ফটাঢোল

অথন্তৰ-দাদুল কুমাৰ

মানুহজনে পাহাৰত চাকৰি কৰে। মাহেকে-পষেকে ভৈয়ামত থকা পৰিয়ালৰ কাষলৈ আহে। কিন্তু এইবাৰ হঠাৎ দিয়া লকডাউনৰ বাবে সময়ত ঘৰলৈ আহিব নোৱাৰিলে। লকডাউন খোলাৰ পিছত যেতিয়া ঘৰলৈ আহিল, পত্নীয়ে দেখিয়েই চিঞৰ-বাখৰ লগালে বোলে, মানুহটোৰ হ’ল কি, দুদিন নাহোঁতেই চেহেৰাটোচোন কেনেবা হ’ল। নিশ্চয় কিবা বেমাৰে পালে। মানুহটোৱে বোলে,

:নহয় অ’। মই এনেকুৱাই। আগতে ঘৰলৈ আহোঁতে দাঢ়ি-চুলি কাটি, ৰং তেল ঘঁহি অহাৰ বাবেহে আচল ৰূপটো ধৰিব নোৱাৰা। লকডাউনত চেলুন তেলুনবোৰ বন্ধ নহয় জানো? এনেকৈয়ে গুচি আহিলোঁ। তাতে দোকান বজাৰ বন্ধ, পাহাৰীয়া আলু কচু খাই চেহেৰা কিডাল ভাল হ’ব।

নাই, নামানে মানুহজনীয়ে। মুঠতে মানুহটোৰ নিশ্চয় কিবা বেমাৰ হৈছে। সোনকালে ডাক্তৰক দেখুৱাব লাগে। পিচে এতিয়া দেখুৱাই কাক(?) সকলো ডাক্তৰতো কভিডৰ লগত ব্যস্ত। উপায় নাপাই পিছদিনা ৰাতিপুৱাই চুবুৰীৰে ভূঞা ডাক্তৰৰ ওচৰলৈকে ওলাল দুয়োজন। ডাক্তৰে বুজাই ক’লে মানুহজনীয়ে কথাটো বুজিব অন্ততঃ৷ সেইসময়ত ডাক্তৰে পুৱাৰ চাহকাপৰ সৈতে বাতৰিখন লৈ বাৰণ্ডাত বহিছিলহে। ইমান পুৱাতে কলিতা-কলিতানীক গেট খুলি সোমাই অহা দেখি তেওঁ আচৰিত। লৰালৰিকৈ চেনিটাইজাৰ অলপ হাতে-মুখে সানি বটলটো কলিতাৰ ফালে আগবঢ়াই দি বোলে,

: দুয়ো ৰাতিপুৱাই আহিল যে! হ’ল কি? কিবা প্ৰব্লেম?

উৎসুকতা সামৰিব নোৱাৰি তেওঁ সুধিয়েই পেলালে।  কলিতাই বোলে,

: হয়, প্ৰব্লেমত পৰিহে আহিছো। আপুনি এওক কনচিভ কৰাব লাগে।

: কি কয় হে আপুনি?

একেবাৰে ডাং খাই উঠিল ডা° ভূঞা।

: মই গৰু ডাক্তৰহে। মানুহৰ ৰিস্ক ল’ব নোৱাৰোঁ নহয়। ইফালে আপোনালোকৰতো দুটা ল’ৰা-ছোৱালী। আকৌ কনচিভ যে!

: হ’লেও পাৰিব আপুনি। পাৰ্টচ, ফাংচন এইবোৰ গৰু, মানুহ সবৰে একেই। মই যে নৰ্মেল মানে মোৰ যে  প্ৰেচাৰ, চুগাৰ, থাইৰড সব ঠিকেই আছে এই কথাটোহে এওঁক কনচিভ কৰাব লাগে। আপুনি  গৰু ডাক্তৰ হ’লেও এওঁক বুজাই মেলি ক’ব পাৰিব। আপুনি ক’লে এওঁ বুজি পাব।

সেইবুলি গোটেই কথাখিনি কলিতাই  ভাঙি-পাতি ক’লে ডা° ভুঞাক।

: মানুহ মাৰিব দেই আপুনি। আচলতে আপোনাৰ যে একো হোৱা নাই সেই কথাটোহে এখেতক কনভিঞ্চ কৰাব কৈছে। মই আকৌ বেলেগ বুজিলোঁ।

সেইবুলি ডা° ভুঞাই মিচিকিয়া হাঁহি এটা মাৰি কলিতাক কিবাকিবি অলপ প্ৰশ্ন সুধি ভয় খাবলগীয়াকে যে একো হোৱা নাই সেই কথা কলিতানীক বুজাই দিলে। লগতে কনচিভ আৰু কনভিঞ্চৰ অৰ্থ যে ভিন ভিন সেই কথাও ক’লে। অৰ্থ শুনি কলিতানী লাজতে তেনেই মুচকচ্ গ’ল। ঘূৰি আহোঁতে বাটত কলিতাক ভেকাহি এটা মাৰি বোলে

: নাজানে যদি  ইংলিছসোপা মাৰে কেলৈ, মানুহৰ আগত লাজ পাই মৰিবলৈ।

কলিতাই বোলে,

: হেৰৌ, সেই তাহানিতে ভাগৱতীৰ ওচৰত ইংআজী শিকা, ইমান দিন মনত থাকে নেকি কিবা!

: কোৱা নাছিলেনো কিয় তেতিয়াই, ইংলিছ শিকিব মন আছে যদি সেই মহন্তৰ ওচৰত শিকক৷ আপুনি আকৌ বিচাৰি পালেগৈ ভাগৱতীক।

: থোৱা হে..সেইডালে কি ইংআজী শিকাব মোৰ জনা আছে। দেখা নাইনে, সৌ সিদিনা বাতৰি পঢ়োঁতে প্ৰত্যুৎপন্নমতিটোকে শেষ কৰিব নোৱাৰিলে। অসমীয়া মুখত নুফুটাটোৱে ইংআজী শিকাই ফলাব। (গৰগৰাই উঠিল কলিতা।) এইবাৰ এটা কাম কৰিম। লকডাউন শেষ হ’লে কাকতি বোলাজনৰ ওচৰলৈকে যাম। শুনামতে তেখেত ইংআজীত ভাল। বয়সস্থ অভিজ্ঞ মানুহ। নিশ্চয় ভালকৈ শিকাব।

:  য’ত শিকে শিকিব। মুঠতে ভালকৈ নজনালৈকে ইংলিছত মুখ নেমেলিব।

মিচেছ কলিতাই ভোৰভোৰালে। এতিয়া কলিতাইনো কিমান ভালকৈ ইংৰাজী শিকে, সেয়া জানিবলৈ দুদিনমান বাট চাব লাগিব।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.