ফটাঢোল

ডেনী ছাৰ – মানবেন্দ্ৰ কুমাৰ শৰ্মা

অদ্ভুত আৰু আচহুৱা স্বভাৱৰো কিছু মানুহ থাকে৷ নিজৰ প্ৰয়োজনতহে তেওঁলোকে চকু মেলি চায় আৰু প্ৰয়োজন পূৰ হোৱাৰ পিছত কেঁৰাহিকৈ চালেও নিজস্বত্ব লোপ পোৱা যেন পায়৷ আমাৰ চিনাকি তেনে এটা চৰিত্ৰ আছিল ’ডেনী’ ছাৰৰ৷ হিন্দী চিনেমাৰ ’ভিলেইন’ ডেনীৰ নামৰ লগত সামঞ্জস্য ৰাখি দিয়া নামটোৱে তেখেতৰ চৰিত্ৰৰ কিছু আভাস নিশ্চয়কৈ দিয়ে৷ তেখেতে নিজৰ চৌপাশে এটা অভেদ্য বেষ্টনী গঢ়ি লৈ হে আগবাঢ়িছিল৷ এই বেষ্টনীৰ পৰিমণ্ডল তেখেতেও কোনোদিনে ভেদ কৰি নাপালে, আৰু আনকো তাৰ ওচৰ চপাৰ সুযোগ কোনোকালে নিদিলে৷ পুৰোহিতৰ মন্ত্ৰোচ্ছাৰণৰ দৰে শ্ৰেণী কোঠাত

Read more

ভিনিহি পুৰাণ – বন্দিতা গগৈ বৰা

আজি এজন সমন্ধীয় ভিনিহিৰ বিষয়ে কবলৈ লৈছো।সদাহাস্যমুখ এই ভিনদেউজন বিয়াৰ আগৰেপৰা অৰুণাচলত চাকৰি কৰিছিল।ভিনিহিৰ বাইদেউৰ লগত বহুদিনীয়া প্ৰেম। কলেজত পঢ়িথকা দিনৰপৰাই প্ৰেম দুয়োৰে।যাহওঁক সময়ত দুয়োঘৰৰ সন্মতিত বিয়াঠিক হ’ল।বিয়ালৈ আৰু এমাহ আছে এনেতে অৰণাচলতে ,ভিনিহি থকা ঠাইৰপৰা বেলেগ এখন ঠাইতথকা বাইদেউৰ খুৰাক খুৰীয়েক ভিনদেউক লগ কৰিবলৈ তেওঁৰ ঘৰলৈ যোৱাটো ঠিক কৰিলে।বোলে হ’ব লগীয়া জোৱাঁইক এবাৰ ওচৰৰ পৰা চাই লওঁ।সেইদিনত মোবাইল নাছিল।আৰু লেণ্ডফোনৰ ব্যৱস্থাও তথৈবৈছ আছিল,ফলস্বৰূপে খুৰাক-খুৰীয়েক যাবলৈ মন কৰা কথাটো আগতীয়াকৈ জনাব পৰা হোৱাগৈ নহ’ল।দিনটো আছিল দেওবাৰ।বৰলা ভিনিহি কোৱাৰ্টাৰত এজন সহায়কাৰী

Read more

ঘোষিকা – বৰ্ণালী ফুকন

মই তেতিয়া নৱম মান শ্ৰেণীৰ ছাত্ৰী৷ ছাত্ৰী একতা সভাৰ মিটিং চলি আছে, লগৰ কেইজনীৰ সৈতে চানা চোবাই শেষৰ ফালৰ বেঞ্চ এখনত বহি আছো৷ হঠাৎ কথা নাই বতৰা নাই মঞ্চত ঘোষণা কৰিলে -এতিয়া পৰৱৰ্তি কাৰ্যসূচী আগুৱাই নিবলৈ শ্ৰীমতি বৰ্ণালী ফুকণক অনুৰোধ কৰিলো৷ অপ্ৰত্যাশিত ভাবে নিজৰ নামটো শুনি ইফালে সিফালে চাই ভুল শুনিলো বুলি চানা দুটমান মুখত ভৰাই চোবাবলৈ ধৰোতেই পোনৰ ঘোষণা কৰিলে -পৰৱৰ্তি কাৰ্যসূচী আগবঢ়াই নিবলৈ শ্ৰী বৰ্ণালী ফুকণক অনুৰোধ কৰিলো৷ এইবাৰ বুজি উঠিলো ইয়াৰ পৰা সাৰি যোৱাৰ কোনো উপায় নাই৷

Read more

পূজাৰ বোনাছ – সোণটো ৰনজন বৰুৱা

“হে’ৰা, আজি ১২তাৰিখ হ’লহি, বোনাছৰ টকা দিবানে? “ পুৱাই মাতাৰ হুঁ‌টা মাত শুনি বাবাৰ নিচা ফাটো ফাটো হ’ল৷ কাষতে ভাং কুটি থকা নন্দী কোন তলকত নাইকিয়া হ’ল এজনেও ধৰিব নোৱাৰিলে৷ নিচাত তললৈ দোঁ‌ খোৱা মূৰটো যেনেতেনে ওপৰলৈ তুলি বাবাই প্ৰশ্ন কৰিলে, …“ বোনাছ? হুৱাট ইজ ইট? কাক দিব লাগে? কিয় দিব লাগে? “ দাঁত মুখ কৰচি মাতাই ভোৰভোৰালে…… “দিনে নিশাই এইগাল টানি টানি সংসাৰ পাহৰি গ’ল, কাক, কি, কেতিয়া দিব লাগে মনত চব মই ৰাখিব লাগিব নেকি? এই যে তোমাৰ

Read more

বিয়াৰ লাড্ডু – অসমী গগৈ

বিয়া বুলি ক’লেই “মন মে লাডু ফুটা“ৰ বয়স৷ ইতিমধ্যে কেইবাজনেও চাহজলপান খাই কেইবাখনো ফুলাম গামোচা নিলেই৷ সপোনত কেইবাবাৰো হনীমুনো কৰি আহিলো৷ বিয়া সকামলৈ সাজি কাচি যাওঁতে যাওঁতে কেইবাযোৰো চেণ্ডেলৰ গতি লাগিল৷ সপোনটোৰহে গতি নলগা হ’ল৷ ঘৰলৈ মানুহ-দুনুহ আহিলে, কৰবাত কাৰোবাক লগ পালে মোলৈ দৰা বিচাৰিবলৈ কোৱাটো ঘৰৰ সকলোৰে এটা নিয়মৰ দৰে হ’লগৈ৷ মুঠৰ ওপৰত পিঠিত “ফৰ চেল“ লগাই ঘূৰিবলৈহে বাকী৷ বহুত দিনৰ মূৰত সিদিনা পেহীৰ ল’ৰাটো আহি ওলালহি৷ পেহাই চাহবাগানত কাম কৰে৷ হাতত লৈ অহা চাহপাতৰ টোপোলাটোৱে আমাক আটাইতকৈ সুখী

Read more

কপাল – প্ৰতিভূ দত্ত

ডেকা ল’ৰা তেতিয়া ইঞ্জিনিয়াৰিঙৰ ফাইনেল ইয়েৰৰ ছাত্ৰ। এদিন দুপৰীয়া চুচুক চামাককৈ সুবৃহৎ লনখন পাৰ হৈ প্ৰকাণ্ড বঙলাটোৰ পৰ্টিকত উপস্থিত হ’ল। হাভানা ছীগাৰ হুপি, লণ্ডনৰ হেৰডছৰ পৰা কিনি অনা হাউচ কোট পিন্ধি থকা মিষ্টাৰ চলিহাই নিজৰ সোনালী ফ্ৰেমৰ চচমাজোৰ ঠিক কৰি লৈ ডেকা ল’ৰাক ভালকৈ তলৰ পৰা ওপৰলৈ কেইবাবাৰো চাই বেছ নাটকীয় ভংগীত সুধিলে, -“কি লাগে ?” মিষ্টাৰ চলিহা যে চাহ বাগানৰ মালিক আপোনালোকে বোধহয় অনুমান কৰিব পাৰিছে। -“মানে মই আৰু মনালিছা একে…” ডেকা ল’ৰাৰ কথাত আধাতে বাধা দি মিষ্টাৰ চলিহা

Read more

টাটু – পৰী পাৰবীন

আচলতে মানুহজনক লৈ ভিতৰি ভিতৰি গৰ্ব এটাও নোহোৱা নহয়। ঘৰতে এটা ব্যায়ামগাৰ। পুৱা গধূলি পূৰ্বজন্মৰ পাপৰ ফল ভূগি থকাৰ দৰে এক কুইন্টল ভাৰ উত্তোলন কৰি কৰি পেশীবহুল কৰি লোৱাই নহয়, উজ্জ্বল ৰঙৰ চৰ্ট টি-চাৰ্ট পিন্ধি ফিচফাচকৈ পাৰফিউমৰ বটলটো আধা কৰি বুকু ফিন্দাই অফিচলৈ গতি কৰাৰ লগে লগেই বুকুখন দুৰু দুৰুকৈ কঁপে (বোৰ্খা চিষ্টেমটো পুৰুষৰ বাবেও হ’ব লাগে বুলি আন্দোলন এটা কৰাৰহে কথা) ল’ৰাও দেউতাকৰ ফুটত। সৰুটোৱে টাটু অলপ গোটাই এদিন ‘চিক্স পেক এবচ’ৰ দেউতাকক ক’লে, -“পাপা, টাটুটো হাতত লগাই লোৱা।

Read more

ডুখৰীয়া স্মৃতি – মানৱেন্দ্ৰ কুমাৰ শৰ্মা

মোৰ বিয়াত দৰা হৈ হাতীত উঠি যোৱাৰ আৰু কইনাক গৰু-গাড়ীৰে আদৰি অনাৰ বৰ মন আছিল৷ তেতিয়ালৈ হাতীত উঠি পোৱা নাছিলো। গতিকে হাতীৰ পিঠিৰ পৰা পিছলিয়েই পৰো নেকি? এনে এটা ভাবেও মোক কম পীড়া দিয়া নাছিল৷ বিয়াগোম বপুৰাৰ তেনে ক্ষেত্ৰত যে হাত-ভৰি ভাঙি ভাল আলৈ-আথানি হ’ব সেই ক্ষেত্ৰত পুৰামাত্ৰাই নিশ্চয়তা আছিল৷ নিজৰ সেইখনেই প্ৰথম বিয়া আছিল আৰু সেইবাবেই চেলেং-চুৰিয়া পিন্ধাৰো তেনে অভিজ্ঞতা নাছিল আৰু এই চুৰিয়াৰ তলত বগা কাপোৰেৰে চিলোৱা আহল-বহল অন্দৰ মহলৰ সেই যে বিশেষ বস্ত্ৰ, সেই ফেৰাও সচৰাচৰ আমি

Read more

আত্মধোৱন – যাজ্ঞ বল্ক্য

এইটো বেছি পুৰণি ঘটনা নহয়। এইবছৰৰে ফেব্ৰুৱাৰী-মার্চ মানত ঘটা। সেইকেইদিনত ব্যক্তিগত কাম এটাৰ কাৰণে ডিষ্ট্রিক্ট লাইব্রেৰীলৈ গৈ থাকিব লগা হৈছিল। মই থকা ঠাইৰ পৰা লাইব্রেৰী পাবলৈ ডেৰঘণ্টামান লাগে। গতিকে ৯.৩০ মানত ওলালে লাইব্রেৰী খুলিবৰ সময়ত পাওঁগৈ। ইমান ৰাতিপুৱাই ভাত খোৱাৰ অভ্যাস নাই গতিকে প্রায়ে নোখোৱাকৈ যাওঁ। দুপৰীয়াৰ ভাতসাঁজ প্রেছক্লাৱৰ ভিতৰত কার্ত্তিক দাৰ কেণ্টিনত খাওঁ । নজনা মানুহৰ কাৰণে কৈ থওঁ প্রেছক্লাৱৰ ভিতৰত কেণ্টিন এখন আছে য’ত এশ টকাত ছাগলী মাংসৰে এসাজ দবাই আহিব পাৰি। অকল মাংস এবাতি আৰু ভাত এথালি

Read more

চিলি মাছাজ – মনালি গগৈ

-“মনা, কি মাছাজ কৰালা?” ইলোৰা বায়ে সুধিলে৷ -“চিলি মাছাজ কৰালো বা৷” মোৰ উত্তৰৰ একো আগ-গুৰি ধৰিব নোৱাৰাৰ ফলত তেওঁৰ মুখত প্ৰশ্নবোধক এটা জিলিকি উঠিল৷ বজাৰত সৌন্দৰ্য্য-চৰ্চাৰ নতুন কিটিপ অহা বুলি ভাবিও অলপ উৎকণ্ঠা হ’ল চাগে তেওঁৰ৷ -“উৱা, এইটো আক’ কি মাছাজ? নতুনকৈ আহিছে নেকি?” -“যিটো মাছাজ কৰোৱাৰ পাছত মুখখন মিহি আৰু ধুনীয়া হোৱাৰ সলনি পোৰণিত থাকিব নোৱাৰা হয়, সেইটো মাছাজেই চিলি মাছাজ বা৷” ইলোৰা বায়ে ছাছপেন্স বৰ এটা ভাল নাপায়, গতিকে ঘটনাৰ পূৰ্ণ বিৱৰণ দিবলগীয়াত পৰিল৷ ঘটনাটো এনেকুৱা ধৰণৰ… গৰম

Read more
1 13 14 15 16 17