ফটাঢোল

অতিথি হৈছে দেৱতাৰ দৰে – সৌমিত্ৰ যোগী

বহুদিন কাকো ঘৰলৈ খোৱা-বোৱাকৈ মতা নাই। সন্মুখত গৰমৰ বন্ধটো দেখিয়েই আমাৰ এওঁৰ প্ৰথম সেইটো কথাই মনলৈ আহিল। মই ক’লোঁ – “সদ্যহতে নালাগে ৰ’বা”। মই কিয় নালাগে বুলি ক’লোঁ এওঁ সুধিলে, মই মুখেৰে একো নামাতিলোঁ। মই নীৰৱতা আৰম্ভ কৰাই গোটেই ঘৰখনৰ কোনো জীৱৰে মুখৰ মাত নাইকিয়া হ’ল। ভাগ্যে প্ৰেছাৰ কুকাৰৰ হুইচেল, বাচন-বৰ্তনৰ টুং-টাং শব্দকেইটা জীয়াই আছিল। ভাবিলোঁ এই কথাই কথা নহয়, আলহী মাতিব লাগিল। মই বোলোঁ হেৰা, তুমি নাভাবিবা যে মই পইচা খৰচ হোৱাৰ ভয়তে মানুহ মাতিবলৈ বেয়া পাইছোঁ। আচলতে কি

Read more

ঝুঠ অচ্ছে হ্যে – পৰী পাৰবীন

ঊফ ৰক্ষা! ল’ৰাৰ স্কুলত গৰমৰ বন্ধ আৰম্ভ হ’ল, তাতে দুয়োটাৰে ছয়মাহিলী পৰীক্ষা শেষ। গতিকে কাইলৈৰ পৰা এমাহলৈ দিনটোৰ কাৰ্যসূচী বৰ ধৰাবন্ধা নিয়মত নচলিব। এই ধৰক, ৰাতি এক বজালৈ বিশ্বকাপ ফুটবল, তাৰ মাজে মাজে বিজ্ঞজনৰ দৰে মতামত সামৰি ফেচবুকত আলোচনা, তাৰপাছত বিছনাত আঠুৱা তৰা কথালৈ পতিদেৱৰ স’তে আধাঘন্টামান মুখচুপতি, বিছনাত পৰি আকৌ ল’ৰাৰ দিনলিপিৰ বিস্তাৰিত বিৱৰণ, তাৰ পাছত কেইটামান মধুৰ সপোন, সপোন মানেনো কি আৰু, হঠাতে ৰোমান্টিক হৈ পৰা পতিদেৱৰ ডিঙিত ওলমি ‘এনজয়িং চামাৰ’ বুলি দুখনমান ফটো আপলডোৱাৰ সপোন নাইবা যোৱাবছৰেই

Read more

পাখৰী আৰু হাঁহিবোৰ – মাধুৰীমা ঘৰফলীয়া

সেইখন ঘৰ মোৰ দ্বিতীয় এখন ঘৰৰ দৰে আছিল। ঘৰত থাকিলে দিনৰ দিনটো তাতেই থাকোঁ। মই নগ’লে সেইখন ঘৰৰ ডাঙৰ ছোৱালীজনী আমাৰ ঘৰত থাকেহি। সেইদিনাও মই তাত আছিলোঁগৈ। ঘৰৰ মূৰব্বীজন সম্বন্ধত মোৰ দৌতি হয়। সেইদিনা আইতা আৰু দৌতি শিৱসাগৰৰ টাউনলৈ কিবা বজাৰ কৰিবলৈ গ’ল। গতিকে ঘৰৰ ৰখীয়া হিচাপে দৌতিহঁতৰ তিনি গৰাকী ছোৱালী ক্ৰমে মুন,ভণ্টি,মাইনা আৰু লগত মই। দৌতিহঁত ওলাই যাবলৈহে পালে হাতত বুটমাহ লৈ আমি বাৰাণ্ডাত বহি ঘৰৰ সমুখৰ চেপন চূণপোৰা আলিৰে যোৱা গাড়ী হিচাপ কৰিবলৈ ধৰিলোঁ। এই বুটমাহ আদি খোৱা বস্তুবোৰ

Read more

অতএব……মন্দিৰ – জীমণি গগৈ

 আচলতে জীৱনত বহুকথা নোকোৱাকৈ থাকি যায় বা কোৱা নাযায়। নোকোৱাকৈ থাকি যোৱাৰ আন বহু আনুষংগিক কাৰণৰ লগতে লাজ-মান বুলিও বস্তু এটা থাকে। পিছে লাজ-মান কাতি কৰিও কেতিয়াবা কিছুমান কথা ক’বলৈ মন যায়। মোৰ ক’ব খোজা কথাটোও লাজ-মান কাতি কৰি ক’বলৈ মন যোৱা তেনেকুৱা কথা এটা।  হোষ্টেলত নতুনকৈ সোমাইছোঁ । হোষ্টেলৰ চিনিয়ৰ বিলাকৰ সৈতে বাদেই আমি নিউ কামাৰ বিলাকৰ মাজতো ভালকৈ আচল হোষ্টেলীয়া বন্ধুত্ব গঢ় লৈ উঠা নাই। মাত্ৰ চুচুক্-চামাককৈ বাথৰুমলৈ যাওঁতে চকুৱে চকুৱে পৰিলে মিচিকিয়াই হঁহা, ডাইনিং হললৈ যাওঁতে নূন্যতম

Read more

ক্ষুদ্ৰ দৰঙীয়া একাংকিকা – কুসুমাঞ্জলি শৰ্মা

চৰিত্ৰ চিনাকি #বুদ্ধিৰাম  :- বিয়াল্লিচ বছৰ বয়সৰ গৃহস্থ, পেচা হাটে বজাৰে বাৰীৰে হাঁহ-পাৰ, পাণ, তামোল বেচিবলৈ মাজে মাজে লৈ যায়। ঘূৰি আহোঁতে ঘৰত লগা টুকটাক কিবাকিবি কিনি আনে। #গোলাপী:  বুদ্ধিৰামৰ পৰিবাৰ। বয়স পঁইত্ৰিছ বছৰ মান হৈছে। #স্থান ছিপাঝাৰৰ ভিতৰুৱা গাঁৱৰ পুৱাবেলা বুদ্ধিৰাম :-অ শুন্চা ! এই ডাড়ি কাটা বিলেদ খানেদি কোনে কি কাটছিলেই  ? গোলাপী:    কিয়ানো, কি হৈছি ?  বুদ্ধিৰাম:-   ডাড়ি কেইদাল কাটা যাৱা নাই ! এখান নতুন বিলেদ !! কানীয়াৰ দোকানৰ পে পদ্ধিনা আইনছিলোঁ ! গোলাপী: –  সেক

Read more

ঘটক পুৰাণ – অসমী গগৈ

মানুহজনৰ বিষয়ে কি বুলি কম! মানুহজন একেধাৰে এজন সু-বক্তা, শ্ৰোতা, সমাজকৰ্মী, পাঠেকী, ভকত সকলো। সৰু ঠাইখনত মানুহজন এজন অপৰিহাৰ্য মানুহ। তাতে মানুহজন খবৰৰ ভাণ্ডাৰ। আপুনি সোধকচোন নাজিৰাৰ অমুকক চিনি পায়? চৈধ্য গোষ্ঠী গায় দিব। আহোম বামুণ কোঁচ কলিতা সকলো তেওঁৰ মিতিৰেই কিবা নহয় কিবা প্ৰকাৰে। আকৌ সোধকচোন দুমাহৰ আগৰ ঘটনাৰ কথা। আপুনি  “লাইভ টেলিকাষ্ট” দেখি যাব। অমুকৰ জীয়েকৰ ৰিজাল্ট কওঁক… ছোৱালীজনীৰ দিনপঞ্জী গাই দিব।  ৰ’ব ৰ’ব মানুহজনৰ চিনাকি শেষ হোৱা নাই, তেওঁৰ নামৰ পাছত থকা উপাধি চাগে মানুহে পাহৰিলেই …অমুক

Read more

দৰাৰ লগত যোৱাৰ অভিজ্ঞতা(১৯৬০) – ৰুবী বৰা বৰদলৈ

বহাগ মাহ।গাঁৱৰ ভৱ দাইটিৰ ল’ৰা খগেনৰ বিয়া।খগেনৰ ভতিজাক অকণৰ লগত একেলগে পঢ়া কৃষ্ণৰ মনটো এনেয়ে ভাল লাগি আছে।সি সদায় স্কুলৰ পৰা আহি ভাতকেইটা খায়েই পথাৰৰ পানী ভাঙি লৰ ধৰে বিয়া ঘৰ বুলি।বিয়া ঘৰত অ’ত-ত’ত ঠিয়া-ঠিয়ি কৰি আলেখ-লেখ চাই থাকোঁতেই এদিন অকণৰ দেউতাকে তাক ক’লে— ::: ঐ ল’ৰা, চাওঁ এইফালে আহচোন!এই ফলাখৰিবোৰ সৌ ভঁৰালৰ তলত থ’বগে’ পাৰিবি? তই যদি গোটেইসোপা খৰি থৱগে’,তোক দৰাৰ লগত নিম যা। দৰাৰ লগত নিব!কৃষ্ণ!! কথাষাৰ বিশ্বাস কৰিব নোৱাৰি সি ভেবা লাগি চাই থাকিল অকণৰ দেউতাকৰ মুখলৈ।

Read more

মানিক দেউৰ টিকনিডাল – প্ৰান্তৰ ভাগৱতী

আশীৰ দশকৰ প্ৰথম ভাগৰ কথা। আমি আঠ দহ বছৰীয়া। সেই সময়ত আমাৰ অঞ্চলত মানিক দেউৰ বেলেগ ডিমাণ্ড। মানিক দেউ মানুহজনো সৰবৰহী। মিঠা বৰণীয়া শীৰ্ণকায় শৰীৰ, পিন্ধনত ধুতী- পাঞ্জাবী, মুখত ধেমেলীয়া হাঁহি।পাতল চুলিকোছাৰ পিছফালে দীঘল টিকনি এডাল । এই বোলে পূজা এভাগ হে পাতিব লাগে,বিদ্যালয়ত সৰস্বতী পূজা,  বিয়াৰ দিন চোৱা,অন্নপ্ৰাশন,ঘৰ লোৱা, দোকান লোৱা, কোনোবা ছোৱালী পুষ্পিতা হ’ল – যোগ কি পৰিল ?  পতি হিতা নে পতিহীনা নে বেশ্যা নে আৰু কিবা কিবি !!!  দান কি দিব লাগিব ; ৰাজহাঁহ এযোৰ নে

Read more

লাষ্ট ৱাৰ্নিং – কাজল প্ৰিয়া

তেতিয়া মই খুব সম্ভৱ তৃতীয় শ্ৰেণীত হবলা! আছিলো আকৌ বাঘৰ আগতেল খোৱা এজনী। গছে বনে বগাই ফুৰা এজনী বনৰীয়া বান্দৰী। স্কুল ছুটিৰ পিছত আনৰ বাৰীৰ গছে লতাই বগাই বগাই ঘৰ পাওঁহি মানে কেতিয়াবা দুপৰীয়াৰ পৰা আবেলি হয়, মায়ে বাটলৈ চাই চাই চকু বিষায়। এবাৰ লেটেকু গছত বগাওঁতে টুপুককৈ খহি পৰিলোহি বিহলঙনীৰ মাজত বৰ বিশেষ দুখ নাপালো যদিও ঘৰত গম পাই ভালকৈ এজাউৰী দিলে “লাষ্ট ৱাৰ্নিং”ও পালোঁ। সেইদিনাৰ পৰা জপিয়াই ফুৰা মুক্ত বিহংগৰ ঠেঙত এৰাল লাগিল। মোৰ বুকুত সাগৰ সদৃশ জোৱাৰ-ভাটা

Read more

মাজুলী যাত্ৰা – অনুৰূপ মহন্ত

১৯৮৪ চনৰ কাহিনী। মোৰ আচল ঘৰ দেৰগাঁৱত যদিও কৰ্মসূত্ৰে মই তেতিয়া নগাঁৱত থাকোঁ। নতুনকৈ বিয়া কৰাই পত্নী ৰেখা আৰু মই চৰকাৰী বাসগৃহত থাকোঁ। সেই সময়ত টেলিফোনৰ সু-ব্যৱস্থা নাছিল। চিঠি পত্ৰৰেই খবৰ বাতৰিৰ আদান প্ৰদান হৈছিল। সেইদিনা মই আনদিনাৰ দৰেই চাকৰিৰ পৰা ঘূৰি আহি ঘৰ সোমাই দেখোঁ, ৰেখা কান্দিকাতি বিয়াকুল। কি হ’ল সুধি বুজিলোঁ মাজুলীৰ আহঁতগুড়িলৈ বিয়া দিয়া মোৰ বাই শাহুৰ স্বামী অৰ্থাৎ মোৰ শালপতিৰ অকাল বিয়োগ ঘটা বুলি চিঠি আহিছে। চিঠিৰ তাৰিখ চাই বুজিলোঁ ইতিমধ্যে তিলনী পাৰ হৈ গৈছে কালি।

Read more
1 2 3 13