ফটাঢোল

কঁঠালটোৰ সমানৰ কেঞাঁ বগৰী – বৰ্ণালী ফুকন

স্কুলত পঢ়ি থাকোতে টিফিন পিৰিয়ডৰ প্ৰধান আকৰ্ষণ আছিল চানাৱালাৰ কেঞাঁ বগৰী বুলি খ্যাত সৰু বগৰী বিধ। স্কুল যাওঁতে মায়ে টিফিন খাবলৈ পইচা দি পঠিয়াই। লগতে কৈ পঠিয়াই কি খাম। প্ৰায়েই স্কুলত বেকাৰীৰ পৰা অনা বন(bun) বিক্ৰী হয় আৰু সেইয়া মই খাবলৈ বাধ্য। কেনেবাকৈ নিকিনিলেই মাৰ ওচৰত ধৰা পৰাৰ ভয়, যিহেতু মা আমাৰ স্কুলৰ বাইদেউ। মনতে ভগৱানকে শাও পাত দিওঁ টিফিনত বন খাবলৈহে পঠিয়ালা পৃথিৱীলৈ, অতকৈ খাবলৈ বস্তু থাকোঁতে। যি হয় হ’ব বুলি এদিন টিফিনত চানাৱালাৰ কাষ পালোগৈ। কেঞা বগৰী পাঁচ

Read more

জীৱনদায়িনী ঔষধ – অলকেশ ভাগৱতী

ৰাতিপুৱাই অন্তৰত খুব বেয়াকৈ আঘাত পালো ৷ টকাৰ কাৰণে মানুহবোৰ যে পশুতকৈও অধম হৈ গৈছে সেয়া আজি মৰ্মে মৰ্মে উপলব্ধি কৰিছো ৷ টকাৰ প্ৰয়োজন নিশ্চয় আছে ৷ কিন্তু টকাতকৈওতো ডাঙৰ বস্তু এটা পৃথিৱীত আছে ৷ আচলতে আছে নহয়, আছিল ৷ এতিয়া মানৱতাবোধ বুলি কোনো বস্তু কাৰোৱেই অন্তৰত নাই ৷ সকলো মাথো টকাৰ পিছত দৌৰিছে ৷ পৃথিৱীখনেই আজি দেখোন পণ্য !! টকা নাথাকিলেও টানি টুনি হ’লেও জীৱনটো কিবাকে চলাই আছো ৷ ভগৱানৰ কৃপাত আন বিশেষ একো দুখ নাই যদিও সামান্য এটা

Read more

লাভ-লেটাৰ অব ৱাই-টু-কে ! – জ্যোতিৰূপম দত্ত

দুহেজাৰ চনৰ কথা৷ তেতিয়া মই দিল্লীত৷ ৱেষ্ট পেটেল নগৰৰ ভাড়ালৈ লোৱা এজনীয়া ৰূম এটাত কোনোমতে মুৰ গুজি আছিলো৷ দিল্লীত থকাৰ উদ্দেশ্য আছিল দুটা৷ কম্পিউটাৰ নেটৱৰ্কিঙৰ এডভান্সড ক’ৰ্চ এটা কৰা আৰু লগতে কিছু অভিজ্ঞতা গোটোৱা৷ কেইমাহমানৰ ভিতৰতে সৰুকৈ চাকৰি এটাও যোগাৰ কৰি ললো৷ দিল্লীৰ সীমামূৰীয়া ৰোহিনী অঞ্চলৰ চেক্টৰ-চিক্সত চাকৰি৷ পুৱা ছয়বজাতেই ৱেষ্ট পেটেল নগৰৰ বাছষ্টপৰ পৰা ৰোহিনীৰ চেক্টৰ-৬ লৈ ৫৭০ নম্বৰৰ ডি.টি.চি. বা ব্লু-লাইনৰ বাছ ধৰিব লগা হয়৷ পুৱা সাতবজাৰ পৰা তিনিবজালৈ চাকৰি৷ গধুলিকৈ ক্লাছ৷ দিনবোৰ বাৰুকৈয়ে চলি গৈছিল৷ তাত থাকোতে

Read more

ওস্তাদি– জয়ন্ত শৰ্মা

জীৱনত কৰাৰ ভিতৰত আটাইতকৈ বেছিকৈ চাগৈ ‘ওস্তাদি’কে কৰিছো। জনা কথাটোততো কৰোৱেই নজনাটোতো মুখেদি বা চকুৱেদি এনেকুৱা এটা ভাৱ দি থাকো যে, এইটোনো কিবা কথা হ’লনে! আমিতো আগতেই জানো। কওঁতাজনেহে শেষত ভাবিবলৈ বাধ্য হয় যে, ইচ্, কাৰ আগত কি কৈ আছো! জীৱনত যি দুই এবাৰ লিখিবলগীয়া হৈছে তাতে হবি ‘খেল’ বুলি লিখিছো যদিও আচলতে মনটোৱে হবি ‘ওস্তাদি’ বুলি লিখিবলৈহে উচতাই থাকে। কিন্তু ‘ওস্তাদি’টো ‘হবি’ত পৰে নে নপৰে নাজানো। তাতে আগতে কাকো লিখাও দেখা নাই বুলিহে। মই তেতিয়া ‘ইদলী দোচা চম্বৰ’ৰ দেশ

Read more

ফেয়াৰ এণ্ড লভলি – অসীম বৰা

কাহিনীটো কোৱাৰ আগতে ৰাইজক নিজৰ পৰিচয় অলপ দি লওঁ৷ মই মানুহটো সৰুৰেপৰাই অলপ জধলা টাইপৰ৷ সৰুৰেপৰাই বন্ধুসকলৰ পৰা জধলা, খেচৰ ইত্যাদি ইত্যাদি মন্তব্য উপহাৰ পোৱাটো মোৰ বাবে নিত্য নৈমিত্তিক কথা৷ তথাপি এইবোৰ কথাত লাজ লাগিবলগীয়া কিবা আছে বুলি মই নাভাবো৷ “ৰূপেনো কি কৰে গুণেহে সংসাৰ তৰে” বোলা আপ্তবাক্যশাৰী মই একদম মানি চলো৷ বিয়াৰ এমাহ নহওঁতেই ঘৰৰপৰা 480 কিঃ মিঃমান দূৰত থকা শহুৰৰ ঘৰলৈ হাফপেণ্ট, গেঞ্জী আৰু হাৱাই চেন্দেল পিন্ধি যোৱা “গিনীজ” ৰেকৰ্ডটো মোৰ নামতেই আছে৷ ইয়াৰোপৰি জিনচ্ ধুবলৈ বুলি ডিটাৰজেণ্টত

Read more

এদিন বামুণৰ, এদিন বহুৱাৰ – পৰী পাৰবীন

ঠাণ্ডা দিনকেইটাত ৰাতি দেৰিলৈকে ফেচবুক কৰি, ৰাতিপুৱা আঠটালৈকে বিচনাত লেলাই গেঁথাই পৰি থাকি দহবজাত অফিচ পোৱাটো কিমান কষ্টৰ কথা সকলোৱে জানে । ৰাতিপুৱা দুঘণ্টা মানে যুদ্ধৰ আখৰা। কোনেও কালৈকো চাবলৈ সময় নাই। টিফিন,ব্ৰেকফাষ্ট, পানীৰ মেশ্বিন, ৱাছিং মেশ্বিন সমানে সমানে চলাই থাকোতে দশভূজাৰ হাতকেইখন যেনিবা লগ লাগেহি । পিছে কি হ’ব, ইমানবোৰ হাত থাকোতেও পাহৰা মগজুটোৰ কাৰণে কেতিয়াবা পানীৰ মেচিনটোকে অন কৰি গুছি যাওঁ, কোনোবাদিনা আগফালে দুৱাৰ দাং, পিছফালে ধোবাংবাং হৈ থাকে, কেতিয়াবা গে’টেৰে ভিতৰ সোমাই ওলাব নোৱাৰি বাহিৰৰ ছাগলীয়ে দিনটো

Read more

শ্ৰীকান্তৰ জাঙিয়াটো – নয়নমণি হালৈ

সৰুকালত দেউতাই মই গাঁৱৰ ল’ৰাবোৰৰ লগ লগাটো মুঠেই পচন্দ নকৰিছিল| কেতিয়াবা ‘বাঘৰ আগ তেল খোৱা’ চেঙেলীয়াজাকৰ লগত দেখিলে ঘৰত মোৰ পিঠি বহল হৈছিল| তথাপিও মোৰ সিহঁতজাকলৈ আছিল দুৰ্বাৰ আকৰ্ষণ| জেঠ মাহৰ টিকাফটা ৰ’দত গাঁৱৰ নামঘৰৰ পিছফালে থকা বৰপুখুৰীৰ পাৰত আমাৰ ল’ৰাবোৰৰ প্ৰায়ে ‘মজলিচ’ বহিছিল| কাৰেন্ট নথকা গাওঁখনত কোন ল’ৰাইনো ঘৰৰ ভিতৰত ছাটি-ফুটি মৰিব! পুখুৰীৰ পাৰত থকা বকুল গছবোৰৰ শীতল ছাঁবোৰে সিহতক অহৰহ হাতবাউল দি মাতিছিল| ঘন্টাৰ পিছত ঘন্টা কথাৰ মহলা মাৰি কোনোবাই তাতেই নিদ্ৰাত ঢলি পৰিছিল, কোনোবাই বৰপুখুৰীৰ পানীত চিলনী

Read more

সপোন নে দিঠক – পৰী শ্যামলী ভূঞা

: “ৰখোৱা ৰখোৱা গাড়ী ৰখোৱা, চোৱাচোন চোৱা সেইয়া জুবিন নহয়নে ?” মোৰ কথাকেইটা শুনি এওঁ মোলৈ আচৰিত হৈ চাই সুধিলে “কোন জুবিন হে?” এওঁৰ কথাত মোৰ চকু ডাঙৰ হৈ উঠিল৷ : “কি হল আকৌ, আজি তুমি জুবিনকে চিনি নোপোৱা হলা যে?” ওলোটাই মইহে এওঁলৈ প্ৰশ্ন এৰিলো৷ : “নহয় অ এই জংগলৰ পাহাৰীয়া ৰাষ্টাটোত তুমি জুবিনক দেখা বুলি কোৱা বাবেহে সুধিবলগীয়া হল কোননো জুবিন বুলি৷ তোমাৰ লগত একেলগে পঢ়া কোনোৱা আছে নেকি জুবিন নামেৰে৷ নহলে আচল গায়ক জুবিন জননো এই পাহাৰৰ

Read more

মোৰ ক্ষেত্রত এনে হৈছিল – দিব্যজ্যোতি চৌধুৰী

আজিৰ পৰা পাঁচ বছৰ মানৰ আগৰ কথা | মই ঘৰৰ লাগতিয়াল বস্তু অলপ বজাৰ কৰিবলৈ আমাৰ নগাওঁ চহৰলৈ বুলি ৪০৭(407) গাড়ীত উঠিলো | আমাৰ ঘৰৰ পৰা নগাওঁ চহৰলৈ প্রায় ১৫ কি:মি: দূৰ | মই উঠোতে গাড়ীখনত প্রায়বোৰ চিটেই খালী আছিল | কিন্তু দুই কি:মি: মান যোৱাৰ পাছত চিটবোৰ পূৰ হ’ল । আৰু অলপ দূৰ যোৱাৰ পাছত আৰু যাত্রী উঠিল । ঠেলা-হেঁচাৰ সৃষ্টি হল । আৰু অলপ দূৰ যোৱাৰ পাছত বহু যাত্রী উঠিল । যাত্রীসকলৰ সৰহ সংখ্যকেই মহিলা আৰু শিশু ।

Read more

লটি-ঘটি – মানবেন্দ্ৰ কুমাৰ শৰ্মা

ৰাসৰ বতৰ৷ কাষৰ ল’ৰা এজনে টেম্পো এখন কিনা দেখি প্ৰমিলাবাহিনীৰ গা উঠিল-‘বোলো কিমান আৰু টিহুতেই ৰাস চাই থাকিম! ব’ল, ইয়াৰ টেম্পোত উঠি এইবাৰ পাঠশালা আৰু হাউলিৰ ৰাস চাই আহু৷’ তেওঁলোকৰ কথা শুনি থকা ষাঠীৰ উৰ্দ্ধৰ আইতাগৰাকীৰো গা উঠিল-‘আই নিবিনা মোকো তুহাৰ লগত?’ ‘এ হ’ব দিয়কহে আই৷ আমি চৈধ্যজনহে আছু, টেম্পু এখানত হেঁচা-ঠেলা কৰি পোন্ধৰ জন যাবা পাৰি৷’ আইতাই আৰু নাতিনীয়েকক এৰি যাব টান পালে৷ এনেয়ো নাতিনীয়েকে কুতুৰি থকাৰ পিছতো পইচাৰ অভাৱত দেউতাকে তাইক ৰাস দেখুৱাবলৈ নিব পৰা নাছিল৷ গতিকে নিৰ্দিষ্ট

Read more
1 9 10 11 12 13 16