ফটাঢোল

অব_মেৰা_চান্স-মনোজ শৰ্মা

ৰাতিপুৱাই বাতৰিখন হাতত লৈ পঞ্চল্লিশ বছৰীয়া নগেন পোন্ধৰ বছৰীয়া ল’ৰাজনৰ নিচিনাকৈ উধাতু খাই দৌৰি আহি ঘৰ সোমাই চিঞৰিবলৈ ধৰিলে,

..”বোলো, হেৰা শুনিছা নে? অ’ টিখৰ বাবাতো শুনিছ’ নে? মোৰ আউ ভাগ্য উদয় হ’ল৷ মই তোমালোকক যে কৈ থাকোঁ কষ্ট কৰিলে মানুহ এদিন হ’লেও সফল হ’বই৷ এয়া মোৰ সময় আহি গ’ল৷ হেৰা, তুমি যে মোক ভেঙুচালি কৰা বাথৰূম চিংগাৰ বুলি, এতিয়া আৰু নোৱাৰিবা৷ চোৱা, এইবাৰ মোৰ চান্স!”

“কি কৈ আছে এইবোৰ? কি চিংগাৰ, কি চান্স?”

নগেনে মাক-পুতেকৰ সন্মুখত বাতৰিখন মেলি ধৰি ক’লে,

…”এয়া চোৱা, হোৰাহোৰে  আমাৰ এচামীজ চিল্পীবোৰ ফেন-পাংখাবোৰক লগত লৈ ইটো নহ’লে সিটো গণতান্ত্ৰিক দলত যোগ দিছে।”

টিখৰে টিঙিচকৈ মাত দিলে,

“তাতে তোমাৰ কি হ’ল?”

“আৰে বুৰ্বক! নিধক!!  তাকো বুজি নপাৱ’? শুন, এই যে ইফালে চিল্পীবোৰ দলবিলাকত যোগ দিলে, সিফালে সিহঁতৰ চিল্পীৰ চিট বিলাক ভেকেণ্ট হৈ গ’ল নে নাই? এতিয়া সেই ভেকেণ্ট চিটবোৰৰ এটাত হ’লেও মোৰ অলপ চান্স আছে নে নাই?”

পুতেক ফিউজড্, মাক বেহুচ!

☆ ★ ☆ ★ ☆

5 Comments

Leave a Reply

Your email address will not be published.