ফটাঢোল

কৈলাশত ডিচেম্বৰৰ এসন্ধ্যা – উৎপলা কৌৰ

: কিমান চাহ খাই থাকে হে? আৰু নোৱাৰো মই মুখৰ আগত যতনাই থাকিবলৈ। গধূলিৰেপৰা সাতকাপ হ’ল। চাহকাপ কাষৰ টেবুলখনত ঠেকেচ মাৰি থৈ পাৰ্বতীয়ে ক’লে। : কিয়? নন্দী নাই নেকি? : নন্দী? সেই তেতিয়াই ব্ৰেড আনিবলৈ বজাৰলৈ গ’ল, এতিয়ালৈ দেখা দেখি নাই। মালিক যেনে ভঙুৱা, ভৃত্যও তেনেহে হ’ব! স্মাৰ্ট ফোনটোত আঙুলি বোলাই থাকিয়েই পাৰ্বতীয়ে ক’লে। খঙতে তাইৰ চেলাউৰিযোৰ নাচি আছে। : হেৰা, আৰম্ভ হ’ল নে তোমাৰ আকৌ? কাম কৰিবলৈ দিয়া শান্তিৰে। কিমান কষ্ট হৈছে দেখা নাই এইকেইদিন? : অকল আপোনাৰে কষ্ট

Read more

নাক থকা চিটিবাছৰ সাধু – ৰঞ্জু শৰ্মা

(কাহিনীটো লিখি থাকোতে অপু ভৰদ্বাজদেৱৰ “মিথ্যাচাৰ বিলাস” গল্পটোৰ কথা মনলৈ আহিছিল। ইয়াৰ কাহিনীটো সঁচা, হয়তো “মিথ্যাচাৰ বিলাসো” তেনেধৰণৰ কোনো সঁচা ঘটনাৰ আলমত গঢ় লৈ উঠা। আচলতে তেনে ধৰণৰ বিলাস এটা ছাগৈ আমাৰ সকলোৰে অৱচেতন মনত থাকেই… জ্ঞাতে, অজ্ঞাতে। কিশোৰ অৱস্থাত গঢ় লৈ উঠা সপোনবোৰ (পূর্ণ নতুবা অপূর্ণ) যৌৱনলৈ কিয়, প্রায় প্রৌঢ় অৱস্থালৈ থাকি যায়। সপোনৰ “মই” এজন আমাৰ সকলোৰে মনত থাকে, যি বাস্তৱৰ ‘মই’ৰ সৈতে পৃথক।) গুৱাহাটী মহানগৰৰ ঠেক ঠেক ৰাস্তা-পদূলীৰে নাক থকা চিটিবাছবোৰ চলি থকা সময়ৰে কথা। অৱসৰৰ সময়বোৰ

Read more

যোগাৰ – সৌমিত্ৰ যোগী

মই স্বভাৱতে বৰ লাজকুৰীয়া আৰু উদাৰ। বহুতৰে থকাৰ দৰে মোৰ বৰ ঈৰ্ষা-চিৰ্ষা নাই। কিহক লৈ ঈৰ্ষা কৰিমনো? কাৰোবাৰ সমান বা কাৰোবাতকৈ“মই কিহত কম” বুলি ভাবিলেহে মানুহক ঈৰ্ষা কৰা যায়। কাকো হিংসা কৰিবলগীয়াও নাই মোৰ। কাৰণ জানোৱেই যে মই কোনোপধ্যেই কাৰো সমান হ’ব নোৱাৰোঁ। মই মোৰ সমানহে হ’ব পাৰোঁ। মই মোৰ সৈতেহে তুলনা কৰিব পাৰোঁ। মই মোৰ সৈতেহে বাজী মাৰিব পাৰোঁ। এই কথাকেইটা পঢ়ি মোক নিশ্চয় আপোনাৰ জ্ঞানী মানুহ যেনেই লাগিছে। কোনোবাই হয়তো স্থিতপ্ৰজ্ঞ লোক বুলিও অভিহিত কৰিব। কিন্তু ভুল ধাৰণা।

Read more

চালনিত চালানী! – জ্যোতিৰূপম দত্ত

ৰাতিপুৱা বাৰাণ্ডাত আৰামকৈ বহি হাতত বাতৰি কাকতখন তুলি ল’লো৷ সদ্যহতে হেডলাইন কেইটাকে পঢ়ি লওঁচোন৷ সৰু হৰফত লিখা বিতং বাতৰিবোৰ পাছে-পৰেও ভালকৈ পাগুলা যাব বাৰু৷ দুপৰীয়া ভাতমুঠি ধৰি আৰামী চকীখনতে হেলান দি জিৰোৱাৰ সময়চোৱাতো আন বাতৰিবোৰ পাগুলিব পাৰিম৷ নহলে নিশাৰ ভাগলৈ শেতেলীত বাগৰ দিয়াৰ সময়তো দুই এটা বাতৰিৰ বতৰা পাগুলিব পৰা যাব৷ কাকতখনৰ প্ৰথম পৃষ্ঠাৰ ডাঙৰ আখৰ কেইটাকেই সশব্দে পঢ়ি গ’লো৷ : য়ে আৰাম কা মামলা হেই !! মাতটো অলপ ডাঙৰকৈয়েই ওলাল৷ হলেই আৰু দেই! ইফালে সিফালে অলপ চাই চকুদুটা দুবাৰমান

Read more

প্ৰেম ফটিকাৰ এইকণ ৰাগি, কোনে ক'ৰপৰা খাইছিলে মাগি – সোমেশ্বৰ বৰা

প্রেম এক স্বর্গীয় অনুভূতি।প্রেমৰ কোনো ৰীতি- নীতি নাই।কোনো জাতি- ধর্ম,ধনী-দুখীয়াৰ ভেদাভেদ নেমানে প্রেমে।হিয়া দিয়া-নিয়া মানে কাৰোবাৰ হৃদয়ৰ নিভৃত কোনত দংশন কৰি হৃদয়ৰ গভীৰতম গোপনীয়তাক চুৰকৰি নিয়া কার্যকে যথার্থতে প্রেমৰ আখ্যা দিয়া হয়। প্রেম দিল্লীৰ লাডু, খালেও পস্তাই নেখালেও পস্তাব লাগে। মথুৰাত মুৰুলী মোহনৰ প্ৰেম,কলিত মোবাইল-মোহনৰ প্ৰেম। মহাভাৰতত এক ফুল পঞ্চ মালি, আজি এক ফুল বহুমালি ভাইছি-ভাৰচা। আপোনাৰো যদি প্রেম গজিছে তেনেহ’লে মনৰ অব্যক্ত ,স্বতঃস্ফূৰ্ত অনুভূতি আৰু মনৰ দুদোল্যমান অৱস্থাটোক ভালকৈয়ে উপলব্ধি কৰিছে। মিছা ক’লেনো কিডাল হ’ব,এই প্রেমৰ ৰহঘৰাটোত সবায়ে চুমুক

Read more

মেম'ইৰ অৱ এ হাণ্টাৰ – যাজ্ঞ বল্ক্য

আহক! আহক! বহক! নাই ব্যস্ত নহয়। আপোনালোকে ইণ্টাৰভিউ ল’বলৈ আহিব বুলি খবৰ পাই আজৰি হৈয়ে আছিলোঁ। ময়ুৰী বুলি এজনীক গুড মর্ণিং মেচেজ এটা দিওঁ বুলি লৈহে দেখিলো, “য়ু কেন নট ৰিপ্লাই টু ডিচ কনভার্চেচন” জিলিকি আছে। তাৰমানে ব্লক কৰিলে মৰতীয়ে। কালি ৰাতি তাইক মোৰ লিখনি দুটামান বুজাই আছিলোহে। বহুদিনৰ পৰা তাইক চান্দি আছিলোঁ। বৈদ্য ধুনীয়া আছিল। চেহ! নাই তাই ব্লক কৰিলে বুলি ইমান বেয়া লগা নাই। লিষ্টত ঢেৰ ময়ুৰীৰ নিচিনা ছোৱালী এড কৰি থৈছোঁ। “ময়ুৰী নহী তৌ কয়ী ঔৰ চহি।”

Read more

নেপচুন যাত্ৰা – সমুজ্জ্বল কাশ্যপ

নেপচুন ভৱনৰ পৰা ইন্টাৰ প্লেনেট ভিজা খন লৈ দৌৰা-দৌৰি ঘৰ পালোঁহি। বোলো খবৰটো দিওঁ মানুহজনীক। “অ’ ৰা শুনিছা? টিকট পালোঁ হে।” “ইয়ে হয়? যাব পাৰিম মানে এইবাৰ আমিও?” “পাৰিম পাৰিম, টালি টোপোলা বন্ধাহে কথা এতিয়া। সোনকাল কৰা বুজিছা, পোন্ধৰ দিন পিছতেই আমাৰ যোৱাৰ দিন ঠিক হৈছে।” যোৱা তিনি বছৰৰ পৰা চেষ্টা কৰি আছো দুয়ো নেপচুনলৈ যাবলৈ। মানে নেপচুন গ্ৰহৰ কথা কৈছো। লগৰ বোৰে গৈ তাতে মাটি বাৰিও কিনিলে হেনো! আমাৰহে Inter Planet Visa খন হোৱা নাছিল ইমান দিনে। ভাষাটোৱেই শিকিব

Read more

যি কথা তুমি ফিল নকৰিলা – মানসী গগৈ

শুই উঠিয়ে তোমাক চাৰ্জত দিলোঁ।৮-৩০ বজাত মই ওলাই গ’লোঁ। তেতিয়ালৈকে চাগে তোমাৰ ফুল চাৰ্জ হৈছিল। কিন্তু তোমাক লগত নিবলৈ পাহৰিলোঁ। বাচত উঠিহে গম পালো তুমি নাই। বুকুখন ধিপ্ ধিপাই গ’ল।হাত-ভৰিও যেন অৱশ হৈ পৰিল ।দীঘল দিনটো আগত পৰি আছে।কি যে শূণ্য লাগি গ’ল বুকুখন।নিজৰ ওপৰতে খং উঠিল। চলমান বাচৰ খিৰিকীৰে উদাস দৃষ্টিৰে বাহিৰলৈ চাই বিমৰ্ষ মনেৰে অফিচ পালোগৈ। গোটেই দিনটো তোমাক ইমান মিচ্ কৰিছোঁ। তুমি অলপ সময় কাষত নাথাকিলেই এনে লাগে যেন তোমাক হেৰুৱাইছোঁ। মোৰ অসাৱধানতাৰ সুযোগ লৈ আনে তোমাক

Read more

অথঃ ফেচবুক সংবাদ – দিতীমণি দত্ত

আপোনালোক সকলোৱে কম-বেছি পৰিমাণে বিভিন্ন ধৰণৰ পুথিতো নিশ্চয় পঢ়িছে।কিন্তু আজি মই সকলোৰে পৰিচিত এখন বিশেষ পুথিৰ বিষয়ে আপোনালোকক কিছু কথা বেকত কৰিব খুজিছো। পুথি মানে এইখন মহাকাব্য বুলি ক’লেহে বেছি ভাল হ’ব। আমাৰ দৰেই কিন্তু মগজুত আমাতকৈ অলপ বেছিকৈ সাৰ থকা এজন নৰমনিছে এই পুথিভাগ ৰচনা অ নহয় ৰচনা বুলি কলে ভুল হ’ব উদ্ভাবন কৰিছিল বুলি ক’লেহে শুদ্ধ হ’ব।এই বিশেষ উদ্ভাৱক জনৰ নাম হ’ল মাৰ্ক জুকাৰবাৰ্গ। এইভাগি পুথি উদ্ভাবন কৰাৰ মূল উদেশ্য কি আছিল সেইবোৰ কথা বাৰু এতিয়া থাকক। কিন্তু

Read more

ধনী আৰু চহকীৰ তফাৎ – প্ৰতিভূ দত্ত

ঘটনাৰ দৃশ্যপটঃ ২০১৬ চনৰ নবেম্বৰ-ডিছেম্বৰ মাহৰ ভাৰত । বিমূদ্ৰাকৰণৰ সময়ত চাৰিওফালে ধনৰ উজান । শ্ৰীমানৰো ধনী হ’বৰ মন । খালে ডোঙে ধনৰ টোপোলা বিচাৰি ফুৰোতে হাতত লাগিল এটা চাকি। তাৰ পাছত… ঘটনাটোঃ “আলাদিনৰ নেকি বাৰু?”, বুলি ভাবি চাকিটোত মোহাৰি দিওঁতে চাকিটোৰ পৰা সঁচাকৈয়ে এটা জিন ওলাই আহিল । “হুকুম কৰক মোৰ আকা । মই আপোনাৰ এটা আশা পূৰণ কৰিম ।”,জিনটোৱে হাত জোৰ কৰি কলে । “মই বিচাৰো সকলোৱেই মোক ধনী হিচাবে চিনি পাওক, চহকী হিচাবে চিনি পাওক ।”, শ্ৰীমানে উত্তৰ

Read more
1 23 24 25 26 27 31