ফটাঢোল

বাখৰ আৰু লিলিপেহী – মানসী বৰা

বাপেকৰ চুলি পকি যোৱাকৈ দুই-তিনিবছৰমান কুটুৰি কুটুৰি বাখৰে বাইক এখন সৰকালে৷ স্পর্টচ বাইক৷ পিছফালটো সাইলাখ উটৰ দৰে,ওখ৷ মানুহে সুধিলে সি কয়-“পঞ্চাছ-ষাঠিমানত চলোৱা বাইকেই নহয় সেইখন৷ কম বেগত চলালে কঁপে৷ সেয়ে এশত চলাবই লাগে৷” তীব্র শব্দ কৰিবলৈ সেইখনতে সি একষ্ট্রা চাইলেন্সাৰো লগাই ল’লে৷ যাতে সেইখনৰে অলপ ষ্টাইলো দিব পাৰে ৷ বিকট শব্দৰে বাইকখনৰ বেগ তীব্র হৈ উঠে। সেইটো বেগত তাৰ পিছত কোনো বহিবলৈ সাহ নকৰে ৷ এক কিলোমিটাৰ আঁতৰৰ পৰা শুনা ভট-ভটনিতেই জনা যায় যে সেইখন বাখৰৰ বাইক৷ তিনিআলিটোৰ পৰা বাখৰহঁতৰ

Read more

কমলা পছন্দৰ ৰস – ৰক্তাভ কুমাৰ

“ঐ মইনুল ফক্স, এখন হাতৰ খুচুৰা হ’বনে?”-পাঁচশ টকীয়াখন আগবঢ়াই গলিটোৰ মূৰতে থকা দোকানখনত ৰজনীগন্ধা কিনিবলৈ সোমালোঁ। “দাদা, মোৰ নামটা তোহ মইনুল হক হে,তুমি কি আৰু ফক্স লগাই মাতা! বিবিয়ে শুনিলে তেনেকেএ মাতা কৰবো মোক!”-এইবুলি হাঁহি হাঁহি কথাষাৰ কৈ মই আগবঢ়োৱা নোটখন আচল নে নকল-সেইয়া সি নিজে আৱিষ্কাৰ কৰা ষ্টাইলটোত চাবলৈ ধৰিলে। “ভাই,সৰুতে কবি হ’বলৈ খুউব মন আছিলে৷ নোৱাৰিলোঁ যেতিয়া মানুহৰ নামৰ উপাধিৰ লগত জীৱ-জন্তুৰ নাম ছন্দ মিলাই মাতি নিজকে কবি-কবি ফিল কৰাওঁ। বাই দা ৱে, শিয়াল মোৰ প্ৰিয় জন্তু!” এইবুলি

Read more

কিড্‌নেপ – তৃপ্তি বৰা

সৰুতে মই খুব দুষ্ট আছিলোঁ ৷ য’লৈকে মন যায় গুচি যাওঁ,যি মন যায় কৰোঁ৷ লগত এজাক সৈন্য-সামন্ত৷ মই সকলোৰে দলপতি৷ বাহিৰত দলপতি হৈ থাকি মনৰ ইচ্ছামতে যিহকে পায় তাকে কৰি ঘৰত আহি লাগিলে দেউতাৰ পিটনেই খাম,তথাপিও আপত্তি নাই৷ পিটিব হে আৰু..তাতেনো কি হ’ল ৷ সেইবুলি ভাললগা কামটো নকৰিম নেকি? আইতাৰ ভাষাত মই আছিলো “বাঘৰ আগতেল খাইতী”৷ এতিয়া আহিছোঁ মূল ঘটনালৈ৷ ১৯৯৮ চনৰ জানুৱাৰী মাহৰ কোনোবা এটা কালিকা লগা শনিবাৰৰ কথা৷ মই তেতিয়া পঞ্চম শ্ৰেণীৰ ছাত্ৰী৷ গাঁৱৰ স্কুলৰ পৰা নতুনকৈ চহৰৰ

Read more

ভেদেলতা পুৰাণ – চিকু শৰ্মা

আগষ্ট মাহ ৷ বাৰটো আছিল শুক্ৰবাৰ । মই তেতিয়া নৱম শ্ৰেণীত । শুক্ৰবাৰে তৃতীয় পিৰিয়দৰ পিছতে  এঘণ্টা জিৰণি দিয়ে। মোৰ ঘৰটো বিদ্যালয়ৰ ওচৰতে, সেইকাৰণে মই জিৰণিৰ সময়ত ঘৰলৈকে আহি কিবা অলপ খাই যাওঁ। সেইদিনাও খাবলৈ ঘৰলৈ আহিলোঁ। মোৰ লগৰ দুজনীমান ছোৱালীয়ে তামোল খাই বহুত ভাল পায়। সেইকাৰণে সিহঁতৰ কাৰণে দুখনমান তামোলো লৈ ল’লোঁ৷ লগতে ময়ো মুখত এখন ভৰাই ল’লোঁ৷ মই চিধাই আমাৰ শ্ৰেণীকোঠাৰ ভিতৰলৈ গ’লোঁ আৰু সিহঁতকেইজনীক তামোল এখন-এখন খাবলৈ দিলোঁ৷ তাৰপিছত সিহঁতৰ লগত বিয়নি-মেলত বহি গ’লোঁ। জিৰণি শেষ হ’বলৈ

Read more

ফেভিকল বনাম ফেভিকুইক – বিতুপৰ্ণা কাশ্যপ

আজিৰ পৰা চাগে প্ৰায় ১২/১৩ বছৰৰ আগৰ কথা । সেইসময়ত হাতৰ তলুৱাত ফেভিকল লগোৱাটো মোৰ বাবে এটা প্ৰিয় কাম হৈ আছিল৷ সেইদিনা ঘৰত গ্ৰহপূজা আছিল । পূজাভাগো বাৰু মোৰ বাবেই পাতিছিল । আলহী-অতিথিৰে ভৰি পৰিছিল ঘৰখন । কাষৰে খুৰা এজনৰ ছোৱালীজনীও আহিছিল । মই বৰ আলহ-উদহকৈ তাইক মোৰ ৰূমলৈ মাতি আনিলোঁ । তাইক ক’লোঁ-“ঐ,এটা মেজিক চাবা নেকি?” তাইও ধুনীয়াকৈ হয়ভৰ দি ক’লে-“উম চাম৷” মই গৈ মনে মনে দেউতাৰ টেবুলখনৰ পৰা ফেভিকলটো বিচাৰি নোপোৱাত ফেভিকুইকটোৱেই লৈ আহিলোঁ । তাইক ক’লোঁ-“তুমি চকু

Read more

মোৰ অংকৰ ফৰ্মূলা আৰু টিউচনৰ ছাৰ – হেমা সন্দিকৈ বৰগোঁহাই

স্কুলত থাকোঁতে অংক একেবাৰে নোৱাৰিছিলোঁ৷ সেইবাবে দুখজনক নম্বৰো পাইছিলোঁ৷ স্কুলতে হওক,ঘৰতে হওক অংকৰ ছাৰ কেইজনক চকুপাৰি দেখিব নোৱাৰিছিলোঁ৷ স্কুলতেই অংক কৰি মোৰ মূৰ বিষায়;তাতে মা-দেউতাহঁতে ঘৰতো অংকৰ ছাৰ এজনক নিয়োগ কৰিলে,এই বিষয়ত মোক পণ্ডিত বনাবলৈ৷ তেখেত দেউতাৰ বাল্যবন্ধু আৰু আবিয়ৈ৷ অলপ জমনিও৷ দেউতাই বন্ধুৰ পিঠিত ঢকিয়াই ক’লে-“দোস্ত,মোৰ ছোৱালীয়ে মেট্ৰিকৰ দেওনাতো পাৰ কৰিব পৰাকৈ অংকত বনাই দে৷” বন্ধুৱেও ক’লে-“হ’ব৷ তই চিন্তা নকৰিবি৷ এই পাৰিব মই পঢ়ালে৷” সিপিনে মোৰ অৱস্থা কাহিল হোৱাৰ উপক্ৰম হ’ল৷ অংক কৰোঁতে কৰোঁতে বমি কৰোঁ যেন লাগি যায়৷

Read more

সূত্ৰপাত – বিকাশ শইকীয়া

আমি সকলোৱে জানোঁ,আমাৰ নগেন এজন জাতীয়তাবাদী নেতা। তেওঁ কোনো মতে মেট্ৰিকটো পাছ কৰি আৰু আগবাঢ়িব নোৱাৰিলে। গাওঁ-অঞ্চলৰ বিয়া সকামত মনোনিৱেশ কৰি এজন সুদক্ষ ‘বিয়া-সকাম খোৱা যুৱক’ হিচাপে বহু আগতেই খ্যাতি অৰ্জন কৰি থৈছে। বিয়া-সকাম খোৱাৰ যদি কিবা বঁটা এটা থাকিলহেঁতেন!অৱশ্যে জাতীয়তাবাদ তেওঁ কৰিহে আছে। এতিয়াও নেতা হ’ব পৰা নাই। চৰকাৰে মাজুলী ৰক্ষা কৰিবলৈ চেষ্টা কৰি থকাৰ দৰে নগেনেও নেতা হ’বলৈ চেষ্টা কৰি আছে। হ’ব নে নহ’ব-সেইয়া সময়হে ক’ব৷ সুৰা-বহিষ্কাৰৰ বাবে মাত মাতি সমাজ-সচেতন লোক হিচাপেও নগেন চিহ্নিত হৈছে৷ সকলোৱে ভাল

Read more

কলকাতাত লটিঘটি – প্ৰাঞ্জল বল্লভ গোস্বামী

বোধহয় ১৯৯৮ চন। জীৱনত প্ৰথমবাৰৰ বাবে কলকাতালৈ গৈছিলোঁ। ইতিমধ্যে চাকৰি আৰম্ভ হৈছে।মই হিন্দী আৰু ইংৰাজী অলপ-অচৰপ ক’ব পাৰিছিলোঁ যদিও বাংলা আগতে একেবাৰে নাজনিছিলোঁ। কিন্তু ১৯৯৩ চন মানৰপৰা চখতে বাংলা ক’বলৈ আৰু পঢ়িবলৈ অভ্যাস কৰিছিলোঁ। সেয়ে য’তে সুবিধা পাওঁ বাংলা কোৱা আৰম্ভ কৰিছিলোঁ। এনেকৈ কওঁতে মোৰ সকলো চিনাকী মানুহে বাংলা ক’ব পাৰিছোঁ বুলি শলাগিবলৈ ধৰাত অচিনাকি মানুহৰ আগতো বাংলা ক’বলৈ আৰম্ভ কৰিছিলোঁ । প্ৰায়ে কথা পতাৰ পিছত মই বাংলা ঠিকেই ক’ব পাৰিছোঁনে নাই -সোধাটো অভ্যাসত পৰিণত হৈছিল। সকলোৱে মোক বাংলা ক’ব

Read more

পয়মাল – মৌচুমী গগৈ

১) আজি মালা মালিকনী বাইদেউ আৰু তেওঁৰ লগৰ দুগৰাকীৰে সৈতে নতুনকৈ অহা চিনেমাখন চাবলৈ যাব। তাই আজিলৈকে চিনেমা হল ওচৰৰপৰা দেখাই নাই, চিনেমা চোৱাতো দূৰৰে কথা। যথাসময়ত মালাহঁত গৈ চিনেমাহলত উপস্থিত হ’লগৈ। বাইদেউহঁতে বাহিৰৰ দীঘলীয়া শাৰীত থিয় হৈ টিকট কাটি, খাবলৈ কিবাকিবি অলপ কিনি লৈ নিৰ্দিষ্ট আসনত বহিলগৈ। মালাই চিনেমাহলৰ ভিতৰত সোমাই ইফালে সিফালে চাই ততেই পোৱা নাই। চিনেমা আৰম্ভ হোৱাৰ আগমূহূৰ্তত জাতীয় সংগীতটো বাজি উঠিল। উপস্থিত সকলো নিজৰ নিজৰ ছীটৰপৰা উঠি থিয় হ’ল। একো বুজিব নোৱাৰিলে যদিও মালাইও সকলোৰে

Read more

কঁঠাল পুৰাণ – পিংকী বৰুৱা

কিছুমান স্মৃতি মনলৈ আহিলে কেতিয়াবা অকলে অকলে হাঁহো৷ বহু বছৰ আগৰ কথা৷ দেউতা চাকৰি সূত্ৰে বেলেগ ঠাইত আছিল৷ তেওঁ চহৰৰ দাঁতি কাষৰীয়া অঞ্চল এটাত নতুনকৈ মাটি কিনি ঘৰ বন্ধাই আমাক ৰাখিছিল৷ আমাক মানে মা, মই, ভাইটি৷ মানুহ দুনুহ ঠাইখনত কম আছিল৷ তাত অ’ৰ ত’ৰপৰা অহা মানুহে দুই এটা ঘৰ বান্ধি আছিলহি৷ মই তেতিয়া ক্লাছ চেভেনত পঢ়িছিলো৷ মোৰ ভাইটি ক্লাছ ফাইভত৷ আমি দুটা বৰ অঘাইটং আছিলো৷ আমাৰে ৰসাল কাহিনী এটা ক’বলৈ ওলাইছো৷ জেঠ মাহ আছিল তেতিয়া৷ এদিন ভাইটি আৰু মোৰ বৰকৈ

Read more
1 2 3 4 5 11