টৰ ভিতৰত মানুহৰ স্বভাৱ চৰিত্ৰ চাই লঘু নাম দিয়াৰ অভ্যাস আছে। সেইমতেই চাগৈ তেওঁৰ সৰু মুখখন চাই ওচৰ চুবুৰীয়াই নাম ৰাখিলে নিংনি।শিশুতে নিগনি যেন লগা ক্ষীণ চেহেৰাৰ সলনি হৈ পিছলৈ নিংনি নোদোকা, সুশ্ৰী হৈ পৰিছিল যদিও নাম সলনি নহ’ল। অৱশ্যে এই কথা কিমান সঁচা তাক প্ৰমাণ কৰিবলৈ কোনো নাই। নামনি অসমত নিংনি ভাৱৰীয়া

Read more

অসমীয়া ব্যংগ আলোচনী : পৰম্পৰা আৰু স্বৰূপ– ড. নৱ কুমাৰ চমুৱা

‘অসমৰ চাৰিভাগ মানুহৰ ভিতৰত তিনিভাগেই’ হাঁহিব নাজানে বুলি লক্ষ্মীনাথ বেজবৰুৱাই কৈ গৈছে। তেওঁৰ মতে, “ভাৰতৰ মানুহৰ হাড়ে হাড়ে সিৰে সিৰে এনে এটা ভাবে শিয়াই আছে যে হাঁহিলে মানুহ পাতল হয়। হঁহা মানুহ চেলেপু। …মুঠতে আমাৰ মানুহৰ বিশ্বব্ৰহ্মাণ্ডত আমাৰ মতে গোটেইখন serious, অৰ্থাৎ হাঁহিশূন্য। হাঁহি হৰিজন, তাক চুব নাপায়। তাৰ ছাঁতো ভৰি দিব নাপায়। …দেখি দুখ লাগে যে, অসমৰ চাৰিভাগ মানুহৰ ভিতৰত তিনিভাগে ইংৰাজীত যাক কয় wit and humour নুবুজে।”– বেজবৰুৱাৰ মতত হয়ভৰ দি এই কথা ক’ব পাৰি যে, অসমীয়া মানুহে

Read more

ড° লীলা গগৈৰ ৰম্য ৰচনা পুথি "বিয়েৰিং চিঠি" ৰ বিষয়ে এটি চমু আলোচনা – চবিনা ইয়াচমিন

অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ এক চিৰপৰিচিত আৰু চিৰস্মৰণীয় নাম হ’ল ড° লীলা গগৈ৷ অসমৰ কৃষিজীৱী, বুদ্ধিজীৱী, ছাত্ৰ-ছাত্ৰী তথা শিক্ষাবিদলৈকে সকলোৰে মাজত এটি জনপ্ৰিয় নাম হ’ল ড° লীলা গগৈ৷ ৬০ সংখ্যক অসম সাহিত্য সভাৰ মৰিগাঁও অধিৱেশনৰ তেওঁ সভাপতি আছিল৷ শিৱসাগৰৰ দিখৌপাৰৰ চেৰেকাপাৰ নামৰ ঠাইৰ লেবাং হাতীমূৰীয়া বংশত ১৯৩০ চনৰ ২৫ নবেম্বৰত তেওঁৰ জন্ম৷ তেওঁৰ পিতৃৰ নাম ৺ধনীৰাম গগৈ আৰু মাতৃৰ নাম ৺কমলা গগৈ৷ ড° লীলা গগৈয়ে তেওঁৰ শিক্ষাজীৱন আৰম্ভ কৰে ১৯৩৫ চনৰ চেৰেকাপাৰৰ প্ৰাথমিক বিদ্যালয়ৰপৰা৷ ১৯৫০ চনত শিৱসাগৰ চৰকাৰী হাইস্কুলৰপৰা প্ৰৱেশিকা

Read more

বলিউডৰ কেইখনমান ব্যঙ্গ চলচ্চিত্ৰ – ধ্ৰুৱ কাশ্যপ

হিন্দী ভাষাত নিৰ্মিত চলচ্চিত্ৰ উদ্যোগটো, যাক ‘বলিউড’ বুলি কোৱা হয়, এই চলচ্চিত্ৰ উদ্যোগটোৰ হাস্য ব্যঙ্গৰ ইতিহাস বহুত পুৰণি৷ হাস্য ব্যঙ্গ, চলচ্চিত্ৰৰ এনে এটা ধাৰা যিয়ে দৰ্শকক নিৰ্মল হাস্যৰসৰ যোগান ধৰাৰ লগতে চিন্তাৰ খোৰাকো যোগান ধৰে৷ এই ধাৰাৰ চলচ্চিত্ৰবোৰে দৰ্শকৰ ওপৰত অন্য ধাৰাৰ চলচ্চিত্ৰবোৰতকৈ বেছি প্ৰভাৱ পেলায়৷ কাৰণ এই চলচ্চিত্ৰসমূহৰ উপস্থাপন চিত্তাকৰ্ষক৷ এই ব্যঙ্গ চলচ্চিত্ৰবোৰ দৰ্শকৰ অতি প্ৰিয়৷ লাগিলে ই ১৯৮৩ চনৰ কালজয়ী ছবি “জানে ভী দো য়াৰো” হওক কিম্বা অলপতে মুক্তিপ্ৰাপ্ত “হিন্দী মেডিয়াম”৷ এই লেখাটোত বলিউডৰ কেইখনমান শ্ৰেষ্ঠ হাস্য ব্যঙ্গ

Read more

বেজবৰুৱাৰ ব্যঙ্গাত্মক প্ৰবন্ধ "অৱতাৰ" : এটি আলোচনা – চাহিন জাফ্ৰি

“যেতিয়াই পৃথিৱীত ধৰ্ম সংকটে দেখা দিয়ে, তেতিয়াই ধৰ্ম ৰক্ষাৰ বাবে আৰু পাপ বিনাশৰ বাবে এজন সাধু বা অৱতাৰৰ জন্ম হয়।” গীতাত কৈ যোৱা উক্ত শ্লোকটোৰ মতে যদি চাবলৈ যাওঁ, পৃথিৱীত যেতিয়া অন্যায়-অবিচাৰ বেছিকৈ হয় তেতিয়া সেই পাপ বিনাশৰ বাবে এজন সাধু বা অৱতাৰৰ প্ৰয়োজন হয়। কিন্তু বাস্তৱত আজিকালি তেনে হোৱাৰ আশা নাই। আমাৰ সমাজৰ বিশৃংখলতাবোৰ আঁতৰাবলৈ আজিৰ দিনত কোনো অৱতাৰে জন্ম গ্ৰহণ নকৰে। কোনোবাই দুদিনমান সমাজৰ হকে মাত মাতিলেও হাতলৈ ক্ষমতা অহাৰ লগে লগে সকলোবোৰ শেষ হয়। নানা ধৰণৰ সৃষ্টিশীল

Read more

অসমীয়া ভাষা, ব্যাকৰণ ইত্যাদি – খগেশ সেন ডেকা

সাধাৰণতে অসমীয়া ভাষাৰ বানান, বাক্য-গাঁথনি, ব্যাকৰণগত ব্যৱহাৰ আদিৰ বিষয়ে আলোচনা কৰিলে; অথবা কাৰোবাৰ ভুল-প্ৰয়োগ আদি দেখুৱাই দিলে প্ৰায়ে কটু কথাহে শুনা যায়। এই ক্ষেত্ৰত এষাৰ মন্তব্য বৰকৈ চলে৷ সেয়া হ’ল এইবোৰেই দেখোন চলি আছে৷ কিনো ভুল হ’ল! কাৰো কাৰো মত আৰু এখোপ ওপৰত৷ তেওঁলোকৰ মতে, লিখা কথাখিনি বুজি পালেই হ’ল৷ সেয়ে যদি হয়, তেন্তে ভাষা, ব্যাকৰণ আদিৰ আলোচনাৰ প্ৰয়োজনেই বা কি? অধুনা পৰ্যন্ত পৃথিৱীৰ বুকুত ভাষা-বিষয়ক যিমানবোৰ তত্ত্বৰ আৱিষ্কাৰ হৈছে, সেইবোৰৰ আৱশ্যকতাই বা ক’ত? প্ৰাচীন ভাৰতীয় ভাষা-চিন্তাৰ নায়ক য়াস্ক, পাণিনি,

Read more

বৰ্তমানৰ পৰিৱৰ্তিত শিশুকাল – চবিনা ইয়াচমিন

মানৱ জীৱনৰ আটাইতকৈ মধুৰ সময়খিনিয়েই হৈছে শিশুকাল৷ এজন ব্যক্তিৰ শিশুকালটোৱেই হৈছে জীৱনটোৰ প্ৰিয় সময়৷ এই সময়চোৱাই হৈছে কৈশোৰ কালৰ দুৱাৰডলি৷ বৰ্তমান যান্ত্ৰিক যুগৰ হেঁচাত শিশুকালৰ ৰসাল জীৱন ম্লান হৈ পৰিবলৈ আৰম্ভ কৰিছে৷ শিশুৰ মন কল্পনাৰে ভৰপূৰ৷ শিশু এটিক, এটি ফুটিবলৈ লোৱা কলিৰ লগত তুলনা কৰা হয়৷ কল্পনাৰ সাগৰত সাঁতুৰি-নাদুৰি থকা এটি শিশুক বাস্তৱৰ সৈতে চিনাকি কৰোঁতে কেৱল অভিভাৱকেই নহয় প্ৰতিজন প্ৰাপ্তবয়স্কই সাৱধান হোৱাটো বাঞ্চনীয়৷ সকলো শিশুকে আমি সমপৰ্যায়ৰ বুলি জ্ঞান কৰিলে হয়তো কিছু ত্ৰুটি ৰৈ যাব পাৰে৷ শিশুৰ মানসিক স্তৰবোৰৰ

Read more

নিলীম কুমাৰৰ 'বৰ্তমানতকৈ নতুন এখন ৰে'লগাড়ী' কবিতাটোৰ এক আলোচনা – চাহিন জাফ্ৰি

সাম্প্ৰতিক অসমীয়া কাব্য সাহিত্যৰ এটা অতি জনপ্ৰিয় নাম নীলিম কুমাৰ। ১৯৬১ চনত জন্ম লাভ কৰা কবিজনে বৰ্তমানলৈকে প্ৰায় হাজাৰৰো অধিক কবিতা ৰচনা কৰিছে। জীৱনৰ ৩৫ বছৰৰো অধিক কাল কাব্য সাধনাৰ সৈতে জড়িত থাকি তেওঁ অসমীয়া কাব্য সাহিত্যক সমৃদ্ধ কৰাৰ লগতে নতুনত্বও প্ৰদান কৰিছে। আধুনিক জীৱনৰ জটিলতাক সৰলতাৰে প্ৰকাশ কৰি তেওঁ অসমীয়া কবিতাক আধুনিকতাৰ এক নতুন মাত্ৰা প্রদান কৰাৰ লগতে শব্দ কথনত চমৎকাৰিতা আৰু বুদ্ধিদীপ্ততাৰো পৰিচয় দিছে। তেওঁৰ দ্বাৰা প্ৰকাশিত কবিতা সংকলন সমূহ হ’ল- ‘অচিনাৰ অসুখ'(১৯৮৫),’বাৰী কোঁৱৰ'(১৯৯০),’পানীত ঢৌ ঢৌবোৰ মাছ'(১৯৯০),’স্বপ্নৰ ৰেলগাড়ী'(১৯৯২),’শেলুৱৈ

Read more
1 2 3 4 5 7