ফটাঢোল

অন্য এক যাত্ৰা -অগ্নিভ দত্ত

ইঞ্জিনিয়াৰিং কলেজত পঢ়ি থকা সময়ৰ কথা। তেতিয়া সাধাৰণতে ঘৰলৈ অহা যোৱা কৰা হয় বিহু পূজা আদিৰ বন্ধৰ সময়ত বা চেমেষ্টাৰ পৰীক্ষা শেষ হোৱাৰ পাছত। পূজা বিহুৰ সময়ত ঘৰলৈ যাওঁতে সাধাৰণতে আগতীয়াকৈ টিকট কাটি যাব লগা হয়। আগতীয়াকৈ টিকট নাকাটিলে সময়ৰ মূৰত ঘৰলৈ যাবলৈ কষ্ট হোৱাৰ সম্ভাৱনা থাকে কাৰণ নাইট চুপাৰেই হওক বা ডে চুপাৰেই হওক সাংঘাটিক ভীৰ হয়। বাকী আন সময়ত ঘৰলৈ যাব হ’লে হোষ্টেলৰ পৰা আহি কাছাৰীত নামি পল্টন বজাৰত গৈ নেটৱৰ্কৰ বাছ ষ্টেণ্ডটোৰ অকণমান আগত ঠিয় হৈ থাকি যিকোনো এখন বাছত দৰদাম মিলাই ঘৰ পাওঁগৈ।

তেনেকৈ জপিয়াই বাছত উঠাত প্ৰায়ে সংগী হয় মোৰ অতি মৰমৰ বন্ধু চিয়ানা। সি কেতিয়াবা বাছত উঠি লোৱাৰ পাছত যি গতিত দৰদাম কৰি চেণ্টি দিয়ে বাছৰ কণ্ডাক্টৰক, শেষত কণ্ডাক্টৰে কান্দি দিবলৈহে বাকী থাকেগৈ। সাধাৰণতে গুৱাহাটীৰ পৰা টিকট কাটিলে সেইসময়ত ১৫০ টকা মান হৈছিল। চিয়ানাই দৰদাম কৰিলে খুব বেছি ৫০ টকাত ডিব্ৰুগড় পোৱাই দিয়ে। কেতিয়াবা সেই ৫০ টকা দি আহিবৰ সময়ত দহ টকাৰ ৰিক্সা ভাৰাটোও চিয়ানাই ওলোটাই খুজি চায়। কেতিয়াবা কণ্ডাক্টৰে কামোৰ খাই ‘আৰে ভাইটি, কি কোৱা! লোৱা লোৱা’ বুলি ওভতাইও দিয়ে। সেইয়া আছিল ১৯৯৬ চনৰ এপ্ৰিল মাহ। বিহুৰ বন্ধত ঘৰ গৈ ঘূৰি আহি পাইছিলোঁহে ১৯ নে ২০ এপ্ৰিলৰ দিনা। ২১ তাৰিখৰ দিনা খবৰ আহিল তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ঢুকাল। হিতেশ্বৰ শইকীয়া ঢুকুৱাৰ লগতে সেইসময়ত হ’ব লগা বিধানসভাৰ নিৰ্বাচনৰ কাৰণে ক্লাছবোৰ ভালদৰে নহ’ব বুলি খবৰ ওলাইছে।

ক্লাছ নহ’লে ইয়াত হোষ্টেলত মিছা মিছি থাকি কি হ’ব বুলি দুটামানে ঘৰলৈ যোৱাৰ কথা উলিয়াইছে। অৱশ্যে দুদিন আগতে ঘৰৰ পৰা অহা আমি আকৌ ইমানবোৰ পইচা খৰছ কৰি ঘৰলৈ যাবলৈ হেহোঁনেহোঁ কৰি আছোঁ। তেনেকুৱাতে আবেলি ওলালেহি আমাৰ দুজন বীৰ ৰক্তিম আৰু দলে নতুন আইডিয়া লৈ। আহিয়েই ৰক্তিমে ক’লে একদম ফ্ৰিতে ঘৰ যোৱাৰ আইডিয়া এটা আছে।

আমি কি আইডিয়ানো হ’ব ভাবি থাকোতেই সিয়েই ক’লে – “ট্ৰেইনত যাম আমি। টিটিক পতাই লৈ টিকট নকটাকৈ কেইটকামান টি টিক দি দিলেই চিধাই ডিব্ৰুগড়।” কথাটো আমাৰো পচন্দ হ’ল। গতিকে ট্ৰেইনত ঘৰলৈ যোৱাতো ঠিক কৰিলোঁ। সেই সময়ত আমাৰ কলেজত ডিব্ৰুগড় শিৱসাগৰৰ ফালৰ যথেষ্ট সংখ্যক ল’ৰা ছোৱালী আছিল আৰু আমি এক বৃহৎ গোট হৈ যাওঁ ঘৰলৈ অহা যোৱা কৰোঁতে, প্ৰায়ভাগ সময়ত।

গতিকে ট্ৰেইনত যোৱা ঠিক হোৱাৰ লগে লগেই যাক যেনেকৈ পোৱা গ’ল খবৰ দিয়া হ’ল। সেইসময়ত আমাৰ মোবাইল আদিৰ ব্যৱস্থা নথকাত মুখে মুখেই খবৰ বিয়পি গ’ল। কথা মতেই ১৫-২০ টামান বেগ আদি লৈ ওলালোঁ হোষ্টেলৰ পৰা গধূলিৰ বাছখনত পাণবজাৰলৈ।

সেইসময়ত পাণবজাৰ আছিল আমাৰ জীৱনৰ প্ৰাণকেন্দ্ৰ। ট্ৰেইনলৈ যিহেতু বহুত সময় আছে (সম্ভৱ ৰাতি দহমান বজাত ট্ৰেইন আছিল) গতিকে প্ৰথম পাণবজাৰতে আদ্দা দিয়াতো ঠিক কৰিলোঁ। পাণবজাৰৰ প্ৰতিটো গধূলিয়েই আছিল আমাৰ অতি মৰমৰ। নাজানিছিলোঁ কি পাইছিলোঁ তাত। সাধাৰণতে “ফিদছ” (Feeds) আছিল আমাৰ পাণবজাৰৰ কেন্দ্ৰবিন্দু। লগতে ফিদছৰ কাষৰ অশোকা, ৰেৱতি, ছানফ্লাৱাৰ, মহামায়া আদিবোৰৰ লগতে মম’ঘৰ আছিল আমাৰ বিচৰণভূমি।

ফিদছৰ কাষত থকা খাদীভাণ্ডাৰৰ চিৰিকেইটা আছিল আমাৰ। তাতে বহি চিগেৰেট হুপি হুপি ৰাস্তাৰে যোৱা মানুহ চোৱাৰপৰা ডিচপ’জেৱল গ্লাছত মদ বকালৈকে সকলোৰে সাক্ষী আছিল সেই চিৰিকেইটা। সেইখন যেন আমাৰ এক অলিখিত সাম্ৰাজ্য। ফিদছখন আছিল কলেজীয়া প্ৰেমৰ পৰা আৰম্ভ কৰি হাই কাজিয়া আদিকে ধৰি আমাৰ কলেজীয়া জীৱনৰ অসংখ্য ঘটনাৰ সাক্ষী। অশোকাৰ বাৰখন পৰীক্ষা শেষ হোৱা আদিকে ধৰি বিভিন্ন স্পেচিয়েল দিনৰ সাক্ষী।

যি কি নহওক কলেজৰ বাছ আহি পাণবজাৰ পানী টেংকিত ৰখোৱাৰ লগে লগে আমি প্ৰায়বোৰেই তাতে নামি পৰোঁ। যাওঁতে কাছাৰীলৈকে বাছখন যায় যদিও গধুলি ওলাই অহা প্ৰায়বোৰৰে গন্তব্যস্থান পাণবজাৰেই হয়। আমিও তাৰ পৰা গৈ চিধাই ফিদছৰ ওচৰ পালোঁগৈ। কোনোবা দুটামান বি এন দেলৈ লৰ মাৰিলে ট্ৰেইনত যাওঁতে যাতে জোগাৰ ঠিক ঠাক হয় তাৰ কাৰণে।

বাকীবোৰ কোনোবা অশোকাত বহিলেগৈ, কোনোবা ফিদছত আৰু কোনোবা খাদী ভাণ্ডাৰৰ চিৰিত। এইদৰে থাকোতেই তাতো আগতে আমাৰ যাত্ৰাৰ খবৰ গম নোপোৱা কেইটামানো ওলালে আমাৰ লগত যাবলৈ। সেইবোৰে পাণবজাৰলৈ গধূলি ওলাই অহা মানুহ গতিকে হাতত কাপোৰ কানি নোহোৱাকৈয়ে ওলাল ঘৰলৈ বুলি। তেনেকৈ ওলোৱাবোৰক ধৰি আমি ২০-২৫ টা ল’ৰা হ’লোগৈ শেষত।

এটা সময়ত পাণবজাৰ এৰি ৰেলৱে ষ্টেচনলৈ বুলি খোজ ল’লো। পানীৰ বটল, চাকনা আদিৰ জোগাৰ সম্পূৰ্ণ কৰি লোৱা হৈছে ইতিমধ্যে। ষ্টেচন পাই ট্ৰেইনৰ খবৰ-খাতি লৈ খালী ডবা বিচাৰি গোটেইসোপা সোমাই লৈ ঠাই বিচাৰি বহাই বহি, শুৱাই শুই ল’ব ধৰিলোঁ। টিকট চিকটৰ কথাই নাই। ইতিমধ্যে কোনোবাই কোনোবাই পানীৰ বটলবোৰ আধা আধি খালি কৰি কোৱাৰ্টাৰ, হাফ, য’ত যেনেকৈ পাৰি সোমোৱাত লাগিছে।

এটা সময়ত ট্ৰেইনখন চলিবলৈ আৰম্ভ কৰিল। কোনোবাই ফূৰ্তিতে “জানৈ ….” বুলি বিহু এফাঁকি জুৰিবলৈ লাগিছে। বাকী ওচৰৰ মানুহবোৰে আন্দাজ এটা কৰিছে আজি ৰাতি শোৱা গ’ল আৰু বুলি!  ট্ৰেইন গৈ আছে, গৈ আছে, আমাৰো জমি গৈছে যাত্ৰা।

কিন্তু এটা সময়ৰ পাছত, “অ’ই অ’ই বটলবোৰ লুকুৱা লুকুৱা” বুলি দুটামানে ফুচ ফুচাবলৈ লাগিলে। ইফালৰ পৰা মন কৰিলোঁ ক’লা কোট পিন্ধা টি টি এজন আহি আছে টিকট চেক কৰি কৰি। ৰক্তিম আৰু দলেই টি টিক মেনেজ কৰাৰ দায়িত্ব ল’লে, লগতে আমি দুটামানেও যোগ দিলো সিঁহতৰ লগত। টি টি আহি আমাৰ ওচৰ পোৱাৰ লগে লগেই দলেই টিটিক একেবাৰে ওচৰত বহোৱাই লৈ অসংখ্য কাহিনী কোৱাত লাগিল দুখৰ সুখৰ। টি টিজনে পঢ়িছিল গুৱাহাটী বিশ্ববিদ্যালয়ত, গতিকে হোষ্টলৰ চেণ্টি, জালুকবাৰীৰ চেণ্টিয়ে বেছিয়েই কাম কৰি গ’ল। পছিশটা মানুহৰ ডিমাপুৰলৈ ভাৰা গোটেইবোৰৰ মিলাই তিনিশ টকামান দিওঁতে এশ টকা এটা আমাক চাহ ভাত খাবলৈ ঘূৰাইহে দিলে আৰু লগতে কিবা দৰকাৰ হ’লে তেখেতক খবৰ দিবলৈ কৈ আমাৰপৰা বিদায় ল’লে। গোটেই ৰাতিটো আদ্দা মৰাই আদ্দা, গান গোৱাই গান, শুৱাই শুই ৰাতিপুৱাই ডিমাপুৰ ষ্টেচন পালোঁগৈ।

সেইসময়ত ব্ৰদগজ, মিটাৰ গজৰ কাম চলি থকাত আমাৰ ট্ৰেইন ডিমাপুৰত সলনি কৰিব লগা হ’ল। ডিমাপুৰ পাওঁতে ৰাতিপুৱা ছয়মান বাজিল। ৰাতিপুৱা সেইসময়ত উজনিমুখী কোনো ট্ৰেইন নাছিল, একেবাৰে ৰাতিহে আকৌ ডিব্ৰুগড়লৈ যোৱাৰ ট্ৰেইন। এতিয়া দিনটো ক’ত কি কৰা যায়? কেৰেলাতকৈচোন গুটিহে দীঘল হ’লগৈ! সেইবোৰ ভাবি গুণি থাকোতেই দলে আৰু ৰক্তিমেই আকৌ হোটেলৰ ৰুম লোৱা ঠিক কৰিলে।

“আবে হোটেলৰ ৰুম ল’বলৈ পইচা ক’ত বে?” – কোনোবাই মাত দিলে।

“আবে ৰহচোন” – একেই অভয়বাণী দলেৰ। সেইখিনিত থকা আটাইতকৈ ভাল হোটেলখনলৈ আমাক গোটেইবোৰক লৈ আগবাঢ়িল দলে। ইতিমধ্যে তাৰ মগজুত কিবা যে বুদ্ধি খেলাইছে গম পাইছোঁ। বাকীবোৰক দূৰতে থৈ ৰিচেপচনত গৈ কিবা কিবি কথা পাতি আহি ক’লে – “ব’ল ৰুম ঠিক হৈ গ’ল।”

ৰুমটো দিনটোৰ কাৰণে। কিমান কি পইচা দিব লাগিব সোধাত ক’লে সেইটো হেনো ফ্ৰি। আমি বোলো কথা কি? কিহৰ ফ্ৰি ৰুম? পাছত সি ক’লে আহোতে দেখি অহা আধা বনোৱা অভাৰ ব্ৰীজখনৰ কথা। কলেজৰ আই কাৰ্ডখন দেখুৱাই ৰিচেপচনত কিবাকৈ বুজালে যে সেই আধা বনোৱা ব্ৰীজৰ কিবা ইনচপেকচনতহে সি টীম লৈ আহিছে। গতিকে কামৰ সময়ত ইহঁতৰ হোটেলতেই থাকিবলৈ ল’ব।

সেইবোৰ কিবা কিবি ফাণ্ডা ৰিচেপচনিষ্টে ইমান বেছি বুজিলগৈ যে ৰুম ফ্ৰিতে দি দিলে। গতিকে ৰুমটো গা ধোৱা আৰু অন্য নিত্যকৰ্মৰ বাবে ব্যৱহাৰ কৰি ভাগে ভাগে ডিমাপুৰত বজাৰ কৰিবলৈ ওলাই গ’লোঁ।

দোকান পোহাৰতো একেই ফৰ্মুলা। এনেয়েও তাত চব বস্তুৰেই দৰ দাম বহুত কৰিব লাগে। এশ টকা ক’লে দহ টকাত দিব নেকি তাৰ পৰা আৰম্ভ কৰিব লাগে, তেতিয়াহে ত্ৰিশ টকাত বস্তুটো পোৱাগৈ যায়।

দলেই হোটেলত সফল হোৱা টেকনিকটো য’তে ত’তে লগাবলৈ লাগিল। আই কাৰ্ড দেখুৱাই কয় – “ব্ৰীজ বনাবলৈ আহিছোঁ, এতিয়াৰ পৰা তোৰ তাতে বস্তু কিনিম। গতিকে সস্তাত দে ৰে ককাই।” কোনোবাই সস্তাত দিয়ে, কোনোবাই নিদিয়ে। এনেকৈয়ে ইটো সিটো কৰি দিনটো যোৱাৰ পাছত আবেলিলৈ আকৌ ট্ৰেইনত উঠিলোঁগৈ। ট্ৰেইন বেলেগ, গতিকে টি টিও বেলেগ।

আকৌ ট্ৰেইন চলা আৰম্ভ কৰিলে, আগৰবাৰৰ দৰেই টিকট লোৱাৰ কোনো কথাই নাহিল। কিছুদূৰ যোৱাৰ পাছত টি টি আহিল এফালৰপৰা টিকট চেক কৰি কৰি। আমাৰ ওচৰ পোৱাৰ লগে লগে দলে আৰু ৰক্তিমলৈ কেচটো দি দিয়া হ’ল। এইবাৰৰ টি টি অলপ কাঢ়া। বৰ কেৰজেৰ। বেছি ইটো সিটো কৈ থকা দেখি পাছফালৰ পৰা এটাই মাত লগালে – “চলি থকা ট্ৰেইনৰ পৰা কাৰোবাক দলিয়াই দিলে মানুহটোৰ কি অৱস্থা হ’ব বাৰু?”

টি টিজনে ইফালে সিফালে চাই – “হেৰা যি আছে তাকে দিয়াহে মোৰ আৰু বহুত চেক কৰিবলৈ বাকী আছেই” বুলি ফটাফট এশ নে দেৰশ এটা পকেটত ভৰাই আমাৰ পৰা বিদায় ল’লে। লগতে কৈ গ’ল – “হেৰা মোৰ মৰিয়নীলৈহে ডিউটি। তাত নতুন টি টিজনক বাৰু কৈ যাম ডিব্ৰুগড়লৈকে আৰু পইচা দিব নালাগে।” ৰাতি ফূৰ্তি আদ্দা গান বাজনা চলিয়েই থাকিল। শেষ নিশা ট্ৰেইন আহি মৰিয়নী পালেহি।

চাহ পানী খোৱাৰ লগতে শেষ হোৱা পানী বটলত ভৰাবলৈ আকৌ কোৱাৰ্টাৰ হাফ বিচাৰি ৰাইজে প্লেটফৰ্ম খাষ্টাং কৰিলে। আকৌ যেনিবা ট্ৰেইন চলিল। ৰাতিপুৱাল, কিন্তু নাই বুলিয়েই নতুন টি টিয়ে আমাৰ ফালে মুখ ঘূৰাইও চাবলৈ নাহিল। ইতিমধ্যে আমাৰ ভাগৰে যোগৰে অৱস্থা নোহোৱা হৈছে। তেনেতে ট্ৰেইনখন ৰৈ গ’ল। নাই নাই বুলিও লৰচৰেই নকৰা হ’ল। ইফালে সিফালে চাই গম পালোঁ চাবুৱা পাৰ হৈ ট্ৰেইনখনে চিগনেল নোপোৱাত ৰৈ দিছে। লাহে লাহে সকলো অধৈৰ্য্য হৈ পৰিছে।

এটা সময়ত ট্ৰেইনৰ পৰা এটা দুটাকৈ নামি খোজ কাঢ়ি ট্ৰেইনখনৰ সন্মুখলৈ যাবলৈ ধৰিলে। এটাই জোছতে ট্ৰেইনৰ ড্ৰাইভাৰ(?)ৰ ওচৰলৈ গৈ “আৰে দাদা চলাই দিয়ক বে, কি ৰৈ আছে” বুলি ক’বলৈহে পালে, ড্ৰাইভাৰে তাঁৰ চাঁৰ চিঙি বেয়া মাতষাৰ মাতি “বাপেৰৰ ট্ৰেইন পাইছ” বুলি যিটো দম দিলে আটাইকেইটা একেকোবে আহি ট্ৰেইনত বহিলহি।

পাছত যেনিবা কিছুসময়ৰ পাছত ট্ৰেইন চলিল। ডিব্ৰুগড় ষ্টেচন পাওঁতে পাওঁতে পুৱা সাতমানেই বাজিল গৈ। তাৰপৰা ভাগৰে যোগৰে ভোকে পিয়াহে লেবেজান হৈ ঘৰ পাওঁতে পাওঁতে আঠমানেই হ’লগৈ।

গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ বাছেৰে আহিলে দহ ঘণ্টাত ঘৰ পাই যাওঁ। এইটো যাত্ৰাত লাগিল ৩৬ ঘণ্টা। অৱশ্যে এটা লাভ নোহোৱা নহয়, গোটেই যাত্ৰাটোত খৰছ পৰিলে গাইপতি ১৪ নে ১৫ টকা (নিজা খোৱা আৰু পিয়া বাদ দি)। সেইবাৰেই কাণত ধৰিলোঁ আৰু ট্ৰেইনত অহা যোৱা নকৰোঁ, লাগিলে ঘৰেলৈয়ে নাহোঁ বুলি।

☆ ★ ☆ ★ ☆

21 Comments

  • Abhijit Goswami

    মজা লাগিল দাদা 👍 👍 👍

    Reply
  • Anonymous

    হোষ্টেলৰ জীৱন নোপোৱা বিলাকৰ জীৱন আধৰুৱা।

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    ৱাহ মজ্জা লাগিল অগ্নিভ দা 👌

    Reply
  • ডলী

    বঢ়িয়া লাগিল। পাণবজাৰ মোৰো প্ৰিয়। প্ৰাইমেৰী স্কুলৰ পৰা হাইস্কুললৈ পাণবজাৰতে পঢ়া। দেউতাৰ অফিচ হৰিসভাৰ ওচৰত। জনা হোৱাৰ পৰা পাণবজাৰৰ লগত মোৰ চিনাকি।

    Reply
    • Anonymous

      ধন্যবাদ,পাণবজাৰ মানেই বেলেগ আমেজ ৷এতিয়াও চান্স পালে এপাক মাৰো

      Reply
  • হেমন্ত কাকতি

    এইটো সংখ্যাৰ টপমোষ্ট এইটো৷ নিজকে পান বজাৰত, হোষ্টেলৰ সংগী সকলৰ লগত আৰু যতে ততে দেখিলোঁ৷ হেটচ্ অফ ব্ৰ’৷

    Reply
    • Anonymous

      সঁচাই দেই কি দিন সেইবোৰ ৷
      ধন্যবাদ

      Reply
  • অনামিকা গগৈ

    ভাল লাগিল পঢ়ি

    Reply
  • Anonymous

    ধন্যবাদ

    Reply
  • rintumoni dutta

    ফালি দিছা হে অগ্নিভ, বঢ়িয়া লাগিল

    Reply
  • দিম্পল

    দাদা চলাই দিয়ক হে কি চাই আছে’ এইটো মেইন ।
    মজা লাগিল

    Reply
  • প্ৰণৱ কুমাৰ বৰা

    ভাল লাগিল পঢ়ি। সুন্দৰ বিৱৰণ।

    Reply
  • মৃদুল নাথ

    হা হা হা, অগ্নিভ দা আৰু চিয়ানা ৰ যুটিটো সাংঘাতিক, কাহিনী বোৰ শুনি ৰাতি পুৱাই দিব পাৰিম।

    Reply
  • বন্দিতা জৈন

    বৰ ভাল লাগিল পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published.