ফটাঢোল

যোৰানাম গাবলৈ ওলাবি দেই – সদানন্দ দত্ত

ৰহিলাই মামনিৰ ঘৰলৈ গৈ ক’লে –”এই কেইদিন মোৰ কামবোৰ, ইমান বেছি হৈছে?” মামনি:–হেৰা, এতিয়া কামৰ কথা কৈ নাথাকিবা দেই। বিয়াখনলৈ যাব লাগিব দেই। ছোৱালীজনীৰ মাকে ইমান দঢ়াই দঢ়াই মাতিছে বিয়াখনত ভালকৈ লাগি-ভাগি তুলি দিবলৈ। ৰহিলা:–ঔ আই, বিয়াখনত নালাগিম কেলেই। ছোৱালীজনীৰ কোন কোন আছে জানিলা নে নাই? মামনি:–জানিছোঁ, মোমায়েক দুজন আহি ইটো-সিটো কৰি আছে। দদায়েক-খুৰীয়েক আহিল, বৰমাক-বৰদেউতাক আহি আছে বোলে, গধুলি পাবহি।ভালকৈ খীৰাব লাগিব, সকলোৰে চাকৰি আছে। মনিষাক ক’লা নে আহিবলৈ? ৰহিলা:–কৈছোঁ, কৈছোঁ। আজি মূৰত তেল দিয়া আছে,নাহিলে নহব বুলি কৈছোঁ।

Read more

শৰ্মা চাৰৰ কুবুদ্ধি – সিদ্ধাৰ্থ শৰ্মা

১) গুৱাহাটীত পঢ়ি থকা দিনৰ কথা। তেতিয়া দুই এটা চিগাৰেট খাইছিলোঁ। লগৰ এজন আছিল। নিজে চিগাৰেট নিকিনে। সদায় শেষৰ ফাল খুজি খায়। ডায়লগ এটাই- চিগাৰেটৰ শেষৰ ফালৰ সোৱাদ আৰু নতুনকৈ হোৱা প্ৰেমৰ সোৱাদ একেই। তাৰ বৰ সুন্দৰ ফ্ৰেন্স কাট দাঢ়ি আছিল। তাৰ গাৰ্লফ্ৰেণ্ডেও হেনো সেই ষ্টাইলত ফিদা আছিল। এদিন খং উঠিল। সদায় শেষৰ কণ খাই মোক প্ৰথম প্ৰেমৰ সোৱাদৰ পৰা বঞ্চিত কৰে। কু বুদ্ধিয়ে বাহ ল’লে। চিগাৰেট এটা কিনি জুইশলা কাঠি দুটা লৈ খাৰ থকা মূৰ দুটা ভাঙি ধূপৰ কাঠি

Read more

সম্পাদকলৈ চিঠি – নীলাঞ্জনা মহন্ত

মৰমৰ সমপাদক ডাঙ্গৰীয়া, ফটা ঢোল অলপ বয়স হৈছে সেয়ে যুক্তাক্ষৰবোৰত অলপ হিকটিয়াও মাজে মাজে, খেমিব আৰু৷ লিখিলোঁ এইবাবেই যে হোৱাই নোহোৱাই হঠাৎ অনেকেই আজি মোৰ নাম লোৱাত মোৰ খুব হিকটি আৰু চৰচৰণি আহিছে৷ ততেই পোৱা নাই৷ ৰাইজলৈ গোহাৰি মোক সঁচাই গুৰুত্ব দি অনুগ্ৰহ কৰি কিবা ভাল কাম একোটা এই ধৰক গছপুলি এডালি ৰোৱা বা দৰিদ্ৰক এসাঁজ আন্তৰিকতাৰে খুওৱা ধৰণৰ কিবা কৰিছে যদি হ’ব বাৰু৷ পিচে হেৰৌ, তাকে নকৰি হকে বিহকে তিনিবৰণীয়া কাপোৰ পিন্ধি বা প্ৰফাইল বদলাই বা চেলফি এপাত শেলৰ

Read more

স্বাধীনতাৰ সন্তান – কৌশিক দাস

মই থকা বৃদ্ধাশ্ৰমখনৰ যুৱ পৰিচালকজনে খবৰটো দিলে, “ককা, আপোনাৰ ডাঙৰ ল’ৰাটো আহিছিল!” “কিয়? বৰবোপা দেখোন এক তাৰিখে আহি গৈছেহে ! অহামাহৰ বৰঙণিটোও দি গ’ল নেকি?” “নহয়! আপোনাৰ জন্মদিন আয়োজন কৰিছে। নিমন্ত্ৰণ দিবলৈ আহিছিল। ” অ! মোৰ ঘৰত মোৰ জন্মদিনত মোকেই নিমন্ত্ৰণ দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে! সেইটোনো কি ইমান উৎসাহত ওফন্দি উঠিবলগীয়া কথা হ’লহে? ” তেনেকৈ নক’ব,ককা! কিমান দেশে-বিদেশে নিচান উৰিব কাইলৈ! গৌৰৱময় ইতিহাসে প্ৰাণ পাব নেতাৰ মুখত ,টিভি,ৰেডিঅ’,সংবাদ মাধ্যমৰ মধ্যমণি হৈ পৰিব, আপুনি! “ সকলোৱে জানে …মই কি’হত কিমান স্বাধীন!

Read more

ব্যঙ্গ কিবা এটা – মৃদুস্মিতা বৰবৰা

কলেজৰ পৰা আহিয়ে মাক দেখিলোঁ বিছনাত তললৈ পেট পেলাই উচুপি আছে৷ চিৰিংকৈ মাৰিলে বুকুখন৷ মা কন্দাত ভাল৷ পৰিলেও কান্দে (পৰেও এমাহত এবাৰ মানকৈ), জোৰোণলৈ গৈ ইমান কান্দে যে মানুহে খবৰ কৰে দৰাটো বৰ বেয়া নি, দৰাঘৰীয়াই কইনাৰ মুখলৈ চাই প্ৰশ্ন কৰে-“ইনাই বিনাই কান্দিছে যে?” মুঠতে মুখখন মেলি যেনেকৈ কান্দে বাৰ বিয়াৰ ভিডিঅ’ মানুহক দেখুৱাবই নোৱাৰিলোঁ৷ লাজেই লাগে৷ জোৰোণখন কাটি দেখাওঁ৷ আজিও এয়া দহদিনৰ পৰা নৈমিত্তিক ঘটনা হৈছে৷ মা হয় মন মাৰি বহি থাকে নাইবা কান্দি থাকে৷ লাহেকৈ ক’লোঁ, মানুহ হোৱাহেঁতেন

Read more

মহিলাজনীৰ সেই চিঞৰটো – মণ্টু কুমাৰ ডেকা

পৰম বন্ধু গুৱাহাটীত থাকে৷ ঘৰলৈ গ’লে তাৰ ভাড়াৰূমত এদিন বা দুদিন নকটালে মো়ৰ মনেই নভৰে৷ পল্টন বজাৰৰ ৰেইলৱে ষ্টেচনৰ পৰা অ’টো ভাড়া কৰি প্রত্যেক বাৰেই তাৰ ৰূমত নিশাটো কটাই দ্বিতীয় দিনা ঘৰলৈ যোৱাটো, কেতিয়াবা আকৌ তাৰ ৰূমত আগ দিনা থাকি পিছদিনা ৰাতিপুৱা ট্রেইন ধৰা৷ সি নহ’লে নহয়েই৷ সৰুকালৰ মোৰ পৰম বন্ধু৷ বন্ধুবৰে প্রতি বছৰে ৰূম সলনি কৰে৷ কেতিয়াবা মালিগাঁৱত, কেতিয়াবা গনেশগুৰিত, কেতিয়াবা ছয় মাইল৷ বন্ধুৱে পিচে পাহাৰত থাকি হে ভাল পায়৷ গতিকে প্রত্যেক বাৰেই অচিনাকি পাহাৰীয়া বাটেৰে অ’টো লৈ ৰাতি

Read more

জয় ভোলা নাথ – জিমি শইকীয়া

বৌম বৌম ভোলানাথৰ ফুল ডিউটিৰ টাইম পৰে শাওন মাহত। শাওণ মাহৰ সোমবাৰে সোমবাৰে মঠ-মন্দিৰত যিহে ভিৰ হয় স্বয়ং প্ৰভু ভোলাবাবা সোমাবলৈকে বাট নোপোৱা হয়। অতদিন কুম্ভকৰ্ণ নিদ্ৰাত থকা ভক্তগণৰ আকৌ শাওণ মাহতহে ভক্তি জাগি উঠে। বাবাৰ খাবলৈ শুবলৈ সময় নাইকিয়া কৰি দিয়ে। এই বিশেষ দিনকেইটাৰ বাহিৰে যেন ভগৱানে আমাক আৰ্শীবাদেই নিদিয়ে। অংগনবাড়ী কেন্দ্ৰৰ দৰেই গঢ়ি উঠিছে বেচৰকাৰী ভাং কেন্দ্ৰ। ভক্ত বিভিন্ন প্ৰকাৰ‌ৰ আৰু মনোকামনাও ভিন্ন। কোন প্ৰকাৰৰ ভক্ত‌ই কি বৰ মাগে কৈলাশৰপৰা একো নুশুনিও নেদেখিও। ত্ৰিনেত্ৰধাৰী বাবাই অৱশেষত কপালৰ হাই

Read more

দৈৱদুৰ্বিপাক – নমিতা কোঁৱৰ গগৈ

গগৈৰ ল’ৰা-ছোৱালী হালৰ কুকুৰলৈ বৰ মৰম। এদিন স্কুলৰপৰা আহোতেই ল’ৰাটোৱে কুকুৰৰ পোৱালী এটা বাটৰপৰাই উঠাই আনি ঘৰ সোমোৱালেহি। নিজৰ ভাত তৰকাৰীখিনিকে সানি খাব নজনা ল’ৰা-ছোৱালী হালে পোৱালীটোৰ লগতে ধেমালি কৰি খুৱাই-বুৱাই কুকুৰ পোৱালিটো ছয় বছৰীয়া কৰিলে। এই কেইবছৰতে গগৈৰ ঘৰত বহুত নিয়ম হ’ল। যেনে_ কুকুৰটোক কোনেও তাৰ জাতত ধৰি মাতিব নোৱাৰিব। কোনোবাই কেনেবাকৈ মাতিলেও গগৈৰ ছোৱালীজনীয়ে শুধৰাই দিয়ে। “কিয় তাক তেনেকৈ মাতিছা? আমাৰ যেনেকৈ নাম আছে,তাৰো নাম আছে। মোক কি তোমালোকে মানুহ বুলি মাতা নেকি? তাকো তাৰ নামেৰে মাতিবা।” অভ্যাগতে

Read more

দুৰ্নীতি প্ৰতিষেধক ভেক্চিন– পূণ্য শইকীয়া

সন্তৰামঃ এনেকুৱা হ’ব পাৰে নেকি? দন্তৰামঃ এনেকুৱা? মানে কেনেকুৱা? সন্তৰামঃ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ প্ৰতিষেধক এটা ভেক্চিন বা টেবলেট বা এণ্টিবা’য়টিক কেপচুল আৱিষ্কাৰ কৰিব নোৱাৰিনে? দন্তৰামঃ তাৰ মানে তুমি দুৰ্নীতিৰ নতুন এখন ক্ষেত্ৰ তৈয়াৰ কৰাৰ কথা কৈছা। আচ্ছা ঠিক আছে-কামটো কোনে কৰিব.. WHO সন্তৰামঃ অ’, WHO এ কৰিব, মানে বিশ্ব স্বাস্থ্য সংস্থাই কৰিব? দন্তৰামঃ ঠিক আছে তোমাৰ কথামতেই বাৰু ভেক্চিন ওলাল। তাৰ পাছত? সন্তৰামঃ দুৰ্নীতি পৰায়ণ আৰু ভ্ৰষ্টাচাৰী মানুহবোৰক ধৰি ধৰি ঠিক পাছফালৰ টপিনাতে এই ইঞ্জেকচনটো দি দিব লাগে। এমাহতে চৰকাৰী

Read more

হৃদয় মোৰ এক যুদ্ধকক্ষ –ভাস্কৰ জ্যোতি বৰুৱা

চাহপাত ঢলাৰ ঠিক আগমুহূৰ্তটোত ষ্টো’ভৰ ওপৰত থকা পানীখিনিৰ দৰে মগজটো বকবককৈ উতলি উঠিল। হেৰৌ, আজি ডেৰ বছৰেও পাহৰিব পৰা নাইনে? আকৌ এই আক্ৰমণ যে! শান্তিৰ বাবে কৰা উপেক্ষাক বহুতে দুৰ্বলতা বুলিয়েই ভাৱে। শুভাকাংক্ষী (যুদ্ধাকাংক্ষী?)ৰ মো’বাইলেৰে বাগৰি অহা স্ক্ৰীণ শ্বটটো আকৌ এবাৰ পঢ়িলো। হঠাৎ মোৰ ভয় লাগি গ’ল নিজৰ খঙটোৰ উমান পায়। মনত পেলাবলৈ যত্ন কৰিলোঁ –  আজি ৰাতিপুৱা প্ৰেছাৰৰ দৰৱটো খালো নে নাই। খাইছোঁতো,  মনত পৰিল। এইবাৰ এটা সুৰক্ষা বেষ্টনীৰ মাজত থকা যেন অনুভৱ হ’ল। তেতিয়াহ’লে এটা সীমালৈকে খং খাব

Read more
1 2 3 4 20