ফটাঢোল

অতিথি (মূল – হুমায়ূন আহমেদ) – অনুবাদ : মুনমুন সৰকাৰ শইকীয়া

তিনি বছৰৰ মূৰত সফুৰা নিজৰ গাঁৱলৈ যাবলৈ ওলাইছে। ঢাকা চহৰখনত একেলেথাৰিয়ে তাই যে ইমানদিন পাৰ কৰি দিব পাৰিলে কেনেকৈ সেয়া তাই নিজেও ধৰিব পৰা নাই। এনেকুৱা লাগে যেন সৌ সিদিনা আহিছিল হে কোনোবা এক জাৰকালি, মাজতে দুটামান জাৰকালি আৰু পাৰ হৈ গৈ এয়া  তিনি নম্বৰ জাৰৰ বতৰ।

প্ৰথমদিনা ভয়ে ভয়ে বাৰান্দাত বহি আছিল। মালিকনী বাইদেৱে তাইক দেখিও নেদেখাৰ ভাও ধৰিছিল, ওচৰতেই ইমান মৰমলগা অকণমানি দুজনী ৰূপা আৰু লোপাই খেলি আছিল অথচ তাইৰ ফালে ঘূণাক্ষৰেও ঘূৰি চোৱা নাছিল। এবাৰ সফুৰাই ভয়ে ভয়ে সুধিয়েই পেলালে –

: ভণ্টি, তোমাৰ নামটো কি?

ৰূপাই তাইৰ ফালে নোচোৱাকৈয়েই উত্তৰ দিলে-
: মোক ভণ্টি বুলি নামাতিবা।

সফুৰা মনে মনে বহি থাকিল। সময় যেন নাযায় নুপুৱায়। সিহঁতে তাইক কামত বাহাল কৰিব নে নাই তাৰো ঠিক নাই। তাইৰ বৰ পিয়াঁহ লাগিছিল। পানী বিচাৰিব কাক?

বহুত দেৰিৰ মূৰত মালিকনী বাইদেউ চাহৰ কাপ হাতত লৈ তাইৰ সন্মুখত বহিল।  তাইৰ ফালে তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰি ক’লে-

: কি নাম?

: সফুৰা।

: ঘৰৰ কাম-কাজ কৰিব জানা?

সফুৰাই কি উত্তৰ দিব ধৰিব নোৱাৰিলে। ঘৰৰ কাম আটাইখিনিয়েই তাই জানে। ভাত ৰন্ধা, বাচন ধোৱা, কাপোৰ ধোৱা… কিন্তু ঢাকাৰ নিচিনা চহৰৰ এই ঘৰবোৰত বা কি কাম কৰিব লাগে, কোনে জানে?

: আগতে কেতিয়াবা কাৰোবাৰ ঘৰত কাম কৰিছিলা নে?

: নাই, নাই কৰা।

: ঢাকাত কি প্ৰথমবাৰৰ বাবে আহিছা?

: হয়

: মালিকনী বাইদেৱে ৰুক্ষ স্বৰত ক’লে-

হাতত ধৰি কাম শিকাম, পাখী গজিব, উৰা মাৰি গুচি যাবা আকৌ লোকৰ ঘৰলৈ। তোমালোকক মই হাড়ে হাড়ে চিনি পাওঁ।

: মই ক’লৈকো নাযাওঁ।

: এনেই যি তি প্ৰতিশ্ৰুতি নিদিবা। এইবোৰ মোৰ জনা আছে। দৰমহা কিমান ল’বা?

সফুৰা মনে মনে বহি থাকিল। যিজনে তাইক লৈ আহিছে কাম দিব বুলি, সেইজনে বাৰে বাৰে কৈ পঠিয়াইছিল- দৰমহাৰ কথা সুধিলে মুখেৰে নামাতিবা। উপযাচি একো নক’বা। তাই মনে মনে আছে সেয়ে, মুখেৰে একোৱেই মতা নাই।

: কি হ’ল, মুখেৰে নাই মতা যে? কিমান লাগিব দৰমহা?

: আপুনি যিমান দিয়ে, সিমানেই হ’ব।

: কাপোৰ কানি আনিছা নে?

সফুৰাই লাজেই পালে, কাপোৰ কানি বুলিবলৈনো আৰু কি, শাড়ী এখন আছিলে সেইখনকে লগত লৈ আনিছে, ইমান কাপোৰ কানি থকাহেঁতেন ল’ৰা ছোৱালীহালক এৰি, স্বামীক এৰি থৈ ঢাকা চহৰলৈ কাম বিচাৰি আহিলহেঁতেন নে তাই?

মালিকনী বাইদেৱে বিৰক্ত হৈ ক’লে-

: তোমালোকৰ এইটো এটা প্ৰব্লেম, এযোৰ কাপোৰ লৈ গুচি আহিবা যাতে লগে লগেই কিছু কাপোৰ কিনি দিব লাগে।

সফুৰাই তলমূৰ কৰি থাকিল।

: তোমাৰ নামটো কি আছিল?

: সফুৰা

: শুনা সফুৰা, ইয়াত থাকা। কাম কৰা। কিছুদিন তোমাৰ কাম-কাজ চাওঁ। যদি কাম পছন্দ হয় দৰমহা ঠিক কৰিম। মোৰ পৰিয়াল সৰু। কাম তেনেকৈ নাই বুলিলেই হয়। ছোৱালী দুজনীক কেতিয়াও নাম কাঢ়ি নামাতিবা, আণ্টী বুলি মাতিবা, ডাঙৰ আণ্টি, সৰু আণ্টি। মনত থাকিব নে?

: হয়, থাকিব।

: আমাৰ বাথৰূম বেলেগ। সেই বাথৰূমত কেতিয়াও নোসোমাবা।    মনত থাকিব?

: হয়, থাকিব।

: তোমাক বেলেগকৈ কাঁহী বাটি দি দিম। সদায় সেইবোৰ ব্যৱহাৰ কৰিবা। আমাৰ কাঁহী-বাটি কেতিয়াও ব্যৱহাৰ নকৰিবা।

: বাৰু, ঠিক আছে।

: সদায় চাফ-চিকুণ হৈ থাকিবা। গাঁৱৰ পৰা আহিছা যেতিয়া পেটত অসংখ্য পেলু আছে চাগৈ, পেলু মৰা দৰৱ দিম।

মূৰত ওকণি আছে নে?

: হয়, আছে।

: ওকণিৰ দৰৱ দিম। লৰেকছিন। চুলিত সানি গা ধুবা।

: হ’ব বাৰু।

: দুদিনৰ মূৰে মূৰে গাঁৱৰ ঘৰলৈ যোৱা নহ’ব। আজি ইয়াৰ অসুখ, কাইলৈ তাৰ অসুখৰ বাহানা নচলিব। গাঁৱৰ ঘৰলৈ যাবা বছৰত এবাৰ। তাৰ পৰাও সপ্তাহে পষেকে মানুহ লগ কৰিবলৈ আহিব নোৱাৰিব। দৰমহাৰ পইচা প্ৰতিমাহৰ দুই তাৰিখে দি দিম।

মাণি অৰ্ডাৰ কৰি দিবা নহ’লে কাৰোবাৰ হাতত পঠাই দিবা।

: বাৰু

: কাঁচৰ বাচন-বৰ্তন খুব সাৱধানে ধৰিবা। মেজৰ ওপৰত যে ফল থৈ দিয়া কাঁচৰ বাটিটো দেখিছা সেই বাটিটোৰ দাম তিনি হেজাৰ টকা।

এটা বাটিৰ দাম তিনি হেজাৰ টকা! সফুৰাৰ দম বন্ধ হৈ আহিল। তিনি হেজাৰ টকাত গৰু এটা কিনিব পাৰি। সামান্য বাটিটোৰ দাম তিনি হেজাৰ টকা? বাটিটো এবাৰ চুই চাব লাগিব।

সফুৰাক কামত লগোৱা হ’ল। যি যি শিকিবলগীয়া আছিল এসপ্তাহৰ ভিতৰত তাই শিকি ল’লে। মালিকনী বাইদেউ যে তাইৰ কাম-কাজত সুখী, ন দিনৰ দিনা সেয়াও তাই গম পালে। পকাখন মচি থাকোঁতে তাই শুনিলে মেডামে কাৰোবাক ফোনত যেন কৈ আছে, মোৰ কাম কৰা মানুহজনী বৰ খৰ। কামো ভাল। শিকাৰ আগ্ৰহ আছে। কিন্তু টিকিব নোৱাৰে। কাম শিকি লৈ বেলেগ এঘৰলৈ কাম কৰিবলৈ গুচি যাব। ইহঁতবোৰক মই ভালদৰে চিনি পাওঁ।

মালিকনী বাইদেউৰ কথা সঁচা নহ’ল। তাই ক’লৈকো নগ’ল। সেইখন ঘৰতেই থাকি গ’ল। যোৱা তিনিটা বছৰে তাই ঘৰলৈকো যোৱা নাই। কেবাবাৰো যোৱাটো ঠিক হৈছিল কিন্তু প্ৰতিবাৰেই কিবা নহয় কিবা এটা অসুবিধা আহিয়েই যায়। প্ৰথমবাৰ সৰু আণ্টিৰ ফ্লু হ’ল। অসুস্থ ছোৱালীজনীক পেলাই থৈ কোন সতেনো তাই যায়! দ্বিতীয়বাৰ জাপানৰ পৰা অতিথি আহিল ফুৰিবলৈ। ইয়াত থাকিলেও এসপ্তাহ মান। ঘৰতেই আলহী অতিথি পেলাই থৈ তাই যায় কেনেকৈ? যাবৰ সময়ত সেই মানুহহালে তাইক এটা হাতঘড়ী দিলে, কি আচৰিত, তাইৰ নিচিনা মানুহকনো কোনোবাই ঘড়ী দিয়েনে? ঘড়ীৰে তাই কৰিব কি? ঘড়ী তাইৰ কি কামত আহিব।

বকুলৰ দেউতাৰাই যেতিয়া পাছৰবাৰ টকা নিবলৈ আহিল তেতিয়া তাই টকাৰ লগতে ঘড়ীটোও দি দিলে।

: ঘড়ী ক’ত পালা?

: মোক উপহাৰ দিছে।

: কি কোৱাহে!

: যিটো সঁচা, সেইটোৱেই কৈছোঁ।

: বৰ দামী বস্তু যেন লাগিছে।

: হয়, নিবিকিব।

: নাই নাই, কিয় বিকিম? ঘড়ীৰ এটা মূল্য আছে। ঘড়ীৰ সন্মানেই বেলেগ।

বকুলৰ দেউতাকে ঘড়ী পিন্ধি আনন্দত আত্মহাৰা হ’ল। মানুহজন খুব চৌখিন। পইচা পাতি নিবলৈ আহিলে তেওঁক ভদ্ৰমানুহ এজনৰ দৰেই লাগে। মূৰৰ চুলি বেছিভাগেই পকি গৈছিল। এবাৰ আহিল, সব চুলি কিচকিচিয়া  ক’লা। চুলিত ৰং সানিছে। পাঁচ-দহ টকামান খৰচ হৈছে নিশ্চয় কিন্তু মানুহজনে এইবোৰ লৈ গুৰুত্ব নিদিয়ে, বৰ চৌখিন। সফুৰাৰ খুব মন যায় এই চৌখিন মানুহজনক নি ডাইনিং টেবুলত বহুৱাই ভাত এসাঁজ খুৱাবলৈ, তিনি হেজাৰ টকাৰ বাটিত চালাড খুৱাবলৈ কিন্তু সেয়া সম্ভৱ নহয়।

মালিকনী বাইদেৱে কৈ থৈছে-

:তোমাৰ গিৰিয়েৰাই যে দুদিনৰ মূৰে মূৰে সাজিকাচি টিপটপ হৈ আহে, ভাল কথা, কিন্তু তেওঁক ঘৰলৈ নামাতিবা, এবাৰ আহিলেই অভ্যাস হৈ যাব।

মালিকনী বাইদেউৰ কথাকেইটা শুনিবলৈ বেয়া হ’লেও কৰিবলগীয়া একোৱেই নাই। তেওঁৰ অন্তৰখন ভাল। তিনিবাৰ ঈদতেই তাইৰ ল’ৰা ছোৱালীহাললৈ টকা দিছে। যোৱাবাৰ ঈদত দৰমহাৰ উপৰঞ্চি পাঁচশ টকা দিছিল। গৰম কাপোৰ এখন দিছিল। তাইৰ দৰমহা আছিল ডেৰশ টকা, তাই নকওঁতেই সেয়া বঢ়াই দুশ কৰি দিছে। তাৰোপৰি যিমান আলহী অতিথি আহে সবেই যাবৰ সময়ত তাইৰ হাতত পঞ্চাছ এশমানকৈ টকা দি থৈ যায়। প্ৰতিটো পইচাই তাইৰ কামত আহে। দৰমহাৰ টকাৰ বাহিৰেও যি পা-পইচা তাই পায় সেয়া তাই সাঁচি থয়। যাবৰ সময়ত তাই সেয়া লৈ যাব। ল’ৰা ছোৱালী কেইটাৰ বাবে কিবাকিবি কিনিবলৈ হ’ব। তাই কষ্টত ঘটা পইচা।

বকুলৰ দেউতাকে তাইক নিবলৈ আহিছে। একেবাৰে চাহাবৰ দৰে সাজিকাচি আহিছে। হাতত ঘড়ী, চকুত ক’লা চছমা। গম্ভীৰ মুখেৰে বাৰান্দাত বহি আছে। সফুৰাই বিদায় পৰত মালিকনী বাইদেউৰ ভৰিত ধৰি সেৱা কৰিলত কান্দি দিলে, তিনিবছৰ আছিল, এক মায়াত আৱদ্ধ হৈ পৰিছে। যাবলৈ লওঁতে কষ্ট হৈছে।

বাইদেৱে ক’লে-

: তোমাৰ কাম-কাজত মই সুখী, ছোৱালী দুজনীয়েও তোমাক ভাল পায়। বৰ বেছিদিন নাথাকিবা। আহি যাবা। আজিৰ পৰা মই তোমাৰ দৰমহা বঢ়াই তিনিশ কৰি দিলোঁ। ঘূৰি অহাৰ পিছতো এইটো দৰমহাতেই কাম কৰিবা।

: আপোনাৰ আশীৰ্বাদ বাইদেউ।

দৰমহাৰ টকাকেইটাৰ বাদেও গাড়ীভাড়া বাবদ আৰু দুশ টকা তেওঁ দিলে। নতুন শাড়ী এখন দিলে। পুৰণি ছেণ্ডেল এযোৰ দিলে। উদাস ভাৱে ক’লে,

: তোমালোকৰ চাহাবৰ এটা কোটচোলা আছিল। এতিয়া নিপিন্ধে, লৈ যোৱা, কাৰোবাক দি দিবা।

বকুলৰ দেউতাকে সেই কোটচোলা লগে লগে পিন্ধি ল’লে, পিন্ধি উঠিয়েই ক’লে,

” জোখত হৈছে একদম, ব’লা বাছষ্টপেজলৈ যাওঁ এতিয়া, বাছখন ধৰিব লাগিব।

সফুৰাই আচৰিত হৈ সুধিলে,

: ল’ৰা ছোৱালী কেইটাৰ বাবে অলপ বজাৰ নকৰিম নেকি? ইমান দিনৰ মূৰত ঘৰলৈ গৈ আছোঁ?

: কি বজাৰ কৰিবা? ব’লা গৈ চাওঁ, জোতা, কাপোৰ কানি কিবা পাওঁ নেকি? ৰিক্সা ল’ব লাগিব।

বকুলৰ দেউতাকে চিগাৰেট জ্বলাই লৈ খালী ৰিক্সা চাবলৈ লাগিল।

সফুৰাই ক’লে-

: আপোনাক দেখিলে ধৰিব নোৱাৰি। চাহাবৰ দৰে লাগিছে। চছমা যে পিন্ধিছে কিমান লৈছে নো?

: সস্তাত কিনিছো‌ঁ, ৰ’দত পিন্ধি ল’লে চকুকেইটাই আৰাম পায়।

: আপুনি এতিয়া এযোৰ জোতা লওক।

বকুলৰ দেউতাকে উদাস কণ্ঠেৰে ক’লে,

: ব’লা যাওঁ, সস্তাত পালে জোতা এযোৰ ল’ম বাৰু।

ৰিক্সাত উঠি বকুলৰ দেউতাকে সৰুকৈ ক’লে-

: ঘটনা এটা হ’ল সফুৰা, তোমাক আগতেই নক’লে ঘৰলৈ গৈ চিঞৰ বাখৰ লগাবা, চিঞৰ বাখৰ কৰিবলগীয়া কথা নহয় পিচে।

সফুৰাই আতংকিত হৈ সুধিলে-

: কি ঘটনা?

বকুলৰ দেউতাকে যিমান পাৰি সৰু সৰুকৈ ক’লে-

: তুমি ঢাকালৈ গুচি আহিলা, মোৰ সংসাৰ উচ্ছন্নে গ’ল, ঘৰৰ ইমানসোপা কাম, গাঁৱৰ ৰাইজে ক’লে…

: আপুনি নতুনকৈ বিয়া পাতিছে নেকি?

: উপায়ন্তৰ হৈ যোৱা বাৰিষাত …

: মোক যে খবৰ এটাও নিদিলে।

বকুলৰ দেউতাক মনে মনে থাকিল। সফুৰাৰ চকুপানী ওলাই গ’ল, শাড়ীৰ আঁচলেৰে তাই চকু দুটা মোহাৰি ল’লে।

মানুহজনে যোৱা বাৰিষাতেই বিয়া পাতিলে, ঈদৰ পিছতেই। জাকাতৰ বাবে যি উপৰঞ্চি ৫০০ টকা মালিকনী বাইদেৱে দিছিলে সেই টকাৰেই তেন্তে… সেই টকা কেইটাই কাল হ’ল।

: খং কৰিলা নেকি সফুৰা? ভাবি চোৱা মাইকী মানুহৰ অবিহনে সংসাৰ চলে নেকি? তুমি পৰি আছা ঢাকা চহৰত।

: ন-ছোৱালীৰ নাম কি?

:সুলতানা।

: দেখিবলৈ কেনে?

: মোটামুটি।

: গাৰ বৰণ?

: বগা।

আকৌ সফুৰাই এখন্তেক কান্দিলে, চিঞৰি চিঞৰি কান্দিবলৈ মন গৈছিল তাইৰ, কিন্তু কান্দি হ’ব কি?
ঘূৰি ঘূৰি বহুত বজাৰ কৰিলে তাই, ল’ৰা ছোৱালী কেইটাৰ বাবে চোলা, জোতা, স্নো, আলতা, আঠুৱা,
চেনি, পলাউ বনাবলৈ চাউল, এক ডজন কমলা।‌ সকলোৰে বাবে ইটো সিটো কিনিলে তাই, কেৱল ন-ছোৱালীৰ বাবে একো এটা কিনা নহ’ল, তাই আকৌ অসন্তোষ কৰিব, তাইৰ গাতনো কি দোষ? বিয়া পাতি আনিছে বাবেহে আহিছে তাই।

সফুৰাই ন-ছোৱালীৰ বাবে ৰঙা পাৰীৰ শাড়ী আৰু ৰঙা খাৰু কিনিলে।

: ৰঙা ফিতাও ল’বাচোন, তাই ফিতাৰ কথা কৈছিল।

সফুৰাই ৰঙা ফিতাও ল’লে।

দুপৰীয়া সিহঁতে বাছত উঠিল। বকুলৰ দেউতাকে মিঠাপান কিনিলে, তেওঁ বাছৰ খিৰিকীৰ কাষৰ ছিটত বহিল নহ’লে তেওঁৰ মূৰ ঘূৰায়। তেওঁ ঘড়ীলৈ চাই ক’লে ৰাতি আঠমান বাজিব। জাৰকালি হোৱা বাবে ৰক্ষা নহ’লে খুব কষ্ট হ’ল হয়, এতিয়া আৰামত যাব পাৰিবা। জাৰকালিৰ বাহিৰে গাঁৱৰ ঘৰলৈ নাহিবা। ঘূৰি ফুৰিবলৈ এই দিনকেইটা ভাল। সফুৰাই একো নামাতিলে। জাৰকালিৰ পকা ৰ’দত তাই ঘৰলৈ গৈ আছে, কাষত বহি গৈছে স্বামী। কিমানদিনৰ মূৰত ল’ৰা ছোৱালী কেইটাক চাবলৈ পাব। আনন্দাশ্ৰু নিগৰিব সিহঁতৰ। ৰাতি হয়তো টোপনি নাযাব সিহঁত। ন-ছোৱালীয়ে ৰঙা পাৰীৰ শাড়ীখন পিন্ধি আহি তাইক সেৱা কৰিব। ন-ছোৱালীক তাই হয়তো ক’ব-

: মোৰ বহু কষ্টৰ সংসাৰ এইখন। তুমি ইহঁতক চাই-চিতি ৰাখিবা।

ক’বলৈ লওঁতে তাইৰ চাগে চকুপানী ওলাব। আজিকালি বিনা কাৰণতেই তাইৰ চকুপানী ওলায়।

কিমান আনন্দ সহকাৰে তাই ঘৰলৈ গৈ আছে, এতিয়া কান্দিবলৈ একোৱেই নাই, তথাপি কি আচৰিত! তাই কান্দিয়েই আছে, বহু বছৰ আগতে বিয়া হৈ স্বামীগৃহলৈ আহোঁতেও তাই এনেকৈয়ে কান্দিছিল।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.