ফটাঢোল

পোষ্ট অফিচ – পাৰ্থ প্ৰতীম শৰ্মা

একক অভিনয়টো কৰি নামি আহিছো মঞ্চৰপৰা৷ দুই এজনে ক’ব ধৰিছে, “মজা ভাই, তামাম৷ ফালি দিছ। ধুনীয়া কনচেপ্ট আছিল দেই।” মোৰ মনটো ভাল লাগি আহে৷ এয়াইটো লাগে৷ ৰাইজৰ মৰম, ভাললগাবোৰ৷ আৰুনো কি লাগে জীৱনত! পিচে মঞ্চত চিঞৰি চিঞৰি ভাগৰ লাগিছে৷ অলপ বহি ল’ব পৰাহেঁতেন! ঠিক সেই মুহূৰ্ততে কাষৰ চকীখনত বহি থকা ছোৱালীজনী উঠি গ’ল৷ মই লগে লগে তাত বহিলো৷ “দাদা পানী খাব?” “অহ দিয়াহে, বৰ উপকাৰ কৰা হ’ব।” “আপোনাৰ অভিনয়টো বৰ ভাল লাগিল দেই।” “বহুত বহুত ধন্যবাদ দেই৷ পানীখিনিৰ বাবেও, আৰু

Read more

নকওঁ বুলিহে বাৰু – পাপৰি বৰ্মন

গ্ৰুপ মিটত যাবলৈ খুব হেঁপাহ থকাৰ পিছত যাব নাপায় বৰুৱানী আৰু বৰ্মননীৰ আলোচনা৷ বৰুৱানী: হেৰি শুনিছে বৰ্মননী, এই শৰ্মাৰ কাৰণে হৈছে সব৷ অ বাইদেউ এথানে আইছি আহক আহক৷ মই বৰ্মননী নহয় (বৰ্মনে গুৱাহাটীলৈ আহি জিভা ঘূৰাব শিকিছে অলপমান।) হিচাপত তালুকদাৰনীহে৷ মানে মোৰ মানুহজন তালুকদাৰ৷ বৰুৱানীয়ে মিলমিলিয়া হাঁহিটো মাৰি কলে, বৰুৱানী: বুইছো বাৰু৷ চুলি সৰি তালু ওলোৱা মানুহবোৰৰ উপাধি তালুকদাৰ থাকে নেকি? বৰ্মননী: কি বুইছেহে বাইদেউ? মাচৰাজ সূতা না ধলা৷ বৰুৱানী: হে কি কয়? বুজিছেক বুইছে কওঁ৷ বহুত শব্দয়ে সলালো গুৱাহাটীত

Read more

চোৰ – ৰাজীৱ শৰ্মা

চোৰ… চোৰ কেইপ্ৰকাৰৰ বাৰু? ৰ’ব, তাৰ আগতে কওকচোন চোৰ কাক বোলে? আপুনি কেতিয়াবা কাৰোবাৰ ঘৰলৈ চোৰক আমন্ত্ৰণ কৰা দেখিছে নে শুনিছে? কি হ’ল উচাপ খাই উঠিল যে? সন্দেহ কৰিছে নহয় মই চোৰৰ বিষয়ে কি বা ক’বলৈ গৈছোঁ বুলি৷ হাঃ হাঃ চোৰৰ মন পুলিচ পুলিচ বুলি কোৱা বাক্যটো পাহৰিলে হ’বলা৷ আজিকালি ডিজিটেলাইজেছনৰ এই যুগত চোৰৰো চুৰি কাৰ্যৰ উত্তৰণ ঘটিছে৷ তাহানিৰ সিন্ধি দিয়া চোৰ আজিকালি পাবলৈ নাই৷ আজিৰ এই যুগত কেতিয়াবা চোৰক গৃহস্থই নিজেই আমন্ত্ৰণ জনাবলগীয়া হয়৷ কিয়বা? কোনো মৰে হাড়ে হাড়ে

Read more

প্ৰতিশ্ৰুতি – প্ৰদীপ পাটগিৰি

যোৱা ব’হাগত ধুম-ধামেৰে বিয়াখন পাতিলো৷ চেনেহী পদুমীয়ে প্ৰেয়সীৰ পৰা পত্নীৰ মৰ্যাদা পালে৷ প্ৰেয়সীক পত্নীৰূপে লাভ কৰাৰ সুখ-মাদকতা অতুলনীয়৷ মোৰ বুকুখন অনাবিল সুখ, আনন্দ আৰু সোণালী সপোনেৰে উপচি পৰিল৷ তিনি বছৰ জোৰা আমাৰ প্ৰেম আছিল৷ বিয়াৰ পূৰ্বে পদুমীয়ে মোক প্ৰতিশ্ৰুতি দিছিল- “বিয়াৰ পিছত ঘৰখনৰ সম্পূৰ্ণ দায়িত্ব মোৰ৷ ঘৰখন মই সুন্দৰকৈ চম্ভালি লম৷” পদুমীৰ এই প্ৰতিশ্ৰুতিয়ে মোক বহুত সুখী কৰিছিল৷ আনন্দ দিছিল৷ তাইৰ প্ৰতি এবুকু কৃতজ্ঞতাত অন্তৰ ভৰিছিল৷ মই কৈছিলো, “মা-দেউতাৰ মই জ্যেষ্ঠ সন্তান৷ পৰিয়ালৰ ডাঙৰ বোৱাৰী হিচাপে তুমি বহুত দায়িত্ব কান্ধ

Read more

আধুনিক সুখ -সোমেশ্বৰ বৰা

আমাৰ তেখেত কালি তেখেতবৰলৈ গৈছিল৷ তেখেতবৰৰ পৰা কেইটামান তেখেত কেৰেলা আনিছিল৷ খাবলৈ যে ইমান তেখেত তেখেত ঐ৷ এয়া আছিল তিতাৰমৰ ঘৈণীয়েকে তিতাবৰৰ তিতাকেৰেলাৰে তাহানিতে খোৱা এসাঁজৰ কথা৷ আজিৰ তিতাৰমৰ ঘৈণীয়ে কয়, “ ঐ শুনিছ, ভাত খাৱ যদি তিতাকেৰেলা এপোৱা লৈ আহিবি৷ মোৰ ত্ৰিট এটা আছে৷ মই বাহিৰত খাম৷“ ভাল বেয়া নিচিনিলে, পিছে সততে মতা মাতষাৰ যেনে, “ হেৰি, শুনকচোন, আহকচোন“ বোৰ লোপ পালে আৰু ঠৰঙা “ তই-মই“ হ’ল৷ খুন্দা-খুন্দলি বোৰ বেছি হ’ল৷ তাহানিৰ বিয়াত আজিৰ দৰে ইলাহী কাৰবাৰ নাছিল৷ গাঁৱৰ

Read more

বাই-ভনী – শ্ৰীমানস শইকীয়া

সৰুতে দুই-এটা খুট্-খাটৰ বাহিৰে বায়েক-ভনীয়েকৰ বিৰাট মিলা-প্ৰীতি৷ খুট্‌-খাটবোৰো এজনীৰ ভাত খোৱা থালখন সিজনীয়ে নোধোৱাক লৈ, এজনীয়ে ধুই-কৰি ইস্ত্ৰি কৰা কাপোৰযোৰ আনজনীয়ে পিন্ধাক লৈ; নাইবা ইজনীৰ প্ৰসাধন সামগ্ৰী সিজনীয়ে লোৱাক লৈ লাগে আৰু! অৱশ্যে, কোনো এটা সুদৰ্শন(হেনচু) ডেকাই এজনীৰ ওপৰত বেছিকৈ চকু দিলেও হনা-খোঁচা কাচিৎ লাগে৷ বিয়াৰ পিছত কিন্তু মৰমবোৰ ৰৈ বৈ যোৱা৷ মণি-হাৰি কিবা সামগ্ৰীয়েই হওক, ফেৰীৱালাৰ পৰা কাপোৰেই হওক, লওঁতে ইজনীয়ে সিজনীৰ বাবে ল’বই৷ তাৰ মাজতে দুটি স্নেপশ্বট আপোনালোকলৈ বুলি৷ (সুবিধাৰ বাবে বাই-ভনী দুগৰাকীৰ নাম দি লওঁ— ৰীণা আৰু

Read more

অখিলৰ কল – বৈদুৰ্য্য বৰুৱা

অসহ্য গৰমৰ পৰা কিছু হ’লেও মুক্তি পোৱাৰ দৰে লাগিছে৷ ছেপ্তেম্বৰ মাহৰ পৰা এপ্ৰিললৈ দিনকেইটা মুটামুটি ঠিকেই আছে৷ কিন্তু এই মে’ৰ পৰা আগষ্ট লৈকে দিনকেইটা মই বৰ এটা ভাল নাপাওঁ৷ বিশেষকৈ জুনৰ পৰা আগষ্ট লৈকে মহা অশান্তি৷ পিছে অকল মই কিয়; কোনেও এইকেইটা দিন পচন্দ নকৰে৷ ঘৰত অকলে আছিলো৷ দুদিন হ’ল৷ পৰিয়াল গ’ল মাক আৰু মোমায়েকৰ ঘৰলৈ৷ বিয়া এখন আছে৷ মই ব্যস্ততাৰ বাবে নগ’লো৷ গতিকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে খিচিৰিয়েই চলিছে৷ খিচিৰিৰ কাৰবাৰটো সহজ পাওঁ৷ চাউল, ডাইল, আলু, কচু, নিমখ, হালধি য’ত

Read more

চিত্ৰগুপ্ত সংবাদ – দেবজিৎ শইকীয়া

(দিনৰ ১১ বাজিছে৷ যম ৰজাৰ অফিচৰ বাহিৰত কোলাহল৷ চিত্ৰগুপ্ত কম্পিউটাৰত ব্যস্ত, যম ৰজাৰ আসন খালী।) চিত্ৰ:- আস নোৱাৰি আৰু দেই৷ কেৰাণী চাকৰি হ’ল বুলিয়েইনো ইমান গেবাৰি খাতিব পাৰিনে? (এনেতে ঘামি-জামি যমৰাজ সোমাই আহে৷ ) যম:- উফ নকবা বুজিছা, অলপ দেৰিহৈ গ’ল৷ চিত্ৰ:- দেৰি মানে? এঘাৰ বাজিল, এইটো আপুনি কি অসমৰ চৰকাৰী কাৰ্যালয় বুলি ভাবিছে নেকি? ২৪×৭ অফিচ হয় এইটো, ইমান দেৰিকৈ আহিলে মই অকলে কেনেকৈ কাম চলাম কওকচোন? আৰু মই টেট পাছ কৰা নাই নহয় যে, অকলেই এখন এল পি

Read more

ৰসভংগ – ঈশান জ্যোতি বৰা

ৰসগোলা নামৰ চমৎকাৰী মিঠাইবিধৰ লগত মোৰ সম্পৰ্ক বৰ এটা সন্তোষজনক নহয়৷ বৰঞ্চ, অভিজ্ঞতাৰ মোনাটো জোকাৰি দিলে মোনাটোৰ পৰা কেইটামান নীৰস আৰু নিৰ্দয় ‘গোল্লা’হে সৰি পৰে আৰু চকুৰ সমুখতে সিহঁতকেইটাই অতিকায় ৰূপ ধাৰণ কৰি মোক তৌবা-তৌবা সোঁৱৰায়৷ তাৰ পিছমুহূৰ্ততে পেটৰ ভিতৰৰ পৰা ভয় আৰু আতংক নামৰ বিপুলাকৃতিৰ দানৱদুটা ‘টাইফুন’ৰ লেখীয়া দুৰ্বাৰ গতিত উৰি আহি মন-মগজুত গপচত বহি লয় আৰু ভৱিষ্যতে ৰসগোল্লা দেখিলেই পলাই পত্ৰং দিবলৈ একপ্ৰকাৰে কঠোৰ সতৰ্কবাণী শুনাই দিয়ে৷ ল’ৰালিকালৰ এটা বিশেষ ঘটনালৈ মনত পৰিছে৷ কোৱা বাহুল্য-সেইয়াই আছিল ৰসগোলাৰ ‘নেতিবাচক

Read more

ফটহুৰ আত্মজীৱনী – অভিজিত কলিতা

নমস্কাৰ! মোক দেখি চিনি পাইছেই নহয় আপোনালোকে? তথাপিও পৰিচয়টো দি দিছো, মোৰ নাম ফটহু ফটাঢুলীয়া৷ এই যে আপোনালোকে কিবা কিবি কৰি জনাই নজনাই এখন আলোচনী উলিয়াইছে; আলোচনী চুপাৰ হিট হৈছে, কাৰ বাবে? এই ফটহুৰ বাবে৷ হয়নে নহয়? মই যিদিনাৰ পৰাই আপোনালোকৰ এই ফে’চবুক গ্ৰুপত ভৰি দিছোঁ, সেইদিনাৰ পৰাই আপোনালোকৰ জয়জয় ময়ময় হৈছে৷ এইকথা আপোনালোকে স্বীকাৰ নকৰিব পাৰে, কিন্তু মই জানো৷ আচলতে এই ফটহুৰ ’মিডাচ টাচ্চ’ৰ কামালয়েই সকলো৷ আপোনালোকৰ বহুতে ভাবে, ফটহু ৰিতুপৰ্ণ বৰাৰ মানসপুত্ৰ, তেৱেঁ মোক সৃষ্টি কৰিছে৷ অ’ হেল’উ!

Read more
1 18 19 20 21 22 25