ফটাঢোল

সাক্ষাৎকাৰ– অভিনেতা সিদ্ধাৰ্থ শৰ্মা (কে কে)ৰ সৈতে এখন্তেক।

হাঁহি যদি মূল বিষয় হয় তেন্তে তেওঁ সেই বিষয়ত বিশাৰদ। প্ৰতিটো প্ৰশ্নৰ প্ৰতিটো পৰিস্থিতিৰ বুদ্ধিদীপ্ত উত্তৰ তেওঁৰ ওঁঠত অহৰহ ওলমি ৰয়। অভিনয় স্বতঃস্ফূৰ্ত ৰসাল আৰু কৃত্ৰিমতাবিহীন। তাহানিৰে পৰা স্থূল হাস্যৰসে অধিপত্য বিস্তাৰ কৰি ৰখা অসমীয়া কমেডীৰ জগতখনত নিৰ্মল হাস্যৰস প্ৰদানেৰে তেওঁ জিলিকি উঠিছে ব্যতিক্ৰমী হৈ। নগাঁৱৰ বুকুৰ পৰা ওলোৱা আন এক উজ্জ্বল প্ৰতিভা। নাম সিদ্ধাৰ্থ শৰ্মা। পিচে শদিয়াৰ পৰা ধুবুৰীলৈ বেছিভাগ দৰ্শকে তেওঁক সেই নামেৰে নেজানে। তেওঁ বিখ্যাত কে.কে দা বুলিহে। হয় আপোনালোকে ঠিকেই ধৰিছে। ইয়াত আমি ৰেঙণি টি.ভিত প্ৰচাৰিত অসমৰ আটাইতকৈ জনপ্ৰিয় ধাৰবাহিক ‘বেহাৰবাৰী আউট পোষ্ট’ৰ চৌদিশে সমাদৃত চৰিত্ৰ কৃষ্ণ কমল খাটনিয়াৰ ওৰফে কে.কে দাৰ কথাই কৈছোঁ। চতুৰ, ধুৰ্ত, কথা চহকী অথচ ৰসাল চৰিত্ৰটো স্ব-প্ৰতিভাৰে প্ৰাণ দি জীপাল কৰি কম সময়তেই ৰাইজৰ বুকুৰ আপোনহৈ পৰে। জনপ্ৰিয় হাস্যমধুৰ ধাৰাবাহিকখন কে.কে দাৰ অবিহনে লোণহীন ব্যঞ্জন। কে.কে-মোহনৰ যুটি বুলিলে ৰজনী-তুলসীৰ দৰে অসম বিখ্যাত। কে.কে দা অসমৰ কপিল শৰ্মা আৰু মোহন যেন সুনিল গ্ৰোভাৰ। আমাৰেই সৌভাগ্য যে সেই ৰাইজৰ মৰমৰ কে.কে দা ওৰফে সিদ্ধাৰ্থ শৰ্মা আজি আমাৰ ফটাঢোলৰ সাক্ষাৎকাৰ শিতানৰ মূখ্য অতিথি। চৰিত্ৰটোৰ দৰেই বুদ্ধিদীপ্ত আৰু প্ৰত্যুৎপন্নমতি তেওঁৰ কথা-বতৰাবোৰ। কিন্তু তেনেই সহজ, সৰল, সৎ, নম্ৰ আৰু বিনয়ী স্বভাৱৰ সিদ্ধাৰ্থ দা সৰুৰে পৰা অভিনয়ৰ প্ৰতি আকৃষ্ট আছিল। নৱপ্ৰজন্মৰ বহু প্ৰতিভাই অভিনয়ক পেশা হিচাপে লৈ আগবাঢ়িব পাৰিম নে নাই চিন্তা কৰি থকাৰ সময়ত তেওঁ আদৰ্শ হৈ দেখা দিছে। আহকচোন আপোনালোকৰ মৰমৰ শিল্পীজনৰ বিষয়ে আৰু অলপ কাষৰ পৰা জানো।

ফটাঢোল: নমস্কাৰ সিদ্ধাৰ্থ দা, আমি ফটাঢোল আলোচনীৰ পৰা আহিছোঁ। পোন প্ৰথমে ফটাঢোলৰ তৰফৰ পৰা আপোনাক শুভেচ্ছা জনালোঁ।

সিদ্ধাৰ্থ শৰ্মা: নমস্কাৰ, মই ফটাঢোল গোটটোৰ কথা ফেচবুকত প্ৰায়ে পাই থাকোঁ। ধন্যবাদ, মোৰ পৰাও ফটাঢোললৈ শুভেচ্ছা থাকিল।

ফটাঢোল: ধন্যবাদ সিদ্ধাৰ্থ দা। আমাৰ ফটাঢোল ই-আলোচনীৰ প্ৰতি সংখ্যাতে এইমাহৰ অতিথি নামেৰে এটা শিতান থাকে, য’ত অসমৰ এগৰাকী বিশিষ্ট ব্যক্তিৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা হয়। ফেব্ৰুৱাৰী মাহৰ অতিথিৰ ৰূপত আমি আপোনাৰ মনৰ কথা কিছুমানৰ উমান ল’বলৈ আহিছোঁ।

সিদ্ধাৰ্থ শৰ্মা: মোক যে এই মাহৰ অতিথি হিচাবে মনত পেলালা তাৰ বাবে পুনৰ ধন্যবাদ।

ফটাঢোল: তেনে আগবাঢ়োঁ আজিৰ কথা-বাৰ্তালৈ। আপোনাৰ পৰা প্ৰথমতে জানিব বিছাৰিম আপোনাৰ এই সুদীৰ্ঘ যাত্ৰাৰ বিষয়ে, সাধাৰণ যুৱক সিদ্ধাৰ্থ শৰ্মাৰ পৰা আজিৰ কেকেদালৈ কেনেকৈ আৰম্ভ কৰিছিল এই যাত্ৰা?

সিদ্ধাৰ্থ শৰ্মা: আচলতে আমি অভিনয়ৰ লগত জড়িতসকলে দুটা জীৱন জীয়াই থাকোঁ। এটা হ’ল কে কেৰ ৰিল লাইফ আনটো সিদ্ধাৰ্থ শৰ্মাৰ ৰিয়েল লাইফ। বাস্তৱৰ চৰিত্ৰটোৰ লগত যিমান সময় থাকোঁ অভিনীত চৰিত্ৰটিকো প্ৰায় একে সময় দিব লগা হয়। খুব কষ্টৰে তালমিল খুৱাই চলি যাওঁ আৰু। অ’ তুমি কি সুধিছিলা? মোৰ যাত্ৰা!

আমি সাংস্কৃতিক পৰিবেশ এটা ঘৰতে পাইছিলোঁ। সৰুতে খুব নাটক কৰিছিলোঁ, বাইদেৱে গান গাইছিল, মায়েও নাটক ভাল পাইছিল। পৰিবেশটো খুবেই ভাল আছিল। মোৰ দেউতা হায়াৰ ছেকেণ্ডাৰীৰ প্ৰিঞ্চিপাল, দেউতায়ো নাট নিৰ্দেশনা কৰিছিল। আমাৰ পূজাবাড়ীত তেতিয়া নাটক হয়। দেউতাৰ নিৰ্দেশনাত প্ৰথম নৃত্য নাটিকাত ভাও পাইছিলোঁ; কিন্তু ভাও পাবলৈ বহুত জোৰ কৰিব লগা হয় তেতিয়া হে পাওঁগৈ। তেনেকৈ আগবাঢ়িলোঁ, এন এচ ডিৰ কৰ্মশালাত অংশ ললোঁ। তাৰ পাছত দীপক দা, নৱ দা, মৃদুল গুপ্তাদা, মানস ভাগৱতীদাক লগ পালোঁ, শিকিলোঁ। এনেদৰেই মোৰ অভিনয়ৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এখন নাটক কৰিছিলোঁ, বিভিন্ন ঠাইত বেষ্ট এক্টৰৰ পুৰস্কাৰ পাইছিলোঁ, মানুহবোৰৰ মৰম আৰু উৎসাহ পাই ভাবিলোঁ মইচোন অভিনয়টো মন দি কৰিব পাৰোঁ। তাৰ পাছতে অভিনয়ৰ প্ৰতি ধাউতি বাঢ়ি আহিল। ভবা নাছিলোঁ অভিনেতা হ’মগৈ বুলি কিন্তু হ’লোঁগৈ আৰু।

ফটাঢোল: অভিনয়ক পেশা হিচাপে ল’ম বুলি ভাবিছিল নে?

সিদ্ধাৰ্থ শৰ্মা: ভবা নাছিলোঁ অভিনয় কৰি যে খাব পাৰিম। কিন্তু মোৰ এটা দৃঢ়তা আছিল যে অভিনয়ক পেশা হিচাবে ল’বলৈ হ’লে খাব পৰাকৈ ল’ম। আনক কোৱা নাছিলোঁ পিচে, বহুতে ভাবিব পাৰে এয়া পাগলামীৰ বাহিৰে একো নহয়। মইনো কি এনে ব্যতিক্ৰম যে বেলেগ কৰিম। গতিকে ভিতৰি ভাবোঁ মই অভিনয়ক এনেকৈ ল’ব লাগিব যাৰ জৰিয়তে মই ভালদৰে চলিব পাৰোঁ। এতিয়া চাৰিজনীয়া পৰিয়ালটোৱে সুন্দৰকৈ খাই বৈ চলি আছোঁ দেখোন।

ফটাঢোল: আপোনাৰ শিক্ষাজীৱনৰ বিষয়ে কওকচোন?

সিদ্ধাৰ্থ শৰ্মা: মোৰ শিক্ষা আৰম্ভ হৈছিল ঘৰৰ কাষৰ প্ৰাথমিক বিদ্যালয়ত। তাৰ পাছত দেউতাৰ স্কুলত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিলোঁ, শংকৰদেৱ হাইস্কুল ওজৰা গাঁঁৱত। হায়াৰচেকেণ্ডাৰী বাপুজীত আৰু কলেজীয়া শিক্ষা এডিপি কলেজত।

ফটাঢোল: হাস্যৰস বুলি ক’লে আজিৰ তাৰিখত যথেষ্ট কঠিন কাম। নৰ্মেল হাস্যৰস বুলি ক’লে স্থূলহাস্যৰসকে আজিকালি সকলোৱে বুজে। বিভিন্ন অংগী ভংগীৰে ব্যংগাত্মক বাৰ্তাতকৈ য’ত দৈহিক বাৰ্তাহে যায়; কিন্তু আপোনালোকৰ কমেডীত সেইটো দেখা নাযায়।আপুনি প্ৰতিটো ব্যংগৰে সমাজলৈ একো একোটা বাৰ্তা বহন কৰিবলৈ সক্ষম হয়। এইটো নৰ্মেল হাস্যৰসতকৈ কিমান কঠিন হয় বাৰু?

সিদ্ধাৰ্থ শৰ্মা: মোৰ বাবে কঠিন নহয়, মোৰ স্বাভাৱিকতে আহি যায়। নাটক কৰাৰ দিনত এই বিষয়ে নৱদায়ো কৈছিল। মোৰ অংগী ভংগী নাছিল কিন্তু কথা বহুত বেছি কৈছিলোঁ। নক’বলগীয়া ঠাইতো মই কথা কমেই আৰু। নৱদাই তেতিয়া লেকাম ডাল ধৰিছিল, বেলেগে যেতিয়া কয় অমুকে কথা বেছি কয় তেতিয়া ভাবোঁ এইবোৰ নকৰাকৈ মইনো কেনেকৈ থাকিব পাৰোঁ। তাৰ পাছত এক ডেৰ বছৰ ধৰি নিজকে শিকালোঁ কেনেকৈ কথা ক’ব লাগে। মানুহে মডুলেচন (কথাৰ সুৰ)বোৰতো ৰস পাই, সব কথাতেই চিঞৰ বাখৰ কৰি হহুঁৱাব লাগে বুলি মই নাভাবোঁ। মানুহে হাঁহক কিন্তু মই যাতে বেছি কৰিছোঁ বুলি নাভাবে সেইটো মনত ৰাখিয়েই চিনবোৰ কৰি যাওঁ। মানুহে ফূৰ্তি পাই হাঁহি হাততালি দিলে প্ৰতিজনৰ মনত বেছি কৰাৰ প্ৰৱণতা এটা আহিয়েই যায়। প্ৰতিজন অভিনেতাৰে আহে, মোৰো আহে। সেইসময়ত মই প্ৰচণ্ড ধৈৰ্য্য ধৰোঁ, কেতিয়াবা মোৰো বেছি হৈ যায় কিন্তু প্ৰায়েই নহয়।

ফটাঢোল: আপোনাৰ ক্ষেত্ৰত দেখা পোৱা এটা গুণ, যিয়েই প্ৰশ্ন নহওক আপোনাৰ উত্তৰ সদায়েই বুদ্ধিদীপ্ত। সেয়া অনস্ক্ৰীপ্ত নে আউট অফক্ৰীপ্ত হৈ নিজেই কৈ দিয়ে?

সিদ্ধাৰ্থ শৰ্মা: আমিতো স্ক্ৰিপ্তমতেই কওঁ বাৰু। যিখিনি যোগ কৰিব লাগে সেইখিনি ডাইৰেক্টৰক কৈ দিওঁ যে এনেকৈ ক’ম। মোৰ সহশিল্পী গৰাকীকো কওঁ যে এইটো মই এনেকৈ ক’লে তোমাৰ যদি অসুবিধা নহয় তুমি এনেকৈ ক’বা। অসুবিধা নহ’লে তাই/তেওঁ তেনেকৈয়ে কৰে, কেতিয়াবা ময়ো দুয়োজনৰ সুবিধামতে কৰোঁ।
জীৱনত বিভিন্ন চৰিত্ৰৰ মানুহ লগ পাইছোঁ, বিশেষকৈ গাঁও অঞ্চলত। মই নিজেও গাঁৱৰ যে, মোৰ কথাবোৰো তেনেকুৱাই। তেওঁলোকে ইমান সুন্দৰকৈ মডুলেচন (সুৰমিশ্ৰিত) কৰি কথাবোৰ কয়, সৰু বাক্য এটাকে সুৰেৰে ভাঁজ কৰি কয় যে শুনিবলৈ বৰ শুৱনি লাগে। সেইবোৰ খেয়াল কৰি থাকোঁ, তেনেকৈয়ো শিকিছোঁ বাৰু। বিশেষকৈ গাঁও অঞ্চলৰ মধ্যবিত্ত শ্ৰেণীৰ কথা বতৰাত এই সুৰটো শুনিবলৈ পোৱা যায়। চিটি লাইফত সেইটো দেখা নাযায়, বৰ যান্ত্ৰিক কথা বতৰা ইয়াত।

ফটাঢোল: বহুতবিলাক ভুক্তভোগীয়ে কয় যে মানুহ হেনো দুই প্ৰকাৰৰ থাকে, এজন জীৱিত আৰু এজন বিবাহিত। আপুনি বিয়াৰ পিছত কি অনুভৱ কৰিছে?

সিদ্ধাৰ্থ শৰ্মা: অ’ অ’। একদম কোনোবা দিনা মোৰ এনেকুৱা লাগে যেন মই এশ বছৰ জীয়াই থাকিম। ইমান ভাল লাগে যেন ক’ৰবাত পাহাৰ এটাৰ শিখৰত উঠি চিঞৰি দিম। ইমান স্ফূৰ্তি লাগে। কিন্তু কেতিয়াবা এনেকুৱা লাগে যেন ঠাইতে মাৰি নিয়া প্ৰভু। মই নেথাকো আউ। এনেকুৱা হয়৷

ফটাঢোল: বাৰু ৰিল লাইফ, ৰিয়েল লাইফ শুনিলোৱেই আপোনাৰ পৰা। এই দুইটা লাইফৰ সামঞ্জস্য কেনেকে কৰে? এতিয়া আপুনি বেহাৰবাৰীৰ মণি বৌ আৰু ঘৰৰ অৰিজিনেল বৌৰ মাজত সামঞ্জস্য কেনেকে ৰাখে?

সিদ্ধাৰ্থ শৰ্মা: অহ!( হাঁহি মাৰি) ৰিল লাইফৰ বাৰু কথাই বেলেগ। ইয়াততো লিখিত মতে যাব লাগে। বেছিলৈতো যাব নোৱাৰি। ইয়াত সীমা আছে কিন্তু তাত সীমা নাই৷ যিমান যাব পাৰি(হাঁহি মাৰি)।

ফটাঢোল: এই কনমাণিটো বৰ মৰম লগা হৈছে আপোনাৰ? কিছুদিন আগতে ভিডিঅ’ এটা ভাইৰেল হৈছিল।

সিদ্ধাৰ্থ শৰ্মা: ভিডিঅ’টো মানে মোৰ দাদা এজনে ক’লে ল’ৰাৰ ফটো দিবিচোন। দিলোঁ, বোলে ভিডিঅ’ এটা দিবি। দাদাজনে আকৌ মোবাইল চলাব নাজানে। এনেই কয় মানে এণ্ডৰইড মোবাইল। মই ভিডিঅ’টো দি দিলোঁ। সেইটোতো এনেই ভাল লগা ভিডিঅ’। তেওঁকো চাগে কোনোবাই বিচাৰিলে৷ আজিকালিটো এইবোৰ বৰ এভেইলেবল৷ পটককৈ ফেচবুকত দি দিলে। মোক মেচেজ দিছে মানে মিচেচক মেচেজ দিছে। তেতিয়াহে গম পাইছোঁ। প্ৰথম গম পাই খং উঠিছিল। ভাইৰেল হৈ গ’ল গম নোপোৱাকৈ। পিছত মোৰ ভালেই লাগিছে বোলো ইমানতো বেয়া ভিদিঅ’ নহয়। ভাল ভিডিঅ’৷

ফটাঢোল: ভাল ভিডিঅ’। এনেই মানুহে বহুত আশীৰ্বাদ দিছে।

সিদ্ধাৰ্থ শৰ্মা: হয় হয়! সকলোকে মানে আলোচনীৰ জৰিয়তে ধন্যবাদ দিছোঁ।

ফটাঢোল: এনেই ভৱিষ্যতে অসমতে থাকিব নে বেলেগ চিনেমাৰ অফাৰ পালে মানে কেতিয়াবা ধৰক বেলেগ ভাষাৰ হিন্দি, বঙালী ভাষাৰ চিনেমাৰ অফাৰ পালে কৰিবনে?

সিদ্ধাৰ্থ শৰ্মা: আচলতে মানে মোৰ সেইটো এটা নিজৰ খুব দুৰ্বল দিশ। মই খুব ভালকৈ হিন্দী, ইংৰাজী একো নাজানো ক’ব। সেইটো কাৰণতে মই অলপ ভিতৰি ভিতৰি নিজৰ ওচৰতে লাজ পাওঁ, দুখ পাওঁ এনেকুৱা হয়। মই এতিয়া যেনেকুৱা এখন ঘৰৰ পৰা আহিলোঁ তাত আমি ইংলিচ চিংলিচ কোৱা নহয় কোনো কাৰণত। Good morning টো ক’লেও লাজহে লাগে। গতিকে মনটো যায় বাৰু। এবাৰ যদি বলিউদত কাম কৰিব পাৰিলোঁ হয় বা বেঙ্গলী৷ এতিয়া অলপ ভিতৰি ভিতৰি মাইনাচ ওৱান, টু পইণ্ট মান চেষ্টা কৰি থাকোঁ আৰু৷ যদি জীৱনত তেনেকুৱা কিবা সুবিধা আহে তাৰ কাৰণে যিমান কষ্ট কৰিব লাগে কৰিম। আৰু সেই সময়টোলৈ ৰৈ নাথাকোঁ, তাৰ আগতে কৰিম। এতিয়া লাহে লাহে কৰিমেই মানে। মোহনৰ লগতো পাতি আছোঁ কথা। মানে আমি অলপ ট্ৰেইনিং এটা ল’ব লাগে৷ ইংৰাজী আৰু হিন্দীৰ খুবেই প্ৰয়োজন। নক’লেও ভাষাটো অলপ জানি থোৱাটো ভাল।

ফটাঢোল: তথাপিও চিৰিয়েলততো লৈয়েই আছে ইংলিচত টিউচন৷

সিদ্ধাৰ্থ শৰ্মা: অ’ সেইটোতো মই উল্টাইহে পঢ়াই আছোঁ। মানে সিদ্ধাৰ্থ শৰ্মাই ইংৰাজী বা হিন্দী ভালকৈ সঁচাকে নাজানে৷ এই আলোচনীৰ যোগেদি ইয়াত একলাখ মানুহে দেখিব, মই সঁচা কথা কৈছোঁ; মই নাজানো। চাৰ্লি চেপলিনেও কৈছে নিজক ইনচাল্ট কৰাটোৱে কমেডী। পিচে কে.কেয়ে নাজানে কিন্তু সৈ-নাকাঢ়হে৷ তেওঁ যি কোনো প্ৰকাৰে জনাটোহে দেখুৱাব৷ নৰ্মেলত সিদ্ধাৰ্থ শৰ্মাই কিবা নাজানিলে কৈ দিয়ে যে নাজানে৷ কিন্তু কে.কেয়ে নামানে যে কিবা কথা নাজানে৷

ফটাঢোল: মানে কে.কেয়ে সৈ-নাকাঢ়ে?

সিদ্ধাৰ্থ শৰ্মা: হয়৷ সি মুঠতে জনাটোহে দেখুৱাব।

ফটাঢোল: থাকে সমাজত তেনেকুৱা মানুহ আছে।

সিদ্ধাৰ্থ শৰ্মা: থাকেই। আৰু মই সেইটোৱে কৰোঁ। যে মই নৰ্মেলত চিধা উত্তৰটো নাজানিলে কৈ দিওঁ এইটো মই বুজি পোৱা নাই৷ লাজ নালাগে মোৰ আৰু কে.কেয়ে ভুলতো নামানে এইটো যে নাজানে৷ যেনেকে নহওক পাৰ হৈ যাব৷ আৰু চিৰিয়েলত নজানাটো বেছি নজনাকে কওঁ যাতে মানুহে ৰং পায়৷

ফটাঢোল: আপোনাৰ জীৱনৰ কিবা ৰসাল ঘটনাৰ বিষয়ে ক’ব নেকি? যিটো মানে মনত থকা আৰু পাব্লিকেও ভালপোৱা।

সিদ্ধাৰ্থ শৰ্মা: তেনেকুৱা ঘটনাটো ঘটিয়েই থাকে। কিছুমান মনত আছে, কিছুমান পাহৰি যাওঁ। বহুত ঘটনাই ঘটে ডেই টু ডেই লাইফত। আগতে প্ৰায়ে ঘটিছিল এনেকুৱা ঘটনা। আগতে যে নাটক কৰিবলৈ যাওঁ। মই আৰু মোৰ বন্ধু পৱন৷ সি এতিয়া ‘চানমাৰি’খনৰ ডিৰেকশ্যন কৰি আছে। আগতে যেতিয়া একেলগে নাটক কৰোঁ, নাটকখন কৰি মই বেষ্ট এক্টৰ পাওঁ। মানুহবোৰে আহি আকৌ তাকহে লগ কৰে। লগ কৰে কৰক, সেইটো ডাঙৰ কথা নহয়। কিন্তু মোক মানে পাত্তা নিদিয়াকৈ তাক লগ কৰে। সেইকাৰণে খং উঠে। তাৰো চুলি দীঘল আছিল মোৰো আছিল, দুয়োটা অলপ শকত আছিলোঁ। হাইটটোও অলপ একেই আছিল। সেইকাৰণে তাক আহি বেছিকৈ লগ কৰে। আৰু সি এবাৰলৈও কৈ নিদিয়ে যে মই নহয় সিহে। কাষতে বহি থাকিলেও মানে নকয়। সেইসময়ত সেইবোৰ কথাই কিন্তু মোক বিৰাট মাথা গৰম কৰিছিল। তেতিয়া হাঁহিছিলোঁ। আৰু মোৰ বিয়াখন। মোৰ বিয়া মানে বহুত টেনশ্যনৰ মাজত পাতিছিলো‌ঁঁ, পইচা-পাতিৰ অভাৱ। তেতিয়ালৈকে ঘৰত ভালকৈ পইচা-পাতিও নাই, মোৰো নাই। বিয়াৰ ৰিচেপছনৰ দিনা চাৰে দহটা, এঘাৰটামান বাজিছে। মানুহ অহা নাই। পৰিয়ালটো আছে আৰু কইনাজনী। তাই সাজি-কাচি আহি বহি আছে‌। মই ঘপককৈ দেখিলোঁ তাই মোলৈ চাই হাঁহি মাৰিলে, ময়ো হাঁহি মাৰিলোঁ। মই আঁতৰৰপৰা তাইক চাই আছোঁ। তেতিয়া মোৰ মনলৈ বেলেগ একো কথাই অহা নাই। মনলৈ এটাই আহিছে যে ছোৱালী আনি ঘৰ সোমোৱাই দিলোঁহি, পইচা পাতি নাই, নাই আৰু। বেণ্ড পাৰ্টি মতাই আনি কৈছোঁ বজা। মানে গোটেই পৰিয়ালে নাচিছোঁ আৰু। মানুহ সেইখিনি সময়ত বিয়া খাবলৈ আহিছে সবকে নাচি নাচি আদৰি আনিছোঁ। সব পাগল হৈ গৈছে বোলে দৰাৰ কি হ’ল। ইমান টেনশ্যনত এতিয়া টেনছন ফ্ৰী। ছোৱালী আহি ঘৰ সোমাই গ’ল। সেই মুহূৰ্তটো ভাল লগা মুহূৰ্ত।

ফটাঢোল: আপোনাক চিনেমাতো দেখিলোঁ, চিৰিয়েলতো দেখিলোঁ, এতিয়া ভ্ৰাম্যমাণত যোৱাৰ কিবা পৰিকল্পনা আছে নেকি?

সিদ্ধাৰ্থ শৰ্মা: ভ্ৰাম্যমাণত আচলতে মই বেহৰবাৰী কৰাৰ দুবছৰ আগতেই আছিলোঁ‌। ব্ৰহ্মপুত্ৰ আৰু সঞ্জিৱনী। গতিকে ভ্ৰাম্যমাণত একেবাৰে নোযোৱা মানুহৰ যিটো হেঁপাহ সেইটো হেঁপাহ মোৰ নাই। মই গ’লে দুটা বস্তুৰ লোভতে যাব লাগিব। এটা ধৰক পইচা আনটো বেলেগ এটা কেৰেক্টাৰ কৰিবলৈ মানে বেহৰবাৰীক বাদ দি। সেই দুটা বাদ দি মোৰ এনেকুৱা হোৱা নাই যে ঘৰখন এৰি মই যাব পাৰিম। মতাত মোক প্ৰত্যেক বছৰে মাতে মই নিজেই পইচাৰ কথাই নুশুনো। মোক কয় আপোনাক ইমান দিম মই নাপাতোঁ। এইবোৰ লোভৰ বস্তুটো সেয়ে পইচা পাতিৰ কথা ক’লে কওঁ যেতিয়া যাম বুলি ভাবিম তেতিয়া পাতিম। এতিয়া সদ্যহতে ভবা নাই কিন্তু পিছত যাব লাগিব আৰু।

ফটাঢোল: এতিয়া প্ৰেমৰ কথা কওকচোন। কেইবাৰ পৰিছে এতিয়ালৈকে?

সিদ্ধাৰ্থ শৰ্মা: প্ৰেমৰ কথাটো চুটিকৈ মানে টিৰিক টাৰাককৈ পৰা হয় চিৰিয়াছলী হে ধৰক কথাটো মোৰ ভাল লাগিছে, কিন্তু মোক ভাল নাপায়। এতিয়া ফাইনেলী যিগৰাকী মোৰ ঘৰত আছে, সেইগৰাকীৰ লগতে প্ৰেম হ’ল। মানে মই যাক পালোঁ আৰু। তাইক লৈ মই এতিয়া সুখীও। আচলতে মই খুউব প্ৰেমিক মানুহো নহয়। মোৰ প্ৰেমটো মানে মোৰ ভিতৰি থাকে। মই মিঠা মিঠাকৈ একো ক’বও নাজানো। মই কামটো কৰি দিব পাৰিম, তেওঁৰ কাৰণে গেবাৰি কৰি দিব পাৰিম কিন্তু প্ৰকাশ কৰিব নোৱাৰোঁ।

ফটাঢোল: কলেজীয়া দিনত তেনেকুৱা প্ৰেম কিবা হৈছিল নে?

সিদ্ধাৰ্থ শৰ্মা: নাই কলেজীয়া দিনত নাই। স্কুলত এবাৰ তেনেকুৱা এটা হৈছিল। ছোৱালী এজনীয়ে এবাৰ মোৰ কিবা কিতাপ এখন বিচাৰিলে। মানে মই ওপৰৰ ক্লাছলৈ গ’লোঁ যে সেই আগৰ ক্লাছৰ কিতাপখন তাই মোক বিচাৰিলে। মই তাইক দিলোঁ কিন্তু কিতাখনত কভাৰ লগোৱা নাছিলোঁ। তাই আকৌ মোক কভাৰ লগাই কিতাপখন দিলে। মোক সেই কথাটোৱে অলপ টোকৰ দিলে। তাই কিয় কভাৰ লগাই দিলে। তাইৰ মোৰ প্ৰতি আকৌ কিবা আছে নেকি। তাকে ভাবি মাজে মাজে অলপ আঁৰ চকুৰে চাইছিলোঁ, তায়ো চাইছিল। সেইটো তেনেকেই আধা হৈ ৰৈ গ’ল আৰু।

ফটাঢোল: মানে অসমৰ জনপ্ৰিয়তাৰ ক্ষেত্ৰত আপুনি আৰু মোহন দুয়োজনেই দুটা জনপ্ৰিয় চৰিত্ৰ।

সিদ্ধাৰ্থ শৰ্মা: (হাঁহি হাঁহি)ঠেংকিউ দেই। ভাবিছে যে আকৌ।

ফটাঢোল: নাই নাই সকলোৱে মানি লোৱা কথা এইটো। সমজোৱা হিচাপে সবেই স্বীকৃতি দিছে। মানে যি ক্ষেত্ৰত ব্যংগ বুলি ক’লে কে.কে আৰু মোহনক ফেৰ মাৰিব পৰা ব্যঙ্গ নাই। বৰ্তমান সময়ত চলিত ব্যঙ্গ। আপুনি চেলিব্ৰিটি হিচাপে যিটো ফিলিঙছ, সেই ফিলিঙছটো কেনেদৰে অনুভৱ কৰিব?

সিদ্ধাৰ্থ শৰ্মা: এ সেইটো, সেইটো অবুভৱ নকৰোঁ দিয়ক। সেইটো মানে অনুভৱ কৰিলে অলপ মূৰত ধৰে। মানে চিনিয়ৰ হ’লে অলপ ক্ষতি হয়। মানে চিনিয়ৰ দেই৷ উঠি দিয়ে যে, এনেকুৱা। ইয়াত আমাৰ যিখিনি মোতকৈ সৰু, মই কাষত ৰ’লে উঠি দিয়ে। সেইবিলাকে মোক অশান্তি কৰে। চিনিয়ৰ হ’লে, মই চেলিব্ৰিটি হ’লে, জনপ্ৰিয় হ’লে, মই ভাল এক্টৰ হ’লে মোৰ কৰিবলগা নথকা যেন লাগে৷ এইটো অলপ মূৰত ধৰিছিল৷ যেতিয়া হঠাৎ আগদিনালৈকে একো নাই পিছদিনাখন এনেকুৱা হৈ গৈছে, মই কৰোবাত গ’লেই এশ মানুহে এহেজাৰ মানুহে ফটো উঠে৷ সোমাই গ’লেই চিঞৰি দিয়ে। হঠাৎ ইমান ডাঙৰ এটা পৰিৱৰ্তন! কৰবাত যিটো মানে এটকাৰ কথা ভাবোঁ, কৰবাত শ্ব’ এখনত গ’লেই দহহেজাৰ টকা দি দিয়ে! হঠাৎ হৈ যোৱা পৰিৱৰ্তনটোৱে অলপ মূৰত ধৰিছিল। এটা সময়ত মোৰটো ভগৱানক ক’বলৈ একো নাই; এনেকুৱা হৈ গৈছিল। কি ক’ম আৰু হৈয়ে গ’ল আৰু। মইতো এক্টৰ হ’বলৈকে বিছাৰি আছিলোঁ। পাই গ’লোঁ দেখোন। এতিয়া ৷ সবেই এক্টৰ বুলিয়ে জানে। তাৰ পাছত সেইটো ফালিবলৈয়ো মই বহুত কষ্ট কৰিবলগীয়া হৈছে। যে মই সেইটো বিছাৰি অহা নাই আৰু মই কৰা আৰু মোৰ জনপ্ৰিয় হোৱা আৰু মোৰ অভিনয় সত্বাটোক মই মোৰ জীয়াই থকালৈকে জীয়াই ৰখা বেলেগ বেলেগ কথা৷ এটা কাম, নিজে ভালপোৱা কাম এটা সততাৰে গোটেই জীৱন কৰি থকাটোৱেহে বোলে মানে জয়! মই আজি কে.কে হ’লোঁ মোক মানুহে চিনি পালে, কাইলৈ মই জীয়াই থাকিম বা চাকৰি ব্যৱসায়ত সোমাই যাম সেইটো মোৰ কাৰণে জয় হ’ব নেকি? গোটেই জীৱন কৰি যোৱাটোহে কথা।

ফটাঢোল: ফটাঢোলৰ যিবিলাক সদস্য আছে ধৰক আমি যিবিলাক কাম কৰি আছোঁঁ আমাৰতো ব্যঙ্গ সাহিত্যৰ প্ৰসাৰেই মেইন৷ কিন্তু লগতে আমি সামাজিক কামো কৰি আছোঁ৷ আমি ধৰক দুখীয়া মানুহক কাপোৰ কানিও দিছোঁ এই ঠাণ্ডাৰ দিনত। ৰাস্তাত পৰি থকা মানুহক বহু কাপোৰ কানি দিছোঁ। আমাৰ ফটাঢোলৰ সদস্যসকলক৷ আপুনি কি মছেজ দিব বা আপুনি কি ক’ব বিচাৰিব?

সিদ্ধাৰ্থ শৰ্মা: প্ৰথম কথা, এই চিন্তাটো মোৰ ভাল লাগে। প্ৰথম কথা লক্ষ্মীনাথ বেজবৰুৱাই এই সাহিত্যৰ ওপৰতেই চৰ্চা কৰিছিল। তাৰ পিছত মোৰ নিজেৰো ব্যংগটো ভাল লাগে, কৰিও থাকোঁ। আপোনালোকৰ এই চিন্তাবিলাকো মোৰ ভাল লাগে। মোৰ শুভেচ্ছা থাকিল। ভাল হওক আৰু। ময়ো যদি কিবা সহায় কৰিব পাৰোঁ কেতিয়াবা আপোনালোকক মানে অকণমানকৈ হ’লেও মোৰ চিন্তাই যদি আপোনালোকৰ কামত দিয়া বুলি কেতিয়াবা ভাবে, ময়ো সহযোগিতা আগবঢ়াম আৰু দুখীয়া মানুহক যিটো সহায় কৰাৰ প্ৰচেষ্টা ল’লে, সেইটো যদি আপোনালোকে মোক অনাগত দিনত মানে সেই সুবিধাটো দিয়ে, মই কাপোৰ দি হ’লেও, পইচা দি হ’লেও বা মানুহটো থাকি হ’লেও আপোনালোকক সহায় কৰিম।

ফটাঢোল: এতিয়া আমাৰ ফালৰ পৰা শেষ প্ৰশ্নটি
কৰিছোঁ৷ আপুনি ইমান জনপ্ৰিয় ৰাইজৰ অতিকে মৰমৰ ৰাইজে আপোনাক ইমান ভাল পাই যে সন্ধিয়া আঠ বজালৈ ৰৈ থাকে বেহাৰৱাৰী চাবলৈ। ইউ টিউবত কে.কে মোহন ভাইৰেল। মানুহে ডাওনলোড কৰি কৰি চাই। ষ্টেজ প্ৰগ্ৰাম বিহু ফাংচন কত কিমান কি! ইমানবোৰৰ মাজত আপুনি ভাবিছিল নে কেতিয়াবা যে ফটাঢোল নামৰ অনলাইন মেগাজিন এখনত ইন্টাৰভিউ দিবলৈ পাম বুলি?

সিদ্ধাৰ্থ শৰ্মা: হাঃ হাঃ হাঃ! ভবা নাছিলোঁ৷ আজি মই সফল হ’লোঁ আৰু৷ ফটাঢোলো বহুত জনপ্ৰিয়৷ গতিকে তেনেকুৱা এখন আলোচনীত মোৰ ইণ্টাৰভিউ যাব৷ শ্ব’ হেপ্পী! বহুত ভাল লাগিছে৷ সুন্দৰ প্ৰশ্ন! যিমানকেইটা প্ৰশ্ন আছিল সকলোৰে ভিতৰত শ্ৰেষ্ঠ প্ৰশ্ন এইটো৷ খুব ভাল লাগিল তোমালোকক দেই আৰু এই আলোচনীখনৰ চিন্তাটোও৷ ঠেংকিউ৷ আৰু একেবাৰে শেষত- এ’ মজ্জা…৷

ফটাঢোল: বহুত ধন্যবাদ।

সিদ্ধাৰ্থ শৰ্মা: আৰু সকলো সদস্যক মোৰ ফালৰপৰা শ্ৰদ্ধা প্ৰণাম। লগতে অতিথি হিচাপে আপোনালোকে মোক বিচাৰিলে তাৰ বাবে ধন্যবাদ।

পৰিচিতি:
সম্পূৰ্ণ নাম: সিদ্ধাৰ্থ শৰ্মা
জন্মস্থান: পাঠৰি, নগাওঁ
পিতৃ: প্ৰয়াত ভদ্ৰকান্ত শৰ্ম‍া
মাতৃ: লিলি দেৱী
পত্নী: দিম্পী গোস্বামী
পুত্ৰ: প্ৰিয়‍ান্স
জন্মদিন: ৪ চেপ্তেম্বৰ
শিক্ষাগত অৰ্হতা: স্নাতক

চিৰিয়েল:
১/বেহাৰবাৰী আউট পোষ্ট
২/শুকুলা মেঘৰ ছাঁ
৩/তুমি দুচকুত কাজল ল’লে
৪/জোনাকৰ বৰষুণ
৫/FIR ইত্যাদি

চিনেম‍া:
১/আইদেউ
২/খেল
৩/দুৰদৰ্শন
৪/কোঁৱৰপুৰৰ কোঁৱৰ
৫/বান্ধোন প্ৰিয়াৰ প্ৰিয়া

থিয়েটাৰ:
১/ব্ৰহ্মপুত্ৰ আৰু সঞ্জীৱনী

☆★☆★☆

9 Comments

  • দিম্পল

    হিট আকৌ
    আও হৰি আও ৰাম

    Reply
  • হেমন্ত কাকতি

    বৰ ভাল লাগিল সাক্ষাৎকাৰটো

    Reply
  • সাংঘাটিক । মানুহজনৰ সমুখত বহি লাইভ চাই থকা যেন লাগিল ।

    Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

    আও হৰি আও ৰাম।

    Reply
  • অনুৰূপ মহন্ত

    এ মজা! বৰ ভাল লাগিল। কে কে দা এনেয়ো প্রিয় চৰিত্ৰ।

    Reply
  • সৌৰভ শৰ্মা

    K.K. সাক্ষাৎকাৰটো ভাল হৈছে। প্ৰশ্নবোৰ ভাল কৰিছে।

    Reply
  • ভাল লাগিল সাক্ষাৎকাৰতো

    Reply
  • স্মিতা ডেকা

    বহুত ভাল লাগিল

    Reply
  • Anonymous

    এ মজ্জা দেই…. ভাল লাগিল পঢ়ি..👌

    Reply

Leave a Reply

Your email address will not be published.