ফটাঢোল

অজ্ঞাত শত্ৰু- যোগেশ ভট্টাচাৰ্য্য

জেৰক্সৰ দোকানখনৰ বাহিৰৰ বেঞ্চখনত বহি ৰৈ আছিল সি আৰু তাৰ লগৰ কেইজনমান এজেণ্ট। ওচৰে-পাঁজৰে আৰু কেইজনমান অতি সাৱধানে কাৰো সন্দেহৰ চকুত নপৰাকৈ পিয়াপি দি আছিল। ৰাতিপুৱাই সিহঁতক সেইখিনি ঠাইত এৰি থৈ যোৱাৰ উদ্দেশ্য আছিল দোকানখনলৈ অহা প্ৰতিজন মানুহৰ ওপৰত চোকা নজৰ ৰখা আৰু চেগ বুজি নিৰ্দিষ্ট মানুহ কেইজনমানক টাৰ্গেট কৰা। ইতিমধ্যেই এজন মানুহৰ লগত দুজনমান এজেণ্ট লগাই দিছিলেই সি। যিটো উদ্দেশ্যলৈ সিহঁত বাহিৰলৈ ওলাইছিল তাৰ বাবে এজন মানুহক কৰায়ত্ব কৰাটোৱেই যঠেষ্ট নাছিল। চেইন চিষ্টেমত জড়িত হৈ থকা আটাইবোৰ মানুহবোৰক টাৰ্গেট কৰিবলৈ সিহঁত সম্পূৰ্ণৰূপে সাজু হৈ আছিল।

বিশ মিনিটমান পিছত দুজন মানুহ দোকানখনলৈ আহিল। এজনে কাগজ দুখনমান ফটোকপি কৰি লৈ দোকানিজনক পইচা দি গুচি গ’ল। সিহঁতে ইগনোৰ কৰিলে তেওঁক। আনজনে পেন ড্ৰাইভ এটা দোকানিজনৰ পিনে আগুৱাই দিলে। দোকানিজনে প্ৰিণ্টাৰটোৰ চুইচটো অন কৰি লেপটপটোত পেনড্ৰাইভটো ভৰাই দি মানুহজনক সুধিলে,

: কি হে বৰুৱা? বহুদিনৰ মুৰত দেখিলোঁ৷

: আৰে নক’ব আৰু। ওলাবলৈ চাঞ্চ পোৱা নাছিলোঁ।

এইবুলি কৈ বৰুৱাই হাতেৰে বেঞ্চখন অলপ মচি লৈ বহি ল’লে। অলপ সময়ৰ পিছত বৰুৱাই দোকানৰ ভিতৰলৈ গৈ দোকানিজনক ফুচফুচাই ক’লে,

: পুলিচ টাইট হৈছে এইকেইদিন। ঘৰৰ বাহিৰ ওলাবলৈকে সুবিধা পোৱা নাছিলোঁ। গলিৰ সন্মুখতেই পুলিচে তহল দি আছে। আজি চাঞ্চ পাই মনে মনে ওলাই আহিছোঁ। কালি মেছেজ এটা দিছিলোঁ। চাইছিল নে?

: পাইছোঁ মেছেজ। আপোনাৰ বস্তুটো পৰহি পাই যাব। লকডাউনৰ বাবে বাহিৰৰ পৰা মাল অহা নাছিল।

দোকানিজনে প্ৰিণ্ট কৰা কাগজখন আৰু পেন ড্ৰাইভটো বৰুৱালৈ আগবঢ়াই দি ক’লে।

: ঠিক আছে বাৰু। পৰহিলৈ বস্তুটো যেনেতেনে যোগাৰ কৰিব কিন্তু। পুলিচৰ চকুত ধূলি দি সদায় এনেদৰে ওলাই আহিব নোৱাৰি।

কথাখিনি কৈ বৰুৱাই বস্তুখিনি বেগটোত ভৰাই চেইনডাল মাৰি লৈ যাবলৈ ওলাল। এই বৰুৱা বোলাজনক টাৰ্গেট কৰিব লাগিব বুলি সি ইতিমধ্যেই সিদ্ধান্ত লৈ পেলাইছিল। লগৰ আধামানক দোকানখনৰ ওচৰত ৰ’বলৈ কৈ বাকী আধাখিনিৰ লগত সি বৰুৱাক অনুসৰণ কৰিবলৈ সাজু হ’ল৷ দোকানখনৰ পৰা ওলাই বৰুৱাই ফুটপাথেৰে খোজ ল’লে। বৰুৱাৰ অগোচৰে সি আৰু তাৰ লগৰকেইজনো ওলাল। দিনটোত বৰুৱাই কাক কাক লগ ধৰে সেইটো নজৰত ৰখাৰ উপৰিও সেই মানুহকেইজনৰ পিছতো এজন বা দুজন এজেণ্ট লগাই দিয়াটোৱেই তাৰ উদ্দেশ্য৷

ফুটপাথৰ পৰা নামি ৰাস্তা পাৰ হৈ সিটো পাৰে ৰৈ থকা বৈশ্য বোলাজনক লগ ধৰিলে বৰুৱাই। হেণ্ডচেক কৰি উঠি কিছু কথা পাতি লৈ দুয়োজনে বিদায় ল’লে। সি তাৰ লগত থকা এজেণ্টকেইটাক পুনৰ দুটা ভাগত ভগাই আধামানক বৈশ্যৰ পিছত লগাই দি বাকী আধামানক লগত লৈ বৰুৱাৰ লগে লগে গৈ থাকিল। কামখিনি সিহঁতে ইমান সন্তৰ্পণে কৰিলে যে বৰুৱা আৰু বৈশ্য কোনো এজনেই সিহঁতৰ উপস্থিতিৰ বিষয়ে সন্দেহ কৰিব নোৱাৰিলে। বৰুৱাই হাৰ্ডৱেৰ দোকান এখনত সোমাই হাতুৰী এটা কিনিলে আৰু কিতাপৰ দোকান এখনৰ পৰা চোকা পেপাৰ কাটাৰ এটা কিনিলে। দুয়োখন দোকানতে গোপনে এজেণ্ট ৰাখি দি সি বৰুৱাৰ লগে লগে বাছ আস্থানটোলৈ ৰাওনা হ’ল। ইপিনে বৈশ্য বোলাজনে লগ কৰা অন্য মানুহকেইজনৰ পিছতো এজেণ্টবোৰ ভাগ ভাগ হৈ লাগি গ’ল।

হাতুৰীটো আৰু পেপাৰ কাটাৰটো বেগত ভৰাই লৈ চানমাৰি অভিমুখী বাছএখনত বৰুৱাই উঠি ল’লে। লগত সি আৰু লগৰকেইজন। সিহঁতক কোনেও লক্ষ্যও নকৰিলে, সন্দেহো নকৰিলে। বাছখনত গৈ থকা সময়ত বৰুৱাই কাৰো লগত কথা নাপাতিলে যদিও নামি যোৱাৰ সময়ত নীলা চাৰ্ট পিন্ধা মানুহ এজনক নোট এখন দি লৰালৰিকৈ নামি গ’ল। সি লগে লগে কেইজনমানক নীলা চাৰ্ট পিন্ধা মানুহজনৰ ওপৰত আৰু বিশেষকৈ বৰুৱাই দিয়া নোটখনৰ ওপৰত চকু ৰাখিবলৈ নিৰ্দেশ দি আৰু লগতে সেই মানুহজনে যদি নোট বা যিকোনো ধৰণৰ কাগজ বেলেগ কাৰোবাক দিয়ে, তেওঁলোককো টাৰ্গেট কৰিবলৈ কৈ বৰুৱাৰ লগত বাছৰ পৰা নামি গ’ল।

বাছৰ পৰা নামিয়েই কল্ডড্ৰিংক এটা খাবলৈ বৰুৱাই দোকান এখনত সোমাল। দোকানিজনৰ লগত কিবা কথা পাতি পাতি কল্ডড্ৰিংকটো খাই দোকানৰ বাহিৰত থকা কল্ডড্ৰিংকছৰ কেচটোত বটলটো থৈ তেওঁ খোজকাঢ়ি ঘৰমুৱা হ’ল। বৰুৱাৰ লগে লগে সিও ওলাল, নিশব্দে, বৰুৱাৰ অগোচৰে। লগতে দুজনমান এজেণ্টক দোকানখনৰ বাহিৰত গোপনে ৰ’বলৈ কৈ বৰুৱাই এৰি যোৱা বটলটোৰ ওপৰত নজৰ দিবলৈ ক’লে আৰু কোনোবা ব্যক্তিয়ে আহি যদি সেই নিৰ্দিষ্ট বটলটো দাঙি চাই তেনেহ’লে সেই ব্যক্তিকো টাৰ্গেট কৰিবলৈ অৰ্ডাৰ দিলে। এজেণ্টকেইজনে বটলটো পহৰা দিয়াৰ প্ৰয়োজন অনুভৱ কৰা নাছিল যদিও, চুপচাপ অৰ্ডাৰ ফলো কৰিলে।

ঘৰমুৱা পথেৰে কিছুদূৰ খোজকাঢ়ি বৰুৱাই ডাঙৰ গ্ৰ’চাৰি ষ্টোৰ এখনত সোমাল। সিও লগে লগে সোমাল। সেইখন দোকানত চাবোনেৰে হাত নোধোৱাকৈ সোমাবলৈ দিয়া নহয় বাবে বৰুৱাই এনেই অলপ পানী লৈ আঙুলিকেইটা তিয়ালে। তাৰ গাত দুটোপমান পানী অলপৰ কাৰণে নপৰিল। দুখোজ পিছুৱাই গ’ল সি। লগতে সাৱধানো হ’ল। বৰুৱাক টাৰ্গেট কৰি থকা বুলি ধৰা পৰাৰ আশংকাত আৰু লগতে বিশেষ প্ৰয়োজন নেদেখাত সি গ্ৰ’চাৰি দোকানখনত কোনো এজেণ্টক নিয়োগ নকৰি বৰুৱাৰ লগে লগে চিধাই তেওঁৰ ঘৰ পালেগৈ।

ঘৰত সোমোৱাৰ লগে লগে ঘৈণীয়েকে বাহিৰৰ টেপটোৰ পৰা পানী উলিয়াই গা ধুবলৈ কৈছিল যদিও বৰুৱাই পকেটৰ পৰা ৰুমাল মোবাইল ইত্যাদি উলিয়াই বাহিৰৰ চকীখনত থৈ অকল হাত মুখ ধুই আহিল। চকীত উলিয়াই থোৱা ৰুমালখন হাতত লৈ মুখখন মচিব ধৰোঁতেই ঘৈণীয়েকৰ চিঞৰ শুনি থমকি ৰ’ল।

: হাৰে, এইখন ৰুমাল কিয় চুইছে? দিনটো এইখন পকেটত লৈ ঘূৰি ফুৰা নাই জানো? চাৰিওফালে ক’ৰণা ভাইৰাছ বিয়পিছে। তাতে কণ্টেইমমেণ্ট জ’নত পৰিছে আমাৰ চুবুৰিটো। পুলিচে পিটিলে সন্মান ক’ত থাকিলহেঁতেন?

: হেৰা, মই পিছফালৰ গলিয়েদি ওলাই গৈছো‌ঁ। পুলিচে ক’ত দেখিব? আৰু দিনটোত এবাৰো ৰুমালখন উলিওৱা নাই। আৰু মই কোনো অচিনাকি মানুহৰ কাষ চপাও নাই। ইমান ভাবি থাকি একো লাভ নাই। এইবোৰ ক’ৰণা চৰণা নহয় মোৰ।

এইবুলি বৰুৱাই ৰুমালখন মুখৰ ওচৰলৈ নিলে। ঠিক সেইটো মুহূৰ্তলৈকে অপেক্ষা কৰি আছিল সি। পকেটৰ পৰা ৰুমালখন উলিয়াই চকীত থওঁতেই সি ৰুমালখনৰ আঁৰত লুকাই পৰিছিল। যেতিয়া বৰুৱাই ৰুমালখন মুখৰ ওচৰলৈ নিলে, তেওঁৰ নাক আৰু মুখ গহ্বৰেৰে সোমাই যাবলৈ উদ্যত হ’ল সি আৰু তাৰ লগৰ ক’ৰণা ভাইৰাছকেইটা। ঠিক সেই সময়ত ভিতৰৰ পৰা দেতা দেতা বুলি দৌৰি আহিছিল বৰুৱাৰ তিনিবছৰীয়া ছোৱালীজনী। একে থাপে বৰুৱাৰ হাতৰপৰা ৰুমালখন কাঢ়ি নি ঘৈণীয়েকে চাৰ্ফ গুলি থোৱা বাল্টিটোলৈ নিক্ষেপ কৰি ক’লে,

: নিজৰ চিন্তা কৰে নকৰে নাই, কণমানিজনীৰ বাবেতো সাৱধান হওক। এতিয়াই হাতত চেনিটাইজাৰ সানক আৰু চাবোনেৰে ভালকৈ গা ধুই আহক গৈ। নহ’লে ঘৰ সোমাবলৈ নিদিওঁ, একো খাবলৈও নিদিওঁ।

উপায় নাপাই সেমেনা সেমেনিকৈ বৰুৱাই গা ধুবলৈ গ’ল। ৰুমালত আত্মগোপন কৰা ক’ৰণা ভাইৰাছকেইটা ইতিমধ্যে ডেটল মিহলি চাৰ্ফৰ পানীত পৰি ককবকাই আছিল।

☆ ★ ☆ ★ ☆

9 Comments

  • Sadananda Bhuyan

    বেলেগ লিখিলে । পঢ়ি বহুত সুখী হলোঁ ।

    Reply
  • বৰ্ণালী এচ মূদৈ

    ভাল লাগিল..

    Reply
  • ৰিণ্টু

    বঢ়িয়া লাগিল যোগেশ

    Reply
  • Abhijit Goswami

    বঢ়িয়া লাগিল দেই 👍

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বেলেগ সোৱাদ দিলে দেই৷

    Reply

Leave a Reply

Your email address will not be published.