ফটাঢোল

অতিথিৰ বিলৈ : উত্তম নেওগ

: গৃহস্থ আছেনে ঘৰত? 

 

কাৰোবাৰ মাত শুনি চোতালত জেওৰা খুটি জোঙালি থকা মানুহজনে আগন্তুক দুজনলৈ মূৰ দাঙি চালে৷

 

: নাই৷ দাদা বাইদেউ কেনিবা গৈছে৷ মই নাজানো।

 

: কিমান দেৰি হ’ব?

 

: নাজানো নহয়৷ আহকচোন বহকহি৷ 

 

: ক’ত বহিম গৈ? আগফালে দুৱাৰ বন্ধ দেখোন! 

 

: ককাইদেউ, সেইখন আমাৰ মালিকে নোখোলেই৷ মানুহ বহিলে ভিতৰত থকা চোফাকেইখন বেয়া হ’ব বুলি কয়৷

 

: তেনেহ’লে মানুহ আহিলে ক’ত বহে?

 

: আমাৰ ঘৰলৈ আলহী প্ৰায় নাহেই৷ আহিলেও আমাৰ দাদাই চোতালতে কথা পাতি পাতি আলহী বিদায় দিয়ে৷

 

: তোমাৰ মালিকক লগ পাব লাগিছিল৷ আমি এতিয়া অলপ ৰ’ব লাগিব।

 

: হয় নেকি? আহক তেন্তে মোৰ লগত আহক৷

 

: তোমাৰ নাম কি হে? 

 

: গাঁৱৰ মানুহে মোক পিতৌ বুলি মাতে৷ এনেই বেলেগ নাম এটা থাকোঁতে আছে৷ পিচে এতিয়া আহক৷

 

উপায় নাপাই দুয়োজন পিতৌৰ পিছে পিছে আগবাঢ়িল৷ ঘৰটোৰ কাষৰ ঠেক পানী যোৱা নলাটোৱেদি লেতেৰা বোকা পানী গচকি দুয়োজনকে পাছফালৰ দমকলটোৰ ওচৰ পোৱালেগৈ। 

 

: হেৰা ভাইটি৷ বৰ লেতেৰা ঠাই গচকালাহে৷ চাওঁ বাল্টি এটা দিয়া৷ ভৰিকেইটা ধুব লাগিব৷

 

: এইটো লওক৷

 

ঠেকা খাই খাই ভাঙি আধা ক্ষয় যোৱা টিংৰ বাল্টি এটা আগবঢ়াই পিতৌৱে ক’লে।

 

: ভাল বাল্টি নাই নেকিহে? এইটোৰে কাটিব দেখোন৷

 

: আৰু নাই ককাইদেউ৷ এইটো আমাৰ বাইদেউৰ লগত অহা৷ আমাৰ সকলোৰে কাম এইটোৰেই চলি যায়৷

 

পানী ঢালি ঢালি দমকলটোৰপৰা পানী অকণমান উলিয়াই পিতৌৱে ক’লে৷

 

: হ’ব দিয়া৷

 

বুলি ভৰিকেইটা যেনেতেনে তিয়াই দুয়োজনে পিতৌৱে আগবঢ়াই দিয়া জোৰা তাপলি মৰা পুৰণি কাঠৰ চকী দুখন ফুৱাই ফুৱাই চাফা কৰি বহিল৷

 

: দাদা চাব দেই৷ এইকেইখন বৃটিছৰ দিনৰ চকী৷ দাদাই যেনেতেনে কাম চলাই আছে৷

 

: হেৰা পিতৌ, এইটো দমকল আৰু এনেকুৱা ভগা বাল্টি লৈ তোমাৰ ঘৰৰ মানুহবোৰে কেনেকৈ চলেহে? গা ধুবলৈ হ’লে কিমান দিগদাৰ হয় চাগৈ? যেনেতেনে টিকাটো পেলাই এজন অতিথিয়ে সুধিলে৷

 

: আমাৰ দাদাই দমকলত গা নোধোৱে নহয়৷ পিছফাললৈ এটা পুখুৰী আছে তাতে ধোৱে৷ সেইযে দেখিছে ধুতিখন …

 

: অ সেইখনেৰে কি বেঢ়ি থৈছে নো?

 

দমকলটোৰপৰা অলপ দূৰত এখন পুৰণি ধুতিৰে বেঢ়ি মাজত কিবা থকা যেন ঠাইদোখৰলৈ পিতৌৱে দেখুৱাই দিয়াত এজন অতিথিয়ে সুধিলে৷

 

: সেইখিনি ঠাইত আমাৰ দাদাই লাইশাকৰ গুটিকেইটামান সিচি ধূতিখনেৰেই বেঢ়া দি থৈছে৷ কুকুৰা চৰাইবোৰে খুঁচৰি পেলাই যে সেইকাৰণে।

 

: অ’ সেইখন ধুতি আৰু নিপিন্ধে চাগৈ৷

 

: নাই নাই৷ সেইখন দাদাৰ তিয়নি ধূতি। গাধোৱাৰ সময়ত সেইখনকে পিন্ধি দাদাই পুখুৰীত জোবোৰা এটা মাৰি আকৌ তাত মেৰিয়াই থয়৷

 

: কৃষ্ণ প্ৰভু… তোমাৰ কি লীলা!

 

এজন আলহীয়ে হুমুনিয়াহ পেলাই পিতৌৰ মুখলৈ চাই ৰ’ল৷ বাহিৰত মহৰ কামোৰ, গেলা গেলা গোন্ধ সহিব নোৱাৰি এজন আলহীয়ে মাত দিলে,

 

: হেৰা পিতৌ, ভিতৰত বহিব পাৰিম নেকি?

 

: পাৰিব, আহকচোন সোমাই আহক৷

 

পিতৌৰ কথা মতেই দুয়োজন ভিতৰলৈ সোমাই ধুনীয়াকৈ সজাই পৰাই থোৱা কোঠা এটাত বহিলগৈ৷ কোঠাটোৰ এচুকত বিভিন্ন কিতাপৰ এটা আলমাৰী দেখি আলহী দুজনৰ মনটো ভাল লাগি গ’ল৷ অন্ততঃ গৃহস্থ অহালৈ কিতাপ পত্ৰ পঢ়িয়েই সময়খিনি অতিবাহিত কৰিব পৰা যাব৷

 

: দাদা বহকচোন দেই । মই চাহপানী অকণমানৰ ব্যৱস্থা কৰোঁঁ৷

 

পিতৌৱে বৰ সৰলতাৰে কোৱা কথাষাৰ শুনি দুয়োজন আলহীয়ে ইজনে সিজনৰ মুখলৈ চালে৷

 

: নালাগে হ’ব৷ আমি চাহ খায়েই আহিছোঁঁ৷ মাত্ৰ আমালৈ আলমাৰীটোৰ কিতাপ দুখনমান উলিয়াই থৈ যোৱা৷ আমি তেখেত অহালৈ কিতাপকে পঢ়িম৷ সময়বোৰ পাৰ হৈ যাব৷

 

: কিতাপ পঢ়িব নালাগে দাদা৷ 

 

: কিয়? তোমাৰ মালিকে কিবা ক’ব নেকি? আমাৰ কথা ক’বা৷ তেওঁ একো নকয়৷ তুমি ভিতৰলৈ যোৱা বাৰু৷ আমি নিজেই উলিয়াই ল’ব পাৰিম৷

 

: হ’ব আপোলোকে যিকৰে কৰক৷

 

এইবুলি পিতৌ সাউতকৈ ভিতৰলৈ সোমাই গ’ল৷ এটা ডাঙৰ আলমাৰী৷ ভাগৱত, গীতা, মহাভাৰতৰপৰা আৰম্ভ কৰি অন্তৰীপ, মৃতুঞ্জয়, মাকাম, অৰুন্ধতী, মেৰেং আদি কৰি কৌটিল্যৰ অৰ্থশাস্ত্ৰলৈকে৷ অসংখ্য গ্ৰন্থ উপন্যাসে ভৰি আছে আলমাৰীটো৷ কিন্তু আলমাৰীটো খুলি লৈ দুয়োজন আলহীৰ প্ৰায় অচেতন অৱস্থা৷ হে ভগৱান এইবোৰ কি দেখিছোঁ। ইখনৰ পাছত সিখন কিতাপ মেলি দুয়োজনে একেলগে চিঞৰি উঠিল,

 

পিতৌ….

 

হঠাৎ আলহী দুজনৰ টেটুফলা চিঞৰ শুনি পিতৌ লৰালৰিকৈ ভিতৰৰপৰা বাহিৰলৈ ওলাই আহিল৷

 

: কি হৈছে দাদা? কিয় এনেকৈ চিঞৰিছে?

 

: এইবোৰ কেনেকুৱাধৰণৰ কিতাপ থৈছে তোৰ মালিকে পিতৌ?

 

: অ’ কিনো ক’ম দাদা৷ আমাৰ মালিকে যাৰেতাৰে ঘৰৰপৰা এই কিতাপবোৰৰ বেটুপাতবোৰ যেনেতেনে খুজি বা চুৰ-তাৰি কৰি আনি ল’ৰা-ছোৱালীকেইটাৰ পুৰণি কিতাপ বহীবোৰ মাজত সুমুৱাই এনেকৈ আলমাৰীত সজাই থয়৷ মানুহে দেখিলে আচল কিতাপ বুলিয়েই ভাৱে৷ ময়ো সেইবাবে আকাৰ ইংগিতেৰে আপোনালোকক পঢ়িবলৈ মানা কৰিছিলোঁঁ৷ আপোনালোকেহে বুজি নাপালে৷

 

: ধেৎতেৰি! কেনেকুৱা মানুহ অ’! আৰু এইযে বিখ্যাত ব্যক্তিসকলৰ ফটোবোৰ এনেকৈ তলত পেলাই কিয় থৈছে পিতৌ?

 

টেবুলৰ তলত পেলাই থোৱা ফটোকেইখন চাই এজন আলহীয়ে সুধিলে৷

 

: আমাৰ দাদাৰ ভুতলৈ বৰ ভয়৷ সেয়ে এনেকৈ থৈছে। 

 

: এইখন ইয়াত কিয় লগাই থৈছে? মালিকে কিবা এইটো বিভাগত চাকৰি কৰে নেকি?

 

অনাময় আচনিৰ বেনাৰখন দেখি এজন অথিতিয়ে সুধিলে৷

 

: অ’ এইখন দাদাই ৰাস্তাৰপৰা খুলি আনি বেৰত লগাইছে৷ সেই ঠাইখিনিত বেৰত ৰং নকৰিলে৷

 

উত্তৰ শুনি দুয়োজন অতিথি হতবাক হৈ ইজনে আনজনৰ মুখলৈ চাই ৰ’ল।

 

: বাৰু আমি অলপ বাহিৰতে অপেক্ষা কৰোঁ পিতৌ৷ তুমি চাহ বনাব নালাগে৷ আমাৰ লগতে আঁহা।

 

: বাৰু ব’লক৷

 

এইবুলি আগৰ অহা বাটেৰেই দুয়োজন আলহীকে পিতৌৱে পিছে পিছে নি ঘৰটোৰ আগফাল পালেগৈ৷ 

 

: ককাইদেউ সেয়া আমাৰ ভড়াল ঘৰ আৰু সেইটো গোহালি। এইফালে এইয়া তুলসী ভেটি।

 

: ক’ত তুলসী ভেটি? সেইজোপা দেখোন বেঙেনা গছ৷

 

: অ’ আমাৰ দাদাই তুলসী পুলিটো আঁতৰাই বেঙেনা পুলি এটা ৰুই থৈছে তাত৷ কাতি বিহুৰ দিনাখনেহে অকল তুলসী জোপা লাগে৷ তেতিয়া আকৌ তুলসী পুলি এটা ৰুই সেৱা এটা কৰে৷

 

: অ’ পিতৌ তোৰ দাদাৰৰ ঘৰত থাকিলে আমি পাগল হ’ব লাগিব৷ গতিকে দাদা আহিলে ক’বি আমি আহিছিলোঁঁ৷ এতিয়া আৰু আমি ৰৈ নাথাকোঁঁ৷ মূৰটো কিবা ঘূৰোৱা যেন লাগিছে৷ বয়সীয়াল যেন লগা অতিথিজনে বৰ ভাগৰুৱা সুৰত কথাষাৰ কৈ লগৰজনলৈ চালে৷ ডেকা যেন লগাজনে বিৰক্তিভাৱে পিতৌক সুধিলে,

 

: তোৰ মালিকৰ নামটো জাননে নাজান? 

 

: ভাল নামটো নাজানো৷ গাঁৱৰ মানুহে পেটুৱা বিজু বুলি কয়৷ ময়ো সেইটো বুলিয়েই জানো৷

 

পিতৌৱে সেমেনা সেমেনি কৰি উত্তৰটো দিলে৷

 

: অ হয় নেকি? তোৰ মালিকৰ ভাল নামটো বিজয়৷ মনত ৰাখিবি৷ কেতিয়াবা বিপদত পৰিবি৷

 

অলপ খঙেৰে ডেকাজনে ক’লে৷

 

: বাৰু আপোনালোক কোন আহিছিলে বুলি ক’ম মই?

 

: ক’বি গুৱাহাটী আৰু তেজপুৰৰ পৰা দুজন মানুহ আহিছিল৷

 

ইয়াকে কৈ দুয়োজন আলহীয়ে লাহে লাহে ৰাস্তাৰফালে খোজ দিলে৷

☆ ★ ☆ ★ ☆

One comment

  • কাবেৰী মহন্ত

    বৰ ৰসাল কাহিনী৷ বিৰাটেই ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.