ফটাঢোল

অথঃ সংসাৰ সংবাদ-হেমেন নাথ

“…বড়ি বাত’ পে’ নহী, ছ’টি বাত’ পে’ ধ্যান দ’, ছ’টি ছ’টি বাত’ পে’…….”

 “কিহত মগ্ন হা? কিহত মচগুল?”

কি আচৰিত!

‘বাৰ বাৰ দেখ’ চিনেমাখন চাই আছিলোঁ, অসমীয়া ডাইলগ মাৰিলে যে!

চিনেমাহলৰ পৰ্দাখন নোহোৱা হৈ গ’ল। অঃ, সমুখত দুৰ্গতিনাশিনী। মোৰ কাণৰ পৰা তেৰাই হে’ডফোন আজুৰি উলিয়াই মোবাইলো ইতিমধ্যে হস্তগত কৰিছে। টিঙিচকৈ উঠি আহিল নহয় খঙটো। লগ-গে লগ-গে তাৰ ওপৰত পানী ঢালি দিছোঁ। মানে খঙৰ ওপৰত। আৰে ভাই দস্তুৰমত পইছা ভৰি য়োগা ক’ৰ্ছ কৰিছোঁ, সাধাৰণ খঙটোকে যদি দমন কৰিব নোৱাৰোঁ!

মই যথাসম্ভৱ মাতত মাখন লেটিয়াই ক’লোঁ-

: কি? কিবা কৈছিলা? মই অনলাইন ক্লাছৰ আইডিয়া এটা লৈ আছিলোঁ!

: কেটৰিনাৰ পৰা?

: নাই, নাই কেটৰিনা নহয়…

: মোক বুদ্ধু পাইছা?

: নহয় মানে….

: যোৱাবছৰতো মাইনাৰ পঢ়া পুৰা গোল্লাই গ’ল!

(ইয়াত মাইনাৰ পঢ়া ক’ৰপৰা আহিল! এওঁ মুহূৰ্ততে টপিক এনেকৈ সলায় যে মোৰ উৰ্বৰ মাথায়ো কি কৰোঁ গোপাল টাইপকৈ বিনাবলৈ ধৰে!)

: এইবাৰ….এইবাৰতো মই পঢ়ুৱাই আছোঁ!

: কি পঢ়ুৱাইছা? বাৰ্বিৰ ছবি অঁকা, লটকনৰ সাধু আৰু এইবোৰ বাৰে বিংকৰা!

: নহয়, সেইবোৰতো শিক্ষাৰে অংগ…

: দোকানৰ পৰা আধাকিলো ব্ৰইলাৰ লৈ আহা।

(চাওক, মোৰ খং পলাব ব্ৰইলাৰৰ ওপৰত। নিঃকিন বেচেৰা!)

: মাংস আকৌ কিয় লাগে?…. মই যাব … নোৱাৰোঁ!

(‘নোৱাৰো’ শব্দটো ফুটি নোলাল কিজানি, মই নিজেই ভালকৈ নুশুনিলোঁ!)

: কাৰণ এইটো তোমাৰ কামৰে অংগ! ভাইটি আহিব, সোনকালে আনাগৈ।

সৰু সৰু কথাতে এওঁৰ কেৱল ‘ভাইটি আহিব’! মোৰ দৰে নিৰীহ জীৱ এটাৰ ওপৰত ‘ভাইটি আহিব’ বুলি কৈ যি টৰ্ছাৰ এওঁ চলায়, সেয়া বৰদাস্তৰ বাহিৰত। খঙে মোৰ মূৰৰ চুলি পায়গৈ, কিন্তু মই সদায় শান্তিৰ পক্ষত, সেয়ে ঘৰখনক ৰণথলীলৈ ৰূপান্তৰ কৰিবলৈ মই অনিচ্ছুক।

কিন্তু সেইবুলি ইমান দেমাকি মানি ল’ব পাৰিনে! নোৱাৰি। কেত-তিয়াও নোৱাৰি। কিন্তু ‘নাযাওঁ’ বুলি দস্তখত কৰাৰ আগতে মই পাকঘৰলৈ গৈ বেলনা-মাৰিডাল লুকুৱাই থ’ব লাগিব। এয়া ৰণকৌশল মাথোঁ।

(আপোনালোকে মিছাতে ফিচিঙা-ফিচিঙি কৰিব নালাগে, প্লিজ বচ কৰ’ য়াৰ!)

বেলনা মাৰিডাল বিচাৰি থাকোঁতেই মোৰ পিছে পিছে এওঁ উপস্থিত। একদম ‘হাও ইজ দ্য জোছ- হাই চাৰ’ মুডত। হাতত……হে’ হৰি এইটো কি! মিছাইল আকৃতিৰ এইটোচোন পটাগুটিটো!

মই পৰি যাবলৈয়ে লৈছিলোঁ, এওঁ ক’লে-

: মই মছলা ৰেডি কৰোঁ, সোনকাল কৰা।

: মোৰ তামাম মূৰটো বিষাইছে, আদা অলপ বিচাৰিছোঁ কঁপালত ঘঁহিবলৈ। টিকুকে পঠিয়াওঁ নেকি মাংস আনিবলৈ!

: মাংস আনিবা আধাকিলো, তাৰো টিকুক ভাগ দিবানে!

মই উত্তৰ নিদি গোঁ-গোঁৱাই আহি নিজৰ ঠাইত বহি পৰিলোঁ। হাতত মিছাইল-চ’ৰি-পটাগুটি লৈ থকা ৰুদ্ৰ মূৰ্তিৰ সমুখত মুখ চলাই থকাটো খুব এটা নিৰাপদ নহয়। সংসাৰতাৰিণীও মোৰ লগে লগেই আহিল। আহিয়েই মোৰ পৰা হস্তগত কৰা মোবাইলটো হাতত দি নিৰ্দেশ দিলে:

: ভাইটিলৈ ফোনটো লগাই দিয়াচোন।

মানে সেই দৈত্যলৈ! নাই, মানে ফোন কৰাত ভয় নাই, কিন্তু দুদিন আগতে তাৰ নম্বৰ কিবা খঙতে ডিলিট কৰি দিছিলোঁ। এই কথা বেকত হ’লেতো পটাগুটি-ধাৰিণীয়ে কি কালৰূপ ধৰিব তাৰে কল্পনা কৰিয়েই মোৰ পিলাই চমকি গ’ল। ভয়ৰ কথা নহয়, ভয়ৰ বিষয় নাহেই ইয়াত। কিন্তু মিছামিছি শান্তিৰ দ্বাৰকা হেন ঘৰখনক কুৰুক্ষেত্ৰলৈ পৰিণত কৰাৰ ইচ্ছা নাই মোৰ।

: ঠিক আছে, ময়েই লৈ আহোঁ মাংস, মূৰৰ বিষৰ টেবলেতো আনিম

বুলি যুদ্ধবিৰতি ঘোষণা কৰি মোনাখন লৈ ওলাই আহিলোঁ।

মদগজ ভায়েকটোৱে কেনেকৈ মাংসখন ৰান্ধিলে খাই ভাল পাব, সেয়াই মনত পাকঘূৰণি খাই আছে। এঃ, যিমান দৈত্যাকাৰ হ’লেও খুলশালী মোৰ, ময়েই ৰান্ধি খুৱাম। বিয়াৰ পিছৰ পৰাতো এনেও মোৰ ৰন্ধা-বঢ়াত চখটো বৰকৈ বাঢ়ি গৈছে। নাই, ইয়াত বেলনা মাৰিৰ লগত কোনো সম্পৰ্ক নাই। আৰু….. তেওঁ যে পটাগুটিটো হাতত লৈছিল, সেয়া মছলা পিহিবলৈহে লৈছিল! (ইয়াত আকৌ চকুচৰহাবোৰে ‘তিৰি ভুচুং’ টাইপ বিশেষণবোৰ কিয় ব্যৱহাৰ কৰে সেয়া মোৰ বাবে আউট অৱ চিলেবাছ।)

সুহুৰিয়াই সুহুৰিয়াই মই খোজৰ বেগ বঢ়াই দিলোঁ।

☆ ★ ☆ ★ ☆

One comment

  • হেমন্ত কাকতি

    হাঃ হাঃ ভাল লাগিল হেমেন৷

    Reply

Leave a Reply

Your email address will not be published.