ফটাঢোল

অথন্তৰ – মৃদুল নাথ

দেওবাৰ বাবে আজি ৰাতিপুৱাৰে পৰা অলস ভাৱ এটাই বেতালৰ দৰে গাত লম্ভিছে৷ বৰ্তমান বহু সােনকালেই ৰাতি পুৱায়৷ মানুহজনীয়ে কেতিয়াবাই উঠি এপাক ঘূৰি ফুৰি আহিল, মােক মাতিছিল যদিও টোপনিৰ ভাও যুৰি
পৰি থাকিলোঁ৷ কথাতে আছে নহয়, টোপনিৰ ভাও জোৰা জনক জগােৱা টান৷ পিছে ঘূৰি আহি খিৰিকীৰ পৰ্দাখন টানি দিয়াৰ লগে লগেহে অথন্তৰ ঘটিল৷ সূৰ্য্য দেৱতাৰ দৃষ্টি পােনে পােনে আহি মােৰ মুখৰ ওপৰত৷ কোনােমতে
চকুদুটা মেলি মানুহজনীৰ ফালে চাই ক’লোঁ,
“তােমাৰ অন্তৰখন শুকাই কাঠ হ’ল৷ দেওবাৰ বুলি অধমৰ ওপৰত অলপ কৃপাদৃষ্টি নপৰিলনে? ”

“ হেৰি, কেতিয়াবাই ৰাতি পুৱাই এতিয়া দুপৰীয়াখন হ’বৰ হ’ল৷ ক’ৰ মানুহ ক’লৈ গ’ল ঠিকনা নাই, এইজনৰ এতিয়াও মৰ ঘুমটি যােৱাই নাই৷ খােৱা আৰু শােৱাৰ বাহিৰেও বন্ধৰ দিনটোত কৰিবলগীয়া বহুত কামেই থাকে
বুজিছে৷ মােৰ অন্তৰখন কাঠ হ’ল যদি গেছৰ খৰচ কমিল বুলিয়ে ধৰিব৷”

শেষৰ বাক্যটোৱে মােক ভালকৈযে বুজাই দিলে যে মােৰ আৰামৰ ম্যাদ উকলি গৈছে৷ বেঁকাকৈ খােলা খিড়িকীৰে বাহিৰলৈ চাওঁতে ভাৱ হ’ল সূৰ্যদেৱেও যেন মােৰ ফালে চাই হাঁহি আছে৷

যােৱা সপ্তাহত একেৰাহে কেইবাদিন ধৰি বৰষুণ দিয়া বাবে মনত অসন্তুষ্টিতে দেখা দিছিল৷ ভগৱানক মনে মনে খাটিছিলোঁহে, বােলাে হ’ল আৰু প্ৰভু, আৰু কিমান ঢালা৷ ভক্তৰ মনােবাঞ্চা পূৰণ কৰিবলৈ গৈ বৰুণদেৱে ধৈৰ্য্য
ধৰিলে, হ’লে কি হ’ব, সূৰ্য দেৱতাৰ সাতটা ঘােঁৰাই চেঁকুৰিব ধৰিলে৷ এইবাৰহে বিপদ হ’ল মােৰ, কোনখন মুখেৰেনাে এতিয়া আকৌ ভগৱানক কওঁ যে প্ৰভু বৰষুণৰ বতৰেই ঠিক আছিল৷ বাৰে বাৰে মােৰ মনােবাঞ্চা পূৰণ
কৰিবলৈ মইনাে ক’ৰ একেবাৰে ভি আই পিজন ওলাইছোঁ৷ কপাল ভাল যে ফেনখনে 24×7 নিজৰ কাম কৰি গৈছে, বিনা প্ৰতিবাদে৷ মাজে মাজে কেঁকাইছে অলপ, মুই নুশুনা ভাও জুৰিছোঁ৷

চকুযুৰি মােহাৰি বাৰীখনত এপাক সােমালোঁ, আচলতে বাৰী বুলিব নােৱাৰি, যি অলপ ঠাই কোৱাৰ্টাৰটোৰ পিছফালে আছে তাতে ইটো-সিটো লগােৱা হৈছে৷ মনটো ভাল লাগে চকুৰ আগত সেউজীয়াবােৰ বাঢ়ি অহা দেখিলে৷ সেয়াও জীৱন, কিঞ্চিত হ’লেও অৰিহণা আছে এই জীৱন গঢ়াত৷ ছিঙিব পৰা ইটো-সিটো বুটলি গা ধুবলৈ সােমাম বুলি ভাবিছোঁহে, মানুহজনীয়ে মাত দিলে, “এতিযা গা ধুব নালাগে, চুলিকেইডালৰ ফালে মন কৰিছেনে?”

অলপ চিন্তা কৰাত মনত পৰিল, কাইলৈ ক্লাব পাৰ্টি এটা আছে৷ সহকৰ্মী বিশ্বৰ ল’ৰাৰ জন্মদিন৷ আজি তাৰমানে ডেকা কৰিহে এৰিব মােক৷ পৰিবেশটো অলপ সলনি হওক বুলিয়ে যিমান পাৰি মিঠা মাতেৰে ক’লোঁ, “হেৰা, দেওবাৰ বুলি কিবা নবনাবা জানো, শুকান মাছৰ চাটনিটো বৰ ধুনীয়া বনােৱাহে৷ বনাবাচোন আজি৷”
শুকান মাছ, কেঁচা আম আনি থোৱা আছেই, বাকী মানধনিয়া, আদা, জলকীয়া আদি যি লাগে চব ঘৰতেই উপলব্ধ৷ মানুহজনীয়ে হ’ব বুলি কৈ কামত লাগি গ’ল, ময়ো নিত্য কৰ্ম সমাপন কৰি বজাৰলৈ বুলি সাজু হ’ব
ধৰিলোঁ৷ আলু, পিয়াজ, নহৰু, আটা, ময়দা, মিঠাতেলকে ধৰি বজাৰৰ লিষ্টখন ডাঙৰেই৷

বজাৰৰ পৰা ঘামি জামি আহি মােনাখন মানুহজনীক দিম বুলি বিচাৰোঁতে গম পালোঁ, মানুহজনী গা ধুবলৈ
সােমাইছে৷ যিহে গৰম পৰিছে, ঘৰৰ কামখিনি কৰােঁতে গাৰ পৰা ঘামৰ জোল বৈ যায়৷ মই অহা উমান পাই মানুহজনীয়ে ভিতৰৰ পৰাই চিঞৰিলে, “ ’হেৰা, ৰেডি কৰি খােৱা আছে পাকঘৰত, আইনাত চাই মূৰত নিজে
লগাই লওক৷ মােৰ সময় নহ’ব আজি৷”

আগে পিছে মানুহজনীযে সদায় মােৰ মূৰত লগাই দিয়ে, তাৰ আগতে মিক্সাৰ গ্ৰাইণ্ডাৰটোত প্ৰলেপটো বনাই লয়৷ নিজে লগাবলৈ অলপ অসুবিধা হ’লেও, চেষ্টাৰ অসাধ্য একো নাই বুলি জানো৷ দেৰি নকৰি মিক্সীৰ পৰা প্ৰলেপখিনি
বাটি এটাত উলিয়াই আইনাৰ সন্মুখত বহি ল’লোঁ৷ হাতেৰে মূৰত লগাই থকা অৱস্থাত বৰ ধুনীয়া ফুৰফুৰীয়া গােন্ধ এটা আহি নাকত লাগিল৷ হাৰ্বেল হ’ব চাগে! কিবা কিবি মিক্স কৰিব পাৰে মানুহজনীযে, বৰ চিন্তা কৰে মােৰ
বাবে৷ চুলিখিনি ক’লা হ’লে মানুহজনীৰ মনটো ভাল লাগিব৷ ডেকা ডেকা ভাৱ এটা আহি মনটো ভাল লগাব ধৰিলে, ক’ব নােৱাৰাকৈ সুহুৰি এটা ওলাই গ’ল মুখৰ পৰা৷

মানুহজনী গা ধুই ওলােৱাৰ পিছত মই গা ধুবলৈ সােমালোঁ৷ অলপ সময় মােক লাগে, নিৰিবিলি পৰিবেশ এটা বিছাৰােঁ, সেয়ে গা ধােৱা সময়ত মােক আমনি কৰাটো একেবাৰে মানা৷ সেয়া মানুহজনীয়ে জানে, তথাপি আজি মই সেইটো পৰিবেশ পােৱা নাই৷ মানুহজনী কিবা ভােৰভােৰাই আছে, পাকঘৰৰ পৰা অহা কিছুমান বিশৃংখল শব্দই মােক আমনি কৰিছে৷ অলপ মন কৰােঁতে বুজিব পাৰিলোঁ, সেই শব্দবােৰ মানুহজনীয়ে মােলৈ লক্ষ্য কৰি
এৰি দিয়া কিছু গালি জাতীয় শব্দৰ বাহিৰে আন একো নহয়৷

গা ধুই উঠি চুলিখিনি চালোঁ, ক’লা নহ’ল তেনেকৈ বজাৰত কিনা বস্তু চবতে ভেজাল আজিকালি, চেষ্টা কৰিছিলোঁ,
নহ’লে কি কৰিম৷ মানুহজনীৰ বাবে অলপ বেয়া লাগিল৷ বৰকৈ আশা কৰিছিল তাই৷

তললৈ আহি মানুহজনীৰ ফালে চাবলৈ দুখ লাগিল মােৰ৷ মােৰ ফালে চাই মুখখন ফুলাই কামবােৰ কৰি গৈছে, ভাত বনােৱাত ব্যস্ত৷ ময়াে মিছাতে জোকাই নলৈ পেপাৰ খনতে মনটো সপি দিলোঁ৷

সময় পাৰ হৈ গৈছে, মানুহজনীযে মাতবােল কৰা নাই৷ বেচেৰীৰ বৰ দুখ, চুলি মােৰ ক’লা নহ’ব এইবাৰ৷ কালি পাৰ্টিত তাই মােৰ লগত কেনেকৈ যাব তাৰে চিন্তাত চাগৈ মাত বােল বন্ধ৷ এটা সময়ত মানুহজনীযে ভাত
বাঢ়িলে৷ খােৱা টেবুলত মােৰ প্ৰিয় শুকান মাছৰ চাটনিটো নাই৷ পাহৰিলে চাগৈ খঙতে৷ সান্তনা দিওঁ বুলি মাতষাৰ লগালোঁ, “ চুলিখিনি ক’লা নহ’ল বাবে দুখ নকৰিবা, হেনাখিনি ভাল নাছিল, চবতে ভেজাল হ’ল আজিকালি বুজিছা৷ যােৱা এতিয়া শুকান মাছৰ চাটনিখন লৈ আনা৷ তুমি মনৰ দুখতে দিব পাহৰিলা৷”

মই যেন জ্বলা জুইত ঘিঁউহে ঢালিলোঁ৷

মানুহজনীৰ মুখেৰে খুব উগ্ৰ কণ্ঠেৰে ওলাল, “পাহৰা নাই৷ থাকিলেহে দিম৷ গােটেইখিনি দেখােন মূৰত সানি লৈ শেষ কৰিলে৷ এতিয়া হেনাৰ পেষ্টখিনি আছে৷ খায় যদি দিওঁ তাকে৷ “

বিবেকে মােক এই মুহূৰ্তত সকিয়াই দিছে, এতিয়া মৌনতাই শ্ৰেয়৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.