ফটাঢোল

অপ্ৰতিৰোধ্য : ইন্দ্ৰানী  গগৈ

১০ বাজিবলৈ পালে কি নাপালে নিৰ্মালীৰ মাক কোবাকুবিকৈ ঘৰৰ পৰা ওলালেই। আজিনো তেওঁ কাৰ ঘৰত ৰাতিপুৱাৰ চাহকাপৰ জুতি ল’ব তাকে মন কৰি মুনিকণে আগচোতালৰ ৰচীডালত তিতা কাপোৰ কেইটা মেলিবলৈ ল’লে। চাৰিটা পদূলি পাৰ হৈ মানুহজনী নয়নহঁতৰ ঘৰত সোমালে। মানুহজনীৰ এইটো অভ্যাসেই । ঘৰত খুব কমেই থাকে। লোকৰ ঘৰত চাহ-তামোলৰ জুতি লৈ তেওঁৰ আধা দিন গুচিয়েই যায়। দুপৰীয়া ঘৰলৈ আহি ভাতকেইটা খাই অলপ জিৰাই চাগে, আকৌ বেলি পৰাৰ আগে আগে ওলাবৰ হয়েই। পিছে, দ্বিতীয়বাৰ তেওঁ অকলে নাযায়, লগত জীয়েকো ওলায়। আনকালে ৰূপমদাইক কামলৈ আৰু নিৰ্মালীক কলেজলৈ পঠিয়াইহে তেওঁ মানুহৰ ঘৰলৈ যাবলৈ আজৰি হয়। এতিয়াতো লকডাউনে যথেষ্ট সুবিধা কৰি দিছে। ঘৰৰ প্ৰায়বোৰ কাম নিৰ্মালীয়েই কৰে। গতিকে তেওঁ নিচিন্ত হৈ গাঁৱৰ খবৰবোৰৰ আদান-প্ৰদান কৰিব পাৰে।

মাজে মাজে মুনিকণৰ ঘৰলৈয়ো তেওঁ আহে। পিছে ৰাতিপুৱা খুব কমেইহে আহে। কেতিয়াবা কথাৰ মাজতে মুনিকণৰ মাকক কয়, “ঘৰখনত ইমান কাম! আজৰিয়েই নহওঁচোন। মানুহবোৰে কেনেকে যে লোকৰ ঘৰে ঘৰে ঘূৰি ফুৰে, মই যে নোৱাৰোঁ পায়। হেঃ হেঃ…”।  কথাৰ শেষৰ পিনে বল দি যিটো হাঁহি মাৰে মুনিকণৰ খঙে টিঙিচকৈ মাৰে। মাকে ভেলেঙীৰ নিচিনাকৈ মিচিকিয়াই হাঁহি থাকে। কোনোবাই তেওঁলোকৰ ঘৰলৈ আহিম বুলি আগতীয়াকৈ খবৰ দিলে সেই আলহীৰ মনোবাঞ্ছা যে সিদ্ধ নহয় সেয়া জনা-বুজা কথা। আলহীয়ে নিৰ্মালীৰ ঘৰলৈ যাম বুলি যিদিনা ফোন কৰে সেইদিনাই তেওঁৰ বেলেগত নিমন্ত্ৰণ ওলাবই। আকৌ যদি খবৰ নিদিয়াকৈয়ো আহে মাক-জীয়েক ক’ত থাকেগৈ ঠিক নাই। ৰূপমদাইয়ো পিছবেলা ওলাই যায়। এই কথা নজনা বহুত মানুহে গেটৰ মুখৰ পৰাই বিদায় ল’বলগীয়া হয়। কেইবাবাৰো তেনেকৈ বিয়াৰ নিমন্ত্ৰণ দিবলৈ অহা মানুহে তামোল-পাণ বা চিঠিখন গেটৰ ভিতৰফালেই থৈ গৈছে। অৱশ্যে এই কথাত নিৰ্মালীৰ মাকৰেই লাভ। কোনোবাই তেওঁলোকক নিমন্ত্ৰণ দি তামোল-পাণ যে থৈ গ’ল সেই গৰম খবৰটো দিবলৈ তেওঁ ৰাতিপুৱাই ওচৰৰ কোনোবা এঘৰত উপস্থিত হ’ব পাৰে।

দেশত লকডাউন ঘোষণা কৰাৰ এসপ্তাহ ধৰি নিৰ্মালীৰ ঘৰৰ গেট বন্ধ। কোনো ক’তো ওলোৱা নাই। গেটৰ ভিতৰফালে বাল্টি ভৰ্তি পানী আৰু চাবোন। কোনোবা বাহিৰৰ পৰা আহিলে চাবোনেৰে হাত-ভৰি ধুইহে চৌহদত প্ৰৱেশ কৰিব পাৰিব। ৰূপমদা এইবোৰ ক্ষেত্ৰত যথেষ্ট সজাগ। বহুতে তেওঁকে দেখি ঘৰৰ আগফালে হাত ধোৱাৰ ব্যৱস্থাভাগিও কৰি দিছে। পিছে ঘৰৰ ভিতৰতে নিৰ্মালীৰ মাকেহে চটফটাই ফুৰিছে। যিজনী মানুহে দিনটোত দুইবেলা ওলাই ফুৰে,সেইজনী মানুহে এসপ্তাহ চোতালৰ বাজ হোৱা নাই, কম কথা এয়া! অৱশ্যে বেমাৰৰ কোপটোলৈও ভয় নোহোৱা নহয়।

“চীন, ইটালীত যি অৱস্থা। আমাৰ ইয়াত কৰুণা (ক’ৰনা) হ’লেতো গোটেইসোপাকে মহতিয়াই নিব। পেপাৰখনো বন্ধ কৰিব লাগিব। ক’ত কি লাগি আহে ঠিক নাই!”-

মুখেৰে অকলে অকলে মানুহজনীয়ে গায়ো আছে, চোতালৰ বন কেইডালো উঘালি আছে। পিছদিনাৰ পৰা নিৰ্মালীহঁতৰ ঘৰত বাতৰিকাকত বন্ধ।

এসপ্তাহ যি এসপ্তাহ। তাৰপিছতে নিৰ্মালীৰ ঘৰৰ গেট খোল খালে। এসপ্তাহৰ মূৰত মাক বাহিৰলৈ ওলাইছে। ক’লৈ যাওঁ ক’লৈ নাযাওঁ লাগিল তেওঁৰ। বেছি দূৰ যাবও নোৱাৰি। ৰাস্তাইদি পুলিচৰ গাড়ী দিনটোত দুবাৰমান যায়। দুদিন আগতে তিনিআলিৰ দোকানৰ ওচৰতে পুলিচৰ লাঠীৰ টিকাকৰণ(!)। আবেলিলৈ তেওঁ কাষৰ ঘৰলৈকে যাব বুলি ঠিক কৰিলে। সেইদিনা আবেলি মানে সন্ধিয়া ৬ বজাই দিলে তাতে। কিমান যে কথা…লকডাউন, ক’ৰনা, তবলিকী জামাত, টিকাকৰণ, গাঁৱৰ মূৰত বাঁহ বন্ধা, গাঁৱৰ দিলীপৰ পুতেক দিল্লীৰ পৰা আহিছে, হাতত ষ্টাম্প মাৰি পঠিয়াইছে, বহাগৰ বিহুৰ কথা, নবীনৰ পুতেকে হ’বলগীয়া ঘৈণীয়েকৰ ঘৰত বজাৰ কৰি দি অহাৰ কথা ইত্যাদি ইত্যাদি। আঠ দিনৰ মূৰত এনেকৈ মজিয়াৰ চাহমেলত হিয়া উজাৰি কথা ক’ব পাৰিছে। নিৰ্মালীৰ মাকৰ মনটো আনন্দত নাচি উঠিল।

ইয়াৰ পিছদিনাৰ পৰা তেওঁৰ আগৰ দৈনন্দিন জীৱন-যাত্ৰা পুনৰ আৰম্ভ হ’ল। লকডাউন দিয়াৰ পৰা তেওঁ চাদৰৰ আগটোৱে মুখখন ঢাকি যায়, বহোঁতে আঁতৰত বহে। কোনোবাই সুধিলে কয়, “এ…আমাৰ গাঁৱলৈ পটকে বেমাৰ আহিব নোৱাৰে। গাঁৱৰ বাহিৰলৈ ওলোৱা-সোমোৱা বন্ধই। নিজে সাৱধানে থাকিলেই হয়চোন। বেমাৰৰ কাৰণে পেপাৰো বাদ দিছোঁ নহয়। হেঃ হেঃ…”। মুঠতে তেওঁ ইঘৰ-সিঘৰলৈ যাবই। যাৰ ঘৰলৈ যায় হয় ৰঙালাও, নহয় জাতিলাও, কেৰেলা আদি হাতত লৈ আহেই। তেওঁ মানুহক বস্তু খুজিবলৈ লাজ নকৰে। আগৰ কথা বাৰু সুকীয়া। এতিয়া পাচলিও পাবলৈ নোহোৱা হৈছে,গতিকে যাৰ বাৰীত দেখে খুজিবলৈ আপত্তি নকৰে। পিচে তেওঁ নিজেও নিদিয়াকৈ নাথাকে। ৰূপমদাক কৈ মেলি তেওঁ ছঘৰ মান ওচৰৰ মানুহৰ কাৰণে এনে দুৰ্যোগৰ দিনত আটা, আলু, পিয়াঁজ, নিমখ আদি কিনি দিছে। এইবোৰ ক্ষেত্ৰত তেওঁক সকলোৱে ভালে পায়। কিন্তু ৰাতিপুৱাই যাৰ ঘৰলৈ যায় সেইঘৰৰ গৃহিণীৰ কামৰ দৈনিক সময় সূচীত আউল লগাইহে আহে। এই কথাটো কোনোৱে ভাল নাপায়, অথচ কৈ নিদিয়ে।

বহাগ বিহুলৈ বেছিদিন নাই। সকলোৰে ঘৰত অনুষ্টুপীয়াকৈ বিহুৰ আয়োজন চলিছে। হ’লেও চুবুৰীৰ বহুত কমেইহে ঘৰৰ পৰা ওলাইছে। অৱশ্যে নিৰ্মালীৰ মাক ব্যতিক্ৰম। এইকেইদিন কোনে সান্দহ খুন্দিব, কোনে কি পিঠাগুৰি খুন্দিব তাকে খবৰ লৈ মানুহজনী বিয়াকুল হৈ পৰিছে। মাজতে মুনিকণৰ মাকক কৈ গ’লহি যে পিছদিনালৈ তেওঁ সিহঁতৰ ঘৰৰ ঢেঁকীতে পিঠা খুন্দিব।

মুনিকণ আৰু মাক চোতালতে ৰৈ ছাগলী পোৱালী বিচাৰি অহা নয়নৰ মাকৰ সৈতে কথা পাতি আছিল। ইফালৰ পৰা নিৰ্মালীৰ মাকো পিঠা খুন্দিবলৈ আহি পালেহি।

-“পিঠা খুন্দ হ’বলা?” নয়নৰ মাকে সুধিলে।

-“অ’…কিনো পিঠা আৰু। আমাৰ বৰা চাউল নাই নহয়, খুৰীয়ে ২ কেজি দিলে পৰহি। তাৰে এক কেজিহে খুন্দিম । হেঃ হেঃ …। এনেও লকডাউন এইবাৰ। আলহীও নাহে ভালেই পাইছোঁ। কমকৈ ঘৰতে খাবলৈহে বনাম।”

নিৰ্মালীৰ মাকে ডাঙৰকৈ হাঁহিটো মাৰি ক’লে।

– “ই মৰতী…। দুই কেজিকে নুখুন্দ কেলেই। আমি নাহিম নি কিবা বিহু খাবলে। তই লোকৰ ঘৰলৈ গ’লে কৰুণা (ক’ৰনা) নহয় আমি গ’লেহে গাত লাগি যাব হ’বলা? গেট মাৰি নথ’বি খালি।”

কথাটো কৈ নয়নৰ মাকে মুনিকণৰ মাকলৈ চাই চকুটিপ মাৰিলে।

নিৰ্মালীৰ মাক ভিতৰি ভেচভেচীয়া হ’ল, তথাপি হেঃ হেঃ কৈ হাঁহি থাকিল। হাঁহি হাঁহিয়েই ক’লে:

” নবৌ, আপোনালোকৰ ঘৰত ভাতকেৰেলা বগোৱা দেখিছিলোঁ, দুটা দিবচোন।”

নয়নৰ মাকে মুখৰ ভিতৰতে কিবা ভোৰভোৰাই গুচি গ’ল। তেওঁ কি গালে মুনিকণে বুজি নাপালে, মাত্ৰ এটাই বুজি পালে ক’ৰনা ভাইৰাছ বিয়পাৰ প্ৰতিৰোধ কৰিব পাৰিলেও কোনো অজুহাতে নিৰ্মালীৰ মাকক গাঁও ফুৰাৰ পৰা বাধা দিব নোৱাৰে।

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published.