ফটাঢোল

অপদাৰ্থ বিজ্ঞান পৰিচয়, প্ৰথম ভাগ – অভিজিত কলিতা

=পাতনি=

সমগ্ৰ পৃথিৱী নহয় এই বিশ্ব ব্ৰহ্মাণ্ডতে যত বয় বস্তু বা পদাৰ্থ আছে তাক সামৰি, পঢ়ি, শুনি, পৰীক্ষা কৰি, তাৰ বিষয়ে কিছুমান দাঁত ভঙা নীতি নিয়ম, সূত্ৰ আদি বনাই থকা বিজ্ঞান বিধকে পদাৰ্থ বিজ্ঞান বোলে। আমাৰ এই পদাৰ্থবোৰৰপৰাই এল্গিৰপৰা আৰম্ভ কৰি পথালিচকুৱাকে ধৰি নেবুলা, নিহাৰীকালৈকে সকলোৰে সৃষ্টি। দুনীয়াৰ পদাৰ্থ বিজ্ঞানীসোপাই এচি ৰূম বা লেবেৰেটৰীত বহি এই পদাৰ্থবোৰক খোঁচা বিন্ধা কৰি দাঁত ভঙা নীতি প্ৰয়োগ কৰি, এই পদাৰ্থবোৰৰ ধৰ্ম, ব্যৱহাৰ আদিৰ বিষয়ে নানান তথ্য বিচাৰি উলিয়াই হায়াৰ চেকেণ্ডেৰী পঢ়ি থকা ল’ৰা ছোৱালীবোৰক হাৰাশাস্তি কৰে যদিও, পদাৰ্থৰ গুৰুত্ব অপৰিসীম। এফাল যদি ঈশ্বৰ কণা, আনফালে কৃষ্ণ গহ্বৰ, সকলো পদাৰ্থৰে মায়া। সেয়ে পদাৰ্থৰ বিষয়ে জ্ঞান লোৱা অতি আৱশ্যক, সেয়ে আজি তিনিশ বছৰ ধৰি মানুহে হোৱাই নোহোৱাই পদাৰ্থ বিজ্ঞানৰ ওপৰত লাখে লাখে কিতাপ লিখিছে। কোনোবাই আকৌ পদাৰ্থৰ জাত শতৰু প্ৰতি-পদাৰ্থও বিচাৰি উলিয়াইছে। আজি এজনে কিবা এটা হয় বুলি প্ৰমাণ কৰি নোবেল বঁটা লৈছে; কাইলৈ আকৌ আন এজনে তাকে নহয় বুলি প্ৰমাণ কৰিবলৈ আহোপুৰুষাৰ্থ কৰিছে আৰু শেষত গৈ সেইজনেও নোবেল বঁটা লৈ গহীনত বহি আছে। মুঠতে পদাৰ্থ বৰ দৰকাৰী বস্তু আৰু মানুহে তাক যথোপযুক্ত গুৰুত্ব দিয়াতো আজিলৈকে কৃপণালি কৰা নাই।

কিন্তু পদাৰ্থৰ সামনেই আন এটা গুৰুত্বপূৰ্ণ বস্তু আমাৰ চকুৰ আগতে কিলবিলাই ফুৰিছে, সেই বিষয়ে মানুহৰ কাণষাৰ নাই। এইবিধৰ গুৰুত্বও মানৱ জীৱনত আৰু সভ্যতাত পদাৰ্থতকৈ কোনো গুণে কম নহয়। কিন্তু দুখৰ বিষয় এই বস্তুটোৰ ওপৰত আজিলৈকে যথোপযুক্ত গৱেষণা হোৱা নাই। গতিকে অমুকাই, মানৱ জাতিয়ে কৰা এই মহাভুলৰ প্ৰতিকাৰ কৰোঁ বুলি লৈ, আজিৰপৰা বিজ্ঞান অধ্যয়নৰ এটি নতুন শাখা আৰম্ভ কৰিছো। শাখাটোৰ নাম –“অপদাৰ্থ বিজ্ঞান”। এই বিজ্ঞানৰ মূল উদ্দেশ্য হ’ল – আমাৰ আগে পিছে, তলে ওপৰে, সোঁৱে-বাঁৱে যিমানবোৰ অপদাৰ্থ আছে, সেইবিলাকৰ গুণ, নাম, ধৰ্ম, ব্যৱহাৰ, উৎপত্তিত কাৰণ আদি বিচাৰ, বিশ্লেষণ কৰা আৰু সেইবিলাকৰ উপকাৰিতা-অপকাৰিতা আৰু ব্যৱহাৰৰ সময়ত ল’ব লগা সাৱধানতাসমূহৰ বিষয়ে মানৱ জাতিক জ্ঞান দিয়া।

=অপদাৰ্থৰ সংজ্ঞা=

বিজ্ঞানত সকলোতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হ’ল – অধ্যয়ন কৰিব খোজা বিষয়টোৰ সংজ্ঞা। সংজ্ঞাই বিষয়টোৰ সকলো দিশ শুদ্ধ ভাৱে সামৰি লোৱা অতি প্ৰয়োজনীয়। প্ৰথম দৃষ্টিত লাগিব পাৰে যে পদাৰ্থৰ বিপৰীত শব্দটোৱেই অপদাৰ্থ। কিন্তু নহয়, পদাৰ্থৰ বিপৰীত শব্দ হ’ল- প্ৰতিপদাৰ্থ। অপদাৰ্থৰ পোনে পোনে পদাৰ্থৰ সৈতে কোনো সম্পৰ্ক নাই। গতিকে আমি সংজ্ঞা দিয়াৰ আগতে অপদাৰ্থৰ কিছুমান ধৰ্ম আলোচনা কৰি লোৱা উচিত,

ক) পদাৰ্থ যিকোনো প্ৰকাৰৰ হ’ব পাৰে, জৈৱিক, অজৈৱিক, মহাজাগতিক, জীৱন্ত, মৃত, মানুহ, গৰু, ভেড়া সকলো পদাৰ্থৰে গঠিত। কিন্তু অপদাৰ্থ তেনেকুৱা নহয়। অপদাৰ্থ কেৱল জীৱিত মানুহৰ সমাজতহে পোৱা যায়। মানুহৰ বাদে আন কোনো জৈৱিক বা অজৈৱিক বস্তুত অপদাৰ্থৰ উপস্থিতি নেথাকে।

খ) পদাৰ্থই কিছুমান নিৰ্দিষ্ট ধৰ্ম পালন কৰে, অপদাৰ্থইয়ো কৰে। কিন্তু পদাৰ্থ যিদৰে সহজে চিনিব পাৰি, অপদাৰ্থক চিনিবলৈ প্ৰায়ে কিছু সময় লাগে;

গ) পদাৰ্থৰ প্ৰয়োজনীয়তা আছে, ব্যৱহাৰ আছে, কিন্তু অপদাৰ্থৰ ব্যৱহাৰ বা উপযোগিতা যথেষ্ট সীমিত। কেৱল আন কিছুমান বুদ্ধিমান প্ৰাণীৰ চৰণ চেলেকা আৰু সমাজত হকে বিহকে গণ্ডগোল লগোৱাৰ বাদে অপদাৰ্থৰ আন কোনো বিশেষ প্ৰয়োজনীয়তা নাই বুলিবই পাৰি।

ঘ) অপদাৰ্থবোৰে সাধাৰণতে নিজকে মহা পণ্ডিত বুলি ভাবে আৰু আন সকলোকে জধামূৰ্খ বুলি।

ঙ) অপদাৰ্থই নিজে কোনো কাম কৰিব নোৱাৰে যদিও আনৰ কামত ভুল ধৰা আৰু নিজৰ দায়িত্ব আনলৈ ঠেলি দিয়াত তেওঁলোক অদ্বিতীয়;

চ) অপদাৰ্থবোৰ সদায় ঋণাত্মক দৃষ্টিভংগীৰ হয়, তেওঁলোকৰ মতে সকলো শেষ, বৰ্বাদ, আৰু একো ভাল হোৱাৰ আশা নাই, সেয়ে তেওঁলোকে এই শেষ বোলা বস্তুটো সনণকালে আনিবলৈ যথাসাধ্যে বৰঙণি যোগায়।

ওপৰত দিয়া ধৰ্মবোৰৰপৰা অপদাৰ্থৰ সংজ্ঞা তলত দিয়া ধৰণে দিব পাৰি,

“অপদাৰ্থ হ’ল আমাৰ সমাজতে বাস কৰা কিছুমান সহজে ধৰিব নোৱাৰা মানুহৰূপী প্ৰাণী, যি কাৰো কেতিয়াও কোনো কামত নাহে আৰু নিজৰ সকলো ভুলৰ বাবে আনক জগৰীয়া কৰে; আৰু নিজকে সৰ্বজ্ঞানী বুলি ভাৱি মহা আনন্দে লোকৰ মূৰত কঁঠাল ভাঙি জীৱন নিৰ্বাহ কৰে।”

=অপদাৰ্থ ক’ত পোৱা যায়=

অপদাৰ্থ পথালিচকুৱা নৰমনিচৰ এই সমাজ বোলা বস্তুটোৰ সকলো স্তৰতে পোৱা যায়। কিছুমান অপদাৰ্থ ভাগ্য আৰু চলনাৰ বলত সমাজৰ উচ্চতম স্থানতো মোচ পকাই, পেট মোহাৰি বহি থকে দেখা যায়। মধ্যবিত্ত সমাজত এনে অপদাৰ্থৰ সংখ্যা আনবোৰতকৈ তুলনামূলকভাৱে বেছি। সমাজৰ খাটিখোৱা মানুহখিনিৰ মাজত অপদাৰ্থ অতি কম পৰিমাণে পোৱা যায়, কাৰণ সেই লেভেলত জীয়াই থাকিবলৈ কাম কৰিব লাগে আৰু অপদাৰ্থই সেইটো কৰিব নোৱাৰে। আজিকালি বিভিন্ন চচিয়েল আৰু আনচচিয়েল মেডিয়াত অপদাৰ্থৰ ঘনত্ব বাঢ়ি যোৱা অমুকাই তীক্ষ্ণ দৃষ্টিৰে লক্ষ্য কৰি নথিভূক্ত কৰিছে।

=অপদাৰ্থৰ প্ৰকাৰ=

অপদাৰ্থৰ আচলতে কিমান প্ৰকাৰ আছে, তাক অমুকা বিজ্ঞানীয়ে আজিলৈকে নিশ্চিত কৰিব পৰা নাই, গতিকে এই ক্ষেত্ৰত আৰু বহু গৱেষণাৰ থল আছে। গতিকে এই অধ্যায়ত কেইধৰণমানৰ বিখ্যাত অপদাৰ্থৰ উদাহৰণ দিয়া হ’ল, আশা কৰিছোঁ মোৰ পিছৰ বিজ্ঞানীসকলে এই বিষয়ত অধিক অধ্যয়ন কৰি অপদাৰ্থৰ বিভিন্ন প্ৰকাৰ আৰু তেওঁলোকৰ ধৰ্মৰ বিষয়ে মহৎ গ্ৰন্থ প্ৰণয়ন কৰিব।

=হাই ফাই অপদাৰ্থ=

এইবিধ অপদাৰ্থ সমাজৰ অতি উচ্চস্তৰত পোৱা যায়, আনকি তেওঁলোক বিখ্যাতো হয়। সাধাৰণতে ৰাজনীতিৰ ক্ষেত্ৰখনত এইবিধ অপদাৰ্থৰ ভিৰ বেছি। তেওঁলোকৰ মাক-দেউতা, ককা- আজোককা অতিক্ষমতাশালী আৰু বিখ্যাত ব্যক্তি হোৱাৰ সুবাদত তেওঁলোক জন্মতেই ফেমাচ হৈ যায় আৰু তেওঁলোকৰ ভৱিষ্যতৰ কেৰিয়াৰ নিশ্চিত হৈ যায়। অপদাৰ্থ নহৈ সামান্য জ্ঞান বুদ্ধি থকা মানুহ হ’লেই তেওঁলোক ৰজা হৈ জীয়াই থাকিব পাৰে। কিন্তু দুখৰ কথা, ইমান সুবিধা পায়ো তেওঁলোক অলগদ্ধ হৈয়েই থাকে, আৰু মূৰকত সকলোকে ডুবাই ৰসাতল পোৱাইগৈ। ইয়াৰ বাবে তেওঁলোকৰ মাক –দেউতাকৰ অপৰ্যাপ্ত মৰম আৰু দোষ‍ লুকুৱা স্বভাৱকে দায়ী কৰিব পাৰি। এইবিধ অপদাৰ্থই কেনেবাকৈ ভুলতে ক্ষমতা পালে নিজৰ লগতে দেশখনকে ডুবোৱাত আগভাগ লয়।

এই প্ৰকাৰৰ অপদাৰ্থ হিন্দী চিনেমা জগততো পোৱা যায়। তেওঁলোকৰ মাক-দেউতাকে তেওঁলোকৰ বাবে কোটি কোটি টকা খৰছ কৰি চিনেমা বনায় আৰু ফ্লপ খায়। এনে অপদাৰ্থই বহু ক্ষেত্ৰৰ ড্ৰাগছ, মদ আদি খাই আৰু ৰংৰলীয়া মনাই জীৱনটো উপভোগ কৰা দেখা যায় । শেষত মাক বাপেকৰ আমনি লাগিলে, আৰু পইচা-পাতি নাইকিয়া হ’লে তেওঁলোকে বি বা চি গ্ৰেড চিনেমাত কাম কৰি ৰোজগাৰ উলিওৱা দেখা যায়।

=ডে টু ডে অপদাৰ্থ=

এইবিধ অপদাৰ্থ মধ্যবিত্ত সমাজত দেখা পোৱা যায়। এইলোকৰ চিন হ’ল, আন সকলো অপদাৰ্থৰ দৰেই তেওঁলোকৰ গুড ফৰ নাথিং নামৰ বৈশিষ্টটো। এওঁলোক সাধাৰণতে মৰাক মাৰি খাই বৰপেট গঢ়োৱা মাক-বাপেকৰ সন্তান হয়। দেশ দুনীয়াত কি হৈছে এওঁলোকৰ খবৰ নেথাকে, এইলোকে কেৱল সন্ধিয়াৰ মস্তিকণ কেনেকৈ কৰিব পাৰি তাৰ ধাণ্ডাত থাকে। কাষৰ চহৰখনত নিউক্লীয়েৰ বোম ফুটিলেও তেওঁলোকে খবৰ নেপাই কিন্তু বন্ধুৰ বেষ্টিৰ ভনীয়েকৰ লগৰ ছোৱালীৰ বাৰ্থডে’ ঠিক মনত ৰাখে। জীৱনৰ প্ৰথম অৱস্থাত এওঁলোকক মাক বাপেকে মূৰত থ’লে ওকণিয়ে খাই, ভৰিত থ’লে পৰুৱাই খাই হিচাপত ৰাখে। তাৰ পাছত ক্লাছ এইট মানৰেপৰা ভাং, কানি, মদ আদিৰ সোৱাদ লৈ তেওঁলোকে অপদাৰ্থ হোৱাৰ পৰিচয় দাঙি ধৰে। লাহে লাহে তেওঁলোকে পঢ়া-শুনা ইত্যাদি অদৰকাৰী কামবোৰ বাদ দি জীৱনৰ আনন্দ ল’বলৈ আৰম্ভ কৰে। এসময়ত তেওঁলোকৰ মাক দেউতাক অতিষ্ঠ হৈ তেওঁলোকক বাহিৰৰ কোনোবা ঠাইলৈ কিবা কিবি পঢ়িবলৈ পঠাই, তাতো গৈ তেওঁলোকে হত্য, ধৰ্ষণ আদিত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে, পুলিচৰ খাতাত নাম লিখায়। শেষৰ ফালে এওঁলোক ঘৰলৈ ঘূৰি আহি মাক দেউতাকৰ বাচি থকা পইচাকেইটাৰে কিবা ব্যৱসায় কৰে আৰু পইচাকেইটা ধ্বংস কৰে। সেইবাবে আজিকালি তেনে ধৰণৰ মাক-দেউতাকবোৰে নিজৰ বুঢ়াকালৰ বাবে আচুতীয়াকৈ পইচা পাতি ৰাখি থয়।
কেতিয়াবা বুদ্ধিমান মাক-দেউতাকে সেই অপদাৰ্থজন বা জনীৰ বিয়া পাতি দি তেওঁক পদাৰ্থ বনোৱাৰ শেষ প্ৰচেষ্টা কৰে, পিছে প্ৰায় ক্ষেত্ৰতে বিফল হোৱা দেখা যায়।

=ইণ্টেল অপদাৰ্থ=

এইবিধ অপদাৰ্থ সকলোতকৈ বিপদজনক। সাধৰণতে তেওঁলোকে নিজকে মহাজ্ঞানী বুলি ভাবি গপত ওফন্দি থকাৰ বাবে কিছুমান বুদ্ধিমান লোকে তেওঁলোকক নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰে। আনবিলাক অপদাৰ্থতকৈ এইবিলাক অপদাৰ্থৰ পাৰ্থক্য হ’ল যে তেওঁলোকৰ নামৰ পিছত দাঁত ভঙা নামৰ কিছুমান ডিগ্ৰী থাকে। এওঁলোক ডিগ্ৰী লোৱাত পাকৈত। এওঁলোকে মানুহক দেখুৱাই ওৰে জীৱন পঢ়িয়েই থাকে, আৰু সেই পঢ়াখিনি হজম নহ’লে য’তে ত’তে বমি কৰি ফুৰে। এইবিলাক অপদাৰ্থক নিজৰ কামত খটুৱাবলৈ অতি সহজ, এওঁলোকক ডাঙৰ খ্যাতিৰ লোভ দেখুৱালেই আৰু কিছুমান মূৰত ধৰা আদৰ্শৰ শিকালেই এওঁলোকে অতি সহজে বশ মানে। তাৰ পাছত এওঁলোকৰ কান্ধত বন্দুক থৈ যাকে তাকে গুলীয়াব পাৰি। এওঁলোকে পিছফালে থকাজনকে নিজৰ সৰ্বস্ব বুলি ভাবে আৰু তেওঁৰ বাবে নিজৰ প্ৰাণ আহুতি দিবলৈয়ো সাজু থাকে। সকলো অপদাৰ্থৰ দৰেই অপদাৰ্থই মস্তি মাৰি ভাল পায়, কিন্তু সেই মস্তিখিনিৰ ওপৰত কিবা কিবি মতবাদ আৰু দৰ্শনৰ আঁৰকাপোৰ এখন ৰাখি থ’ব লাগে। এওঁলোক বৰ বহল মনৰ মানুহ, গতিকে মনৰ ভিতৰত কেৱল এগৰাকী বা এজনক ৰাখি থোৱাতো তেওঁলোকে নিজৰ প্ৰতি অন্যায় বুলি ভাবে।

এই অপদাৰ্থবোৰৰ আৰু এটা বৈশিষ্ট হ’ল যে তেওঁলোক সকলোৱেই Tunnel Vision নামৰ এবিধ ৰোগত আক্ৰান্ত হয়, এক নিৰ্দিষ্ট দিশত চাই থাকোতে থাকোতে তেওঁলোকৰ কঁকাৰ কাচুটি সৰি পৰিলেও তেওঁলোকে গম নেপায়।

=সামৰণি=

মুঠতে কবলৈ গ’লে আমাৰ সমাজখন অপদাৰ্থৰে ভৰি আছে আৰু আশাৰ কথা যে এনে অপদাৰ্থৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। গতিকে সদৌ পৃথিৱীবাসী বিজ্ঞানীসকলে অপদাৰ্থ বিজ্ঞানক গুৰুত্ব সহকাৰে লোৱা উচিত। বিজ্ঞানৰ এই আধুনিকতম শাখাটোত বহুত কৰিবলগীয়া কাম আছে, বহু গৱেষণা এতিয়াও বাকী আছে। মোৰ দৃঢ় বিশ্বাস যে মানৱ সমুদায়ে এই বিষয়টোত যথোপযুক্ত গুৰুত্ব দিব। লগতে মই চুইডেন চৰকাৰক অনুৰোধ জনাওঁ যে যে তেওঁলোকে অনতিপলমে পদাৰ্থ বিজ্ঞানৰ লগতে “অপদাৰ্থ বিজ্ঞান”ৰ ওপৰতো এটা নোবেল পুৰস্কাৰ ঘোষণা কৰে আৰু সেই বঁটাৰ বাবে পোন প্ৰথমে অমুকা বিজ্ঞানীৰ নামটো বিবেচনা কৰে।

☆★☆★☆

7 Comments

  • ডলী তালুকদাৰ

    ভাল লাগিল।

    Reply
  • Rocktabh Kumar Das

    এনেকুৱা পুংখানুপুংখ বিশ্লেষণৰ কাৰণে আপোনাৰ নামটো অপদাৰ্থ বিজ্ঞানৰ অন’বেল বঁটালৈ নিৰ্বাচন কৰাৰ প্ৰস্তাৱ এটা মই ৰাখিম।
    মজ্জা….

    Reply
  • HEMANTA KAKATI

    তামাম অভিজিত৷ হেটচ অফ!

    Reply
  • ভাস্কৰ জ্যোতি বৰুৱা

    সাংঘাতিক! অৱশ্যে অভিজিত কলিতাৰ এইটোৱেই মান।

    Reply
  • হিৰণ্যজ্যোতি দাস

    নতুন এটা বিষয় উদ্ভাৱন কৰাৰ বাবে আপোনাক নবেল বটাৰ বাবে বিবেচনা কৰিব লাগে ৷

    Reply
  • অভিজিত কলিতা

    ধন্যবাদ সকলোকে

    Reply

Leave a Reply

Your email address will not be published.