ফটাঢোল

অতীত-ৰঞ্জু হালৈ মুনি

মেখেলা-চাদৰযোৰ আমাৰ বৰ প্ৰিয় নহয়নে? দৰা-কইনা খেলা বয়সৰপৰা প্ৰিয় এই মেখেলা-চাদৰযোৰ।সৰুতে গামোচাবোৰ মেৰিয়াই মেখেলা কৰি পিন্ধি দৌৰি ফুৰাৰ বাবে মায়ে সৰুকৈ মেখেলা এখন বৈ দিছিল। ডাঙৰ হোৱালৈকে সেইখনেই উৰাই-ঘূৰাই পিন্ধিলোঁ। ফাটি-চিৰি গ’লেও বৰ আদৰৰ আছিল সেই মেখেলাখন। ৰৈ থাকোঁ সৰস্বতী পূজা আৰু বহাগ বিহুলৈ। কাৰণ সৰস্বতী পূজা আৰু বহাগ বিহুৰ সময়তহে মেখেলা-চাদৰযোৰ আনুষ্ঠানিকভাৱে পিন্ধিবলৈ পাওঁ। জোখতকৈ ডাঙৰ আৰু দীঘল মেখেলাখন পিন্ধিবলৈ বৰ কষ্ট কৰিব লাগে৷ চাদৰখন বাৰু যেনতেনে হৈ যায়, কিন্তু মেখেলাখন নিমিলেহে নিমিলে। মেখেলাখনৰ মাজ ডোখৰত টানকৈ গাঁঠি এটা দি পিন্ধাই দিয়ে।

বিহুৰ বতৰত ঘৰত নাথাকোঁৱেই। বিহু নাচি নাচি গোটেই দিনটো ঘূৰি ফুৰোঁ। সেই কেইদিন স্কুলো বন্ধ।গতিকে বৰ বিশেষ চিন্তা নাই। বিহু নাচিব নাজানো যদিও বৰ বেয়াও নানাচোঁ। এতিয়াৰ দৰে হোৱা হ’লে ঘোঁচ দি হ’লেও  দুই-এটা পুৰস্কাৰ আনিলোঁ হয়। এবাৰ বিহু নাচিবলৈ গৈ অঘটন এটা ঘটিল। বিহু নাচি উভতিছোঁ। পথাৰৰ মাজেৰে চিধা ৰাস্তা লৈছোঁ ঘৰলৈ৷ আমি সৰু হৈ থাকোঁতে পথাৰবোৰ মুকলি হৈ আছিল৷ আজিৰ দৰে পথাৰৰ মাজত মানুহে ঘৰ সজা নাছিল৷ এতিয়াহে খেতি মাটিবোৰ নোহোৱা হ’ল। গাঁওবোৰতো পথাৰৰ মাজতেই পকীঘৰ হ’ল। আমি অহা ঠাইখিনিৰ সোঁমাজতেই এটা ডোং আছে। পাৰত সৰু-ডাঙৰ গছ-গছনি। জাঁপ মাৰি পাৰ হ’ব পাৰি। অইন দিনা হোৱা হ’লে কথা নাছিল। কিন্তু আজি জাঁপ মাৰিবলৈ চিন্তা হৈছে। মেখেলা-চাদৰ পিন্ধি আছোঁ জঁপিয়াওঁ কেনেকৈ!তথাপিও অভ্যাসৰ বলতে দিলোঁ নহয় জাঁপ মাৰি। ক’ৰপৰা জানো গছৰডাল এটা আহি জোঁট-পোট খাই ধৰিলে। ইফালেও যাব নোৱাৰোঁ সিফালেও যাব নোৱাৰোঁ। পেটিকোটত লাগি পেটিকোট দুফালহৈ পৰিল। লগৰজনীক চিঞৰি আছোঁ তাই গৈ সিফালে বেলেগৰ লগত কথাত মচগুল। ইফালে মই উঠিবপৰা নাই এক প্ৰকাৰ ওলমি আছোঁ। পিছত যেনিবা তাই আহি মোক উঠাই দিলে। ঘৰলৈ পেটিকোটৰ পাংখা উৰুৱাই উৰুৱাই আহিলোঁ। আহি পায়েই মাৰ বকনি বোলে,
: পেলালিনে টকাকেইটা পানীত। বিহু গাই কেইটকা আনিছ। লোকৰ ছোৱালীয়ে পুৰস্কাৰ আনে। আমাৰ আকৌ পিন্ধা কাপোৰখিনিও ভালকৈ নাহে।

হওঁ‌তে হয়৷ মাকবোৰে পুৰস্কাৰ জাতীয় কিবা আশা কৰেই৷ বিহু গাই বেছি পইচা নাপালোঁ। আধি-সিকিতেই সমাপ্ত। এঘৰত এটা চাৰিঅনা দিছিল, ঢুলীয়াজনে সেই মানুহঘৰৰ মন্দিৰতে পইচাটো দি সেৱা লৈছে বোলে,

: ভগৱানে এই ঘৰৰ গৃহস্থজনক আগলৈ বিহু গোৱা ল’ৰাক বেছিকৈ পইচা দিবলৈ সুমতি দিয়ক।

বাকীবোৰেও হৰিধ্বনি দিওঁতে ঘৰৰ গৃহস্থই একো উৱাদিহ নাপায় ভাবিছে চাগৈ ল’ৰাকেইজন বৰ ভাল।হৰিধ্বনি দি আশীৰ্বাদ দিছে। আথে-বেথে আহি সুধিলে বোলে,
: তোমালোক বৰ ভাল দেই, আৰু দুটামান পইচা লৈ যোৱা।

: নালাগে খুড়া, খুচুৰা পইচাৰ বৰ ওজন।

বেগাবেগিকৈ ওলাই আহিল গোটেইজাক।

গোটেই দিনটো একো খাবলৈও নহ’ল। এতিয়া মাৰ গালি খাই আছোঁ। কিনোতে এটা বিস্কুতৰ পেকেতো কিনিছিল। তাকো ইটোৱে বোলে, “তই বেছিকৈ খালি”, সিটোই বোলে “তই বেছিকৈ খালি।”

তেনেকৈয়ে আদায় বিস্কুত। ছোৱালীকেইজনীৰ ভাগত নপৰিলেই। সোণসেৰীয়া অতীত বৰ মধুৰ। শৈশৱ কাল তাতকৈও বেছি মধুৰ। একো চিন্তা-ভাৱনা নাই কেৱল হাঁ‌হি-স্ফূৰ্তি।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.