ফটাঢোল

Physics Labত এজন টমাছ আলভা এডিচন – অগ্নিভ দত্ত

আমি তেতিয়া ইঞ্জিনীয়াৰিঙৰ 2nd Semesterত৷ Physics Labৰ পৰীক্ষা আছিল সেইদিনা৷

আমাৰ হোষ্টেলৰ পৰা কলেজলৈ এক ডেৰ কিলোমিটাৰ মান দূৰ। সেইকণ বাট খোজ কাঢ়ি গৈয়ে ভাল লাগে। কথা পাতি পাতি কেতিয়া পাওঁগৈ গমেই নাপাওঁ৷ ভাল লগাৰ আৰু এটা কথা নথকা নহয়, পাহাৰৰ ওপৰত থকা গাৰ্লছ হোষ্টেলটো ৰাষ্টাৰ পৰা চকা মকাকৈ দেখা যায় আৰু ৰাষ্টাৰ পৰাই গাৰ্লছ হোষ্টেলৰ কাৰোবাক খিৰিকীত দেখি নেকি খোলা খুলিকৈ নহ’লেও আঁৰ চকুৰে হ’লেও সবেই এপাক চাই মনটো ভাল লগাই যায়৷

হোষ্টেলৰ পৰা চক্ৰ, মই আৰু দুটামান ওলাইছোঁ একেলগে পৰীক্ষা দিবলৈ বুলি, ইফালে পাঁচ নম্বৰ হোষ্টেলৰ পৰাও কেইটামান ওলাইছে। চক্ৰই চিগাৰেটটো জ্বলাওঁতেই পাঁচনম্বৰৰ এটাই খেপ নম্বৰ লগালেই,
: আবে দিবি এক টান৷

চিগেৰেট ইটোৰ মুখৰ পৰা সিটোৰ মুখলৈ গৈ গৈ লাষ্ট টানটো চক্ৰই মাৰি উঠোঁতেহে যেন আমাৰ মনত পৰিল ইমান দেৰি ইটো সিটো ফটুৱা কথা পাতি থাকোঁতে পাহৰিয়েই গৈছিলোঁ লেবৰ পৰীক্ষা দিবলৈ গৈ আছোঁ বুলি।

: ঐ এই পেন্দুলামৰ এক্সপেৰিমেণ্টো চাইছ নেকি? চাল্লা একদম পাহৰি গ’লোঁ নহয় চাবলৈ৷

সেইটো মোৰো তেতিয়াহে মনত পৰিল চেহ পঢ়িম পঢ়িমকৈ থাকোঁতে একো পঢ়াই নহ’লগৈ গেপৰ কেইদিন৷ তথাপিও সাহসেই লক্ষ্মী বুলি ওলাই আহিছোঁ৷

: আব্বে বস্তুটো কেনেকুৱা আছিল বে সেই পেন্দুলামটো সেইটোৱেই পাহৰি গ’লো চাল্লা! ধুৰ যি হয় হ’ব দেখা যাব৷ চাৰিটামান ফালি আহিছোঁ বাপ্পেক্কে!কমন পৰি গ’লেই হ’ল।

এইদৰে এটা এটাকৈ এক্সপেৰিমেণ্ট আৰু ইকুইপ্তমেণ্টবোৰৰ চেহেৰাবোৰ মনত পেলাবলৈ চেষ্টা কৰোঁতে কৰোঁতে আহি লেবেই পালোঁগৈ। লেবৰ ভিতৰ সোমাই দেখোঁ বৰদলৈ চাৰ বহি আছে গপচত৷

ৰোল নংবোৰ মাতি মাতি টেমা এটাৰ পৰা কাগজৰ টুকুৰা টানিবলৈ দি আছে৷ কাগজৰ টুকুৰাবোৰত এক্সপেৰিমেণ্টবোৰৰ নাম লিখা আছে৷ এটুকুৰা কাগজত দুটা এক্সপেৰিমেণ্টৰ নাম থাকে৷ দুয়োটাই কৰিব লাগে৷ এজন ছাত্ৰক দুবাৰ কাগজ টানিবলৈ সুবিধা দিয়া হয়৷

কিছু সময়ৰ পাছত মোৰ পাল পৰিল৷ প্ৰথম টানত যি দুটা এক্সপেৰিমেণ্ট পৰিল সেই দুটা নোৱাৰিম বুলি কোৱাত দ্বিতীয়বাৰ টানিবলৈ দিলে৷ এইবাৰ যি দুটা এক্সপেৰিমেণ্টৰ নাম ওলাল পাৰিম যেন লাগিল৷ ( কিনো পাৰিম যেন লাগিল? এক্সপেৰিমেণ্টৰ ৰিজাল্টলৈকে জানো যেতিয়া আৰু কি চিন্তা !!) মনতে ভাবিলোঁ, ‘‘এইবাৰলৈ বাচিলোঁ৷’’
মোৰ পাছৰ ৰোল নম্বৰটো আকৌ চক্ৰৰ। বৰদলৈ চাৰে এইবাৰ তাক কাগজ টানিবলৈ দিলে৷ সি টানিলে৷ তাৰ জনা চাৰিটা এক্সপেৰিমেণ্টৰ লগত কাগজত থকা এক্সপেৰিমেণ্টৰ মিলা নাই৷ গতিকে সি নোৱাৰোঁ বুলি ক’লে৷ সি দ্বিতীয়বাৰ টানিলে৷ এইবাৰো সি কৰিব পৰা এটাও এক্সপেৰিমেণ্ট নাপালে৷ সি চাৰক ক’লে, ‘‘নোৱাৰোঁ ছাৰ৷’’
চাৰে গহীনকৈ হাঁহি এটা মাৰি, আৰু ধপ মাৰিবি পাইছ মজা এতিয়া তেনেকুৱা ভাৱ এটা দেখুৱাই চাৰে ক’লে,
: নেক্সট টাইম আহিবা দিয়া৷

মানে তাৰ বেক লাগিল এইবাৰ!

কিন্তু চক্ৰও এৰি দিয়া ভকত নহয়৷ সি অলপ দেৰি ৰৈ দিলে ৰুমটোৰ ভিতৰতে অকনমান কিনাৰলৈ গৈ।চাৰেও তাৰ ফালে বৰ এটা মন নিদি বাকী থকাবোৰক এটা এটাকৈ মতাত লাগিল কাগজ টানিবলৈ৷ বাকীবোৰৰ শেষ হোৱাৰ পাছত সি আকৌ লাহেকৈ ছাৰৰ ওচৰলৈ গৈ এটা কাতৰ অনুৰোধ কৰি চালে ৷ নাই এই অনুৰোধেও বৰ কাম নিদিয়াত সি ‘বৈদ্য চেণ্টি’ দিয়াত লাগিল৷

: ছাৰ চাওক মই হ’লোঁ আপোনাৰ দৰেই এজন শিক্ষকৰ ল’ৰা। আজি যদি বেক লাগি যায় দেউতাই ক’ত কাৰ আগত মুখ উলিয়াব পাৰিব! আৰু যে কাৰ কি নহ’ব সেইবোৰ কৈ… ছাৰ এনেকুৱা হ’লে আপোনাৰ জানো ভাল লাগিব নিজৰে?

বাহঃ কি ডাইলগ! একে কোবতে বৰদলৈ চাৰ কুমলি মানে একেবাৰে গলি গ’ল গৈ এনেকুৱা চেণ্টি শুনি ।

: হেৰা আকৌ টানাহে কাগজ এখন৷
চাৰে তাক ক’লে।

: হে ভগৱান !! এইবাৰো কমন নপৰিল দেখোন?
সি মুখৰ ভিতৰতে ভোৰভোৰাই উঠিল৷

তাৰ অৱস্থা দেখি ইতিমধ্যে অলপ বেছিকৈয়ে চেণ্টি খাই থকা ছাৰেই মাত লগালে-
: হেৰা তুমিয়ে কোৱাচোন কোনকেইটা এক্সপেৰিমেণ্ট পাৰিবা কৰিব?

সি তপৰাই মাত দিলে,
: ছাৰ মোক Potentiometer টো দিয়ক আৰু এটা …

ছাৰে তাৰ পাছৰতো কোৱাৰ আগতেই মাত দিলে,
: হেৰা সেইটো নোৱাৰিবা নহয় কৰিব৷ পটেঞ্চিয়মিটাৰটো বেয়া হৈ আছে নহয় বহুদিনৰ পৰা৷

লেবৰ Potentiometer টো এটা প্ৰকাণ্ড যন্ত্ৰ৷

চক্ৰই এক ছেকেণ্ডো পলম নকৰি ক’লে,
: ছাৰ হ’ব দিয়ক, সেইটোকে দিয়ক! একো নাই মই পটেঞ্চিয়মিটাৰটো ঠিক কৰি ল’ম৷

এই কথাটো শুনাৰ পাছত চাগৈ ছাৰৰ হাৰ্টফেইল হ’বলৈহে বাকী থাকিল, সেইজন যেন চক্ৰ নহয় টমাছ আলভা এডিচনহে আহি স্বয়ং ছাৰৰ আগত ওলালহি৷ এ.ই.চিত প্ৰেক্টিকেল কৰিবলৈ আহিছে৷ ছাৰে আৰু ৰ’ব নোৱাৰিলে,
: হেৰা যোৱা যোৱা যি মন যায় তাকে কৰা গৈ কোনোবা এটাৰ লগত। মোক খালি এবাৰ ৰিজাল্টটো দেখাই ল’বাহে চাবমিত কৰাৰ আগতে৷

ছাৰে তাক ভিতৰলৈ পঠিয়াই দীঘলকৈ উশাহ এটা টানিলে যেন কিবা এটা সাংঘাতিক দুৰ্ঘটনাৰ পৰাহে ৰক্ষা পৰিল!

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.