ফটাঢোল

ধতুৰা আৰু গোলাপৰ বিলৈ – অসীমা শইকীয়া দত্ত

সৰস্বতী ঘূৰি গ’ল। এইবাৰ মৰ্ত্যলৈ সাজু ধতুৰা আৰু গোলাপ। ফেচবুকত আগতেই আপডেট, এইবাৰ ধতুৰা আৰু গোলাপৰ তয়াময়া যুঁজ হ’ব। তাকে চাই দুই ফুলৰ গুৰুৱে নিজৰ চেকআপ এটা কৰি ল’লে। ত্ৰিশুলত ধাৰ দিয়া হৈ গ’ল। চিলিমটোৰহে আগডোখৰ ভাঙি আছে। শিৱজীয়ে ভঙা চিলিমটো পত্নীক ফুলৰ টাব কৰিবলৈ দিলে। মৰ্ত্যত নতুন এটা ল’ব। পিচে মন মৰা তেওঁৰ পত্নীৰ। চেনী বিভাগৰ বিয়াগোম লিডাৰ জনো এইবাৰ শিৱৰ লগত অসমলৈ যাব। বিদেশীটোৰ আগৰ নাম নজনা অসমত তেওঁৰ নামত এতিয়া মহোৎসৱ হয়। পাৰ্বতীৰ চিন্তা একেদিনাই দিৱস পৰিল

Read more

হ্ৰীং ক্ৰীং ফট – দেৱজিত শইকীয়া

ফুল নুফুলাকৈয়ে জীৱনৰ বসন্তবোৰ পাৰ হ’ব আৰম্ভ কৰিব ধৰিলে৷ প্ৰেমৰ নামত যি দুই-এটা কলি মনৰ বাগিছাত ফুলিব ধৰিছিল, তাকো ক’ৰবাৰ পৰা টপককৈ কোনোবা নহয় কোনোবা এটা ভোমোৰা আহি পৰি ৰেণু চুৰ কৰি লৈ গ’ল৷ আনে প্ৰেম কৰি লাঠ খোৱা শুনিলেও নিজলৈ পুতৌ লগা হ’ল,  কোনোবাই যদি হেৰৌ লাঠকে মাৰিলে হয়, মৰিলে যমৰ ওচৰত ক’ব পাৰিলো হয় যে অন্তত এগৰাকীয়ে অমুকাক “আই লাভ ইউ” ক’লে প্ৰভু,  মোৰ মনুষ্য জীৱন সাৰ্থক হ’ল৷ পিচে মোৰ চেহেৰাৰে দোষ নে আকাৰ, আকৃতি-প্ৰকৃতিৰে দোষ নাজানো। কলেজত

Read more

সৰগত হুৱাদুৱা – সোণটো ৰঞ্জন বৰুৱা

চেন্ট ভেলেন্টাইন এতিয়াও ক’মাত। ইফালে ভেলেন্টাইন ডে’ পালেহিয়েই! আনফালে তেখেত যোৱাবছৰ ক’মাত গৈছিল যি গ’লেই, এতিয়াও হুচ অহা নাই। যোৱাবছৰৰ কথা, চেন্ট ভেলেন্টাইনে ভাবিলে,  এতিয়াতো চৌদিশে মোৰ নামৰ জয়জয়কাৰ,  এবাৰ পৃথিবীলৈ গৈ ইঁহতে মোৰ নামত থকা দিনটো কেনেকৈনো পালন চাই অহা ভাল হ’ব। ভবা মতেই কাম,  মুহুৰ্ততে চেন্ট ভেলেন্টাইনৰ বাহন ধৰাত। লেন্ডিং কৰিলেহি ভাৰতত। য’ত লেণ্ডিং কৰিলেহি তাৰ নাতিদূৰতে দোকান এখনৰ বৃহৎ হ’ৰ্ডিংখনত নিজৰ নামত অফাৰ দেখি আচৰিত হ’ল। কিহৰ কিনো অফাৰ বুলি, ভু-ভাকে লঁও বুলি কাঁচৰ দৰ্জাখন ঠেলি ভিতৰলৈ

Read more

দি থ্ৰি মেজিকেল ৱৰ্ড্চ – বিকাশ দত্ত

দিন বাগৰাৰ লগে লগে বিভূ আৰু প্ৰিয়ংকাৰো দূৰত্বৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে। আগতে সি ভাল পোৱা,  প্ৰেম আদিক লৈ বৰ বেছি ছিৰিয়াছ নাছিল। প্ৰিয়ংকাই তাৰ জীৱনক নতুন গতিপথ দিছে। হয়তো সি এতিয়াও তাৰ সদায়ৰ দৰে দোদুল্যমান মনটোৰেই জীয়াই আছে। যা নহওঁক,  নতুন বছৰৰ আগমণে তাৰ একঘেয়ামী জীৱনৰ অনুচ্ছেদটোক কিছু সংশোধনী কৰিলে। উৰুকাৰ ৰাতি। ইতিমধ্যে বিভূ আৰু তাৰ লগৰ কেইজনমানে প্ৰতিবাৰৰ দৰেই ভেলাঘৰ নিৰ্মাণত ব্যস্ত। কিন্তু নতুনকৈ স্কুলত জইন কৰাৰ বাবে তাৰ বাবে অলপ কঠিন হৈছে ভেলাঘৰ নিৰ্মাণৰ কামত যোগদান কৰাত।

Read more

অলপ প্ৰেম আৰু – প্ৰাঞ্জল অনুভৱী

তেতিয়া চাকৰিত যোগদান কৰিছোঁ মাত্ৰ। হঠাতে মোৰ জীৱনলৈ পুনৰ আহিল প্ৰেম (পুনৰ প্ৰেম বুলি এই বাবেই কৈছোঁ- আগতেও দুজনীমান ছোৱালীৰ একপক্ষীয় প্ৰেমত হাবু-ডুবু খাইছিলোঁ)। ছোৱালীজনী বৰ মৰম লগা আছিল। মুখাৱয়বত  জনজাতীয় ঠাঁচ এটা আছিল। এনেয়েও জনজাতীয় ছোৱালীবোৰৰ প্ৰতি মোৰ আ-শৈশৱৰ দুৰ্বলতা। মোতকৈ বয়সত দুবছৰমান ডাঙৰ যেন অনুমান হৈছিল তাইক। হ’ব। প্ৰেমৰ বাবে বয়সৰ জানো কিবা সীমা থাকে?  মোৰ বন্ধু এজনৰ ককায়েকৰ  সম্পৰ্কীয় খুলশালীয়েক আছিল তাই। দৌলত (হলি)বৰপেটালৈ আহিছিল।  দুদিনমান কথা-বতৰা। তাৰপাছত হঠাতে হৈ গ’ল প্ৰেম। ভিনিহীয়েকৰ চকুত ধুলি মাৰি মৰা

Read more

ন-গল্প – কিৰণ খনিকৰ

তাইৰ হাতত ধৰি ন-পুখুৰী পাৰ্কত সোমাই গলোঁ৷ জীৱনত প্ৰথমবাৰৰ বাবে পাৰ্কত সোমাইছোঁ৷ তাকো কোনোবা ছোৱালীৰ লগত! এইখিনি সময় কেৱল মোৰ আৰু প্ৰেয়সীৰ, পৰস্পৰৰে৷ কিবা এটা অবুজ শিহৰণে জোঁকাৰি গ’ল সমগ্ৰ শৰীৰ৷ মাজত পুখুৰীটো লৈ অতিকায় ন-পুখুৰী পাৰ্কখন৷ কেওফালে নানা তৰহৰ ফুল আৰু বিৰিখে মনটো শাঁত পেলায় দিয়ে৷ পৃথিৱীৰ জীৱনবোধৰ সমস্ত চিন্তা তোৰণৰ বাহিৰতে এৰি প্ৰেমৰ মায়াজাল গাঁথিবলৈ সোমাছোঁ এই পাৰ্কত৷ পুখুৰীটোৰ পাৰে পাৰে দুপাক ঘূৰিলোঁ, নাই! ক’তো সূচল ঠাই এডোখৰ নাই দুয়ো ভালদৰে বহিবলৈ৷ সকলোবোৰ ঠাই ইতিপূৰ্বেই লেইলা-মনজুৱে অধিকাৰ কৰিলেই!

Read more

দৰঙীয়া কথিত ভাষাত লিখা এখন প্ৰেম পত্ৰ – অবিনাশ শৰ্মা

শ্ৰী হৰি মৰমৰ ব্যাসপেন্নি, পথ্থমে মোৰ মৰম লবি। আশা কৰ্চ্চু তই ভালে আছা।আজি তোৰ বিয়া হবা দহ বছৰ হলে হাম্পাও। তথাপি তোৰ কথা মই আজিও পাহেৰবা পাৰা নাই জানচা। বাঁহৰ তলে গাছৰ তলে কেমান ঘুল্লু ফুল্লু কেঙ্কে পাহেৰবা পাৰিম কউচুন ।সেইই এলপি ইস্কুলত যাৱাৰপে মোক লেগি তোৰ কিমান মৰম আছিল তই বিয়া হৈ যাৱাৰ পিছতহে হদ্ পাইছো। তই হাপ্পেনত খুহি আনা বগুৰি, শিলখা, খেজুৰ কত কি খুৱেলি মইহে কিবা অভংটো হৈ থাকিলো। ইতা মোৰো তিৰি চলি হ’ল, তোৰো খবৰ পাইছো

Read more