ফটাঢোল

অনুগল্প -জয়শ্ৰী  দূৱৰা

১/ নিয়ম :

দূৰৈৰ বিয়াখনত কাৰিকৰে ৰন্ধা ভাত সাঁজ মাকে চুচি বাচি খালে, বিলনীয়া ছোৱালী এজনীক খুজি পুনৰ ভাতকেইটামানও ল’লে।

কাষতে বহা বয়সে ভাটি দিয়া জীয়েকে আকাশ পাতাল ভাবি হা হুমুনিয়াহ কাঢ়ি ভাতকেইটা খুচৰি থাকোঁতেই সময় গ’ল,

“মোক চোন বিয়া হোৱা নাই বুলি জুহালত সোমাবলৈও নিদিয়ে মায়ে.. মই চুই দিলেই চোন সেয়া ভাত মা দেউতাই নাখায়!”

তাই মাকৰ ছোৱালী হয়নে …প্ৰশ্ন কৰে নিজক।

যদি হয় তেন্তে এই নিয়ম নো কাৰ বাবে, যি নিয়মে আপোনজনকে কষ্ট দিয়ে। বাহিৰত এটা ঘৰত এটা। বিয়া হ’ব নোৱাৰাত তাইৰ জগৰ নে?

২/ আত্মসন্তুস্তি

স্কুল ছুটিৰ পিছত টিকাফটা ৰ’দজাকতে ছাতি এটা লৈ তাই খৰখোজেৰে আহি জিৰণিঘৰটোত ৰয়হি৷ নিমজ কপাহী চাদৰখনৰ আঁচলেৰে ঘামৰ টোপালকেইটা মচি স্বগতোক্তি কৰে, “ধেই জিন্দেগী,৩০,০০০ টকাৰ বাবে মানুহৰ ইমান কষ্ট ৰ’দে বতাহে!”

মূৰতে পলিষ্টাৰৰ চাদৰখন মেলি পেলনীয়া প্লাষ্টিকৰ বটল বুটলি ফুৰা লেঙেৰী মানুহজনীয়ে প্ৰশান্তিৰ হাঁহি এটা আঁৰি লৈ কয়, “আজি বহুতখিনি পালোঁ দেই, গধূলীৰ ভাতৰ জোগাৰটো হৈ যাব ভালকৈ।”

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.