ফটাঢোল

অচিন চিনাকি-বাগ্মিতা বৰকাকতি

বন্ধু-বান্ধৱ বা পৰিয়ালৰ লগত আড্ডাত বহিলে হোৱাই নোহোৱাই বিভিন্ন কাহিনী শুনিবলৈ পাওঁ। তাৰে কিছুমান কাহিনী সদায় মনত থাকি যায়৷ এনে এটা কাহিনী মোৰ নিজৰ সৰু  মামীৰ। কাহিনী মানে একদম সঁচা ঘটনা, যিটো এতিয়া বিশ্বাস কৰিবলৈকে টান, কিছুলোকে হয়তো ভাবিব পাৰে এনেকুৱাও হ’ব পাৰে নেকি!

ঘটনাটো আজিৰপৰা প্ৰায় ত্ৰিশবছৰমানৰ আগৰ৷ মোৰ মামীয়ে বিয়াৰ আগৰেপৰা মৰিগাঁও চিভিল হস্পিটেলত নাৰ্চৰ চাকৰি কৰিছিল। মামী বৰ আজলী আৰু সৰল আছিল৷ মামীৰ মাকৰ ঘৰ আছিল একদম ভিতৰুৱা গাঁৱত। বিয়াৰ বয়স হোৱাত ঘৰৰ মানুহে মামীৰ কাৰণে দৰা বিচাৰি আছিল আৰু কোনোবা তেওঁলোকৰ সম্বন্ধীয়ই আমাৰ মামাৰ সম্ভেদ দিলে৷ ইফালে মোৰ মামাই চাকৰি কৰিছিল আৰ্মীত৷ আৰ্মীৰ চাকৰিত ছুটী নায়েই বুলিব পাৰি। বছৰেকত এবাৰ নে দুবাৰ ছুটী পায়। ছোৱালী চাবলৈ আহিবলৈ কি অজুহাত দেখুৱাইনো ছুটী ল’ব বুলি ভাবি বিয়াৰ সমস্ত দায়িত্ব ডাঙৰ মামা আৰু মামীকে দিলে। ঘৰৰ মানুহ ছোৱালী চাবলৈ গ’ল, পচন্দো হ’ল। পচন্দ নোহোৱাৰ কথাই নাহে, ছোৱালী দেখিবলৈ ৰঙে বৰণে ধুনীয়া, লগতে চৰকাৰী চাকৰিয়ালো। মামালৈ কেৱল খবৰহে পঠিয়ালে৷ খবৰ মানে মামাই আহি বিয়াখনহে পাতিব লাগে৷ বাকী সকলো যা-যোগাৰ ঘৰৰ মানুহেই কৰিব৷ তেওঁ মাত্ৰ আহি দৰাৰ সাজযোৰ পিন্ধি বিয়া পাতিবলৈ গ’লেই হ’ল৷ তেনেকৈয়ে পূজাৰ সময়তে বিয়াৰ দিনবাৰ ঠিক হোৱাত বিয়াৰ দুদিনমানৰ আগত মামা আহি পালেহি আৰু মামীক নেদেখাকৈ চিধা বিয়াৰ দিনাহে দৰা হৈ কইনাৰ চোতালত ভৰি থ’লেগৈ৷ মানে কইনাক প্ৰথম দেখিলে হোমৰ গুৰিতহে, তাকো ওৰণীৰ তলেদি কোনোমতে জুপি জুপি চাওঁতেহে৷ ভালকৈ দেখিলে, বিয়া হৈ উঠাৰ পাছতহে৷ মামাৰ অৱশ্যে কইনা পচন্দই হ’ল, শান্ত-শিষ্ট আৰু বৰ কামিলা মানুহ আমাৰ মামীজনী৷ ইফালে মামাৰ ছুটীও বেছি দিন নাছিল, মাত্ৰ পোন্ধৰ দিনৰহে ছুটী লৈ আহিছিল। গতিকে বিয়াৰ বাকী নিয়মবোৰ শেষ হওঁতে হওঁতে মামাৰ উভটিবৰে হ’ল৷ ইফালে মামীৰো ছুটী শেষ হ’বৰ হ’ল। ব’হাগ বিহুত আকৌ আহিম বুলি পৰিকল্পনা কৰি মামা উভটি গ’ল৷ মামা যোৱাৰ কেইদিনমানৰ পাছত মামীও নিজৰ কৰ্মস্থানলৈ গ’ল৷ মামীৰ চাকৰি যিহেতু ওচৰতে মাজে মাজে দুই তিনিদিনৰ ছুটী লৈ অকলেই শহুৰৰ ঘৰলৈ অহা যোৱা কৰি থাকে।

এনেকৈয়ে সময় বাগৰি বিয়াৰ ছয় সাতমাহৰ পিছত ব’হাগ বিহু পালেহি। মামীয়ে এইবাৰ দুদিনমান বেছিকৈয়ে ছুটী লৈ শহুৰৰ ঘৰলৈ যাবলৈ ওলাল৷ মনটো উগুল-থুগুল! মামাও বিহুত অহাৰ কথা, মানুহজনক লগ পাব, এইবাৰহে ভালকৈ কথা পাতিব৷ তেতিয়া যিহেতু গাঁৱৰ ঘৰত টেলিফোন নাছিলেই, কথা বতৰাও নহৈছিল। চিঠি পত্ৰটো দূৰৰে কথা, মামীৰ নিজৰে চাকৰি আছিল বাবে পইচা পঠিয়াবলৈ মণি অৰ্ডাৰো কৰিব লগা নহৈছিল৷ তথাপি মামাই বিহুত আহিম বুলি কৈ গৈছিল, সেইটো উৎসাহ বুকুত বান্ধি মামী যাবলৈ ওলাল। বিহুৰ আগদিনা ঘৰলৈ যাবলৈ আহি মামী কামপুৰলৈ যোৱা বাছ ধৰিবলৈ বাছষ্টেণ্ড পালেহি৷ বাছষ্টেণ্ডত বহুত ভিৰ, উৎসৱৰ বতৰত নিজৰ ঘৰলৈ যোৱা মানুহেৰে বাছ ভৰি আছে৷ বাছলৈ ৰৈ থাকোতে মামীৰ সন্মুখত যুৱক এজন আহি ৰ’লহি। ওখ-পাখ, স্বাস্থ্যবান এজন যুৱক৷ মামীয়ে যুৱকজনক দেখিছে যদিও ইমান গুৰুত্ব দিয়া নাই। চকুৱে চকুৱে পৰি দুয়োটাই সৌজন্যতাৰ হাঁহি মাৰিলে। মামীয়ে দেখি ক’ৰবাত দেখা দেখা যেন লাগিছে বুলি মনতে ভাবিলে যদিও কথাটো ইমান গুৰুত্বসহকাৰে নল’লে৷ ভাবিলে হয়তো বিয়াতো দেখিব পাৰে গিৰিয়েকৰ গাঁৱৰ কোনোবা হ’ব চাগে৷ ইফালে যুৱকজনে মামীলৈ চাই হেনো হাঁহিছেও কেইবাবাৰো। তথাপিও মামীয়ে অকণো পাত্তা দিয়া নাই। এনেতে বাছ এখন আহি লাইনত ৰ’লহি আৰু গোটেই মানুহবোৰ মথাউৰি ভঙা বানপানীৰ দৰে বাছখনলৈ দৌৰ দিলে৷ ইফালে মোৰ আজলী মামীয়ে বেগটোৰ সৈতে বাচত উঠিবলৈ অলপ অসুবিধা পালে। তেনেতে যুৱকজনে ততাতৈয়াকৈ আহি বেগটো ধৰি মেলি কোনোমতে বাছত উঠাই দিলে। মামীয়ে নেলাগে বুলি কৈছিল যদিও, যুৱকজনে হেনো হাঁহি মাৰি একো নহয় মই উঠাই দিম নহয় বুলি বেগটো লৈ ভিৰ ফালি বাছৰ ভিতৰত সোমাই গ’ল। যুৱকজনে বেগটো চিটৰ ওপৰৰ কেৰিয়াৰত উঠাই মামীৰ কাষত আহি ৰ’লহি৷ সেইদিনা বাচত বহিবলৈ চিট পোৱাতো পৰ্বতত কাছ কণী বিচৰাৰ দৰে কথা৷ গাড়ী চলা আৰম্ভ কৰিলে৷ লগে লগে যুৱকজনৰ ইটো সিটো কথাও আৰম্ভ হ’ল৷ মামী নিজেই খুব কম কথা কোৱা মানুহ বাবে নিজেই অলপ অস্বস্তিও পালে। আগৰ দিনৰ বাছ,তাতে ওখ চাপৰ বেয়া ৰাস্তাৰে কোনোমতে যাওঁ নাযাওঁকৈ গৈ থকা কম দূৰত্বও যেন মামীৰ বাবে বেছি দূৰ দূৰ লগা হ’ল। মামীয়েও উপায় নাপাই তেওঁৰ কথাবোৰকে শুনি গৈ আছে। মামীৰ এনেকুৱা লাগিল যেন যুৱকজনে প্ৰথমবাৰ লগ পাইয়েই লগাতকৈ বেছি অন্তৰংগ হ’বলৈ চেষ্টা কৰিছে৷ মামীয়ে কথা নেপাতিলেও তেওঁ উপযাচি কিবা কিবি সুধি থাকে৷ তথাপি সৌজন্যতামূলক দুই এশাৰী কথাৰ উত্তৰ মামীয়েও দিলে৷ ইফালে মামীৰ ভাবিছে যদি শহুৰৰ গাঁৱৰ কোনোবা হয় ভালকৈ উত্তৰ নিদিলে পাছত যদি গাঁৱত কয় ন কইনা গোমোঠা, কথাই ক’ব নোখোজে একেবাৰে, চাকৰিয়াল বাবে ফিতাহি বেছি হেন তেন। গতিকে কথা পাতিবলৈ ইচ্ছা নেথাকিলেও দুই এটা কথাৰ উত্তৰ দি আহি থাকিল৷ হেঁচা-ঠেলাত, বাছৰ ঠেকেচনিত যুৱকজন যেন বেছি কাষ চাপি আহিব খোজে, মামীয়ে অশান্তি পাই অলপ আঁতৰি দিয়ে, কিন্তু তথাপিও একো নক’লে৷ কিবা ক’লেই যদি  পাছত গাঁৱত গৈ ‘ন-কইনা বৰ দন্দুৰী, মুখচোকা’ বুলি কথা উলিয়াইগৈ! অৱশ্যে যিহেতু বাছতো বিহুত ঘৰলৈ যোৱা মানুহৰ সাংঘাটিক ভিৰ, তাতে তেতিয়াৰ দিনৰ ৰাস্তাত গাড়ী নাও যোৱাদি  টুলুং ভুটুং কৰি যায়, গতিকে দুই এটা খুন্দা অনিচ্ছাকৃত ভাবেও লাগিব পাৰে, একো ডাঙৰ কথাও নহয়৷

লাহে লাহে বাছ আহি কামপুৰ পালেহি৷ মামী বাছৰপৰা নামিল, যুৱকজনো নামিল৷ নামোতেও নিজৰ মানুহক সহায় কৰা গুণৰ পৰিচয় দি যুৱকজনে বেগটো বাচৰপৰা নমাই আনিলে৷ মামীয়ে ৰাস্তাত তেওঁৰ কথাৰপৰা অলপ আমনি পালেও, বেগটো লৈ ধন্যবাদ দি ক’লে, ‘আপুনি এতিয়া কোনফালে যাব?” যুৱকজনে উত্তৰ দিলে, “তুমি য’লৈকে যাবা ময়ো তালৈকে যাম দিয়া!” এইবাৰ মামীৰ খঙে মূৰৰ চুলি আগ পালেগৈ, বুজিলে এইজন কোনো ভদ্ৰ মানুহ নহয়! এনেইহে কোনোবা ফটুৱা৷ মামী খঙত গৰজি উঠিল, “কি ফাল্টু মানুহহে আপুনি! বাটত অকলশৰীয়া মহিলা পালে বুলিয়েই উল্টা-পুল্টা কথা কৈ আছে, তাতে মই বিবাহিত মহিলা৷ আপোনাক  ইমান দেৰি একো কোৱা নাই বুলি সুযোগ পাই বেছি কথা কৈছে৷ বহুত দেৰীৰপৰা চাই আছোঁ আপোনাক৷ মোৰ স্বামীয়ে আৰ্মীত কাম কৰে। এই ঠাইৰে। গম পালে আপোনাক ভালকৈ এসেকা দিব৷”

যুৱকজনে কিন্তু ভয় খোৱাৰ সলনি হাঁহি মাৰি উত্তৰ দিলে, “তোমাৰ স্বামীয়ে মোক একো কৰিব নোৱাৰে৷”

 “কিয় আপুনি বহুত ডাঙৰ গুণ্ডা নেকি?”

“নহয়, তোমাৰ স্বামীতো ময়েই! তোমাৰ বিয়া মোৰ লগতেই হৈছিলে৷ নিজকে নিজে কিনো কৰিম কোৱাচোন!” যুৱকজনৰ উত্তৰ শুনি মামী লাজত মুচকচ যোৱাৰ দৰে হ’ল৷ ইমান দেৰি তেওঁ নিজৰ স্বামী অৰ্থাৎ মোৰ মামাৰ লগত ইমান সময় একেখন বাছতে অচিনাকি মানুহ অহাৰ দৰে আহিলে, নিজৰ স্বামীকে চিনি নেপালে৷ যাক স্বামীৰ গাঁৱৰ কোনোবা হ’ব পাৰে বুলি সন্দেহ কৰি আছিল, তেওঁ স্বয়ং স্বামীয়েই হয়৷ মামীৰ লাজতে কি কওঁ কি নকওঁ এনেকুৱা অৱস্থা হ’ল৷ অৱশ্যে বিয়াৰ পাছত মামাক তেওঁ মাত্ৰ কেইটামান দিনৰ বাবেহে পাইছিল৷ তেতিয়া মোবাইল দূৰৰে কথা ভিতৰুৱা গাঁৱত টেলিফোনটোৰে সুবিধা নাছিল সঘনে কথা-বতৰা পাতি থাকিবলৈ। বিয়াৰ পাছত দুই তিনিদিন যি পালে সেয়াই৷ সেইবাবে তেওঁক প্ৰথমবাৰ দেখোতে চিনাকি যেন লাগিছিল যদিও কোনো ধৰণৰ যোগাযোগ নোহোৱাকৈ তেনেকৈ একেটা দিনতে যে দুয়ো একে সময়তে ঘৰলৈ আহিবলৈ বাছষ্টেণ্ডত লগ পাব সেইয়া কল্পনাৰো অগোচৰ আছিল। মামীয়ে লাজতে ক’লে, “আপুনি দেখাৰ লগে লগে মোক নক’লে কিয়?” মামাই মিচিকিয়া হাঁহি মাৰি ক’লে, “কি বুলিনো ক’ম মানুহৰ মাজত? তোমাক মই মাতিব খোজোতেই গম পালোঁ যে তুমি মোক চিনি পোৱা নাই, সেইকাৰণে অলপ ধেমালি কৰিম বুলি কোৱা নাছিলোঁ আৰু!” 

আজিৰ দিনত সেইবোৰ কথা অবাস্তৱ যেন লাগিলেও তেতিয়াৰ দিনত এইবোৰ কোনো আচৰিত কথা নাছিল৷ আজলী মামীৰ এই কথাটো মনত পৰিলেই এতিয়াও হাঁহিত মোৰ পেটৰ নাড়ী ডাল ডাল হৈ যায়৷

☆ ★ ☆ ★ ☆

20 Comments

  • উজ্জ্বল দিপ্লু

    আল্টিমেট 😄😄৷ ভাল লাগিল বাগ্মীতা৷

    Reply
  • কাবেৰী মহন্ত

    এইটো পঢ়ি থাকোঁতে দৃশ্যটো কল্পনা কৰি বেচ আমোদ পালোঁ৷ মজা লিখিলা

    Reply
    • বাগ্মিতা

      ধন্যবাদ কাবেৰীবা😘

      Reply
  • ৰিণ্টু

    বঢ়িয়া লাগিল বাৰ্বি

    Reply
  • হাঃ হাঃ বৈদ্য জমনি, ভাল লাগিল।

    Reply
  • Anonymous

    ইয়ে, তামাম দেখোন।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    ধৈ, কি যে মানে🤣🤣

    Reply
  • ববিতা শৰ্মা

    বঢ়িয়া লাগিল আনকমন ঘটনা

    Reply
  • Kalyan Bora

    বঢ়িয়া লিখিছা👍

    Reply
  • পূৰ্ণময়ী

    বেলেগ জমনি দেই

    Reply
  • Trishna Bora

    হা হা ভাল লাগিল ।

    Reply
  • Pranita Goswami

    বেছ ৰসাল অভিজ্ঞতা হৈছিল মামীৰ।

    Reply
  • জয়ন্ত

    বৰ ভাল লাগিল৷

    Reply
  • Abhijit Goswami

    বঢ়িয়া লাগিল অ বাৰ্বি 😝😝😝😝

    Reply
  • Anonymous

    সাংঘাটিক অভিজ্ঞতা হৈছিল দেই বেছ জমিছে

    Reply
  • Anonymous

    তাম্মাম.. মজ্জা লাগিল

    Reply
  • ডলী

    চিনেমা চোৱা যেন লাগিল ও। বঢ়িয়া

    Reply
  • Bobita Saikia

    বৰ বঢ়িয়া লাগিল দেই ৷

    Reply
  • জিতু

    বঢ়িয়া

    Reply

Leave a Reply

Your email address will not be published.