ফটাঢোল

পত্ৰবন্ধু – কৃষ্ণা বৰা ফুকন

স্কুলত থাকোতে কেইখনমান আলোচনী খুউব পঢ়িছিলো। বিস্ময়, মায়া, তৃষ্ণাতুৰ, ৰহস্য , মৌচাক, প্ৰান্তিক, ৰংঘৰ, পূবালী। কেতিয়াবা দেতাই “ষ্টাৰডাষ্ট” নামৰ ইংৰাজী আলোচনী এখনো আনিছিল। সেইখন অৱশ্যে পঢ়া নাছিলো, মানে নোৱাৰিছিলো। তাত থকা হিন্দী চিনেমাৰ নায়ক নায়িকাৰ ফটোত দাড়ি মোছ, তিল, চেলাউৰী আঁকিছিলো। ওপৰত উল্লেখ কৰা কেইখনমানত পত্ৰবন্ধু নামেৰে শিতান এটা আছিল। ভাইটি আৰু মই পোষ্ট কাৰ্ডত খুউব নাম ঠিকনা পঠাইছিলো। ক’ৰবাত ক’ৰবাত উলাইছিলো আৰু সেই জহতে অসংখ্য চিঠি পাইছিলো, অসমৰ বিভিন্ন ঠাইৰ পৰা। মুকুন্দ দা মানে আমাৰ ডাকঘৰৰ ডাকোৱালজনৰ চাইকেলখন আহি

Read more

অপমৃত্যু– দেৱ প্ৰতীম হাজৰিকা

নাজানো মোক দেখি সৰু ছোৱালীজনীয়ে কিয় চিঞৰে। উচপ খাই উঠিলো মই। মোক দেখি চিঞৰাৰ কিবা কাৰণ আছে বুলি নাভাবো। আগতেও চিঞৰিছে তাই। তাইৰ চিঞৰ শুনি একেকোবে সেই ঠাই পৰিত্যাগ কৰিলো। ল’ৰা এটা অহা দেখিছিলোৱেই। মোক দেখাহেঁতেন কিজানি কথা বিষম হ’লহেঁতেন। নাজানো কিয় চিঞৰে…দেখাতো ইমান বেয়া নহয় মই। বিয়া পতাৰ আগতে মোৰ পিছত মাইকী এসোপাৰ লাইন লাগিছিল। বিয়া পতাৰ পিছতহে অলপ বুঢ়া যেন হৈছো বাৰু, কিন্তু সেইবুলি মোক দেখি চিঞৰাৰ কোনো কাৰণ নাই। লাহে লাহে ঘৰ সোমালোহি মই। ঘৈণী বহি আছিল

Read more

ছাৰৰ চিন্তা –মণিষা কাকতি

আমাৰ ছাৰ চিন্তাত পৰিছে। ছাৰৰ চিন্তা দেখি তেমেকাবাবু আকৌ মহা চিন্তাত পৰিছে। ছাৰৰ মুখৰে ওলোৱা মহান বাণীসমূহ বঢ়াই কওঁতে কওঁতে আজিকালি তেমেকাবাবুৰ চিন্তাধাৰা, কাৰ্যকলাপ সকলোতে হাইব্ৰীড ছাপ এটা পৰিছে। কি ক’লে? বুজি পোৱা নাই? ৰব বুজাই দিছোঁ। মানে ধৰক, ছাৰ যদি কোনোবা দিনা আনন্দ মনেৰে থাকে; তেমেকাবাবুৰ ভাষাত, “ছাৰৰ আজি মহা আনন্দ।” আকৌ কোনো মহান কামৰ ক্ষেত্ৰত অংক নিমিলা দেখিলে ছাৰে যদি ‘দুই’ত কামটো কৰা মস্কিল হ’ব বুলি মানা কৰি দিয়ে; তেমেকাবাবুৰ ভাষাত কথাখিনি হ’ব, “নহ’বহে ডাঙৰীয়া! ‘চাৰি’ত কামটো কৰা

Read more

অলপ সত্য ধেমালি– উৎপলা কৌৰ

প্ৰায় ১৫বছৰৰ আগৰ কথা। কৃষ্ণপক্ষৰ নৱমী তিথি। জুলাই মাহৰ গৰম, তাতে ঘিটমিটিয়া আন্ধাৰ। গুৱাহাটীৰ মাজমজিয়াত ঘৰ হ’লেও এইকেইটা দিনত তেতিয়া দুবাৰমানকৈ লোড শ্বেডিং হৈছিল। ডেকা ল’ৰাটো গেট খুলি সোমাই আহিল। এইটো তাৰ বেষ্ট ফ্ৰেণ্ডৰ ঘৰ। যেতিয়াই তেতিয়াই আহে সি। পাকঘৰত সোমাই কেৰাহী ডাঙি চাব পৰাকৈ ঘৰখন আপোন। প্ৰিয় বন্ধুৱে কিছুদিন আগতে সিহঁতৰ লগতে একেলগে পঢ়া ছোৱালী এজনীৰ লগত কোৰ্ট মেৰেজ কৰিছে। গতিকে তিনিও আগতে অফ পিৰিয়ডত দিয়াৰ দৰে আড্ডা দিয়ে। কেতিয়াবা অইন বন্ধুবোৰো আহে। আগফালৰ দুৱাৰ বন্ধ আৰু কাৰেণ্ট নথকাত

Read more

ৰাজনীতিৰ অ আ ক খ!– সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

-“ঐ,টিউচন লবি নেকি হৰেন চাৰৰ তাত। বিৰাট ভাল অংক শিকায়। মই গৈছিলো ছাৰৰ তালৈ, লগত আৰু কেইজনমানক লৈ যাবলৈ কৈছে। গ্ৰুপতহে পঢ়াব বোলে চাৰে, পইচাও বেছি নহয়, গাইপতি এশ টকা। সপ্তাহত তিনি দিন পঢ়াব। দহজনীয়া গ্ৰুপ হ’লে ভাল।” ময়ো যাম, ময়ো যাম বুলি দিগন্তৰ কথাত প্ৰায় বাৰ জনমান ল’ৰাই একেমুখে সঁহাৰি জনালে। হৰেন ছাৰৰ তাত টিউচন কৰিবলৈ পোৱাটো সৌভাগ্যৰ কথা আছিল আমাৰ কাৰণে। চহৰৰ বিখ্যাত কলেজখনৰ গণিতৰ মুৰব্বী অধ্যাপক হৰেন শৰ্মা। ঘৰটো আমি পঢ়া কলেজখনৰ ওচৰতে হোৱাত আমাৰ কলেজৰ ছাত্ৰ

Read more

কক্ষচ্যুত– দিম্পল কলিতা

মই মেট্ৰিকত তৃতীয় বিভাগত উত্তীৰ্ণ হৈছিলো ৷ পিছে মাৰ্কশ্বিটখনৰ পয়ালগা নম্বৰকেইটাৰ দৰে পঢ়াত ইমানো বেয়া নাছিলো ৷ মধ্যমীয়া ধৰণৰ ছাত্ৰ বুলিয়ে ক’ব পাৰে ৷ হওঁতে গাঁৱৰ আটাইতকৈ নামজ্বলা স্কুলখনৰে ছাত্ৰ আছিলোঁ মই ৷ স্কুলখনৰ দশম শ্ৰেণীত দুটা শাখা আছিল, ক আৰু খ ৷ খ শাখাৰ শীৰ্ষৰ দহজনৰ ভিতৰতে মোৰ ৰোল নং পৰিছিল ৷ নাজানো কি হ’ল পৰীক্ষাত…লিখি থৈ অহাৰ দৰে মাৰ্কশ্বিটখন নাহিল ৷ অঘাইতং আছিলো যদিও স্কুলৰ প্ৰায়ভাগ ছাৰ-বাইদেউৰ মৰমৰ আছিলো ৷ ফলাফলৰ খবৰটোৱে তেওঁলোককো নিৰাশ কৰিছিল ৷ ৰিজাল্টৰ খবৰটো

Read more

অপৰাধী –বৰ্ণালী ফুকন

ৱাঙ চাঙমাই মিতালীৰ ঠিক পিছফালৰ বেঞ্চখনতে সদায় বহে। মাকুমৰ এটা চীনা পৰিয়ালৰ ল’ৰা সি। সৰুৰে পৰা একেলগে পঢ়িছিল যদিও তাক চতুৰ্থ শ্ৰেণীত থাকোতেহে দেখা মনত পৰে তাইৰ । তেতিয়া মিতাহঁত হিজুগুৰিৰ পৰা স্কুল আহ-যাহ কৰে। মাকে পেঞ্চিল কলম কিনিবলৈ দিয়া পইচাৰে বায়েক আৰু তাই লগ হৈ চানা বৰফ খাই পেলায়। ক্লাছত যিহেতু ৱাঙে কলম পেঞ্চিল দিবই গতিকে কিহৰ চিন্তা । পইচা হাতত পৰিলেই মোক খা মোক খা কৰি থকা বৰফ কেইটালৈহে মনত পৰে। ৱাঙ ঐ ল তোৰ পেঞ্চিল-ৰবৰ, স্কুল ছুটি

Read more

গল্পৰ দৰেই– অভিজিৎ মেধি

(১) টিউচনৰ পৰা অৱশেষত বৰুৱাহঁতৰ ঘৰলৈ দ্বিতীয়খন স্কুটী আহিল। আগতে এখন স্কুটী থকা সময়ত বৰুৱাই সেইখন লৈ অফিচলৈ যায়, তাৰ পৰা সন্ধিয়া লৰা-ঢপৰাকৈ আহি উশাহ নসলোৱাকৈয়ে জীয়েক সুজাতাক টিউচনলৈ অনা-নিয়া কামবিধ কৰে। ইপিনে দিনটোত ইফালে-সিফালে পটকৈ ওলাই যাবলগীয়া হ’লে ঘৰৰ বাকী মানুহবোৰে ৰিক্সা বা অটোৰ ভৰসাত থাকে। কিন্তু এতিয়া দ্বিতীয়খন স্কুটী কিনাৰে পৰা আৰু হায়াৰ ছেকেণ্ডাৰীত পঢ়ি থকা পুতেক কৌশিকে সেইখন চলাবলৈ শিকি লোৱাৰে পৰা বহুত সুবিধা হৈছে। নতুন স্কুটীখন অহাৰ পিছত সন্ধিয়া ভনীয়েক সুজাতাক টিউচনৰ পৰা অনা-নিয়াৰ দায়িত্বটোও কৌশিকৰ

Read more

উপদেশ–লিপিকা কৌশিক

উপদেশ বোলা বস্তুটো কেনে লাগে বাৰু আপোনালোকৰ? মানে এইভাগ কাৰোবাক দি হয়তো ভালেই লাগে, কিন্তু ল’বলগীয়া হ’লেহে কেতিয়াবা অলপ গাটো অলপ বেজবেজাই নেকি? গা-মন বেজবেজাই নিয়াব পৰা উপদেশবোৰক দিওঁতা আৰু পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ভিন্নভাগত ভগাব পাৰি। এই ধৰি লওক, আপুনি চ’ৰাঘৰত বহি বাতৰি কাকতত চকু ফুৰাই পুৱাৰ চাহকাপত চুমুক দিব লৈছে, আমেৰিকাৰ ছিৰিয়া আক্ৰমণৰ ওপৰত পৰিবাৰক কিবা এষাৰ কৈছে। ঠিক তেনেতে ঘৰ মচি থকাৰ পৰা আপোনাৰ বন কৰা মানুহজনীয়ে টেপেৰাই মাত দিব, -“এহ্ আমৰিকাই মাৰা-মাৰিয়ে কৰি ফুৰে, আকো নাজনে

Read more

জেউতীৰ প্ৰত্যাখ্যান– কৌশিক দাস

-“ঐ ,বাপু ! জগবন্ধু হাজৰিকাৰ ঘৰটো চিনি পোৱানে ?” -“চিধাই যাই…যিখান কালভাৰ্ট পাবো তাতে এটা ইটাৰ দম দেখা পাবো …আৰু কাকো একো সুধবাই নালগে চিধা সুমে যাব’ !” -“থেংকু দেই ।” ধনঞ্জয় দোকানীৰ নিৰ্দেশমৰ্মে গাড়ীখন আগলৈ ৰাওণা হ’ল । … তেওঁলোকে জেউতিক চাবলৈ আহিছে। দেখনিয়াৰ ছোৱালীজনী জগবন্ধু হাজৰিকাৰ একমাত্ৰ কন্যা । সৰুৰে পৰা কাকো পৰোৱাই নকৰা বিধৰ ছোৱালীজনী পঢ়া শুনায়ো বৰ ভাল আছিল । দেউতাকো ভাল মানুহ । ভাল মানে …তেনেই পোনপটীয়া । ৰাস্তাত ওলালে যিটো ঘৰৰ ভিতৰতো সেইটোৱেই ।

Read more
1 27 28 29 30 31