ফটাঢোল

অনুবাদ : বৰনৈৰ পাৰৰ কৃষক ৰংমন – অনুবাদক : প্ৰণবেন্দ্ৰ শৰ্মা (মূল : The Miller of the Dee, লেখক : Charles Mackay)

বৰনৈৰ পাৰতে ,

নিজৰেই ঘৰতে,

আছিলে কৃষক ৰংমন কাই,

পথাৰৰ লখিমী,

আনিছে ঘৰলৈ,

মৰণা মাৰিছে ভাই।

সুঠাম, সজল

ৰংমন‌ কাই,

কাম কৰে দিনটো

আনন্দৰে গুণগুণাই,

নাই এনে কোনো চৰাই,

প্ৰাণোচ্ছল সুৰৰে,

এনুৱা সুৱদী গীত গায়।

কামৰ সময়ত

নাই দুখ ভাগৰ,

সদায় এইটোৱে গীত,

নাই কোনো ঈৰ্ষা,

নকৰোঁ কাকো হিংসা,

নকৰোঁ, নকৰোঁ মই।

এদিন হঠাতে নৈৰে দাঁতিৰে

বুঢ়া ৰজা পাৰ হৈ যায়,

শুনি ৰংমনৰ গীত,

বুঢ়া ৰজা স্তম্ভিত,

ৰংমনক লগালে মাত,

শুনা হেৰা বন্ধু,

ভুল তোমাৰ সংগীত,

যিমান হ’ব পাৰে ভুল,

গাইছা সিমানেই ভুল।

যদি মোৰ অন্তৰ

পাৰিলেহেঁতেন হ’ব,

তোমাৰ নিচিনা

কহুঁৱা তুলাৰ দৰে পাতল,

আনন্দৰে কৰিলোঁহেঁতেন,

তোমাৰ সতে অদল-বদল।

কোৱা মোক কিদৰে,

মুকলি মনৰে, উচ্চস্বৰে,

বৰনৈৰ পাৰতে

গোৱা তুমি মধুৰ সঙ্গীত?

আৰু ৰজা ম‌ই যদিও,

হৃদয় মোৰ আনন্দ ৰহিত।

মূৰ দোঁৱাই হাঁহি মাৰি

ক’লে ৰংমনে,

নাপাতোঁ হাত ম‌ই

কাৰো ওচৰত

মোৰ খোৱাৰ বাবে,

ভাল পাওঁ পত্নীক মোৰ,

জানে সকলোৱে

মোৰ বন্ধু প্ৰীতি, আৰু

সন্তান তিনিটি

স্নেহৰ পাত্ৰ মোৰ।

নহ‌ওঁ ধৰুৱা মই,

নাই কোনো ধাৰ,

বৰনৈৰ কৃপাত,

সাৰুৱা পথাৰত,

ফলে লখিমী আই,

চলি যায় 

মোৰ সংসাৰ।

বিদায় বন্ধু,

দীৰ্ঘশ্বাস এৰি ক’লে বুঢ়া ৰজাই।

সুখে থাকা, কুশলে থাকা,

কিন্তু হোৱা যদি সত্যবাদী,

নাগাবা কাহানিও

নকৰে কোনেও ঈৰ্ষা তোমাক।

তোমাৰ মূৰৰ ফুটা জাপিটো

মোৰ মুকুটৰ সমান মূল্যবান,

ৰাজভঁৰাল মোৰ নহয় ধনী

তোমাৰ সুখৰ সংসাৰৰ সমান।

গৌৰৱান্বিত মোৰ দেশ,

তোমাৰ দৰে প্ৰজাই

বঢ়াই দেশৰ সন্মান,

হেৰা বৰনৈৰ পাৰৰ,

সুখী কৃষক ৰংমন।

 

The Miller of The Dee

 

There dwelt a miller, hale and bold,

Beside the River Dee;

He worked and sang from morn till night,

No lark more blithe than he;

And this the burden of his song

Forever used to be:

“I envy nobody – no, not I –

And nobody envies me!”

‘Thou’rt wrong, my friend,” said good King Hal,

“As wrong as wrong can be;

For could my heart be light as thine,

I’d gladly change with thee.

And tell me now, what makes thee sing,

With voice so loud and free,

While I am sad, though I’m the King,

Beside the river Dee?’

The miller smiled and doff’d his cap,

“I earn my bread,” quoth he;

“I love my wife, I love my friend,

I love my children three;

I owe no penny I cannot pay,

I thank the river Dee,

That turns the mill that grinds the corn

That feeds my babes and me.”

“Good friend,” said Hal, and sighed the while,

“Farewell, and happy be;

But say no more, if thou’dst be true,

That no one envies thee;

Thy mealy cap is worth my crown,

Thy mill my kingdom’s fee;

Such men as thou are England’s boast,

O miller of the Dee!

☆ ★ ☆ ★ ☆

3 Comments

  • নীলাঞ্জনা মহন্ত

    বৰ ভাল লাগিল প্ৰণবদা

    Reply
    • প্ৰণবেন্দ্ৰ শৰ্মা

      অশেষ ধন্যবাদ নীলাঞ্জনা। আশা ৰাখিছোঁ ভৱিষ্যতেও মোৰ লিখনি ইয়াত দেখা পাম।

      Reply
  • Syeda Jebeen Sabira Shah

    Excellent! Thanks so much for translating this famous and my favorite poem. You have made it Assamese. Expecting to see more such works.

    Reply

Leave a Reply

Your email address will not be published.