ফটাঢোল

অবতৰতে পাতি যাওঁ বিয়া – মাধুৰ্য্য গোস্বামী

চ’চিয়েল মিডিয়াত ভাইৰেল হোৱা মেছেজ এটা পঢ়া মনত পৰে। মেছেজটোত কোনোবা ‘জ্ঞানী’ পুৰুষে বিয়া পতাৰ এশ এটামান কুফল কৰি শেষত লিখিছে, “তথাপি মই কওঁ, সকলোৱে এবাৰ হ’লেও অন্ততঃ বিয়া পতা উচিত। কাৰণ জীৱনত সুখেই সকলো নহয়”। এই বাক্যশাৰী পঢ়ি মোৰদৰে ডাংবৰলাৰ মূৰৰ অৱশিষ্ট ত্ৰিশডাল চুলি দাং খোৱাৰে কথা। যিস্থলত এবাৰ বিয়া পাতিলেই মানুহৰ সুখ, শান্তি ধূলিসাৎ হৈ যায়, তেনেস্থলত আমাৰ গাঁৱৰ ‘সতেনে’ কি সাহসত ইমানবাৰ বিয়া পাতিছিল!

অ’ ৰ’ব ৰ’ব, এই সতেন বোলা মহাপুৰুষজনৰ সৈতে আপোনালোকক চিনাকি কৰাই দিয়াই হোৱা নাই। আচলতে অমুকা মানে এইখিনি লিখি থকা অধমজন মোমায়েকহঁতৰ ঘৰত থাকি ডাঙৰ হোৱা। মামাহঁতৰ ঘৰৰ ওচৰতে এই সতেন বোলা ‘মহাপুৰুষ’জনৰ ঘৰ। এতিয়াও সতেনৰ বয়স পঞ্চল্লিছৰ বেছি হ’ব নালাগে। আচল নামটো তাৰ সত্যেন নে কিবা তেনেধৰণৰহে। টান নাম উজু কৰা আৰু উজু নাম টান কৰা নলবৰীয়া মানুহৰ পুৰণি অভ্যাস। কাজেই তাৰ নামটো হ’লগৈ সতেন। পিচে গাঁৱত তেৰা বিখ্যাত আন এটা কাৰণতহে। সি এতিয়ালৈ হেনো ১২ বাৰ বিয়া পাতিছে। সংখ্যাটো ঠিকেই পঢ়িছেতো? পঢ়িছে যদি বিশ্বাস কৰিব পাৰিছেনে? নাইপৰা, নহয় জানো? পিচে এইটোৱেই সঁচা কথা। অৱশ্যে সি সামাজিকভাৱে এবাৰো বিয়া পতা নাই। গোটেইখিনি হৰলুকী বিয়া; মানে পলুৱাই অনা। দুই-তিনিমাহ থকাৰ পিছত তাৰ অত্যাচাৰত বা অসভ্যামিত প্ৰায়েই ঘৈণীয়েকবোৰে তাক এৰি থৈ যায়। হ’লে কি হ’ব, সিতো আৰু চবৰে দৰে ‘দুৰ্কপলীয়া’ নহয়। গতিকে কেইদিনমান পিছতেই সি আন এগৰাকী আনি ঘৰ সুমুৱাই। বিশ বছৰমান নৌহোৱাৰপৰাই তাৰ এই কাৰ্য কিছুবছৰ ধৰি চলাৰ পিছত যেতিয়াই বাৰ নম্বৰজনীৰ প্ৰৱেশ ঘটিল, তেতিয়াৰপৰাই তাৰ এই ‘ম্যাদ উকলা প্ৰেম’ৰো অন্ত পৰিল। যোৱা বহুবছৰ ধৰি তাৰ সেইজনীৰ লগতে সংসাৰ। গাঁৱৰ মানুহেও স্বস্তিৰ নিশ্বাস এৰিলে বোলে যাহওক, অন্ততঃ এজনী টিকিল তাৰ লগত। মাজে মাজে এইবুলিও শুনো বোলে তাৰ প্ৰথমজনীৰ ফালৰ ল’ৰা হেনো এতিয়া আমাৰ বয়সৰেই। মুঠতে সতেনক সতেন বুলি নকৈ ‘সতেন দ্য লিজেণ্ড’ বুলিবই পাৰি। সাধাৰণতে এইধৰণে কথা লিখাটোও খুব এটা ‘ৰিস্কি’ কাৰবাৰ মোৰ বাবে। কাৰণ কোনোবা নাৰীবাদীয়ে এইবোৰ কাহিনী জানিলে সতেনকতো বখলিয়াবই, লগতে মোৰো যে এলআইচিৰ লাইফ ইঞ্চিওৰেঞ্চ কৰিব লাগিব সেয়া খাটাং।

আমি বুজা হোৱা দিন ধৰি সতেনক গাঁৱত থকা দেখা নাই যদিও সি কিমান বিখ্যাত তাৰ এটা উদাহৰণ দিলেই বুজিবলৈ যথেষ্ট। এতিয়াও যদি গাঁৱত বা ওচৰৰ কোনোবা গাঁৱত কোনোবাই এজনীতকৈ বেছি বিয়া পাতে বা পলুৱাই আনে, গাঁৱৰ মানুহে তথাপিও ক’ব, “হ’লিও আমাৰ সতেনক নৰে কুনো”। মানে যিমানেই কোনোবাই বিয়া পাতক, সতেনৰ সমান নোৱাৰে। মোৰতো এনেকুৱা লাগে যেন ভাৰতবৰ্ষৰ আটাইতকৈ বেছি মহিলাৰ লগত সংসাৰ কৰা মানুহৰ ৰেকৰ্ড উলিয়ালে সতেনেই জয়ী হ’ব। ইমানজনীৰ লগত সংসাৰ কৰা মই বহুত কম ৰজা-মহাৰজা, শ্বেইখৰ নাম শুনিছোঁ।

যাহওক, সতেনৰ পিছে পিছে যোৱা আন এটা গাঁৱৰ ল’ৰা হ’ল বাদল। বাদলেও এতিয়ালৈকে কমেও চাৰিবাৰমান পলুৱাই নিছে ছোৱালী। পিচে সি বিখ্যাত আন এটা কাৰণতহে। এবাৰ হেনো সি বেলেগ ল’ৰালৈ ছোৱালী পলুৱাই নি পুলিচৰ হাতত পৰি উত্তম-মধ্যম খাবলগীয়া হৈছিল। হেৰৌ, মানুহে নিজলৈ এজনী আনিব নোৱাৰে, সি আকৌ বেলেগলৈ পলুৱাই নিয়া দাতাকৰ্ণ ওলাল।

আন এটা জমনি কাহিনীৰ নায়ক হ’ল শৈশৱত আমাৰ লগত একেলগে পঢ়া ‘বৰলা’। ৰ’ব, নামটো দেখি হাঁহি উঠিছে নেকি? উপায় নাই বুজিছেনে? তাক গাঁৱত সৰুৰপৰা মতা নাম সেইটোৱেই। আচল নাম খনিন কোন কাহানিবাই ক’ৰবাত লুকাল। কাহিনীটো চমুকৈ এনেধৰণৰ যে বৰলাই ওচৰৰ গাঁৱৰে ছোৱালী এজনী আজি কিছুবছৰ আগত পলুৱাই আনিলে। অনাৰ পিছতে সি কিছুদিন অ’ত-ত’ত লুকাই ফুৰি বহুদিনৰ মূৰত ঘৰলৈ ঘূৰি আহিল। ছোৱালীৰ ঘৰৰ মানুহে কথাটো গম পাই তাক আদৰ-সাদৰকৈ এদিন ঘৰলৈ ভাত খাবলৈ মাতিলে। বৰলা গৈ পোৱাৰ পিছত ভাতৰ পাতত তাক বিধে বিধে ব্যঞ্জনেৰে আপ্যায়ন কৰা হ’ল। সিও ভাতগৰাহ মুখলৈকে নিবলৈ ওলাইছিলহে, তেনেতে দেখিলে যে তাৰ প্ৰেয়সী মানে কইনাই দুৱাৰমুখতে ৰৈ কান্দি আছে। বৰলায়ো ভাতগৰাহ পাতত এৰি তাইক সুধিলে কি হ’ল বুলি। তেতিয়াহে সি গম পালে ভাতত হেনো বিহ দিয়া আছে। মুঠতে তাৰপিছত এখন মস্ত কাজিয়া আৰু উখনাউখনি। দেখিছেনে কাৰবাৰ? সি যি কি নহওক, বৰ্তমান বৰলা দুজনীকৈ ছোৱালীৰ ‘সফল’ বাপেক।
এনেধৰণৰ কাহিনীৰে গাঁও ভৰি আছে আমাৰ মামাহঁতৰ। বোৱাৰীক দেখি টকালি পৰা শহুৰেকৰ লোভ দেখি পুতেকে ঘৈণীয়েকক পহৰা দিয়া কাহিনীও কম নহয়। তেহেলৈ এইবোৰ এৰিছোঁ।

এইবাৰ আহিছোঁ মূল কথাটোলৈ, মানে অমুকাৰ কেচটোলৈ। যোৱাবছৰ হৈ যোৱা উপনয়নত মোক মামাহঁতৰ ককাই সোণৰ আঙুঠি এটা দিলে। ডিজাইনটো মোক নিজৰ পচন্দমতে বনাই ল’বলৈ কোৱাত আঙুঠিটোৰ ওপৰত নামৰ আদ্যক্ষৰ ‘M’ এটা লিখি ল’লোঁ। তাতেই লাগিল পয়মাল। যিয়েই আঙুঠিটো দেখা হ’ল তেওঁলোকেই সোধা হ’ল বোলে বিয়া গ’ল নেকি, নে আঙুঠি পিন্ধোৱা? বুজিছেনে এতিয়া অৱস্থাটো মোৰ? আঙুঠিৰ মোহো এৰিব নোৱাৰোঁ, কাৰণ আঙুঠি চেইন বা হাতত কিবা পিন্ধা মোৰ চখ, এইফালে ৰাইজৰ প্ৰশ্নত মোৰ চকুলো ব’বলগা অৱস্থা। নহ’বনো কিয়? যি বয়সত মই আজি প্ৰেম সমুদ্ৰত ক্ৰুজ জাহাজ চলাব লাগিছিল, যি বয়সত জান, দেহা বুলি ছোৱালীয়ে মোৰ চুলিত আঙুলি ফুৰাব লাগিছিল, সেই বয়সত মোৰ চুলি আধা গ’ল; থকাকেইডালৰো বিছ শতাংশমান পকিলে, দাঢ়িও চাৰি-পাঁচডাল পকিল। কাজেই এই অৱস্থা হ’লগৈ যে মোৰ প্ৰেয়সী হ’বলগা বয়সৰ ছোৱালীৰ আজি মই কেৱল ‘দাদা’ হ’বলগা হৈছে। যিখন মুলুকত অনিৰুদ্ধই ঊষাক পলুৱাই নি প্ৰথম গন্ধৰ্ব বিবাহৰ সূচনা কৰিলে, সেই ৰাস্তাৰে বাট বুলি সতেন, বাদলহঁতৰ দৰে মানুহে অজস্ৰ মানুহে প্ৰেমসাগৰত ৱান আফটাৰ এনাদাৰ নৌকা সলাই সলাই চলালে, তাত এনেহেন দুমোনীয়া ওজনৰ ‘তজবজীয়া’ চফল ডেকা এজনৰ হিয়া দিয়া নিয়াৰ বাবেও ছোৱালী এজনীৰ আকাল হোৱাটো কেনে চৰম দূৰ্ভাগ্যৰ কথা?

এসময়ত দুষ্মন্তই দি যোৱা আঙুঠি এটাই শকুন্তলাই চিন হিচাপে ৰাখিছিল। আজিও ঠিক তেনে এটা আঙুঠিয়েই মোৰ হাতত ৰৈ মোলৈ ভ্ৰূকুটি কৰিছে। এসময়ত প্ৰেমৰ জোৱাৰত আথানি-আবানি হোৱা হৃদয়খনে চ’ত, ভাদ, পুহৰদৰে আবতৰীয়া দিনকো নেওচি এতিয়াও কোনোবা নৈত নৌকা মেলিবলৈ প্ৰস্তুত। সেইকাৰণে “এবাৰত নোৱাৰিলে এশবাৰে কৰা” মহান বাক্যশাৰী আওৰাই আওৰাই মই নিজৰ চেষ্টাত ব্ৰতী এতিয়াও। জয় হনুমান বুলি জাপ মাৰি দিবলৈও ভয়, কাৰণ সেইজনো আবিয়ৈ। গতিকে লাহে-ধীৰে ইফালে-সিফালে চাই কুমজেলেকুৱাৰ দৰে আগুৱাইহে আছোঁ। এৰেঞ্জড মেৰেজ, লাভ মেৰেজ, জোৰ-জবৰদস্তি পতা বিয়া, ৰভা দি পতা বিয়া আদি যিয়েই নহওক, মুঠতে এই ব্ৰহ্মচাৰী জীৱনৰ অন্ত পেলোৱাহে মূখ্য চিন্তা এতিয়া। তেহেলৈ এসাঁজ খুৱাই এসাঁজ লঘোণেই নাৰাখো কিয়। মনে মনে কৈ যাওঁ, এনেকুৱা লঘোণে ৰখাজাতীয় কথা ক’লে চাঞ্চ আৰু কমে। তথাপি জুবিনদাৰ দৰে “মই ভাগৰা নাই, জীৱন হেৰোৱা নাই”। আশীৰ্বাদকণ আগতীয়াকৈ ল’লোঁ দেই সকলোৰেপৰা, পিছত দায়-দোষ নিদিব হ’লে কৈ থ’লোঁ। আৰু এটা কথা, বাটি ছেট দিয়াৰ কথা ভুলতো নাভাবিব। সদ্যহতে বিয়ানাম এফাঁকি গাওক সকলোৱে। তেতিয়ালৈ মই প্ৰেমনাম এফাঁকিয়েই জুৰোঁ,

বোলো লাহেকৈ এৰিবা শৰ হেৰা আইজনী
হিয়া যে লাগিব থৰ
এখোজ এখোজকৈ আহিবা সোণজনী
নলগাবা বেছি পৰ।
☆★☆★☆

2 Comments

  • কাবেৰী মহন্ত

    ভাল লাগিল মাধুৰ্য্য ৷ ৰসাল আৰু সুন্দৰ বৰ্ণনা ৷

    Reply
  • Anonymous

    ধন্যবাদ কাবেৰীবা।

    Reply

Leave a Reply

Your email address will not be published.