ফটাঢোল

অতিথি দেৱঃ ভৱঃ- মানৱেন্দ্ৰ কুমাৰ শৰ্মা

কলিং বেলৰ মাতত বাহিৰলৈ আহি দেখোঁ সন্ধ্যাৰ মাক, লগত অচিনাকি এজনীও৷ ক্ষীণ-মীন সন্ধ্যাৰ মাকৰ তুলনাত গায়ে-গাৰিয়ে প্ৰকাণ্ড মানুহজনী৷

‘সন্ধ্যাক তোমালোকৰ কাষৰ গানৰ স্কুলখনত এডমিচন দিলোঁ নহয়৷’ সন্ধ্যাৰ মাকে ক’লে৷ আৰু তেখেতৰ লগত অহা মানুহজনীৰ ফালে ইংগিত কৰি আমাক ক’লে, ‘এখেতৰ ল’ৰাজনকো ইয়াতেই এডমিচন দিছে৷’

আমি তেখেতলৈ চাই দুই হাত যোৰ কৰি ওপৰলৈ উঠালোঁ৷ পিছে আমাৰ সেই কাৰ্যৰ প্ৰতি ভ্ৰুক্ষেপহীন হৈ থাকিয়েই পাহাৰসম সেই মহিলাই ছোফাত বহিল আৰু বহিয়েই হাতত লৈ থকা চাবিৰ ৰিঙটো তৰ্জনী আঙুলিত ভৰাই এক বিশেষ কায়দাত ঘূৰাব ধৰিলে৷

তেখেতৰ আদব-কায়দা দেখি মোৰ কাষৰে তিনিআলিত বাইক ষ্টেণ্ড কৰা পিলিঙা ডেকা কেইটালৈহে মনত পৰিল৷ সিহঁতেও তাত ৰখাই থোৱা বাইকৰ ছিটত বহি বাইকৰ চাবিপাত আঙুলিৰে প্ৰায়েই এনেদৰে ঘূৰাই থাকে৷

তেখেতৰ আচহুৱা আচৰণে আমাক অলপ বিপাঙত পেলালে৷ আৰু সঁচাকৈ ক’বলৈ হ’লে অলপ বিৰক্তিৰ ভাবো মনলৈ নহা নহয়৷ তথাপি তেখেত আমাৰ প্ৰতি ওৱাকিপহাল হৈ থাকি নিজৰ কামতেই মজি থাকিল৷

হঠাৎ যেন তেখেতৰ সম্বিত ঘূৰি আহিল৷ আমাৰ ফালে মুখখন ঘূৰাই অকস্মাৎ ক’লে, ‘আমাৰ ল’ৰাই আকৌ বৰ ভাল গান গায়দেই৷ মই বোলো তাক ইয়াত নাম লগাই দিলে স্কুলখনৰো ভাল নাম হ’ব৷ সেয়ে ইয়াত এডমিচন দিয়াৰ ডিচিচন ল’লোঁ৷ পঢ়া-পাতিতো সি খুবেই ভাল৷ সি পঢ়া স্কুলখনৰ যে নাম উজলাব সেইতো খাটাং৷’

তেখেতৰ কথাত কি কোৱা উচিত তেনে চিন্তাত বিমোৰত পৰি আমি কেৱল সন্ধ্যাৰ মাকৰ ফালে চাই থাকিলোঁ৷

মাকৰ গৰ্বিত মুখমণ্ডলত পুতেকৰ উজ্জ্বল ভৱিষ্যতৰ চানেকি হেল’জেনৰ দ্যুতি হৈ চমকি আছে৷ সেই দ্যুতিৰ বলেৰে মহীয়ান তেখেতে আৰু ক’লে, ‘আমাৰ সি পিছে আকৌ অসমীয়া লিখিব আৰু পঢ়িব নাজানে দেই, ইংলিছ মিডিয়ামতহে পঢ়ে৷ কি কৰিব, যুগৰ লগত মিলাকৈ আমিয়েই সিহঁতক গঢ় দিব নালাগিব জানো?’

নিজৰ আপোন ভাষাটোৰ প্ৰতি তেখেতৰ  এই অনীহা আৰু তাচ্ছিল্য দেখি আমাৰ মুখৰ মাত হেৰাল৷ আলহি বুলি কোনোমতে নিজৰ খঙ সম্বৰণ কৰি বহি থাকিলোঁ৷

আমাৰ এওঁ ক’লে,’আপোনালোক বহক ৷ মই চাহত লাগোঁ ৷’

‘ব’লা মইও অলপ লাগি দিম৷’ সন্ধ্যাৰ মাকো এওঁৰ লগত পাকঘৰলৈ গ’ল৷

মোৰহে মৰণ মিলিল! সমুখৰ নমুনা হাড়মাল যেন লাগিলেও সৌজন্যৰ খাতিৰত এৰি যাবলৈও মনে নকয়- অতিথি দেৱঃ ভৱঃ৷

*********
পাকঘৰত দুয়ো স্বস্তিৰ নিশ্বাস এৰিলে৷

‘কি কৰিবা আৰু ময়ো আজিহে প্ৰথম লগ পাইছোঁ৷ মই ইয়ালৈ আহিব ওলোৱাত উপযাচি আহিম বুলি কোৱাই ময়ো না ক’ব নোৱাৰিলোঁ৷’, সন্ধ্যাৰ মাকে ক’লে৷

‘ইচ্‌ আপুনি আকৌ কিয় তেনেকৈ কয়? থাকেই কিছুমান এনেকুৱা প্ৰকৃতিৰ৷’

‘তথাপি তেখেতৰ আচৰণ দেখি মোৰেই অস্বস্তি লাগিছে৷ তোমালোকৰ তেখেতে এতিয়ালৈ যে কিদৰে সহি আছে তেখেতেহে জানিব৷’

তেখেতৰ পুত্ৰৰ গুণানুকীৰ্তন চলিয়েই থাকিল৷ আৰু চলি থাকিল চাবিৰ ৰিঙটোৰ সেই অহৰহ ঘূৰ্ণন৷

তেখেতৰ একেঘেয় কথাত বিৰক্ত হৈ এপাকত ময়ো ভিতৰলৈ উঠি গ’লোঁ৷ শ্ৰীমতীৰো চাহৰ যা-যোগাৰ সম্পূৰ্ণ হৈ উঠিছিল৷

চাহ কাপ মুখত দিয়েই তেখেতে পুনৰ কেচেটখন বজালে৷

‘মোৰ আকৌ প্ৰথমজনী ছোৱালী৷ তাইও বৰ ভাল গান গায়দেই৷ এইবাৰ স্কুলত গান গাওঁতে তাই সৱতে প্ৰথম পুৰস্কাৰ পাইছে৷’

‘তাইকো একেলগে গানৰ স্কুলত নিদিলে কিয়?’, সন্ধ্যাৰ মাকে সুধিলে৷

‘দেউতাকেও কথাটো কৈছিল৷ পিছে মই বোলো খবৰদাৰ, ছোৱালী হৈ ইমান বা নবলালেও হ’ব৷ দুদিন পিছত বেলেগ এখন ঘৰলৈ তাইক উলিয়াই দিব লাগিব যেতিয়া এতিয়া ইমান ফুল ফুলোৱাৰ একো দৰ্কাৰ নাই৷’

‘দুয়ো একেখন স্কুলতেই পঢ়ে কিজানি?’

‘ইচ্‌ ছোৱালী মানুহক সদায় চকুৰ আগতহে ৰাখিব লাগেদেই, তাইক ঘৰৰ কাষৰ স্কুলখনতে দিছোঁ৷’

‘কোনখন স্কুলত?’

মানুহজনীয়ে হেহোঁনেহোঁ কৰিলে৷

কৰিবই৷ তেখেতৰ যি ঢং, ছোৱালীজনীক চৰকাৰী স্কুলত দিয়া বুলি ক’বলৈ লাজ কৰাটো স্বাভাৱিক কথা৷

‘ঠন’কৈ এটা শব্দ হ’ল, পিচমুহূৰ্ততে ‘জৰাৎ’কৈ উঠিল৷ আমাৰ ‘শ্বো কেচ’ৰ গ্লাচ এখন ভাঙি তলত পৰিল৷ ঘূৰাই থাকোঁতে তেখেতৰ আঙুলিৰ পৰা উফৰি যোৱা চাবিপাতে গ্লাচখন ভাঙিলে ৷ চাবিপাত বুটলি তেখেতে ক’লে, ‘হে মোৰ স্কুটিৰ চাবি ৷মই আকৌ চিটিবাচত উঠি খুব বেয়া পাওঁ দেই, সেয়েহে এইখনতে ঘূৰি ফুৰোঁ৷’

এই কথাখিনি শুনাবলৈয়ে অ’তপৰ তেখেতে কিজানি চাবিপাত তেনেদৰে ঘূৰাই আছিল- আমাৰ তেনে লাগিল৷

এসময়ত অতিথি গ’লগৈ, আমি গ্লাচৰ ভঙা টুকুৰা উঠাই থাকিলোঁ৷

☆ ★ ☆ ★ ☆

2 Comments

  • ৰাজশ্ৰী শৰ্মা

    ভাল লাগিল দাদা।

    Reply
  • Pranita Goswami

    থাকে কিছুমান এনে প্ৰকৃতিৰ। ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.