ফটাঢোল

অনিয়ন্ত্ৰিত – মণিকুন্তলা ভট্টাচাৰ্য

বাতৰি কাকতৰ দমটোৰ মাজৰ পৰা ৰত্না উঠি থিয় হ’ল৷ এইদম কাগজৰ মাজত সোমাই থকা নাই সেই নির্দিষ্ট কাগজখন। কাগজদম একাষৰীয়া কৰি তাই বহাৰপৰা উঠাৰ লগে লগে শৰ্মানীয়ে তাইলৈ চেলাউৰি কোছাই চালে। তাৰ অৰ্থ বুজি ৰত্নাই ক’লে,

: এইখিনিত নাই আইতা, আৰু এজাপ আনোগৈ৷

বৃদ্ধাৰ চেলাউৰি সৰল হ’ল। ভিতৰলৈ যাওঁতে লৰি উঠা পৰ্দাখনলৈ চাই লৈ তেওঁ পুনৰ হাতত থকা ডায়েৰীখনলৈ চকু দিলে। কেতিয়াবাৰে ডায়েৰী, তেওঁৰ হিচাপ-পত্ৰবোৰ লিখা থাকে। ক’ত কিমান দিয়া হ’ল বা দিবলৈ আছে, সকলো লিখা থাকে৷ হিচাপ-নিকাচ সৰল আৰু ফটফটীয়া হ’ব লাগে। তেওঁ ডায়েৰীৰ পাত লুটিয়াই গ’ল।

বতাহ৷ এতিয়া দিনৰ এঘাৰ বাজিবৰ হৈছে৷ ঘৰখনৰ আগফালৰ বেলকনি এনে সময়ত ৰ’দ পৰি চকমকাই ৰয়৷ তিতা চুলি মেলি এনে ৰ’দত বহি শর্মানীয়ে বাতৰি কাকত পঢ়ে। আজি পঢ়া নাই, পঢ়িবহে৷ বেলকনিৰ চকী দুখনৰ মাজৰ সৰু মেজখনত থৈ গৈছে কাইলৈ বিলৰ পইচা নিবলৈ আহিব। তেওঁ তেতিয়া ভিতৰলৈ আছিল, ল’ৰাটোক ৰ’বলৈ দি ৰত্নাই তেওঁক ক’বলৈ পাৰিলেহেঁতেন, নক’লে৷ সেই কথাত চেলাউৰি কোছ নাখাবনে …….? হিচাপ-নিকাচ সৰল হ’ব লাগে, বাকী কি ৰাখিব লাগে যােৱা মাহত স্বাস্থ্য সম্পর্কীয় আলােচনী এখন লগাই লােৱা হৈছিল, সাপ্তাহিক কাকত এখন বাদ দিয়া হৈছিল, এইবােৰ হিচাপ তেওঁৰ ডায়েৰীত অৱশ্যেই আছে। কিন্তু ল’ৰাটোৱে দিয়া বিলখন ক’ত? ৰত্নাই পাহৰিলে। বিচাৰি ফুৰিছে এতিয়া৷ কাগজ পত্ৰ থােৱা ট্ৰেখনত নাই যেতিয়া নিশ্চয়কৈ বাতৰিকাকতৰ দমৰ মাজতেই থাকিব৷ এনেকুৱাবােৰ হ’বই, দুদিনৰ কাৰণেও যদি তেওঁ ঘৰ এৰি বাহিৰলৈ যায়, উভতি আহি ঘৰখন বিশৃংখল, কাগজখনৰ থানথিত নােহােৱা যেন পাবই৷ খং উঠি আহে, কিন্তু মুখ নেমেলে৷ ৰত্নাৰ দৰে হাতধৰা মানুহ এজনী হেৰুওৱাৰ ভয়।

বেলকনিৰ সৰু মেজখনত দুটামান সৰু সৰু টাব থােৱা আছিল। বিদেশৰপৰা অনা যিকেইটা পিয়লাৰ কেনেবাকৈ নাল ভাগিছিল বা বিক্ষত হৈছিল, তেনেকুৱা তিনিটা পিয়লাত মাটি ভৰাই ৰুই লৈছে উদ্ভিদ৷ কাষতে এটি সৰু কাঁচৰ পাত্ৰ, সদায় পুৱা এপাহ-দুপাহ তলসৰা ফুল বুটলি আনি তাৰ পানীত থৈ দিয়ে। ভাল লাগে তেওঁৰ। ৰত্নায়ো কয় ভাল। ৰত্নাৰ মুখৰ কথা নহয়, মৌ। কিন্তু কি হ’ব প্ৰায়ে তাই শব্দ কিছুমানক এনেকুৱা উদ্ভট ৰূপ এটা দিয়ে যে শর্মানীহে নালাগে, যিকোনাে মানুহেই শুনি বিচূৰ্তি খাব৷ ভাল বুলি নকৈ ’ভ’ৰ ঠাইত ’ব’ কৈ দিছিল সিদিনা৷ ওচৰতে শর্মানীয়ে নাতিনীজনীৰে সৈতে বহি আছিল, শুনি হাঁহিত বাগৰি পৰিছিল, বহুদেৰিলৈকে তাইৰ খিলখিলনি ঘৰখনত প্ৰতিধ্বনিত হৈ ৰৈছিল। দিল্লীত তাইৰ এখন বুটিক আছে৷ অসমৰ এড়ী-মুগা কাপােৰ কিনি লৈ যায়। ফেশ্বন শ্বোবোৰত পৃথিবী ঘূৰি ফুৰে তাই৷ ঘূৰি ফুৰাৰ মাজতে ছেগ
বুজি আইতাকৰ প্রসাধনৰ লগতে ৰত্নাৰ বাবেও ইটো সিটো আনে, যোৱাৰ সময়ত সদায়ে ৰত্নাৰ হাতত টকা দুটা গোজা মাৰি থৈ কৈ যায়, আইতাকক নিজৰ মাকৰ দৰে যত্ন ল’বলৈ৷ ৰত্নাই হাঁহে, মৰমৰে কিবা এষাৰ কয়৷ কথা কম কোৱা ৰত্নাই যেতিয়া আবেগবিহ্বলতাৰে কিবা এষাৰ কয়, তেতিয়াই ঘটে অঘটন৷ ক’ব খোজে কিবা মুখেৰে ওলায় কিবা৷ কিবাও ইমান ভয়ঙ্কৰ যে শুনোতাই কাণত সোপা দিব লগা যেন হয়গৈ৷ সিদিনা উভটিবলৈ কৈ ৰত্নাক কৈ উঠিল তাই,

: ৰত্নাবাই, আইতাক চাবা কিন্তু দেই৷ বাথৰূম একদম শুকানকৈ ৰাখিবা, পিছল খাই নপৰে যাতে।

: হ’ব হ’ব৷ ডণ্ট ৱৰি৷

ৰত্নাৰ মুখৰ কথা শুনি ছােৱালীজনীয়ে হাঁহি দিলে, এটাই হাঁহি তাইৰ, খিলখিলকৈ বৈ যায়। তাকে দেখি আইতাকে মিচিকিয়ালে আৰু ৰত্নাই কৈ দিলে,

: ইস হাঁহিছে চোৱা৷

লগে লগেই হাঁহিবোৰ ৰৈ গ’ল৷ বন্ধ হৈ গ’ল হাঁহি থকা মুখ দুখন৷ শর্মানীয়ে দবিয়াই উঠিল,

: ৰত্না!

ৰত্না অবাক! ক’ত কি হ’ল? ছোৱালীজনীলৈ মৰম লাগিহে কিবা এষাৰ কৈছিল!

সিদিনা ৰক্ষিত চাহাবে কলিংবেলত হাত দিলেহি, বহিবলৈ দি থৈ ৰত্নাই শৰ্মানীক ক’লেগৈ বােলে ব্যোমকেশ বক্সী আহিছে। ৰাতি সদায় শৰ্মানীক টিভিৰ সমুখত বহি বহি ধাৰাবাহিকত দেখা চৰিত্ৰৰ নাম তাইৰ
মুখত শুনি শর্মানী অবাক হ’বৰে কথা। প্ৰেচাৰৰ পিল আনা বুলিলে তাই আনি দিবহি কুকাৰৰ ঢাকোনখন, এই কাম তাই দুবাৰো কৰিছে। শর্মানীয়ে ককৰ্থনা নকৰে, ভাল মানুহ পাবলৈ টান। ইমান ডাঙৰ ঘৰখনত অকলে থকাৰ কথা ভাবিব নােৱাৰি, নিজে ৰন্ধা-বঢ়া কৰি খোৱাৰ কথা ভাবিব নােৱাৰি৷ ৰত্না অহাৰ আগতে ল’ৰা এটা আছিল, প্রায় ন বছৰেই আছিল, গাঁৱৰ ঘৰত তাৰ সৰু পৰিয়াল, প্রতি দেওবাৰে ঘৰলৈ যায়, সন্ধিয়া উভতি আহে। এবাৰ তেনেকৈ আহিবলৈ বুলি ৰাজপথৰ একাষে বাছলৈ ৰৈ থাকোঁতে ট্রাকে মহতিয়াই সামৰি পেলালে। তেওঁ গাড়ী লৈ সেই ঘৰখনলৈ উধাতু খাই গৈছিল৷ টকাখিনি দি সহায় কৰিছিল৷ এতিয়াও
মাজে মাজে ভায়েকটো আহে, যি পাৰে সহায় কৰে তেওঁ৷ নটাকৈ বছৰ এইখন ঘৰত থাকি সি পৰিয়ালৰ সদস্য হৈ পৰিছিল, একো ক’বলগা নহৈছিল, নিজৰমতে কাম কৰি যায়, সুন্দৰকৈ আজৰি হৈ ইফালে সিকালে ওলাই যাবও জানিছিল, বন্ধু-বান্ধৱো গােটাইছিল। কোনােদিনে একো ক’বলগা নহৈছিল, সােণহেন ল’ৰা আছিল…আজিও মনত পৰিলে মানুহগৰাকীৰ চকু চলচলীয়া হয়।

তাৰ পাছত ৰত্নাক গাড়ীচালকজনে আনি দিছিলহি, সিহঁতৰে গাঁৱৰে, গিৰিয়েকে এৰা তিৰী, ককাই-ভাইৰ বোজা হৈ থকা শৰ্মানীয়ে বোলে হ’ব, লৈ আহাঁ, শিকাই বুজাই ল’ম৷ জলৌপলৌকৈ পিন্ধি থকা মেখেলা-চাদৰ
আঁতৰাই চেলোৱাৰ কামিজ পিন্ধোৱালে৷ বাৱন্ন বছৰীয়া ৰত্নাক চুচি মাজি চল্লিশ বছৰীয়া কৰি ল’লে। এতিয়া ৰত্নাৰ পাকলগা চুলিৰ বেণী নাই, চুটি চুলি দৈনিক ধুই শুকুই পৰিষ্কাৰকৈ থাকিব পাৰি। তাইৰ উজলা দাঁতত তামােলৰ দাগ নাই, পাতল লিপষ্টিকেৰে মুখ উজ্জ্বল। বাহ্যিকভাৱে ৰত্নাৰ ৰূপ সলনি হ’ল। মানুহক স্বাগতম জনােৱা, নমস্কাৰ-ধন্যবাদ আপ্যায়ন কৰাৰ অভিজাত ভংগিমা, সকলাে শিকিলে তাই।

কিন্তু সলনি নহ’ল তাইৰ আভ্যন্তৰীণ ব্যৱস্থা। জিভা নিয়ন্ত্রণত ৰখাৰ অহােপুৰোষাৰ্থ কৰাৰ পাছতাে নক’বলগীয়া শব্দ কৈ পেলায় তাই।

ক’বই৷

যি পৰিবেশত ক’ব নালাগে, তাতেই কয়। শর্মানীয়ে বাধা দিব নােৱাৰে, নিন্দা-ভৎৰ্সনা কৰিব নােৱাৰে, তাইৰ মনত আঘাত লাগিব পৰা অভিব্যক্তি প্রকাশ কৰিব নােৱাৰে। এইবােৰৰ আঁৰত এটাই কাৰণ- মানুহ পাবলৈ নাই। তথাপি সকলো সহ্য কৰিবলৈ শিকা শর্মানীয়ে তাইৰ মুখৰ গান একেবাৰে সহ্য কৰিব নােৱাৰে। সদায়ে বাধা দিয়ে। তথাপি তাই ছেগ বুজি গাই থাকে। কাম কৰোঁতে, গা ধােৱা ঘৰত সােমাওঁতে। গা ধুবলৈ লৈ তাইৰ গঢ়াৰ স্বৰ সপ্তমত উঠে।

অসহ্য লাগে শৰ্মানীৰ। তাই ওলাই অহাৰ লগে লগেই কয়-

: ইমানকৈ কিয় চিঞৰা ৰত্না?

: অ’ আই, ক’তনাে চিএৰিলােঁ,গানহে?

: তেনেকৈ গান নাগায় নহয়, ওচৰৰ মানুহে শুনিলে কি ভাবিব বাৰু?

তাই অবাক হৈ যায়। টিভিত দেখােন দিনে-ৰাতিয়ে সেইবোৰ বাজিয়ে থাকে, মানুহে দেখোন শুনিয়ে থাকে, তেওঁনাে কিয় অসুবিধা পায়, তাই বুজিব নােৱাৰে। সিদিনা আলহীৰ নিচিনা মানুহ এজন আহিছে, দােকানী নে মেকানিক, তেওঁৰ লগত আগফালৰ বাৰাণ্ডাতে কথা পাতি আছিল। মানুহ আহিছে, চাহ দিবলৈ হুকুম আহিছে, তাই সেই কাৰণে দিলেগৈ৷ তেওঁনাে কিয় ইমান অসন্তুষ্ট হ’ল তাই ধৰিবই নােৱাৰিলে। আলহী যােৱাৰ পিছত তাইক ক’লে বােলে চাহ দিবলৈ ক’লে চাহ দিবা আৰু একো ক’বৰ দৰকাৰ নাই নহয়। অ’ আই কিনো ক’লে তাই, চাহ কাপ আগবঢ়াই দি খাওক বুলি নক’বনে? তেওঁ বােলে, ৰত্না, তুমি গম পােৱানে কি কৈছিলা? চাহ খাওক বুলিছিলােঁ আকৌ। ওহােঁ নহয়, তুমি বাহ খাওক বুলিছিলা। শর্মানী আবেগিক হৈ পৰে,

: অতি দৰিদ্ৰ ঘৰৰ ল’ৰা আছিল, গাঁৱৰ পৰা বাঁহগছ নি ৰাস্তাৰ কাষত বেচি জীৱন কটাইছিল৷ পাছত এদিন আমাৰ এখেতে পাই আনি তাক গেৰেজ এটাত সুমুৱাই দিছিল। আজি তাৰ জয় জয় ময় ময় অবস্থা। কিন্তু গাঁৱত সিহঁতৰ ঘৰখনৰ জোকোৱা নাম বাঁহখােৱা হৈ থাকি গ’ল। এতিয়াও তাৰ তাৰ ল’ৰা দুটাক দেখিলে বংশ পৰিয়ালে তহঁত বাঁহখােৱাৰ ল’ৰা নহয়নে বুলি জোকায়….৷

ৰত্নাই জিভাখন কামুৰি ধৰে। ছেঃ বৰ বেয়া কথা হ’ল।
শৰ্মানীয়ে কৈ যায় –

: সি চাগে আহিবলৈকে এৰিব। বেচেৰা।

ৰত্নাই কি কৰে, শৰ্মানীৰ হাতত ধৰেনে ভৰিত ধৰে?

নকয় আৰু মুখত তলা। আলহী আহিলে চাহ দিব লাগে, দিব। যি কৰিব লাগে, সকলাে কৰিব। কিন্তু মুখেৰে একো নক’ব৷ কি যে হয় তাইৰ, ক’ব খােজে কিবা ওলাই গৈ কিবা৷ তাই ভাবি ভাবি কাপোৰ ধুই থাকে। মাকে সদায় বকিছিল জিভা পিছল স্বভাৱ। চেৰেং-পেটেং বুলি, বতাহত উৰা বুলি। হয় যদি হয় আৰু, কাকোতো অন্যায় কৰা নাই৷ বৰঞ্চ সিহঁতেহে তাইক অন্যায় কৰি এৰি দিলে, মাকৰ ঘৰত দি থৈ গ’লহি, বােলে নালাগে আমাক, দাঁত চেলোৱা বোৱাৰী৷ ….জোৰে জোৰে কাপোৰ থুকুচে তাই… অ’ আই তােমালােকৰ ল’ৰানাে কি, অনবৰতে চেলাউৰি ঘোপা৷ কথা এটা সুধিলে উত্তৰকে নিদিয়ে, ধেমালি কৰিলে খঙত ৰূদ্ৰমূৰ্তি ধৰা, কথাৰ নামত কেটেৰা জেঙেৰা কৰা, সেইটো তােমালােকৰ কি ল’ৰা আছিল, হাঁহিবকে নজনা। সিদিনা গাঁৱৰ দীপেনৰ ঘৈণীয়েকে ফোনত ক’লে বােলে সেইজনাই পাছৰ কালত যিগৰাকীক বিয়া পাতিলে, মুখ খোলেই নাখায় বােলে, গপচ। খোজতো বােলে ৰাজহংস। ল’ৰা এহাল হৈছে, সেইহালক স্কুললৈ বােলে নিজে অনা নিয়া কৰে, দীপেনৰ ঘৈণীয়েক মাকৰ ঘৰলৈ গ’লে বােলে তাইকে চায়। পৃথিৱীত এনে নিবাকো মানুহবােৰ আছে, কেনেকৈনাে থাকে পায় ! ৰত্নাৰ মাত-কথাৰ, হাঁহিৰ প্রশংসা কৰে তাই, মানুহ এনেকুৱাহে হ’ব লাগে। বােলে ৰত্না বাইদেউ, আপুনি
ৰক্ষা পৰিল। গােটেই জীৱন সেইখন ঘৰত কেনেকৈ মুখ বন্ধ কৰি থাকিলহেঁতেন।

কাপােৰ ধুবলৈ এৰি ৰত্না থিয় হ’ল। নােৱাৰে তাই মুখ বন্ধ কৰি থাকিবলৈ। তিতা কাপােৰেৰেই শৰ্মানীৰ ওচৰত তাই ৰ’লগৈ। খিৰিকীমুখত ৰৈ তেওঁ ফোনত কথা পাতি পাতি ৰাস্তাৰ মানুহ চাই আছিল। ৰত্না ৰ’ল। শর্মানীয়ে ঘূৰি চালেই দেখিব তাইক, ফোন থ’লেই ঘূৰিব, তাই ৰৈ থাকিল৷ কাণত পৰিলহি তাইৰ মাত-কথা, কাৰোবাক কৈ আছিল,

: নাই নাই, তাইৰ সেইবােৰ নাই দেই, বৰ ভাল মানুহ পাইছোঁ মই, একেবাৰে আজলী, হাঁহি নুগুচেই মুখৰ পৰা, নিজৰ ঘৰত থকা দি থাকে তাই, ময়াে নিজৰ ছোৱালীৰ দৰে মৰম কৰি ৰাখিছোঁ।

: হা? কি ক’লা? নাই নাই, খং কৰিব লগা নহয়েই, কেতিয়াবা কিবা ক’ব লগা হ’লেহে কওঁ, তাই মাইণ্ড নকৰে… চিম্পল ছােৱালী… এৰা দেই, মতা মানুহবােৰ যে আৰু! কি বুলিনাে এৰিছিল তাইক, ময়াে তাকে ভাবো ঈশ্বৰেহে চালে তাইক চাগে বুজিছানে..।

ৰত্নাৰ ভিতৰত পৰিৱৰ্তন ঘটিল। শর্মানীৰ কথাই তাই সিদ্ধান্ত ল’ব খােজা মনটো সলাইহে পেলালে যেন! এখোজ দুখোজকৈ তাৰ পৰা পিছুৱাই অহা দি ওলাই আহিল তাই। পুনৰ কাপােৰ ধুবলে লাগি গ’ল।

দুপৰীয়া শর্মানীক ভাত খাবলৈ দি তাই ক’লে৷

: আজি আপোনাৰ ইমান ফোন আহিছে!

: ইমান অহা নাই, এটাই আহিছিল, নবৌৰ ফোন দীঘলীয়া হ’ল…।

: ভালনে নবৌৰ?

: অ’ ভাল ভাল। তেওঁৰ তাত যে থাকে মালতী, মালতী নন্দেক এজনী আছে, এনেই আছে, ইয়ালৈ পঠিয়াম নেকি সুধিছিল, মই বােলাে আমাৰ ইয়াত তেনেকুৱা প্রয়োজন নাই, ৰত্না আছে, আমাৰ দুজনীৰ কাম তাই অকলে সামৰিব পাৰে… তােমাৰ কথাও ক’লোঁ৷ নবৌৱে তােমাক লগ পােৱা নাই নহয়।

: অ’৷

ৰত্নাই মিচিকিয়ালে। হাঁহিলে তাইৰ চকুৰ কোণত ভাজ পৰে। হেলনীয়া হৈ যায় চকুৰ পাহি। শর্মানীয়ে ভাল দেখে।

ভাত খাই থকাৰ মাজতে তাই ক’লে-

: আজি বজাৰ কৰােঁতে আইতা, মােলৈ মাছ অকণাে আনিলােঁ…।

: ভালেই কৰিলা। খাবা, মাছ চাছবোৰ খাব লাগে। পিছে কি মাছ পালা?

: গেলা বৰালি৷

শৰ্মানী থতমত খােৱাৰ দৰে হ’ল। মানে তাই বৰালি মাছ খাব। তেওঁ কোনাে মাত নামাতিলে! আৰু তাই বাচন-বর্তন সামৰি সিফালে গুণগুণাই আছে। শর্মানীয়ে বুজিব নােৱাৰে, পৃথিবীত ইমানবােৰ চিনেমাৰ গান থাকোতেই কিয় তাই বাচি বাচি বিজ্ঞাপনৰ গানহে পায়গৈ, তাকো পৰিয়াল-পৰিকল্পনাৰ গানবােৰ। বাচন ধুই ধুই তাই যিবােৰ বলকি চিঞৰি থাকে, কোনােবা চিনেমাৰ ডায়ালগোতাে হ’ব পাৰিলেহেঁতেন, কিয় তাই জন্ম নিৰোধক ব্যৱস্থাৰ ডায়লগ মাৰে তেওঁ বুজিব নােৱাৰে। এদিন তেওঁ মানা কৰিছিল—

: এইবােৰ ডায়লগ যে মাৰা, অৰ্থ বুজি নোপােৱা নেকি?

: আমিতাে মতা মানুহৰ লগত নাথাকোঁ, আমি সেই কাৰণে বিন্দাচ আইতা৷

শৰ্মানী মনে মনে থাকে। ভাল মানুহ পাবলৈ টান। ভাল মানে বিশ্বাসী মানুহ। ভাল মানে তেওঁক আপােন জ্ঞান কৰি যতন লােৱা মানুহ। ভাল মানে হাঁহি-মাতি ঘৰখন ভৰাই ৰখা কামিলা মানুহ, অসন্তোষ কৰিব নজনা মানুহ৷

এটাই বেয়া, তাইৰ মুখৰ ভুলতে ওলােৱাবোৰ জিভা অনিয়ন্ত্রিত। এতিয়া বাতৰি কাকত হাতত লৈ তাই পঢ়িলে “ধর্ষণকাৰী গ্রেপ্তাৰৰ দাবীত নাৰীমঞ্চৰ যৌন সমদল।”

শর্মানীয়ে শুনি চকু মুদি চিঞৰিলে— “য নহয় সেইটো ম।”

☆★☆★☆

7 Comments

Leave a Reply

Your email address will not be published.