ফটাঢোল

বিয়াৰ লাড্ডু – অসমী গগৈ

বিয়া বুলি ক’লেই “মন মে লাডু ফুটা“ৰ বয়স৷ ইতিমধ্যে কেইবাজনেও চাহজলপান খাই কেইবাখনো ফুলাম গামোচা নিলেই৷ সপোনত কেইবাবাৰো হনীমুনো কৰি আহিলো৷ বিয়া সকামলৈ সাজি কাচি যাওঁতে যাওঁতে কেইবাযোৰো চেণ্ডেলৰ গতি লাগিল৷ সপোনটোৰহে গতি নলগা হ’ল৷ ঘৰলৈ মানুহ-দুনুহ আহিলে, কৰবাত কাৰোবাক লগ পালে মোলৈ দৰা বিচাৰিবলৈ কোৱাটো ঘৰৰ সকলোৰে এটা নিয়মৰ দৰে হ’লগৈ৷ মুঠৰ ওপৰত পিঠিত “ফৰ চেল“ লগাই ঘূৰিবলৈহে বাকী৷ বহুত দিনৰ মূৰত সিদিনা পেহীৰ ল’ৰাটো আহি ওলালহি৷ পেহাই চাহবাগানত কাম কৰে৷ হাতত লৈ অহা চাহপাতৰ টোপোলাটোৱে আমাক আটাইতকৈ সুখী

Read more

কপাল – প্ৰতিভূ দত্ত

ডেকা ল’ৰা তেতিয়া ইঞ্জিনিয়াৰিঙৰ ফাইনেল ইয়েৰৰ ছাত্ৰ। এদিন দুপৰীয়া চুচুক চামাককৈ সুবৃহৎ লনখন পাৰ হৈ প্ৰকাণ্ড বঙলাটোৰ পৰ্টিকত উপস্থিত হ’ল। হাভানা ছীগাৰ হুপি, লণ্ডনৰ হেৰডছৰ পৰা কিনি অনা হাউচ কোট পিন্ধি থকা মিষ্টাৰ চলিহাই নিজৰ সোনালী ফ্ৰেমৰ চচমাজোৰ ঠিক কৰি লৈ ডেকা ল’ৰাক ভালকৈ তলৰ পৰা ওপৰলৈ কেইবাবাৰো চাই বেছ নাটকীয় ভংগীত সুধিলে, -“কি লাগে ?” মিষ্টাৰ চলিহা যে চাহ বাগানৰ মালিক আপোনালোকে বোধহয় অনুমান কৰিব পাৰিছে। -“মানে মই আৰু মনালিছা একে…” ডেকা ল’ৰাৰ কথাত আধাতে বাধা দি মিষ্টাৰ চলিহা

Read more

টাটু – পৰী পাৰবীন

আচলতে মানুহজনক লৈ ভিতৰি ভিতৰি গৰ্ব এটাও নোহোৱা নহয়। ঘৰতে এটা ব্যায়ামগাৰ। পুৱা গধূলি পূৰ্বজন্মৰ পাপৰ ফল ভূগি থকাৰ দৰে এক কুইন্টল ভাৰ উত্তোলন কৰি কৰি পেশীবহুল কৰি লোৱাই নহয়, উজ্জ্বল ৰঙৰ চৰ্ট টি-চাৰ্ট পিন্ধি ফিচফাচকৈ পাৰফিউমৰ বটলটো আধা কৰি বুকু ফিন্দাই অফিচলৈ গতি কৰাৰ লগে লগেই বুকুখন দুৰু দুৰুকৈ কঁপে (বোৰ্খা চিষ্টেমটো পুৰুষৰ বাবেও হ’ব লাগে বুলি আন্দোলন এটা কৰাৰহে কথা) ল’ৰাও দেউতাকৰ ফুটত। সৰুটোৱে টাটু অলপ গোটাই এদিন ‘চিক্স পেক এবচ’ৰ দেউতাকক ক’লে, -“পাপা, টাটুটো হাতত লগাই লোৱা।

Read more

ডুখৰীয়া স্মৃতি – মানৱেন্দ্ৰ কুমাৰ শৰ্মা

মোৰ বিয়াত দৰা হৈ হাতীত উঠি যোৱাৰ আৰু কইনাক গৰু-গাড়ীৰে আদৰি অনাৰ বৰ মন আছিল৷ তেতিয়ালৈ হাতীত উঠি পোৱা নাছিলো। গতিকে হাতীৰ পিঠিৰ পৰা পিছলিয়েই পৰো নেকি? এনে এটা ভাবেও মোক কম পীড়া দিয়া নাছিল৷ বিয়াগোম বপুৰাৰ তেনে ক্ষেত্ৰত যে হাত-ভৰি ভাঙি ভাল আলৈ-আথানি হ’ব সেই ক্ষেত্ৰত পুৰামাত্ৰাই নিশ্চয়তা আছিল৷ নিজৰ সেইখনেই প্ৰথম বিয়া আছিল আৰু সেইবাবেই চেলেং-চুৰিয়া পিন্ধাৰো তেনে অভিজ্ঞতা নাছিল আৰু এই চুৰিয়াৰ তলত বগা কাপোৰেৰে চিলোৱা আহল-বহল অন্দৰ মহলৰ সেই যে বিশেষ বস্ত্ৰ, সেই ফেৰাও সচৰাচৰ আমি

Read more

আত্মধোৱন – যাজ্ঞ বল্ক্য

এইটো বেছি পুৰণি ঘটনা নহয়। এইবছৰৰে ফেব্ৰুৱাৰী-মার্চ মানত ঘটা। সেইকেইদিনত ব্যক্তিগত কাম এটাৰ কাৰণে ডিষ্ট্রিক্ট লাইব্রেৰীলৈ গৈ থাকিব লগা হৈছিল। মই থকা ঠাইৰ পৰা লাইব্রেৰী পাবলৈ ডেৰঘণ্টামান লাগে। গতিকে ৯.৩০ মানত ওলালে লাইব্রেৰী খুলিবৰ সময়ত পাওঁগৈ। ইমান ৰাতিপুৱাই ভাত খোৱাৰ অভ্যাস নাই গতিকে প্রায়ে নোখোৱাকৈ যাওঁ। দুপৰীয়াৰ ভাতসাঁজ প্রেছক্লাৱৰ ভিতৰত কার্ত্তিক দাৰ কেণ্টিনত খাওঁ । নজনা মানুহৰ কাৰণে কৈ থওঁ প্রেছক্লাৱৰ ভিতৰত কেণ্টিন এখন আছে য’ত এশ টকাত ছাগলী মাংসৰে এসাজ দবাই আহিব পাৰি। অকল মাংস এবাতি আৰু ভাত এথালি

Read more

চিলি মাছাজ – মনালি গগৈ

-“মনা, কি মাছাজ কৰালা?” ইলোৰা বায়ে সুধিলে৷ -“চিলি মাছাজ কৰালো বা৷” মোৰ উত্তৰৰ একো আগ-গুৰি ধৰিব নোৱাৰাৰ ফলত তেওঁৰ মুখত প্ৰশ্নবোধক এটা জিলিকি উঠিল৷ বজাৰত সৌন্দৰ্য্য-চৰ্চাৰ নতুন কিটিপ অহা বুলি ভাবিও অলপ উৎকণ্ঠা হ’ল চাগে তেওঁৰ৷ -“উৱা, এইটো আক’ কি মাছাজ? নতুনকৈ আহিছে নেকি?” -“যিটো মাছাজ কৰোৱাৰ পাছত মুখখন মিহি আৰু ধুনীয়া হোৱাৰ সলনি পোৰণিত থাকিব নোৱাৰা হয়, সেইটো মাছাজেই চিলি মাছাজ বা৷” ইলোৰা বায়ে ছাছপেন্স বৰ এটা ভাল নাপায়, গতিকে ঘটনাৰ পূৰ্ণ বিৱৰণ দিবলগীয়াত পৰিল৷ ঘটনাটো এনেকুৱা ধৰণৰ… গৰম

Read more

আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভাল – বিকাশ শইকীয়া

শুক্ৰবাৰৰ সন্ধ্যা। দিনটো অফিচত কাম কৰি আহি আছো। এটাই সান্ত্বনা শনি আৰু দেওবাৰ বন্ধ। গতিকে ৰাতিৰ ভাত মুঠি গধুৰ ভাৱে গ্ৰহণ কৰি, শনিবাৰৰ বেলি দুপৰলৈকে বিছনাখনত ম’হে ঘোলি মৰা দৰে ঘোলি লোৱাহে কথা। ভাত মুঠি গধূৰকৈ লোৱা হ’ব যেতিয়া মাছ বা মাংস অকণ হ’লে ভাল। যিহে গৰম পৰিছে মাংস নোৱাৰি দেই। মাছৰ বজাৰলৈকে সোমালো। গোটা ৰৌ মাছৰ ডেৰশ টকা কেজি। একেখিনি মাছকে কাটি দিলে দুশ টকা। ৰুমত থকা চুৰি খনে পিয়াঁজকে নাকাটে সহজে। মাছ কেনেকৈ কাটিম। এশ টকা দি কটা

Read more

খন্তেকীয়া বৰলা – অভিজিত মেধি

খাই ভালপোৱা মানুহ, সেইবুলি এই পুৱাই পুৱাই কৰ্নফ্লেক্স,ওটছ্ জাতীয় বস্তু খাব নোৱাৰি আৰু দেই, তাকো এই ১১.৩০ বজাত! শ্ৰীমতী ঘৰত নাই, কিছুদিন আগেয়ে মাকৰ ঘৰত থকাকৈ গ’ল। বিবাহিত মানুহৰ জীৱনত অফিচ বন্ধ দিনত বৰলা সুখ পপীয়া তৰাৰ দৰে অকস্মাতেহে দেখা দিয়ে। এইকণ সময় সম্পূৰ্ণ আপোনমনে উপভোগ কৰিব লাগিব, যিহেতু আজি ময়ে উঠি ৰজা বহি ৰজা। এইবুলি ফ্ৰীজটো খুলি চালোঁ, মোৰ অনুমান সঠিক আছিল। কালি গধূলিৰে পৰা বিচাৰি নোপোৱা গাড়ীৰ চাবিপাত ফ্ৰীজটোৰ ভিতৰতেই আছে। এনেকুৱা কাণ্ডবোৰৰ বাবে প্ৰায়ে মানুহজনীৰ পৰা গালি

Read more

মানে আকৌ লাজ পালোঁ – ডাঃ কুমাৰ পাৰ্থ প্ৰতিম

মানে বুজিছেনে? মোৰ এই নতুনকৈ ওফন্দি অহা পেটটোৱে মোৰ মান সন্মান সকলো পানী কৰিহে এৰিব আৰু ৷ আজি ৰাতিপুৱাৰ কথা ৷ অফিচলৈ বুলি ওলাই বাৰাণ্ডা পাওতেই দেখিলোঁ যে দেউতাই আৰামী চকীখনত হাত-ভৰি মেলি বহি খবৰ কাগজ পঢ়াত ব্যস্ত ৷ জোণ্টি আৰু আইমনিয়ে গা ধুই আহি মেলা চুলিৰেই তিতা কাপোৰবোৰ চোতালৰ ৰছীডালত শুকাবলৈ বুলি মেলি আছে ৷ ৰান্ধনিঘৰৰপৰা বাচন বৰ্তনৰ খুটুং খাটাং শব্দ, অৰ্থাৎ মা পাকঘৰত আছে ৷ মস্তি ৷ মনটো অলপমান ৰোমাণ্টিক হৈ পৰিল ৷ আজিয়েই অলপ সুযোগ পাইছোঁ ৷

Read more

চৰ্টকাট – মল্লিকা শৰ্মা বৰদলৈ

আধাঘণ্টা হ’ল বাছলৈ ৰৈ থকা ৷ আনদিনা এইখিনি সময়ত বাছখন আহেই, আজিহে দৰকাৰ কাৰণে সময়ত নাই ৷ গৰমৰ বন্ধত পেহীৰ ঘৰলৈ ফুৰিবলৈ আহিছিলো ৷ মাহঁতক এৰি থকাকৈ যাবলৈ বৰ মন নাছিল, পিছে বাজাজ চুপাৰত উঠি ফুৰিবলৈ যোৱাৰ লোভ ৷ ঘৰতে চুক্তি কৰি লৈছিলো, দুদিন পিছত মোক আকৌ থৈ নগ’লে কথা বেয়া হ’ব ৷ প্ৰথম দিনটো পেহীৰ ল’ৰা দুটাৰ লগত অলপ খেলি ইটো সিটো কৰি পাৰ হ’ল যেনিবা ৷ দ্বিতীয় দিনাৰ পৰা পেহীৰ ল’ৰাহঁত মোৰ লগত অলপ বেছিয়ে ফ্ৰী হ’ল ৷

Read more
1 11 12 13 14 15