ফটাঢোল

অনুবাদ : এটা নীলা বুতাম – অনুবাদক : মুনমুন সৰকাৰ শইকীয়া (মূল গল্প : একটি নীল বোতাম, লেখক : হুমায়ূন আহমেদ)

বাৰাণ্ডাত এশাৰ দেউতা বহি আছিল। আঁঠুলৈকে লুঙি‌, গাত নীলা ৰঙৰ গেঞ্জী। এই বস্তুবোৰ ক’ত পায় কোনে জানে? কি ধুনীয়া লাগিছে তেওঁক। মানুহজনৰ গাৰ বৰণ গাখীৰৰ দৰে বগা। আকাশী নীলা গেঞ্জী পিন্ধাৰ বাবে তেওঁৰ গাৰ বৰণটো ফুটি উঠিছে। সব মিলাই সুখী সুখী এখন ছবি। নীলা বৰণটোৱেই হয়তো সুখৰ নাইবা কোনে জানে মানুহজনৰ চেহেৰাতেই কিজানি সুখী সুখী ভাব এটা আছে। ক’লা বৰণৰ গেঞ্জী পিন্ধিলেও তেওঁক চাগে সুখীয়েই লাগিব। তেওঁ মোক দেখা নাছিল। মই ইচ্ছা কৰিয়েই গেটত অলপ উচ্চস্বৰত আৱাজ কৰিলোঁ। তেওঁ মোক দেখিলে, ধুনীয়াকৈ হাঁহি এটা মাৰিলে। গুৰুগম্ভীৰ মাতেৰে ক’লে,

: আৰে ৰঞ্জু দেখোন! তুমি? কি খবৰ? ভালে আছা?

: হয় ভালেই আছোঁ।

: কি ভীষণ গৰম পৰিছে চোৱাচোন।

: হয়, বৰ গৰম।

: মোৰ চৌবাচ্চাত ডিঙিলৈকে ডুবি থাকিবলৈ মন গৈছে।

তেওঁ নিজৰ কাষত থকা চকীখনত মোক বহিবলৈ ইঙ্গিত দিলে। হাঁহি হাঁহি ক’লে,

: বহা, তোমাৰ পৰা দেশৰ খবৰকেই দুটামান লোৱা হওক৷

: মোৰ ওচৰত কি খবৰ পাব? একো খবৰেই নাই খুৰা।

: নাথাকিলে বনাই মেলি কোৱা, বৰ্তমান কি উৰাবাতৰি বৰকৈ চলিছে?

মই তেওঁৰ কাষত বহিলোঁ। এশাৰ দেউতাকৰ লগত কথা পাতি মই ভাল পাওঁ। মাজে মাজে এইখন ঘৰত আহি শুনিবলৈ পাওঁ এশা নাই। মোমায়েকৰ ঘৰলৈ গৈছে। ৰাতি থকাকৈ। তাইৰ মোমায়েকৰ ঘৰ ধানমণ্ডিত। তাই প্ৰায়েই তালৈ যায়। মোৰ মনটো অলপ বেয়া লাগে। কিন্তু এশাৰ দেউতাকৰ লগত কথা পাতিলে কিবা এটা ভাল লাগি যায়। এই যে এতিয়া তেওঁৰ সৈতে বহিলোঁ, এতিয়া যদি শুনিবলৈ পাওঁ যে তাই মোমায়েকৰ ঘৰলৈ গৈছে মোৰ বৰ বেছি বেয়া নালাগে। 

: তেন্তে ৰঞ্জু নতুন একো উৰাবাতৰিৰ কথা গম নোপোৱা?

: নাই, নাপাওঁ।

: কি কোৱা হে তুমি? চহৰখনত ইমান গুজৱ। মই ঘৰত বহিয়েই ইমান উৰাবাতৰি শুনিবলৈ পাওঁ। চাহ একাপ খাবানে?

: নাই, নাখাওঁঁ৷

: খোৱা একাপ। তোমাৰ জহতে ময়ো খাবলৈ পাম। তুমি আৰামত বহা। মই চাহৰ কথাটো কৈ থৈ আহোঁ।

: আপুনি নালাগে যাব, ময়েই কৈ আহোঁ। এশা ঘৰত নাই নেকি?

: আছে, আছে। ঘৰতেই আছে।

কৈ কৈ তেওঁ চাহৰ কথা ক’বলৈ উঠি গুচি গ’ল।

কি অসাধাৰণ ভদ্ৰতা। মইনো কোন। সাধাৰণ এড ফাৰ্ম এখনৰ সামান্য কৰ্মচাৰী। যি অলপ উপাৰ্জন তাৰ প্ৰতিটো পইচাৰ হিচাপ মোৰ লগত আছে। আৰু এওঁলোক? মোৰ ধাৰণা এওঁলোকৰ গেটত থকা দাৰোৱানেও মোতকৈ বেছি দৰমহা পায়। কিবা এটা ভাগ্য ভাল এওঁলোকৰ নিকটাত্মীয়ৰ সৈতে এদিন ইয়ালৈ আহিছিলোঁ। প্ৰথম অহা দিনধৰি এশাৰ ইমান সহজ সৰল ব্যৱহাৰ যেন বহুদিনৰ পৰা আমাৰ চিনাকি। সিদিনাখন ইমান হাঁহি হাঁহি কৈছিল,

: আপুনিচোন ইমান ওখ, আহকচোন কাম এটা কৰি দিব। চকীখনত উঠি ওপৰত গজাল এটা মাৰি দিয়কচোন।

: ইমান ওপৰত গজাল লগাই কি কৰিব?

: আজি নকওঁ। বেলেগ এদিন আহি চাই যাবহি।

আকৌ এদিন এইখন ঘৰলৈ অহাৰ চমৎকাৰী অজুহাত এটা পাই গ’লোঁ। অথচ অজুহাতৰ প্ৰয়োজন নাছিল। এওঁলোকৰ ঘৰৰ দুৱাৰ সকলোৰে বাবে খোলা থাকে। যিকোনো মানুহে যেতিয়াই তেতিয়াই আহিব পাৰে। তথাপিও দ্বিতীয়বাৰ আহোঁতে কিমান ভয়ে ভয়ে আহিছিলোঁ। গেটখন খুলি ভিতৰলৈ সোমাই যাবলৈকে সাহস হোৱা নাছিল। যদি মোক কোনেও চিনি নাপায়। যদি আচৰিত হৈ এশাই সোধে, “আপুনি কাক বিচাৰিছে?” তেনেকুৱা একোৱেই নহ’ল। এশাৰ দেউতাকে মোক দেখিয়েই হাঁহি হাঁহি ক’লে,

: কি হ’ল ৰঞ্জু গেটৰ মুখত কিয় ৰৈ আছা? আহা সোমাই আহা।

মই অলপ বিব্ৰত হৈ সোমালোঁ। তেওঁ হাঁহিমুখে ক’লে, 

: কোৱা দেশৰ খবৰ কোৱা। কি নতুন উৰাবাতৰি শুনিলা?

এশা হয়তো কৰবালৈ যাবলৈ ওলাইছিল। মোক দেখি থমকি ৰৈ পেলাই ক’লে,

: আজিৰ দিনটোতেই বাৰু আপুনি আহিব লাগেনে, মই এঠাইলৈ যাবলৈ ওলাইছোঁ, কথা পাতিব নোৱাৰিম।‌ আহকচোন বেগেতে, গজালটো কি কামত আহিল চাবহি।

মই ইতস্ততঃ কৰিলোঁ। এশাৰ দেউতাক উঠি যাবলৈ ল’লে। কি বা ভাবিলে তেওঁ? কিন্তু তেওঁ একোৱেই ভবা নাছিল। আনন্দ সহকাৰে ক’লে,

: যোৱা চাই আহাগৈ, বস্তুটো আমোদজনক।

গজালটোৰ পৰা হালধীয়া ৰছীৰ দৰে কিবা বস্তু এটা তললৈ নামি আহিছে। লাইট নুমাই চুইচ এটা টিপি দিলত অদ্ভূত ঘটনা এটা ঘটিল। হালধীয়া ৰছীডাল পোহৰত জকমকাই উঠিল। সেই পোহৰ স্থিৰ নহয়, যেন তললৈ বৈ পৰিছে পোহৰৰ জুৰি এটা।

: অপূৰ্ব।

: কি আচৰিত, নহয়নে?

: হয়, আচৰিত!

: এনে অদ্ভূত বস্তু আগে পিছে দেখিছেনে কৰবাত?

: ডাঙৰ বাইদেৱে পঠাইছে। নেদাৰলেণ্ডৰ পৰা। এতিয়া যাওক, দেউতাৰ গল্প শুনকগৈ। দেউতাই কাছৰ সাধুটো ক’লে নে আপোনাক?

: নাই, নাই কোৱা।

: তেন্তে আজি ক’ব চাগে। দেউতাৰ সাধু কোৱাৰ এটা চানেকি আছে, কোনটোৰ পিছত কি ক’ব সেয়া মই গম পাওঁ।

এশাই হাঁহিলে, কি ধুনীয়া হাঁহি। মই হুমুনিয়াহ কাঢ়িলোঁ- কোনজন ভাগ্যৱান পুৰুষে যে তাইক জীৱনসঙ্গী হিচাপে ওৰেটো জীৱনৰ বাবে কাষত পাব! এশাৰ দেউতাকে সিদিনা কাছৰ সাধু নক’লে। পিছৰবাৰ যাওঁতে ক’লে।

: কাছই ক’ত কণী পাৰে জানানে ৰঞ্জু? পাৰত। তাই নিজে কিন্তু পানীত থাকে। ফুৰা চকা, জীৱনযাত্ৰা সব‌ পানীত অথচ তাইৰ মনটো পৰি থাকে কণীৰ ওচৰত, পাৰত। নহয়নে?

: হয়, ঠিক। বৃদ্ধ বয়সত মানুহৰো একেই দশা হয়। পৃথিৱীত বাস কৰে যদিও ইহকালতকৈ পৰকালৰ হে বেছি চিন্তা হয়। মোৰো‌ একেই দশা।

এই পৰিয়ালটোৰ সৈতে চিনাকি হোৱাৰ পিছত মোৰ এক বিশেষ পৰিবৰ্তন হ’ল। আগতে লগৰবোৰৰ সৈতে ঘণ্টাৰ পিছত ঘণ্টা বহি চাহৰ আড্ডা দিছিলোঁ, ভালো লাগিছিল, এতিয়া নালাগে। এসময়ত ছোৱালী এজনীক লৈ কৰা ঠাট্টা মস্কৰাত বেচ আমোদ পাইছিলোঁ। এতিয়া খং উঠা হ’ল। এনে লাগে যেন এই বেয়া কথাবোৰ এশাক উদ্দেশ্য কৰি কোৱা হৈছে। যিটো জুপুৰিঘৰ সদৃশ একোঠালিৰ ঘৰত আছিলোঁ সেয়াও মোৰ ভাল নলগা হ’ল। বেৰবোৰত খাৰে ধৰা, সৰু খিৰিকী এখন, বতাহ অকণো সোমাব নোৱাৰা, কেৱল মহ সোমাব পৰা। চ’ত মাহৰ ৰাতিবোৰত বহুপৰলৈকে সাৰে থাকোঁ। বহু পৰিকল্পনা আহে মগজুত। কল্পনাত মোৰ এই একোঠালিৰ ঘৰটো গংগাৰ বুকুত ভাঁহি থকা নাৱত থকা এটা ঘৰৰ দৰে লাগে , খিৰিকী খুলিলেই নদীখন চকুত পৰে। সেই নদীত জোনাক নামে। ঘৰৰ দৰ্জাত টোকৰ পৰে। মই জানো কোনে টুকুৰিয়ায়। তথাপি কঁপা কঁপা মাতেৰে সোধোঁ, 

: কোন?

এশাই কয়,

: কোন হ’বনো? ময়েই। ইমান ধুনীয়া ৰাতি এটিত দুৱাৰ মাৰি শুই আছে? ওলাই আহকচোন।

: ক’লৈ যাম?

: ক’লৈ আকৌ? নাৱৰ ছাদত বহিম।

আমি নাৱৰ ছাদত বহোঁ। নাৱৰীয়াই নাও চলাই গৈ থাকে। এশাই গুণগুণাই গান গায়, “যদি আমায় পড়ে তাহার মনে, বসন্তের এই মাতাল সমীরণে। আজি জোছনা রাতে সবাই গেছে বনে।” সুন্দৰ সুখৰ কল্পনা। তথাপিও প্ৰত্যেক ৰাতি কষ্টত চকুৰ পানী সৰে। ৰাতিটো সাৰে থাকোঁ। হুমুনিয়াহ কাঢ়ি ভাবোঁ, “মোৰ জীৱনটো কোনোপধ্যেই সলাব নোৱাৰি নে?”

বন্ধুবৰ্গক আচৰিত কৰি এদিন জগন্নাথ কলেজৰ নৈশ বিভাগত এম.এ. ক্লাছত ভৰ্তি হ’লোঁ। পইচা ধাৰলৈ লৈ মোৰ ঘৰৰ বাবে নতুন পৰ্দা, বিছনাৰ চাদৰ, নেটৰ আঁঠুৱা কিনি পেলাওঁ। বহুত বিচাৰি এটা ফুলদানি কিনো। এশটকা খৰচ হয় ফুলদানিত। হওক। তথাপিতো এটা ধুনীয়া বস্তু। এথোপা ৰজনীগন্ধা ফুল যেতিয়া ইয়াত থম ৰূমৰ চেহেৰাই সলনি হৈ পৰিব।

 মোৰ এজনই আৰ্টিষ্ট বন্ধুৰ পৰা জোৰ জবৰদস্তি পানীৰঙী ছবি এখনো লৈ আনো। খাৰে ধৰা দেৱালত সেই পেইণ্টিং নাচাজে। দেৱালত চূণ লগালোঁ , কিন্তু চূণ টিকি নাথাকে। সৰি পৰে। তথাপিও মোৰ ৰূমটো চাই বন্ধুসকল বিমোৰত পৰে।

: তই এইবোৰ কি কৰিছ? ইন্দ্ৰপুৰী বনাই পেলাইছ দেখোন। আকৌচোন সুগন্ধিও বিয়পি পৰিছে বতাহত। বিছনাত সুগন্ধি দ্ৰব্য ছটিয়াইছ নেকি? হে প্ৰভু! মাইকী মানুহ এগৰাকী নহ’লে ঘৰখন কিবা আধৰুৱা লাগিব। কাম এটা কৰ, এশটকা দি মাইকী মানুহ এগৰাকী লৈ আহ এৰাতিৰ বাবে। ফূৰ্তি কৰ। আমি পৰ্দাৰ পাছফালৰ পৰা জুমি জুমি চাই থাকিম।

খঙত মই ক’ব নোৱৰা হৈ উঠোঁ। কি ক’ম ইহঁতক? ৰাতি দেৰিলৈকে তেওঁলোকে আড্ডা দিয়ে। চিগাৰেটৰ টুকুৰাৰে মজিয়াখন প্ৰায় ঢাকিয়েই পেলায়। এজনে মোৰ নতুনকৈ কিনা বিছনা চাদৰখনৰ ওপৰত চাহ পেলাই দিয়ে আৰু কয় ,

: যাহ্ , জোনত দাগ লাগি গ’ল।

মই একোৱেই নক’লোঁ। যেনে তেনে সহ্য কৰি থাকিলোঁ। মনে মনে ভাবিলোঁ, এইসব মূৰ্খৰ সৈতে কিদৰে ইমান দিন কটালোঁ? কিদৰে ইহঁতক সহ্য কৰিছোঁ। ইৰফানে ক’লে,

: প্ৰেমত পৰিছ নে নাই ক’। তোক বৰ ৰঙীন মেজাজী যেন লাগিছে।

মই কোনো উত্তৰ নিদিওঁ। ইৰফানে পাণ খাই ৰঙা পৰা দাঁতকেইটা উলিয়াই হাঁহি হাঁহি কয়,

: বস্তুটো কেনেকুৱা ক’। লিৰিকি বিদাৰি চাইছ নে নাই?

সবেই তাৰ কথাত ৰস পাই হাঁহে। কি যে অন্ধকাৰ নৰকত এইসকল পৰি আছে, ইহঁতৰ কেতিয়াবা মুক্তি সম্ভৱ নে? মোৰ এনে লাগে এশাক আনি এওঁলোকৰ সন্মুখত এবাৰ থিয় কৰাই দিওঁ। সেইটো মুঠেও অসম্ভৱ কথা নহয়। ক’লেই তাই আহিব কিন্তু মোৰ সাহসেই নহয়চোন।

প্ৰথম যিদিনাখন তাইক তুমি বুলি মাতিছিলোঁ, প্ৰচণ্ড ভয় হৈছিল। তাই গোলাপৰ ডাল কাটি আছিল। মই কাষত থিয় হৈ আছিলোঁ। হঠাৎ কি হ’ল নাজানো, নিজৰ অজানিতেই কৈ পেলালোঁ,

: কেচিখন মোক দিয়া, মই কলম দি দিওঁ৷

কৈয়েই ভাবিলোঁ, এয়া মই কি কৰিলোঁ? মোৰ মূৰ ঘূৰাই যাব যেন লাগিল। মোৰ এনে লাগিল এতিয়াই তাই মোৰ চকুত চকু থৈ গহীনাই ক’ব, “মোক তুমি বুলি নামাতিব। আপোনাৰ সৈতে ইমানো ঘনিষ্ঠতা মোৰ নাই।”

এশাই তেনেকুৱা ধৰণৰ কথা একোৱেই নক’লে। কেচিখন মোৰ হাতত দি ক’লে,

: তিনি ইঞ্চিমানকৈ কাটিব। তাতোকৈ বেছি নহয়। আপুনি চাহ খাবনে?

: হয়, খাম।

: চাহ আনো গৈ ৰ’ব। ইমান খচখচকৈ নাকাটিব, সিহঁতে দুখ পায়। গছৰো প্ৰাণ থাকে, জগদীশ চন্দ্ৰ বসুৱে কৈছে।

এশা ঘৰৰ ভিতৰলৈ গ’ল, চ’ত মাহৰ আবেলি এটাত মই গোলাপৰ ডাল কাটিবলৈ ল’লোঁ। মোৰ ত্ৰিছ বছৰীয়া জীৱনৰ এইটোৱেই আটাইতকৈ ভাল লগা দিন। আবেলিটো ইমান যে ধুনীয়া হৈ পৰিল। বিয়লিবেলাৰ ৰ’দজাকক লক্ষ লক্ষ গোলাপৰ দৰে লাগিল, এচাটি মধুৰ বতাহৰ দৰে লাগিল।

এশাৰ দেউতাকে যেতিয়া বাহিৰলৈ ওলাই আহি ক’লে, 

: কি হে ৰঞ্জু , কোৱা দেশৰ খবৰ কোৱা, কিবা নতুন গুজৱ শুনিছা?

সেই কথাকেইটাই যে মোৰ ইমান ভাল লাগিল, এনে লাগিল যেন ইমান ধুনীয়া কথা মোক কোনেও কোৱা নাই আগতে।

: গোলাপৰ ডাল কাটিছা যেন লাগিছে।

: হয় খুৰা৷

: এই কামটোৰ এটা ফিলোছফিক এছপেক্ট আছে। লক্ষ্য কৰিছানে? ফুল ফুলাবৰ কাৰণে গছজোপাক কষ্ট দিবলগীয়া হয়। হাঃ হাঃ হাঃ!

 তেওঁৰ সৈতে ময়ো হাঁহিলোঁ। এশাই চাহৰ ট্ৰেখন লৈ সোমাই আহোঁতে ক’লে,

: ইমান হাঁহিৰ মেল কিহৰ? ময়ো যোগদান কৰিব পাৰোঁ নে?

সিহঁতৰ ঘৰৰ পৰা সন্ধিয়া উভতিলোঁ। গেটলৈকে আগবঢ়াই দিবলৈ আহি এশাই ক’লে,

: আহিব আকৌ।

এই কথাটো পৃথিৱীৰ মধুৰতম কথাটি হ’ব নোৱাৰে নেকি? মই বাৰে বাৰে আহিব পাৰোঁ এইখন ঘৰলৈ। যিমানবাৰ বিচাৰোঁ। মোক একো বাহানা নালাগে।

তথাপিও সৰু-সুৰা বাহানা দুটামান মই নুলিওৱা নহয়। যেনে- এবাৰ হেণ্ডবেগটো পেলাই থৈ আহিলোঁ যাতে পাছদিনা ৰাতিপুৱাই গৈ ক’ব পাৰোঁ, “দৰকাৰী কাগজ পত্ৰ আছিল, হওক তথাপি পোৱা যে গ’ল।” সকলোতকৈ বেছি বাহানা যিটো মাৰোঁ সেয়া হ’ল গল্পৰ কিতাপ লৈ অনা। তাৰ পিছত কিতাপ ঘূৰাই দিবলৈ যাওঁ। 

কিতাপ মই সাধাৰণতে নপঢ়োঁ। ভাল নালাগে মোৰ।কাহানিও ভাল পোৱা নাছিলোঁ পঢ়ি। তথাপিও ৰাতি বিছনাত শুই শুই কিতাপৰ গোন্ধ লওঁ, পাত লুটিয়াওঁ। এশাৰ স্পৰ্শ এই কিতাপৰ পাতবোৰত লাগি আছে বুলি ভাবিলেই ৰোমাঞ্চিত হৈ উঠোঁ। দেহা শিহৰিত হৈ উঠে। গভীৰ সুখত চকুৰ কোণত পানী বিৰিঙি উঠে। পাত লুটিয়াই থাকোঁতে এদিন ৰাতি অদ্ভূত কাণ্ড এটা হ’ল, টুপুককৈ কিবা এটা কিতাপৰ পৰা সৰি পৰিল। দেখিলোঁ অকনমানি নীলা বুতাম এটা। যেন এপাহি নীলা অপৰাজিতাৰ ফুল। নাকৰ ওচৰলৈ নি গোন্ধি চাওঁতে সঁচাকৈয়ে ফুলৰ গোন্ধ পালোঁ। গভীৰ মমতা জাগি উঠিল বুতামটোলৈ। গাৰুৰ তলত থৈ দিলোঁ। ৰাতিটো টোপনি নাহিল। কেৱল এটা কথাই মনলৈ আহি থাকিল এদিন নহয় এদিন এশা আহিব আৰু মই তাইক ক’ম, 

: তুমি দিয়া ফুলপাহ সযতনে থৈ দিয়া আছে। কি ধুনীয়া সুবাস!

তাই আচৰিত হৈ সুধিব,

: মইনো তোমাক কেতিয়া ফুল দিলোঁ?

: তুমি পাহৰিলাই? নীলা ফুল এপাহ দিয়া নাছিলা জানো?

: কি কয় হে? নীলা ফুল মই ক’ত পাম?

মই গাৰুটো আঁতৰাই বুতামটো উলিয়াই আনিম। এশাই বিস্ময়েৰে সুধিব,

: এয়াই চাগে আপোনাৰ নীলা ফুল?

মই ক’ম,

: বিশ্বাস নহ’লে গোন্ধি চোৱা।

এশাৰ দেউতাকে নিজেই দুকাপ চাহ লৈ আহিল। মোৰ খুব লাজ লাগিল। মই ক’লোঁ,

: আৰে আপুনি কিয় আনিলে?

তেওঁ হাঁহি হাঁহি ক’লে,

: খোৱা, চাহ খোৱা, চেনি জোখমতে হৈছে নে নাই কোৱা।

: হৈছে।

: চেনি মই নিজেই দি আনিছোঁঁ বাৰু, কাকো পোৱা নাই, সকলোৱে ব্যস্ত।

: কিবা পাতিছে নেকি?

: নাই একো পতা নাই। মহিলাসকলৰ কথা৷ এশাৰ বিয়া ঠিক হৈছে। সিহঁতে দিন বাৰ ঠিক কৰিবলৈ আহিব। ৰাতি আঠটা মান বজাত আহিব। এতিয়াও তিনি ঘণ্টা বাকী আছে তথাপিও সিহঁতৰ ভাব ভঙ্গী দেখি লাগিছে…।

মই নিঃশব্দে চাহত শোহা মাৰিলোঁ। এশাৰ দেউতাকে ক’লে,

: বেৰিষ্টাৰ ইমতিয়াজ চাহাবৰ পুতেক। তুমি চিনি পাবাই চাগে। ইমতিয়াজ চৌধুৰী, জিয়া চাহাবৰ সময়ত স্বাস্থ্য মন্ত্ৰী আছিল। ল’ৰাজন খুব ভাল। জাৰ্মানীৰ পৰা পি. এইচ.ডি কৰিছে কেমিকেল ইঞ্জিনিয়াৰিঙত। এতিয়া ইয়াত ইণ্ডাষ্ট্ৰি খুলিব। ৰং তৈয়াৰ কৰিব। মই ঠিক ইমান ভালকৈ নাজানো।

চাহ খাই হোৱাৰ পিছতো অলপ দেৰি মই বহি থাকিলোঁ। অহাৰ আগে আগে এশা ওলাই আহিল। কি ধুনীয়া লাগিছে তাইক আজি। চাই থাকিবলৈ কষ্ট হৈছে। তাই হাঁহি হাঁহি ক’লে,

: আপুনি বাৰু বাচি বাচি ঝামেলাৰ দিনবোৰত কিয় আহে হয়নে?

মই ঘূৰি গৈছোঁ মোৰ একোঠালিৰ ঘৰটোলৈ। আনদিনাৰ দৰে আজিও হয়তো টোপনি নাহিব। গাৰুৰ তলৰ পৰা নীলা বুতামটো উলিয়াই আজিও হয়তো চাম। এই পৰিয়ালটোৰ পৰা নীলা বুতাম এটাতকৈ বেছি কিবা পোৱাৰ যোগ্যতা চাগে মোৰ নাছিল। এই সহজ সত্যটো আজি ৰাতিও মোৰ মগজত নোসোমাব। আজি ৰাতিও বুতামটোক এপাহ অপৰাজিতা ফুল যেন লাগিব।

☆ ★ ☆ ★ ☆

5 Comments

  • Partha Pratim Sarmah

    মুনমুনবা, আকৌ এটা ধুনীয়া গল্প পঢ়িবলৈ সুবিধা কৰি দিয়াৰ বাবে ধন্যবাদ।

    Reply
  • নীলাক্ষি দেৱী ডেকা

    আপোনাৰ অনুবাদ সদায়েই সাৱলীল। এইটোও ভাল লাগিল।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    ইমান সুন্দৰ গল্পটো।অনুবাদ খুবেই ভাল লাগিল।

    Reply
  • বৰ সুন্দৰ অনুবাদ৷ গল্পটো বৰ ভাল লাগিল৷

    Reply
  • বন্দিতা

    ভাল লাগিল পঢ়ি

    Reply

Leave a Reply

Your email address will not be published.