ফটাঢোল

অপদাৰ্থ প্ৰেমৰ গাঁথা-অৰ্চন

হাজাৰ হওক তাই মোৰ ছাত্ৰী। মনটোৱে বাৰু কেনেকৈ মানি লয়। কিন্তু, তাইক পঢ়াবলৈ ল’লে দেখোন অংক সূত্ৰবোৰতকৈ বেছি বলিউডৰ ৰোমাণ্টিক গানবোৰহে মনত পৰে।   

তাই প্ৰথমতে ছাৰ বুলিয়ে মাতিছিল, এদিন ময়ে ক’লোঁ‌, “ছাৰ বুলি ভবাতকৈ মোক বন্ধু হিচাপে ভাবি নিঃসংকোচে সকলো কথা সুধিব পাৰা।

মই ভাবিছিলোঁ তাই চাগে মোৰ সৈতে ফ্ৰী হৈ ল’ব পাৰিলে বুজি নোপোৱা অংকবোৰ ভালকৈ সুধি-পুচি ল’ব পাৰিব।

: হ’ব ছাৰ, ছাৰ এটা কথা কওঁ‌নে? 

অলপ হুহকা-পিছলা কৰি তাই সুধিলে।

 : উম, কোৱা কোৱা।

: আপোনাক যে মোৰ একদম ছাৰ ছাৰ নালাগে!

 এইষাৰ আকৌ তাই কি ক’লে! মই মনে মনে ভাবিলোঁ।

: কিয় মই ভালকৈ পঢ়াব পৰা নাই নেকি?

: নহয় ছাৰ মানে আন অংক ছাৰবোৰে ইমান গালি দিয়ে, আপুনি যে এক্কেবাৰে গালি নিদিয়ে, ইমান ধুনীয়াকৈ বুজাই দিয়ে।

ধুনীয়া চকুযুৰিয়ে সুন্দৰ চাৱনি এটা দি তাই বৰ সুন্দৰকৈ কথাকেইটা ক’লে।

: হ’ব হ’ব। তুমি অংকত ধ্যান দিয়া, কালি দিয়া অংককেইটা কৰিলানে? 

যদিও বুকুখন তিনি ইঞ্চি ফুলি গৈছিল, তথাপি ‘গুৰু ব্ৰহ্মা গুৰু বিষ্ণু’ শ্লোকটো স্মৰণ কৰি নিজৰ স্বাভাৱিক গাম্ভীৰ্য্য ঘূৰাই আনি কথাকেইটা ক’লোঁ‌।

: মানে ছাৰ, কালিযে মোৰ বেষ্ট ফ্রেণ্ড সুস্মিতাৰ বাৰ্থদে আছিল যে, মানে তাইৰ ঘৰতে কালি থাকিব লগা হ’ল সেইকাৰণে অংককেইটা কৰাই নহ’ল ছাৰ।

আয়ু! কথাৰ কি সুৰ, শিল এটাও এই সুৰত গলি যাব। মইনো সাধাৰণ নৰ মনিছহে। কিন্তু অথনি মৰতীয়ে ইমান তেল কিয় মাৰিছিল তাৰ কাৰণটো এতিয়াহে মই বুজিলোঁ।

দুমাহমান আগৰ কথা, কাষৰে ঘৰৰ বৰুৱা খুড়াহঁ‌তৰ ঘৰলৈ যাওঁতে দেখিলোঁ‌ তেওঁলোকৰ ওপৰ মহলালৈ এখন চোফা দুটা লৰাই দাংকোলাকৈ লৈ গৈছে। মই খুড়ীক সুধিলোঁ,

: খুড়ী, আপোনালোকৰ ড্ৰয়িং ৰুমটো এইটো ফ্ল’ৰতে আছে দেখোন, তেন্তে ওপৰৰ ফ্লৰলৈ চকী টেবুল নিছে যে সোণটো দাদাৰ বিয়াৰ কথা ওলাইছে নেকি?

: এহ, ক’ৰ বিয়াখন পাতিবি ও। তাৰ কাৰণে ছোৱালী পোৱাই নাই আৰু এই ওপৰ মহলালৈ নিয়া বস্তুবোৰ আমাৰ নহয় দে। বহু দিনৰপৰা ওপৰ মহলটো এনেই পৰি আছে বাবে ভাবিছোঁ ভাড়ালৈকে দি দিওঁ। ভাল পৰিয়াল এটাও পাইছোঁ কাইলৈ সোমাবই সিহঁত এইবোৰ সেই পৰিয়ালটোৰে বস্তু! 

বাৰু, মই চাহ-তাহ খাই গুচি আহিলোঁ। এনেয়ো ক’ৰ মানুহ কি কথা সেইবোৰ জানিবলৈ মোৰনো কি! পিচে নাই, কথা সিমানতে শেষ নহ’ল। দুদিনমান পাছত দুপৰীয়া ভাতকেইটা খাই মাৰ গালি দুটামান শুনি সুন্দৰকৈ ফষ্টি মাৰি শুই আছিলোঁ, কিন্তু টোপনি পূৰ নহওতেই মাই আহি জগাই দিলে,

: ঐ, ধদুৱা তোক লগ পাবলৈ বৰুৱা খুড়াহঁ‌তৰ ঘৰত ভাড়াত থকা আণ্টী আহিছে। কিবা জৰুৰী কথা আছে বোলে।

মই বোলো এয়া কি কথা। না জান না পেহচান, মে তেৰা মেহমান! মই জীৱনত দেখাই নাই কোন  ভাৰাতীয়া আণ্টী। এইবোৰৰপৰা শান্তি নোহোৱা হ’ল। কি বা জৰুৰী কথা আছে এতিয়া মোৰ সৈতে ভগৱানে হে জানে। মুখখন অকণমান তিয়াই মুখত হাঁহি এটা ফিক্স কৰি ওলাই গ’লোঁ‌।

: আণ্টী নমস্কাৰ। মায়ে কৈছিল আপোনাৰ কিবা জৰুৰী কথা আছে মোৰ লগত।

: নাই নাই মই মানে তোমালোকৰ কথা বৰুৱানী বাইদেউৰ মুখত শুনিয়ে আছোঁ নহয় চিনাকি হওঁ বুলিয়ে আহিলোঁ। পিচে তুমি এতিয়া কি কৰি আছা?

: মইনে! আপুনি অহাৰ আগলৈকে শুই আছিলোঁ। এতিয়া বিশেষ একো কৰা নাই।

: বৰ ধেমেলীয়া ল’ৰা দেই তুমি। বাৰু তুমি যদি ফ্ৰী আছা আমাৰ এইক দুদিনমান চাই দিব পাৰিবা নে?

: এইক মানে কাক চাব  লাগে আণ্টী?

: কিয় তোমাৰ কাষৰ চোফাখনতে বহি আছে দেখোন।

মোৰ কাষৰ চোফাখনলৈ আঙুলিয়াই কথাটো কওঁতেহে মন কৰিলোঁ। একদম ধুনু মাইনা ঔ। নামটো হেনো পৰী। বয়স ওঠৰৰ ওচৰে পাজৰে হ’ব। চকুকেইটা বৰ ধুনীয়া। তাই মোলৈ চাই মিচিকিয়াই দিলে। একেবাৰে অনুস্কা শৰ্মা গোটেইজনী! এইক মই দুদিনমান কিয় সম্পূৰ্ণ জীৱন চাই থাকিবলৈও প্ৰস্তুত কিন্তু মাকৰ আগততো সেইটো ক’ব নোৱাৰি। গতিকে আগতকৈ দহ গুণ ভদ্ৰ হৈ সুধিলোঁ,

: কওঁ‌কচোন আণ্টী কি চাই দিব লাগে?

: মানে আমাৰ পৰীয়ে এইবাৰ হায়াৰ চেকেণ্ডাৰী দিব। তুমি পঢ়াত বৰ ভাল বুলি বৰুৱানী বাইদেৱে ক’লে। গতিকে তোমাৰ অসুবিধা নহ’লে তাইক অলপ ফিজিক্স আৰু অংকখন চাই দিয়াচোন। জানাই নহয় লক ডাউনৰ বাবে ক্লাছ একেবাৰেই নহ’ল। তাকেহে বৰ চিন্তা লাগি আছে মোৰ।

: হ’ব বাৰু আণ্টী। মই যিমান পাৰোঁ চাই দিম দিয়ক।

: বৰ উপকাৰ কৰিলা তুমি। আজিৰপৰা তেনে এইক তোমাৰ হাতত গতালোঁ।

চাহ তাহ খাই মাক জীয়েক গ’লগৈ। তাৰ পিছৰপৰাই সিহঁতৰ ঘৰলৈ মোৰ অহা যোৱা ষ্টাৰ্ট, বৰ আগ্ৰহেৰে পঢ়ুৱা কামটো হাতত লৈছিলোঁ কিন্তু প্ৰথম দিনাই বুজিলোঁ তাইক বুজোৱা আৰু গৰু এটাক বুজোৱা একেই কথা। তাইক পঢ়াবলৈ গৈ মোৰেই পদাৰ্থ বিজ্ঞানৰ জ্ঞান অপদাৰ্থ হ’লগৈ। কিন্তু কি কৰোঁ তাইক যে গালি পৰিবও মন নাযায় মোৰ। দুদিনমানতে ছাৰ গুছি দাদা আৰু তাৰ পাছত নামৰ পিছত কেৱল ‘দা’। পঢ়াত যিয়েই নহওঁক ছোৱালীজনী ধুনীয়া আৰু স্মাৰ্ট। কেতিয়াবা তাই সোধে,

: আপোনাৰ গাৰ্ল ফ্রেণ্ড আছেনে?

: তোমাৰ কিতাপত এইবোৰ লিখা আছে নেকি?

:কওঁকনা প্লিজ?

: নাই মোৰ সেইবোৰ।

: মিছাকৈ কিয় কয়, ইমান হেণ্ডচাম আপুনি।

তাইৰ মুখত ‘হেণ্ডচাম’ শব্দটো শুনিলে নিজকে কিবা তম ক্ৰুজ যেন ভাব হয়। লাহে লাহে তাইৰ প্ৰতি মনত ভালপোৱাৰ সাগৰখন বাঢ়ি আহিবলৈ ধৰিলে। সঁচাই তাই বহুত ধুনীয়া। সদায় ভাবোঁ‌ যে তাইক কৈ দিওঁ নেকি, “মই তোমাৰ প্ৰেমত পৰিছোঁ” বুলি। কিন্তু নিজকে আকৌ বুজাও তাই সৰু হৈ আছে হায়াৰ-চেকেণ্ডাৰী পৰীক্ষাটো দি লওঁ‌ক তাৰ পাছত কম তাইক। এনেকৈয়ে দিনবোৰ ৰাতি হয় ৰাতিবোৰ দিন। মোৰ টিউচন কৰাৰ সময় এক ঘণ্টাৰ পৰাগৈ তিনি ঘণ্টা হয়গৈ। সদায় যোৱাৰ দৰে আজিও আবেলি চাহ একাপ খাই লাহেকৈ যাবলৈ ওলালোঁ সিহঁতৰ ঘৰলৈ।

: ঐ ৰহচোন কত যাৱ তই?

মায়ে পিছফালৰপৰা মাত দিলে।

: এস! দিলা নহয় পিছফালৰপৰা মাতি। বৰুৱা খুড়াৰ ঘৰলৈ আকৌ পৰীক পঢ়াবলৈ বহুত বাকী আছে।

: ও, সিহঁতৰ ঘৰত কোনো নাই সব কোৰ্টলৈ গ’ল আজি সোণটো দাদাৰ বিয়া মানে কোৰ্ট মেৰেজ।

: সোণটোদাৰ বিয়া! কাৰ লগত ঔ মই যে গমেই নাপাওঁ।

: কাৰ লগত আৰু পৰীৰ লগত। বৰুৱানীয়ে তাইক দেখিয়ে সোণটোৰ কাৰণে পছন্দ কৰিছে। গতিকে আজিয়ে কোৰ্ট মেৰেজ কৰাই লেঠাটো মাৰি থৈছে। পৰীৰ পৰীক্ষাৰ পিছতে সিহঁতৰ বিয়া।

: কিন্তু পৰীৰতো বয়স হোৱাই নাই ওঠৰ হৈছেহে।

: কোনে ক’লে তোক। হেৰৌ তাই দুবাৰ হায়াৰ-চেকেণ্ডাৰী বেয়া কৰিছে দেখিবলৈহে সৰু ছোৱালীৰ দৰে হৈ আছে। সোণটো আৰু তাইৰ ভালপোৱা দুবছৰৰ আগৰেপৰাই চলি আছে।

: কিইইই,,,,,,,,!

☆ ★ ☆ ★ ☆

5 Comments

  • কাবেৰী মহন্ত

    একদম ঝাক্কাছ৷ আৰু লিখিবা

    Reply
  • ৰাজশ্ৰী শৰ্মা

    খুবেই বঢ়িয়া।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বঢ়িয়া বঢ়িয়া৷

    Reply
  • পূৰ্ণময়ী

    এহ গোটেইখনত বৰফ পৰিল 😀

    Reply
  • মানসী

    বঢ়িয়া লাগিল দেই…

    Reply

Leave a Reply

Your email address will not be published.