ফটাঢোল

অব্যক্ত প্ৰেম-চবিনা ইয়াছমিন

তেতিয়া হায়াৰচেকেণ্ডেৰী প্ৰথম বৰ্ষত নাম ভৰ্তি কৰিছোঁ৷ কিবা এক অচিনাকি পৰিবেশ৷ সকলো নতুন৷ স্কুলৰ দুই এক বন্ধু-বান্ধৱী লগ পাইছোঁ যদিও বেছিভাগেই নতুন৷ তাতোকৈ ডাঙৰ কথা হ’ল স্বাধীনতাটো৷ কোনো ধৰাবন্ধা নিয়ম নাই৷ মন গ’লেই ওচৰৰ ৰেষ্টুৰাঁত চাহ একাপ খাই আহিব পাৰোঁ৷ সেইবুলি আকৌ ক্লাছবোৰ নিয়মীয়াকৈ কৰিছিলোঁঁ৷ অফ পিৰিয়ডতহে ইফালে-সিফালে কেতিয়াবা ওলাই যাওঁ৷ মই আজৰি সময়ত কেতিয়াবা কলেজৰ লাইব্ৰেৰীত কিছু সময় অতিবাহিত কৰোঁ৷ অসমীয়াত মেজৰ লৈ পঢ়া ছাত্ৰ-ছাত্ৰীৰ বাবে তাত বহুতো সংগৃহীত কিতাপ আছিল৷ প্ৰথম বৰ্ষৰ আছিলোঁ যদিও আমি লাইব্ৰেৰীৰ পৰা কিতাপ issue কৰাই সাতদিনৰ বাবে আনিব পাৰিছিলোঁ৷ তেনেকৈ আনিও বহুত কিতাপ পঢ়িছিলোঁ৷ বিশেষকৈ উপন্যাসসমূহ৷

সেই সময়ত আমি প্ৰায়ে আইতাহঁতৰ ঘৰত থাকিব লগা হৈছিল৷ চাকৰিসূত্ৰে বিভিন্ন ঠাইলৈ দেউতা বদলি হৈ থকাৰ বাবে আমি আইতাহঁতৰ ঘৰতে থাকি পঢ়াশুনা কৰিছিলোঁ৷ কলেজৰ পৰা আইতাহঁতৰ ঘৰলৈ ১৯ কি:মি: বাট৷ মই তেতিয়া মেটাড’ৰত অহাযোৱা কৰিছিলোঁ৷ মেটাড’ৰ ৰখোৱা ঠাইখিনিৰ পৰাও আকৌ আইতাহঁতৰ ঘৰলৈ তিনি কি:মি: বাট যাব লাগে৷ কেতিয়াবা খোজকাঢ়ি নাইবা কেতিয়াবা মটৰচাইকেলেৰে মামাই মোক মেটাড’ৰত তুলি থৈ যায়৷ ঘূৰি যাওঁতে অৱশ্যে মই প্ৰায়ে খোজকাঢ়োঁ৷ মানে মামা আছিল চাহ বাগিছাৰ বৰমহৰী৷ দুপৰীয়া ভাত খাবলৈ অহা সময়ৰ লগত মোৰ কলেজ ছুটীৰ সময়টো কাহানিবাহে মিলে৷ তেতিয়া মামাই আহি লৈ যায়হি কিন্তু মোবাইল ফোন আদিৰ সুবিধা সেই সময়ত নথকাৰ বাবে ছুটীৰ সঠিক সময়টো ঘৰত জনাব নোৱাৰোঁ আৰু প্ৰায়ে খোজেৰেই যাওঁ৷

এনেকৈ বিভিন্ন মেটাড’ৰবোৰত অহাযোৱা কৰোঁ৷ তাৰে ভিতৰত ‘এপ্সী’ বোলা মেটাড’ৰখনতেই মই বেছিকৈ অহাযোৱা কৰিছিলোঁ৷ কাৰণ সেইখনৰ সময়টো মোৰ লগত বঢ়িয়াকৈ মিলি যায়৷ কাহানিবা মোৰ পলম হ’লে মই নোকোৱাকৈয়ে চালকজনে দুই এক মিনিট মোলৈ অপেক্ষাও কৰা হৈছিলগৈ৷ এইদৰেই চালকজনৰ লগতো এক ভাল সম্পৰ্ক গঢ়ি উঠিছিল৷ কেতিয়াবা তেওঁ গৰমকালি বৰফৱালাৰ পৰা বৰফ কিনি খুৱাইছিল নাইবা মিঠা তেতেলী পেকেট কিনি দিছিল৷ পিছলৈ চালক সংলগ্ন ছীটটো মোৰ বাবে স্থায়ীয়েই হৈ পৰিছিল৷ মই কলেজ নগ’লেহে তাত আন কোনোবা বহিছিল৷ চালকজনক মই ভানুমামা বুলিছিলোঁ৷

এবাৰ আইতাৰ অসুখ হোৱাৰ বাবে মোৰ পাঁচটা দিন একেলেথাৰিয়ে কলেজ খতি হৈছিল৷ ষষ্ঠ দিনা গৈ দেখিলোঁ ভানুমামাৰ ‘এপ্সী’ ৰৈ আছে৷ দেখিয়েই মনটো ভাল লাগি গ’ল৷ পিচে ওচৰ পাই দেখিলোঁ মোৰ ছীটত আন কোনোবা এজন বহি আছে আৰু পিছৰ ছীট এটাও খালী নাই৷ মনটো কিবা মৰি গ’ল৷ মই আঁতৰি আহি পিছৰখন গাড়ীলৈ অপেক্ষা কৰি থাকিলোঁ৷ ভানুমামাই চলাবলৈ লৈ মোক দেখিলে৷ মই মুখেৰে একো নামাতিলোঁ৷ তেওঁ গাড়ী ষ্টাৰ্ট দি যাবলৈ সাজু হ’ল৷ উপায় নাই মামাইতো কাকো গাড়ীৰ পৰা নমাই দি মোৰ বাবে ছীট খালী কৰাব নোৱাৰে৷ মনটো মাৰি তাতে ৰৈ থাকিলোঁ৷ ৰেয়াৰ ভিউ মিৰৰত মামাই মোক আৰু ময়ো মামাক চাই থাকিলোঁ৷ কিছু দূৰ গৈ কি ভাবি জানো মামাই মেটাড’ৰ ৰখাই দিলে৷ ময়ো একো নাভাবি দৌৰ দিলোঁ৷ গৈ পায়ে দেখিলোঁ আগফালৰ দুৱাৰখন খুলি ল’ৰা এজন নামি দিলে৷ মই মোৰ ছীটত একেজাঁপে উঠি বহি ল’লোঁ৷ ভানুমামাই বোলে,

: অলপ চাপি দুয়ো বহি ল৷ আগত খালী হ’লে পিছলৈ যাবি গৈ৷

ময়ো হ’ব বুলি ল’ৰাজনলৈ বহিবলৈ ঠাই অকন উলিয়াই দিলোঁ৷ হয়তো মামাই ল’ৰাজনক মই সদায় সেইখন মেটাড’ৰত যোৱাৰ কথাটো কৈছিল৷ আমাৰ যাত্ৰা আৰম্ভ হ’ল৷

গোটেই যাত্ৰাটোত অকনো অসুবিধা পোৱা নাছিলোঁ বহিবলৈ৷ নাজানো কেনেকৈ আমি দুয়োজনে নিজকে এটা ছীটতে এডজাষ্ট কৰিছিলোঁ৷ প্ৰথম দিনা তেনেকৈয়ে গ’লোঁ৷ মোৰ নামিবৰ হ’ল৷ মামাৰফালে চাই হাঁহি মাৰি টকা দি নামি গ’লোঁ৷ ল’ৰাজন নামি দিলে মোৰ নামিবলৈ অসুবিধা হ’ব বুলি৷ পিছত পুনৰ উঠিল আৰু গাড়ী চলি গ’ল৷ মোৰ কলেজৰ গেট পায়হে মনত পৰিল সেই ল’ৰাজনৰ কথা৷ গোটেই বাট অকনো অসুবিধা নোহোৱাকৈ বহিবলৈ সুবিধা কৰি দিয়া আৰু মোৰ নামিবলৈ অসুবিধা নহ’বৰ বাবে মই একো নোকোৱাকৈয়ে নামি দিয়া সেই ভদ্ৰ অথচ অমায়িক ল’ৰাজনক অন্ততঃ ধন্যবাদ এটা দিয়াটো মোৰ কৰ্তব্য আছিল৷ পিচে মই এষাৰ মাতো নিদিলোঁ৷ কথাষাৰ দিনটো মনলৈ আহি থাকিল৷ সেইদিনা কলেজ ছুটী হ’লত ঘূৰি আহি পুনৰ ভানুমামাৰ গাড়ীত বহিলোঁহি৷ ধন্যবাদ এটাকে দিওঁ বুলি ইফালে-সিফালে চালোঁ ল’ৰাজন নাই৷ মনতে কথাটো পাগুলি থাকিলোঁ৷

পিছদিনা পুনৰ কলেজলৈ আহিছোঁ৷ দূৰৰপৰাই দেখিলোঁ ভানুমামাৰ মেটাড’ৰ ৰৈ আছে৷ সেইদিনাও মই বহা ছীটটোত সেই ল’ৰাজন বহি আছিল৷ পিচে মোক দেখিয়েই তেওঁ নামি দিলে৷ মোৰো মনটো ভাল লাগিল৷ অন্ততঃ ধন্যবাদ এটা দিব পাৰিম৷ সেইদিনা তেওঁক মাতিলোঁ৷ মাতিলোঁ মানে কি আৰু! ধন্যবাদ বুলি ক’লোঁ কিন্তু সেইদিনা পিছৰ ছীট খালী থকাৰ স্বত্বেও ল’ৰাজন মোৰ কাষতে বহিল৷ ময়ো পিছতেই বহোঁগৈ বুলি কিয় জানো নগ’লোঁ বহিবলৈ৷ আগতেই বহিলোঁ৷ সেইদিনা ল’ৰাজনে মামাক সুধি গাড়ীখন ঘূৰি অহাৰ সময়টো জানি ল’লে৷ ঘূৰি আহোঁতেও আমি একেলগে আহিলোঁ৷ এইদৰেই আমি সদায় একেলগে অহাযোৱা কৰোঁ যদিও কথাবতৰা প্ৰায় নহয়েই আমাৰ৷ মানে ল’ৰাজনে কথাই নকয়৷ দুমাহমান পাৰ হ’ল যদিও ল’ৰাজনৰ এষাৰ মাত নুশুনিলোঁ৷ সেই দ্বিতীয় দিনাই যি মোক ধন্যবাদৰ প্ৰত্যুত্তৰ হিচাপে ‘স্বাগতম’ বুলি কৈছিল৷ খীণ, ওখ৷ পাতল চুলি আৰু ডঁহাচকুৰে সৈত্যে ল’ৰাজন আছিল অত্যন্ত ভদ্ৰ৷

এদিন কলেজত ফাংচন আছিল৷ মোৰ ঘূৰি অহা পলম হৈছে৷ প্ৰায় আন্ধাৰ হওঁ হওঁ৷ মৃদু ভয় এটাই মনৰ মাজত উখলমাখল লগাইছেহি৷ ইতিমধ্যে ভানুমামাৰ মেটাড’ৰো গুচি গৈছিল৷ কোবাকুবিকৈ আহি গাড়ী ৰোৱা ঠাইত অপেক্ষা কৰিলোঁহি৷ ভানুমামাক কোৱা নহ’ল কলেজৰ ফাংচনৰ কথা৷ হয়তো মামায়ো মোক লৈ চিন্তিত হৈছিল৷ কথাবোৰ ভাবি ভাবি ৰৈ আছোঁ৷ পশ্চিম আকাশৰ বেলিটোকো যেন কৈ দিম আৰু কিছু সময়….৷ তেনেতে মেটাড’ৰ এখন আহিল৷ আগৰ ছীটটো খালী থকাৰ স্বত্বেও কিয়জানো বহিবলৈ মন নগ’ল৷ পিছলৈ বুলি বাট বোলোঁতেই পিছফালৰ পৰা এষাৰ মাত ভাঁহি আহিল৷ “আগতে বহোঁ ব’লা৷ তোমাৰ সুবিধা হ’ব৷” ঘূৰি চাই দেখোঁ সেই ল’ৰাজন! এক বুজাব নোৱৰা আনন্দত মন নাচি উঠিল৷ যেন বুকু দুৰুদুৰু কঁপিছিল৷ মোৰ কি হৈছিল নাজনো৷ ভৰি দুখন যেন মাটিত আঠা লাগি ধৰিছিল৷ গাড়ীৰ দুৱাৰখন খুলি তেওঁ সেইদিনা চালকৰফালে বহি মোক খিৰিকীৰ কাষত বহিবলৈ দিলে৷ একো কোৱা নাছিল যদিও সেয়া যেন তেওঁৰ মোৰ প্ৰতি এক আদেশ আছিল আৰু ময়ো বিনা প্ৰতিবাদে মানিছিলোঁ৷ হয়তো সেইদিনা তেওঁ ভানুমামাৰ গাড়ীত নগৈ মোৰ বাবেই ৰৈ আছিল৷ নহ’বও পাৰে৷ হয়তো তেওঁৰ নিজৰ কিবা কামৰ বাবে পলম হৈছিল৷ কথাবোৰ মোৰ সোধা নহ’ল৷ ঘৰলৈ তিনি কিলোমিটাৰ খোজেৰে অহা সেই বাটত আগবাঢ়িছোঁ মাত্ৰ তেওঁ পুনৰ ক’লে,

: আজি সেইফালে মোৰো কাম এটা আছে৷

মই মুখেৰে একো নামাতি খোজ ল’লোঁ তেওঁৰ স’তে৷ ঘৰৰ ওচৰ পাই মই ক’লোঁ,

: মোৰ ঘৰ পালোঁহি৷ আপোনাৰ কাম আছে যিহেতু পলম হ’ব৷ আজি সোমাবলৈ নকওঁ৷

তেওঁ হাঁহি এটা মাৰি ক’লে,

: মই ঘৰলৈহে যাম৷

তেওঁক ঘৰলৈ মাতি বহিবলৈ ক’ম বুলি মোৰ সাহস নহ’ল৷ কি বুলি ক’ম আইতা বা মামাহঁতক! যিজন ল’ৰাক দুমাহ ধৰি চিনি পাওঁ অথচ তেওঁৰ নাম-ঠিকনাকে নাজানো মোক ঘৰত থ’বলৈ বুলি আহিল! নাই নাই কথাবোৰ ইমান সহজ নহয়৷ নাইবা আইতাহঁতৰ মনবোৰো ইমান বহল নহয় যে অচিনাকি ল’ৰা এজনে এইদৰে মোক ঘৰত থ’বলৈ অহা কথাষাৰ সহজকৈ ল’ব৷ তেওঁ লাহে লাহে আন্ধাৰ বাটটোৰে আগবাঢ়িল৷ পকেটত হাত দুখন ভৰাই চিনাকি সুৰৰ গান এটা সুহুৰিয়াই আন্ধাৰৰ মাজত বিলিন হৈ গ’ল তেওঁ৷ মই তেওঁ যোৱা বাটটো বহুপৰ চাই ৰ’লোঁ৷

পিছদিনা ভানুমামাৰ গাড়ীত আমি পুনৰ একেলগে গ’লোঁ৷ সেইদিনা ল’ৰাজনে ক’লে,

: মোক তুমি শান্তনু বুলিব পাৰিবা৷ তোমাৰ নাম নুসোধোঁ৷ মই মৌ বুলিম৷

সেয়া দুমাহৰ পিছত তেওঁক সম্বোধন কৰিবলৈ কিবা এটাতো নাম পালোঁ৷ মই একো নামাতিলোঁ৷ মাথোঁ তেওঁৰ ফালে চাই সঁহাৰি জনালোঁ৷ সেইদিনা ঘৰলৈ ঘূৰি আহি ভাবি থাকিলোঁ, নাম-ঠিকনা নজনা অচিনাকি ল’ৰাজনক মই কেনেকৈ সন্মতি দিলোঁ মোক এক নতুন নামেৰে মাতিবলৈ৷ এক নিমিলা অংকৰ দৰে মনতে কথাবোৰ ঘূৰি থাকিল৷ আমাৰ সম্পৰ্কবোৰ লাহে লাহে গভীৰ হৈ আহিছিল৷ গাড়ীত লগ পোৱাৰ উপৰিও কেতিয়াবা আমাৰ কলেজৰ ফালে শান্তনু আহিছিল৷ আগতীয়াকৈ মোক কোনো দিনেই খবৰ দিয়া নাছিল৷ অকস্মাৎ অফ পিৰিয়ডত শান্তনুক কলেজৰ সন্মুখত দেখি মই আচৰিত হৈ গৈছিলোঁ৷ কেতিয়াবা ৰাজমাও পুখুৰীৰ পাৰত আৰু কেতিয়াবা পাৰ্কত দুয়ো খোজ কাঢ়িছিলোঁঁ একেলগে৷ তেতিয়ালৈ শান্তনু আৰু মই মুকলিকৈ কথা পাতিব পৰা হৈছিলোঁ গৈ৷ বহুত কথাই পাতিছিলোঁ যদিও মোৰ কোনো দিনাই শান্তনুৰ ব্যক্তিগত জীৱনৰ কথা সোধা নহ’ল৷ হয়তো ভাবিছিলোঁঁ শান্তনুৰ ব্যক্তিগত কথাবোৰে আমাৰ সম্পৰ্কটোত কিবা বাধাৰ সৃষ্টি কৰিব পাৰে৷ শান্তনুৱে এদিন কৈছিল,

: মৌ মোৰ জীৱনৰ আটাইতকৈ মধুৰ আৰু মূল্যবান সময় সেইখিনি যেতিয়া তুমি লগত থাকা৷ এই সময়খিনি মই আন কথা পাতি অতিবাহিত কৰিব নোখোজোঁ৷ এইখিনি আমাৰ সময়, আমাৰ নিজৰ কথা পাতিম৷ তুমি লগত থাকিলেহে মই সাহসেৰে সকলোবোৰ সিদ্ধান্ত ল’ব পাৰোঁ৷

কিছুদিনৰ পিছৰ কথা৷ আমি ভানুমামাৰ মেটাড’ৰত আহি আছোঁ সেইদিনাও আনদিনাৰ দৰেই৷ শান্তনুৱে মোক ক’লে,

: মৌ আজি তুমি মোক অলপ সময় দিব পাৰিবা নে? অলপ বিশেষ কথা পাতিব লগা আছে৷

মই মন কৰিছিলোঁ শান্তনু অলপ চিন্তিত৷ মুখখন আনদিনাৰ দৰে উজ্জ্বল নহয়৷ মই কলেজ নগ’লোঁ সেইদিনা৷ আমি ৰাজমাও পুখুৰীৰ পাৰত বহি কথা পতাটোকে ঠিক কৰিলোঁ৷ শান্তনুৰ খোজবোৰ ধীৰ আছিল সেইদিনা, মানুহটো ভাগৰুৱা৷ মই বুজি পোৱা নাই কি হ’ল৷ আমি অলপপৰ বহিলোঁ৷ সেইদিনা প্ৰথম শান্তনুৱে মোৰ কান্ধত নিজৰ মূৰথৈ মোৰ হাতখন জোৰকৈ খামুচি ধৰিছিল৷ অনুভৱ কৰিছিলোঁ শান্তনুৰ তপত চকুলোৰ পৰশ৷ মই আচৰিত হ’লোঁ৷ ইমান দুৰ্বল কি কাৰণত হৈছে শান্তনু! মোক প্ৰশ্ন কৰাৰ সুবিধা দিয়া নাছিল সেইদিনা তেওঁ৷ কৈ গৈছিল মাত্ৰ নিজৰ জীৱনৰ কঠিন সময়কণৰ কথা৷ মাক-দেউতাকৰ একোটি মাত্ৰ সন্তান শান্তনু৷ কলেজৰ পঢ়া শেষ ইতিমধ্যে৷ অহা এটা সপ্তাহৰ ভিতৰত বিদেশী কোম্পানী এটাত ভাল চাকৰি এটা পাইছে৷ ভৱিষ্যতৰ কথা চিন্তা কৰি ঘৰৰ পৰাও যাবলৈ কৈছে৷ কথাবোৰ শুনি মোৰ বুকুৰ মাজত প্ৰচণ্ড বিষ এটা উজাই আহিছিল৷ পিচে কি বুলি শান্তনুক যাবলৈ নিদিম! এনেকুৱা একো সম্পৰ্কইতো নাই আমাৰ মাজত! দুটা মাহত মই কিমান জানিলোঁ শান্তনুক বা মোকেই বা কিমান জানে তেওঁ! কলেজ মাথোঁ আৰম্ভ কৰিছোঁহে৷ নাই শান্তনুৰ ভৱিষ্যত গঢ় দিয়াৰ পথত মই হেঙাৰ কোনো দিনাই হ’ব নোৱাৰোঁ৷ অন্ততঃ মই ইমান স্বাৰ্থপৰ হ’ব নোৱাৰোঁ৷ এদিন শান্তনুৱে কৈছিল মই তেওঁৰ দুৰ্বলতা নহয়৷ মই তেওঁৰ সাহসহে৷ গতিকে সেইদিনাও মই শান্তনুক সাহসেৰে সিদ্ধান্ত লোৱাত সহায় কৰিছিলোঁ৷ শান্তনু গুচি গৈছিল সাত সাগৰ তেৰ নদী পাৰ হৈ৷ মোৰ ঘৰৰ ঠিকনাত বহুকেইখন চিঠি লিখিছিল তেওঁ৷ মই লিখা নাছিলোঁ কোনো দিনাই৷ কাৰণ মই জানিছিলোঁঁ মোৰ চিঠিৰ প্ৰতিটো শব্দই তেওঁক দুৰ্বল কৰিব৷ শান্তনুৱেও বুজিছিল সেইকথা৷ কোনো এখন চিঠিতেই তেওঁ অভিযোগ কৰি একো লিখা নাছিল৷ কেৱল এষাৰেই কৈছিল, “মৌ মই জানো তুমি কিয় চিঠি নিলিখা৷ জানো তুমি নিজে কষ্ট পালেও মোক সবল কৰিয়েই ৰাখিবা৷ তুমি সদায়েই মোৰ সাহস হৈ ৰ’বা৷ মই ভালে আছোঁ আৰু জানো মই ভালে থকালৈকে তুমিও ভালে থাকিবা৷ কেতিয়াবা উলটি গ’লে তোমাৰ ঠিকনালৈ যাম৷ এবাৰ তোমাক চাই পুনৰ গুচি আহিম৷”

কথাবোৰ পঢ়ি মই চিঠিবোৰ কিতাপৰ মাজত সাঁচি ৰাখিছিলোঁ৷ আজিও আছে৷ কিন্তু শান্তনুক লগ পোৱাৰ সুবিধা কোনো দিনাই মই নিদিলোঁ৷ মামাৰ চাকৰি শেষ হ’ল৷ এদিন আইতা ঢুকাল৷ পিছত মামাও ঢুকাল৷ শান্তনুৱে মোৰ নামো নাজানিলে কোনো দিনাই না মামা বা আইতাহঁতৰ কাৰোবাৰ নাম জানিছিল৷ মোক কি বুলি ক’ত বিচাৰি আহিব! শান্তনুক দুৰ্বল হ’বলৈ মই কোনো দিনাই নিদিলোঁ৷

☆ ★ ☆ ★ ☆

16 Comments

Leave a Reply

Your email address will not be published.