ফটাঢোল

জুনিয়ৰ ইঞ্জিনীয়াৰ – মিৰাজুল ৰছিদ

কলেজৰ প্ৰথম বছৰতে জানিছিলোঁ, কলেজত মই গাৰ্লফ্ৰেণ্ড নাপাম। লগৰ ঘটিৰাম দুটামানৰ লগত বেলেগৰ প্ৰেয়সীক চাওঁতে মোৰ জীৱনে হাফচেঞ্চুৰীৰ আধা পাৰ কৰিলে। মোৰ চেহৰাটোৰ ওপৰত সম্পূৰ্ণ ভৰষা আছিল মোৰ। এই চেহেৰাৰে ছোৱালী পটোৱা ‘মুচকিল হি নেহী নামুমকিন হে’। মোৰ হাতখনত ধৰিয়ে লগৰ কেইজনীয়ে কৈ দিয়ে, আৰে মিৰাজ তই ইমান ক্ষীণ?ক্ষীণটো ক্ষীণেই, তাৰ ওপৰত এই ক’লা ৰঙটো, ইয়াক কেনেকৈ বগা কৰিম? বিদ্যা শপত ২৪ ঘণ্টা চৌকাৰ ওপৰত বহি থকা কেৰাহীটোৰ তলিখনতকৈও ক’লা মোৰ চেহেৰা। সৰুতে মোক ভালকৈ দেখা নাপায় বাবে দেউতাই ঘৰত

Read more

ফটাপ্ৰেম – চুইটলীনা দাস

যিমান দূৰ সম্ভৱ মই তেতিয়া নৱম শ্ৰেণীৰ ছাত্ৰী আছিলোঁ। গান শুনি শুনি প্ৰেমত পৰাৰ বয়স। এটা গান খুব শুনো তেতিয়া, ”প্যাৰ কে লিয়ে চাৰ পল কম নহি থে কভি তুম নহি ফিৰ কভি হম নহি থী” যিমানবাৰ শুনো এইটো গান, বুকু মোৰ শোকে খুন্দা মাৰি ধৰে। কোনোবা এজন আহি যেন মোৰ দুহাত ধৰি থাকক, তেনে লাগি থকাৰে যে বয়স আছিল সেইটো। সেই সময়তে আমাৰ বিদ্যালয়লৈ নামৰূপৰ পৰা নতুন ল’ৰা এজন বদলি হৈ আহি আমাৰ শ্ৰেণীতে নামভৰ্তি কৰিলেহি। আমাৰ লগৰ কোনেও

Read more

ফটা প্ৰেম – ৰীতা শইকীয়া

ভালপোৱা বোলে স্বৰ্গীয় অনুভূতি। যিকোনো সময়তেই আহি প্ৰেমে ধৰা দিব পাৰে। হয়, আপুনি ক’বই নোৱাৰিব কেতিয়া আহি যায়‌। আচলতে ই এক প্ৰকাৰৰ ফিলিংছ যে। এই ধৰক গুৱাহাটীৰ চিটি বাচত অহা-যোৱা কৰি আছে আপুনি; আপোনাৰ হঠাৎ প্ৰেম হৈ যাব পাৰে ড্ৰাইভাৰজনৰ লগত বা কাষতে বহা মানুহজনৰ লগত। প্ৰেম বস্তুটোৱেই অলপ বেলেগ টাইপ যে। এতিয়া চাওঁক, মানে মোৰ বয়স তেতিয়া এই ধৰক ১২ বছৰ। প্ৰেম হৈ গ’ল নহয় তেতিয়াই। ভুল মোৰ গাত নাই বুজিছে, ভুল এই গানবোৰৰ গাত। শুনকচোন—– “সৌজাক যেন গাভৰু,

Read more

ফটাপ্ৰেম – দেৱজিত নাথ

বহুদিন আগৰ কথা। গুৱাহাটী বিশ্ববিদ্যালয়ত এণ্ট্ৰী কৰিছোঁ তেতিয়া৷ আগষ্ট মাহ৷ মাষ্টাৰ ডিগ্ৰীৰ ক্লাছবোৰ আৰম্ভ হ’ব ধৰিছিল লাহে লাহে। জালুকবাৰীৰ মায়ালগা পৰিবেশৰ লগত মিলিব ধৰিছিলোঁ। লগৰ দুই এজন পুটুক পাটাককৈ হোষ্টেলত সোমাবলৈ ধৰিছে। প্ৰায় পোন্ধৰ/ বিশ দিন মান হৈ গৈছে ক্লাছ আৰম্ভ হোৱা। মই কামাখ্যা গেটৰ মেচৰ পৰা অহা যোৱা কৰি আছিলোঁ৷ ক্লাছৰ পিছত মাৰ্কেটত আদ্দা দিয়া আৰম্ভ হৈছিল আমাৰ। মৰ্কেটত বাইৰ দোকানত চাহ পকৰি খাই খাই হোষ্টেলৰ “মাইনা”বোৰ চোৱা আৰম্ভ কৰিছিলোঁ। মেঘালী, চুইটী, আৰ্টছ কেণ্টীন আদিত ঘণ্টাৰ পিছত ঘণ্টা আদ্দা

Read more

ফটাপ্ৰেম একাংশ – ৰামানুজ গোস্বামী

আচলতে ফটাপ্ৰেম বুলি মোৰ লিখিবলৈ একো নাই বাবেই মই এনে শিৰোনাম (আগতে #ফটাপ্ৰেম উপৰান্ত) বনাই লওঁ। পাত্র: মোৰ হোষ্টেলৰ বন্ধু, ঘৰ ডিব্ৰুগড় / তিনিচুকীয়া। পাত্রী: অইন বিভাগৰ সহপাঠী, নামৰূপ /ডুলীয়াজান৷ পাত্রৰ চেষ্টা চলি আছে কলেজ, বাছ, লেব, পিকনিক, কলেজ ৱিক পাত্রীৰ মনোযোগ আকৰ্ষণৰ; পাত্রীৰ বিশেষ সঁহাৰি নাই। পল্টন বজাৰ,‍১৯৯৬ চন। পূজাৰ নে বিহুৰ বন্ধত ব্লু-হিলছ্, ছিলভান্দি, নেটৱৰ্ক, আছাম ভেলিৰ নাইট চাৰ্ভিছৰ গাড়ীত ভিৰ। তাৰ দুদিন পিছতেই পাত্রীৰ জন্মদিন। দুঘণ্টামান আগত, সেইদিনাই আবেলি ৪ মান বজাত – অশোকা ৰেষ্টুৰেণ্টত মই, পাত্র

Read more

মিচিকিয়া হাঁহিটি – মিৰাজুল ৰছিদ

আজি আৰু নিলিখাকৈ ৰ’ব নোৱাৰিলোঁ। হেৰৌ গুলাপী গেঙৰ সদস্যা কেইজনী, আমাৰ দৰে ল’ৰাৰ প্ৰেম আৰু কলিজা কেনেকৈ তোমালোকৰ ভৰিৰ তলুৱা/গোৰোহা ফটা দি ফাটে শুনা। প্ৰথম কথাটো হ’ল এই প্ৰেম আখ্যান মোৰ নহয়। মোৰ দৰে হুদুৰ দ্বাৰা ছোৱালী পতোৱাটো জীৱনত সম্ভৱ নহয়। ছোৱালীৰ বাবে আমিবোৰ বন্ধ হৈ যোৱা ৫০০ টকীয়া নোটৰ দৰে। বাৰু, নাউ কামিং টু দ্যা পইণ্ট। কেচটো হ’ল আমাৰ বন্ধু এজনৰহে। ফটাঢোলৰ নিষ্পাপ সদস্য এখেত। পেশাত টেটৰ মাষ্টৰ, নিচাত ‘অফিচাৰ চইচ’ (অচি)৷ মৰিগাঁঁৱৰ সেই বিশেষ স্কুলখনলৈ এখেতে গুৱাহাটীৰ পৰা

Read more

অল এবাউট দ্য লেটাৰ – পৰীস্মিতা দাস

হয়, অল এবাউট দ্য ডগ গল্পটোৰ আৰ্হিতেই শিৰোনামটো ললোঁ৷ কিন্তু ক’বলৈ ওলাইছোঁ চিঠি এখনৰ কাহিনী৷ এখন চিঠিয়ে কেনেকৈ মোহাৰি পেলাব পাৰে বুকুত ফুলিব খোজা গোলাপ ফুলপাহ, ভাঙি তচনচ কৰিব পাৰে চকুৱে চকুৱে গঢ়ি উঠা সপোন সাম্ৰাজ্য৷ জানুৱাৰী পাৰ হৈ ফেব্ৰুৱাৰীৰ বুকুৰ গোলাপ ফুলাৰ সময় সমাগত৷ ফেব্ৰুৱাৰী! প্ৰেমৰ মাহ! বতৰটোৱেই যেন প্ৰেমৰ বতৰ৷ এফালে ফেব্ৰুৱাৰীৰ গোলাপৰ বোলসনা আৱেশ, আনফালে বিয়াৰ বেণ্ডপাৰ্টীৰ মাত৷ এই আৱেশত বুৰ গৈয়েই হৃদয়ে যেন ৰৈ থাকে কাৰোবালৈ৷ তেওঁ আহিব আৰু উৰুৱাই লৈ যাব হৃদয়খন ফাগুনৰ পছোৱাৰ সতে৷

Read more

প্ৰেমতকৈ বন্ধুত্ব শ্ৰেষ্ঠ – ৰাজীৱ শৰ্মা

“A bucketful of thanks to you for give me the opportunity to write in your autograph” কি মন প্ৰাণ উতলা কৰা বাক্য এটা ছোৱালীজনীয়ে লিখিছিল মই আগবঢ়াই দিয়া অটোগ্ৰাফখনত। ডিগ্ৰী পঢ়ি থকা সময়ৰ কথা। আমাৰ লগৰ এটাৰ ভনীয়েক আছিল তাই। আমাতকৈ দুই বছৰৰ সৰু।ৰূপৱতী, গুণৱতী, শান্ত-সমাহিত সকলো গুণৰ সমষ্টিৰে তাই আছিল পৰিপূৰ্ণ এজনী ছোৱালী। অৱধাৰিতভাৱেই প্ৰথম দৰ্শনতে প্ৰেমে পোখা মেলিলে।কিন্তু যোগ্য ভোগ্য বসুন্ধৰা বুলি কথা এষাৰ আছেই নহয়। কাজেই অলপদিনতে সেই পথৰ পৰা কক্ষচ্যুত হ’ব লগা হ’ল। কিন্তু আনক দেখুৱাইহে।

Read more

দূৰ্দান্ত প্ৰেমিক – অৰবিন্দ গোস্বামী

প্ৰেমনো জীৱনত কাৰ নহয়, সকলো এবাৰ নহয় এবাৰ প্ৰেমত পৰেই। কিন্তু আজি যিজন মহাপুৰুষৰ প্ৰেমকাহিনী ক’বলৈ ওলাইছোঁ, তেওঁ কিন্তু সাধাৰণ প্ৰেমিক নাছিল। প্ৰথম চাৱনিতেই গাভৰুৰ মন মুহিব পৰা চেহেৰা এটাতো আছিলেই লগতে আছিল উপস্থিত বুদ্ধিৰে প্ৰতিপক্ষক নতজানু কৰিব পৰা তেওঁৰ উপস্থিত বুদ্ধি। সকলো সময়তে হাঁহিমুখে থকা মোৰ এই বন্ধুজনক আমি সকলোৱে মৰমতে পেগু(প্ৰকৃত নাম আৰু উপাধিৰ সৈতে এই নামৰ কোনো সামঞ্জস্য নাই) বুলি মাতিছিলোঁ। সুন্দৰকৈ আৰু বিশ্বাসযোগ্যকৈ মিছা মাতিব পৰাটো আছিল তাৰ অন্যতম কলা। তাতোকৈ ডাঙৰ কথা হ’ল যদি কোনো

Read more

বাঁহেৰে তৈয়াৰী নাৰ্জিৰ ঠাৰি – মন্দিৰা শৰ্মা

মই তেতিয়া দশম শ্ৰেণীৰ ছাত্ৰী। সেইদিনা শিক্ষক দিৱস আছিল। শিক্ষক দিৱসৰ সকলো আয়োজন দশম শ্ৰেণীৰ ছোৱালীবোৰে কৰে। মোৰ দায়িত্বত আছিল সাংস্কৃতিক অনুষ্ঠানৰ পৰিচালনা কৰা। সেয়ে খুব ব্যস্ত।অনুষ্ঠান চলি আছে। তেনেকুৱাতে ছোৱালী এজনী আহি ক’লে যে, মোক লগ পাবলৈ কোনোবা আহিছে।মই গৈ আছোঁ বুলি ক’লোঁ যদিও ব্যস্ততাৰ বাবে যাব পৰা নাই। প্ৰায় আধা ঘণ্টামান পিছত আকৌ ক’লেহি যে গেটৰ বাহিৰত কোনোবা ৰৈ আছে আৰু মোক মাতিছে। আমাৰ স্কুলখন গাৰ্লছ স্কুল আছিল বাবে অনুমতি নোলোৱাকৈ ভিতৰলৈ কাকো আহিবলৈ নিদিয়ে। তেতিয়ালৈকে ময়ো আজৰি

Read more
1 2 3 12