ফটাঢোল

পাৰিবনে ? — ঈশান জ্যোতি বৰা

মৰমৰ দাদা,
পোনপ্ৰথমেই ৰঙালী বিহুৰ আদৰ-সাদৰ, সেৱা আৰু নমস্কাৰ জনালোঁ। আপুনি জানিবলৈ পাই সুখী হ’ব যে বিহুত লুচি, পিঠা, মটৰৰ সব্জিকে ধৰি আন বিহুজাতীয় খাদ্যবোৰ সৃষ্টি কৰিবলৈ দুই লিটাৰ খাঁটি সৰিয়হৰ তেল ইতিমধ্যেই আপোনাৰ জালুকবাৰীৰ ঠিকনাত পঠিয়াই দিছোঁ। খাই কেনে পালে, জনাবচোন।
আচলতে দাদা, বেলেগ কথা এটা জানিবলৈহে মই এই ই-চিঠিখন লেখাৰ ভীষণ তাড়না অনুভৱ কৰিলোঁ৷ তাকে কওঁ।
আমি সৰুতে টিভিত ঔঁম নমঃ শিৱায় চাইছিলোঁ৷ তাতেই প্ৰথমবাৰৰ বাবে শিৱৰ তাণ্ডৱ নৃত্য চোৱাৰ সৌভাগ্যকণ হৈছিল৷ বাপৰে! কি যে এক অদ্ভুত অনুভূতি! বুজাব নোৱাৰিম দাদা। বুজাব নোৱাৰিম। শিৱৰ তাণ্ডৱৰ পিছত দেৱলোকত ৰম্ভা, মেনকা আদি অপেশ্বৰীসকলৰ নৃত্য উপভোগ কৰিলোঁ৷ বৰ ৰস পালোঁ দিয়ক। তাৰ কিছুদিন পিছত আমি মোহিনীৰূপী বিষ্ণুৰ মোহনীয় নৃত্য চাই মোটামুটি পগলা হ’লোঁ। ভাগ্য ভাল, চানি দেউল, সঞ্জয় দত্ত আৰু অজয় দেৱগনৰ চিনেমা দুখনমান সেইখিনি সময়তে ৰিলিজ হ’ল। পগলা হোৱাৰ পৰা যেনেতেনে বাচিলোঁ। তাৰপিছত ‘ৰাজা’, ‘তেজাব’ত মাধুৰীক দেখিলোঁ। সিপিনে ঋষি কাপুৰৰ লগত মীনাক্ষী শেসাদ্ৰীক দেখিলোঁ। মনটো নিৰ্মল প্ৰশান্তিৰে ভৰি পৰিল দাদা। কিন্তু তাৰপিছত?  নাই, নাই, নাই-একেবাৰে..নায়েই৷ কেউদিশে শূন্যতা। গোটাচেৰেক দীঘল হুমুনিয়াহ৷ তেনেকৈয়ে কেইটামান নৃত্যবিহীন দশক পাৰ হৈ গ’ল। শেষত যেনিবা বহুদিনৰ মূৰত ‘গানে কি আনে’ত জুবিন ভাইটিৰ ভূবন ভুলোৱা নৃত্য চালোঁ। কিছু চিন্তা আৰু কিছু কৌতূহলৰ খোৰাক পালোঁ৷ ল’ৰাটো মিহি৷ নাচিলে বৰ ভাল লাগে৷
কিন্তু দাদা, আমাৰ অসমীয়াত যে এষাৰ কথা আছে; বোলেঃ ওস্তাদৰ খেল শেষ ৰাতি৷ একজেকলি তেনেকুৱা এখন খেলেই সৌসিদিনাখন দেখা পালোঁ৷ আৰু সেই ওস্তাদজন কোন আছিল জানেনে দাদা! হেঃহেঃহেঃ আপুনিয়েই।
সেইসময়ত মই ভানুক গোৱাল-গালি দুটামান পৰাৰ উদ্দেশে বৌদ্ধিক কছৰৎ চলাই আছিলোঁ। গালিবোৰ লিখি হৈছিলেই আৰু..। তেনেতে টিভিৰ পৰ্দাত নৃত্যৰত অৱস্থাত আপোনাক দেখা পালোঁ দাদা। আৰু দাদা মিছা কথা নকওঁ, মুহূৰ্ততে আপোনাৰ বিগ ফেন হৈ গ’লোঁ৷ উপস্থাপনত কোনো জড়তা নাই, নৃত্যশৈলীত কোনো কৃত্ৰিমতা নাই। অভিব্যক্তিত নাই তিলমানো জঠৰতা৷ একেবাৰে অনন্য, অনুপম আৰু যুগান্তকাৰী।
পিচে দাদা, আপোনাৰ নৃত্যৰ কোনটো দিশ মোৰ সৰ্বাধিক পচন্দ জানেনে! এই যে গীতটোৰ ক্লাইমেক্সত থকা ‘চৰকাৰ’টো বাজোঁতে আপুনি হাতখন কোঁচাই, ঠেংটো মেলি, অনবদ্য দ্ৰুতিৰে ওপৰলৈ জাঁপ এটা মাৰে-সেই বিশেষ অংশকণ৷ লাজৱাব দাদা, লাজৱাব। হেটছ অফ্!
পিচে দাদা, মোৰ আচল কথা সেইটোও নহয়। কওঁ শুনক৷ এইবাৰ মানে ৰঙালী বিহুত আমাৰ তেজপুৰতে, এই ধৰক আমাৰ অঞ্চলতে বিহু এভাগৰ আয়োজন কৰিছোঁ৷ পিচে ঘটনাটো হ’ল কি৷ আমাৰ মেইন বিহুৱতীৰ কঁকালৰ বিষ। আহিব নোৱাৰে। কিন্তু মোৰ মতে এইবোৰ সব ফাঁকি! গোপন সূত্ৰৰ পম খেদি আমি যি তথ্য পাইছোঁ, সেয়া শুনিতো মোৰ পেটতে হাত-ভৰি লুকাল৷ দাদা, তাই বোলে সেই গোঁহাই বোলাজনৰ শিষ্যা! হৰি হৰি! সিপিনে ফেচবুকৰ প্ৰফাইলতো লিখি থৈছে : “আই হেইট ফেছিজিম”। কি কাণ্ড ! আচলতে কি জানে দাদা, তাই এইবোৰ পোটক তুলিবলৈকে কৰিছে। মোৰ বোধেৰে তাইৰ এই চক্ৰান্তত গোঁহাইৰ শিবিৰটোৱেও হাত উজান দিছে। এতিয়ানো শেষ মুহূৰ্তত আমি ক’ৰপৰা বিহুৱতী আনিম কওকচোন দাদা।
এতিয়া মানুহবোৰে মোক হেঁচা মাৰি ধৰিলেহি। আহিয়েই কি ক’লে জানেনে : “ছাৰ, আপুনি কিবা এটা কৰক। আপোনাৰ লগত শৰ্মাছাৰৰ ইমান ভাল! তেওঁৰ যে ইমান হিডেন টেলেণ্ট আছে, আমিতো জনায়েই নাছিলোঁ। সিদিনাহে দেখিলোঁ। সেয়ে আমি ঠিৰাং কৰিছোঁ, এইবেলি আমাৰ বিহু-উৎসৱত তেঁৱেই বিহুৱা হৈ আহক। এইবাৰ আমাক বিহুৱতী নেলাগে। শৰ্মাছাৰক পালেই আমাৰ ৰাইজ বৰ উপকৃত হ’ব।”
দেখিলেনে দাদা, মোক কি ভেঁজালখনত পেলালে! এতিয়া ডিছিচনটো আপুনিয়েই লওক। আমাৰ জাতীয় গৌৰৱ বিহুৰ মৰ্যাদা আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিছে৷ আমাৰ অনুষ্ঠানটো বিশ তাৰিখে সন্ধ্যা আঠ বজাৰ পৰা আৰম্ভ হ’ব। দাদা, আপুনি বাৰু আহিব পাৰিবনে? জনাব৷
বি.দ্ৰ.: অনুষ্ঠানৰ আৰম্ভণিতে শিৱ-যজ্ঞ এভাগ পতা হ’ব। পূজাৰী হাৰিয়ানাৰ। নমামীলৈ যে আহিছিল, সেইজন।
ইতি,
আপোনাৰ একান্ত বাধ্য ভাইটি
পল্লৱ
তেজপুৰ সমষ্টি
☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.