ফটাঢোল

অভিজিত কলিতাৰ প্ৰতি থকা মোৰ ঈৰ্ষা, তেওঁৰ উপদেশ আৰু ফলাফল – ভাস্কৰ জ্যোতি বৰুৱা

ফটাঢোলৰ এজন বিশিষ্ট লিখক অভিজিত কলিতাৰ ব্যংগৰ সোৱাদত আপ্লুত নোহোৱা পাঠক হয়তো এজনো নোলাব। কিয় জানো এই আপ্লুত শব্দটো টাইপ কৰাৰ লগে লগে মোৰ মনত পৰিল বৰ্তমান সৌৰজগতত গ্ৰহৰ মৰ্যদা হেৰুৱা বুলি বিজ্ঞানী সমাজে ঘোষণা কৰা প্লুটোলৈ। বেচেৰাটো! ফটাঢোল যদি সূৰ্য, আভিজিত কলিতা এই নক্ষত্ৰক কেন্দ্ৰ কৰি ধাই ধাই ঘূৰি থকা এটা উষ্ণ গ্ৰহ। তেওঁ প্ৰতি মাহে একোটাকৈ সুন্দৰ লেখা দিবলৈ সক্ষম হোৱাৰ পৰিঘটনাটোক মই পৰম বিস্ময়েৰে চাই ৰওঁ। উত্তাপৰ দিশেৰে চাবলৈ গ’লে বুধেই হ’ব লাগে তেওঁ। পিছলৈ গ’লেও খুব বেছি পৃথিৱী। নাঃ ইয়াতকৈ পাছলৈ তেওঁ নাযায়, যাব নোৱাৰে। আৰু মই? এদিন ময়ো ফটাঢোলক কেন্দ্ৰ কৰি প্ৰাণটাকি হেলাই ফোঁপাই ঘূৰি আছিলোঁ। অৱশ্যে তেনেই উত্তাপবিহীন সেমেকা ব্যংগৰে, কিজানি ইউৰেনাছ গ্ৰহটোৰ পৃষ্ঠভূমিৰ সমান চেঁচা আছিল সেইবোৰ লেখা। ঠিক যি দৰে বয়সত ধুতি পিন্ধিলে অপাত্ৰকো ৰাইজে সন্মানৰ চকুৰে চায়, মোকো দুই চাৰিজনে লেখা নপঢ়িলেও কমেণ্ট বক্সত ‘ভাল লাগিল দাদা’ বুলি এষাৰ লিখি দিয়াত উৎসাহিত হৈ লিখি আছিলোঁ ভালে কিছু সময় জুৰি। কিন্তু নিজৰ মছলা নাথাকিলে কিমান দিন আনৰ প্ৰেৰণাই ঠেলিব? নিজ গুণে সেই ইউৰেনাছ এদিন নেপচুন হ’ল আৰু এদিন সেই নেপচুন হ’লগৈ প্লুটো। সৌৰজগতত দূৰে দূৰে ঘূৰি থাকিলেও গ্ৰহৰ সংজ্ঞাৰ পৰা নাম কৰ্তন। আলোচনীৰ বাবে লেখা দিবলৈ অপাৰগ। গ্ৰুপত একো অৰিহণা নাই। ঠিক যিদৰে প্লুটোৱে বামন গ্ৰহৰ সংজ্ঞাৰে সূৰ্যৰ চাৰিওফালে ঘূৰি আছে ময়ো মাজে মাজে দুই এটা লেখাত লাইক কমেণ্ট কৰি নিয়মীয়া লেখক, পাঠক, আনকি শুভচিন্তকৰ স্থান হেৰুৱাই মাত্ৰ এটা আবেগিক টানতেই ঘূৰি আছোঁ ফটাঢোলৰ কক্ষপথত। কক্ষপথত থাকিও কেতিয়াবা গুচি যাওঁ বহু দূৰলৈ, বহু দিনলৈ।

কিন্তু এই কথাবোৰ নাজানে ফটাঢোল আলোচনীৰ এতিয়াৰ সম্পাদকসকলে। প্ৰতি মাহতে এখন নতুন মুখ আহে। তেওঁলোকক আলোচনীৰ কৰ্ণধাৰ টীমটোৰ পৰা এখন তালিকা দিয়া হয়। খুব সম্ভৱ পূৰ্বতে উল্লেখ কৰা ধুতিৰ কনচেপ্টতে আলোচনীৰ মূল মানুহ ৰিণ্টুমণি দত্তই সেই তালিকাৰ পৰা মোক বাদ দিয়া নাই। আৰু প্ৰতি মাহেই সন্মুখীন হওঁ নতুন সম্পাদকসকলৰ তাগিদা। এইবাৰৰ সম্পাদকেতো ফোনেই কৰি দিলে।

: হেল্ল’

: মই পাৰ্থ ভাস্কৰদা, ফোনটো নাকাটিব।

পাৰ্থৰ লগত কথা পাতি এনে লাগিল এটা শেষ চেষ্টা কৰা যাওক। ফটাঢোলত মোৰ শেষ লেখা। কিন্তু লিখিম কি? যি পঢ়ি মানুহে কভিড – ১৯ ৰ এই সন্ত্ৰাসময় সময়ত অলপ হ’লেও হাঁহিব পাৰিব। অলপ ব্যংগ। নাঃ, একো নাই মগজুত। আছে যদি কিবা সেয়া মাত্ৰ দুশ্চিন্তা। এটা অন্ধকাৰ সুৰংগৰ মাজত যেন মই আবদ্ধ। হঠাৎ সন্মুখৰ ফালে বহু দূৰত এটা উজ্জ্বল পোহৰৰ অৱস্থিতিৰ যেন উমান পালোঁ। হয়, অভিজিত কলিতা। এক মুহূৰ্তও দেৰি নকৰি ফোন লগালোঁ।

‘বন্ধু, কোৱা।’ স্বভাৱসিদ্ধ সুৰত অভিজিত কলিতাই ফোন ধৰিলে।

‘কি কৰিছা?’ মোৰ ভনিতা।

‘ৰাতি এই ১১.৩০ ত কি কৰিবা আৰু। শুবলৈ ওলাইছোঁ।’

এতিয়াহে সম্বিত ঘূৰি আহিল। লজ্জিত হ’লোঁ –  ধেৎ চাল্লা, ঘড়ীটোও চাব নাপায় নে? সুখী হ’লোঁ – ভাগ্যক্ৰমে অভিজিত কলিতা কোনো নাৰী নহ’ল। ‘বন্ধু তুমি লেখাৰ আইডিয়াবোৰ ক’ত পোৱা? মোক অলপ আইডিয়া দিবা নেকি?’ দেৰি নকৰি মূল প্ৰশ্ন এৰি দিলোঁ।

‘সপোনত। সেয়ে শুবলৈ লৈছোঁ। ফটাঢোল আলোচনীৰ বাবে লিখিবৰ হ’লেই – ।’

খোল খাই গ’ল সেই গোপন ৰহস্য। পাই গ’লোঁ সেই শ্ৰেষ্ঠ ব্যংগৰ ভাণ্ডাৰ। “শোৱা শোৱা, মই কাইলৈ কথা পাতিম”। বাক্য সম্পূৰ্ণ কৰাৰ সুযোগেই নাপালে অভিজিত কলিতাই। ফোন কাটি দিলোঁ। ধাই ধুই বেডৰূমলৈ গৈ শুবলৈ যত্ন কৰিলোঁ।

*******

পুৱাৰে পৰা মন উৎসাহ, উত্তেজনাত ডুবিয়েই আছিল। এটা পূৰ্ণ দৈৰ্ঘৰ সপোনৰ ভৰত যোৱা ৰাতি প্ৰায় টোপনি খতি। ইমান জমনি। কিন্তু কি আছিল এতিয়া মনত পেলাব পৰা নাই। শুই উঠিলোঁ। চাহ খালোঁ। মাস্ক পিন্ধি বজাৰলৈ গ’লোঁ। ঘৰলৈ আহি বজাৰ সামগ্ৰী ভাগে ভাগে ধুই ৰ’দত শুকাবলৈ দিলোঁ। চাবোনেৰে খচি খচি হাত ধুই গাটোও ধুবলৈ বাথৰূমত সোমালোঁ।

দুৰ্ভাগ্য! এতিয়া বাথৰুমৰ পৰা ওলাই আহি লেপটপৰ সন্মুখত সপোনটো মনত পৰা নাই। যেন মূৰটো চেম্পু লগাই ধুই থাকোঁতে সপোনৰো বাথৰূমৰ ড্ৰেইন পাইপেৰে ফেনৰ লগত নিৰ্গমণ ঘটিল। চেহ! কি কৰা যায়, কি কৰা যায়। উপায় নাই, আকৌ অভিজিত কলিতা।

‘বন্ধু কোৱা।’ চিনাকী আৰম্ভণি।

‘কি কৰিছা?’  মই জনাত ফোনত ব্যৱহাৰ হ’ব পৰা আটাইতকৈ সুচল প্ৰথম প্ৰশ্ন।

‘ব্যংগ। বুজিছা বন্ধু, কালি সপোনত মাৰাত্মক আইডিয়া এটা পালোঁ। এতিয়া লিখাত ব্যস্ত। কোৱাচোন কি কাৰণে ফোন কৰিলা?’

বুজিলোঁ কথা চমুৱাব বিচাৰিছে অভিজিত কলিতাই। লিখাৰ সময়ত ভাব প্ৰবাহৰ মাজত থাকোঁতে যে অন্যমনস্ক হোৱা বিপজ্জনক সেইটো মই বুজোঁ। তথাপিও স্বাৰ্থপৰৰ দৰেই নিজৰ অসুবিধাখিনি ক’বলৈ মুখ মেলিলোঁ।

‘আৰে, মইতো শুই উঠিয়েই নোট কৰি থৈ দিওঁ। নহ’লে ক’ত মনত থাকিব কোৱা? কালি ক’ম বুলি ভাবোঁতেই তুমি কাটিয়েই দিলা নহয়।’ মোৰ কথাখিনি শুনি অভিজিত কলিতাই ক’লে।

মূৰটো লেপটপটোত জোৰেৰে খুন্দিয়াই দিবৰ মন গ’ল। লেপটপৰ দামটোলৈ লক্ষ্য ৰাখি নিজক বাৰণ কৰিলোঁ। ৫৩,০০০ টকা। এই উধাতু খোৱা স্বভাৱটো যে মোৰ নগ’ল আৰু! কালি কথাখিনি সম্পূৰ্ণ কৰিবলৈ দিয়া হ’লে অভিজিত কলিতাক! কিন্তু কি লাভ এতিয়া পস্তাই। ফোনৰ ইটো মূৰত অভিজিত স্তব্ধ হৈ গৈছে। খুব সম্ভৱ তেওঁৰ মন আৰু মগজুত ব্যংগ লেখাটোৰ ইটোৰ পাছত সিটো দৃশ্যই আহি ভীৰ কৰিছে। শুভ কামনা জনাই মই ম’বাইলটো অফ কৰি কাষৰ টেবুলত থলোঁ। এতিয়াও সন্মুখৰ লেপটপত মাইক্ৰচফ্ট ৱৰ্ডৰ পৃষ্ঠা উকা। কি কৰা যায়, কি কৰা যায়? কেনেকৈ ডাটা ৰিট্ৰাইভ কৰিব পৰা যায় এই মগজু নামৰ ডিস্কখনৰ পৰা?

 ক’লৰিজ! চেমুৱেল টেলৰ ক’লৰিজ। আঃ, মনটো অপাৰ আনন্দত জঁপিয়াই উঠিল। সপোনত লেখাৰ সমল পোৱা এজন বিশ্ববিখ্যাত কবি। মনটো জঁই পৰি গ’ল সেই কথা ভাবি যে আপদীয়া বন্ধুৰ আগমনৰ বাবে আধা লিখা হৈ ৰোৱা বিশ্ববিখ্যাত কবিতা কুবলা খান তেওঁ কেতিয়াও সম্পূৰ্ণ কৰিব পৰা নাছিল বিভিন্ন ধৰণৰ নিচাত নিজকে ডুবায়ো। মোৰ চকুৰ আগত হঠাৎ ভাঁহিল ফেচবুকত ঘূৰি থকা সেই উৎসাহবৰ্ধক ভিডিঅ’টো। য’ত দেখা যায় এজন মানুহে খনিত মূল্যবান পাত্থৰৰ সন্ধানত মাটি খান্দিব লাগিছে।এটা হীৰাৰ দৰে মূল্যবান পাত্থৰ পোৱাৰ ঠিক পূৰ্বেই তেওঁ খনন কাৰ্য বন্ধ কৰিছে। ক’লৰিজে বাৰু সঠিক পৰিমাণৰ নিচা কৰাৰ পূৰ্বেই হতাশ হৈছিল নেকি? পাহৰা সপোন ঠিক ঢুকি পাওঁ পাওঁ হওঁতেই বাদ দিছিল নেকি উদ্ঘাটনৰ প্ৰচেষ্টা? নাই, মোৰ ওচৰত তথ্য নাই। গুগোল কৰিলোঁ। অনলাইন বুৰঞ্জীও এই ক্ষেত্ৰত নিমাত।

বুজিলোঁ, মোৰ হাতত এতিয়া মাত্ৰ এটাই পথ খোলা। সেইটো হ’ল নিচা।মই পিচে এটা কথাত চকু ৰাখিব লাগিব যাতে কম নিচাৰ বাবে হেৰুৱা তথ্য পুনৰোদ্ধাৰ বাধাগ্ৰস্ত হ’ব নোৱাৰে। ডান। লেপটপ সামাৰি পুনৰ গাড়ীৰ ছাবিটো হাতত ল’লোঁ।

‘ক’লৈ যোৱা?’

‘তুমি দিয়া লিষ্টত চাউল নাছিল নহয়। এতিয়াহে ড্ৰামত চালোঁ, ইমান কম আছে।

‘নাই মানে …….. ।’ বাক্য সম্পূৰ্ণ কৰিব নোৱাৰিলে পত্নীয়ে।

‘লৈ আহোঁ ফটকৈ ৰ’বা। আগলৈ ভালকৈ চাই লিষ্ট বনাবা কিন্তু। এবাৰেই ওলাই যোৱা টান,’ অলপ কপাল কোঁচাই ক’লোঁ।

পত্নীৰ মুখত হাঁহি। ‘যোৱা, সোনকালে আহিবা। আজি ৰাতি তুমি ভাল পোৱা বেচন আৰু ভেদাইলতাৰ পকৰী বনাই খুৱাম।’

আইজ্জৌ, হয়নে? দেৰি নকৰি মদৰ দোকানত লাইন পাতিলোঁগৈ। চৰকাৰেও ৰাজহ পাওক, মোৰো ব্যংগ লেখাটো ওলাই আহক।

*********

পত্নী বিচনাত। অথনি টেষ্ট কৰিবলৈ অনা পকৰী ৫টা মোৰ টেবুলৰ ড্ৰয়াৰত। গাড়ীৰ ডিকিত ফুল বটলটো। মোৰ হাতত গাড়ীৰ ছাবিটো। মই ৰৈ আছোঁ পত্নীৰ নাকৰ শব্দ এটা নিৰাপদ পৰ্যায়লৈ বাঢ়ি অহালৈ।

হাতত সাৰে ভৰিত সাৰে কাম সমাধা। এয়া ড্ৰইং ৰূমৰ টেবুলত খোলা লেপটপ। পানীৰ জাৰ। মদৰ বটল। ৫টা পকৰী।

প্ৰথম পেগৰ শেষত:
——————–

কি আছিল? মই গৈ আছিলোঁ এটা বাটেৰে। তাৰ পাছত? ধেই এইকণে পথত পোহৰ পেলাব নোৱাৰে। ইমান কুঁৱলী যে এপেগত ফগ লাইট নজ্বলে।

দ্বিতীয় পেগৰ শেষত:
—————–

আহ! কিমান দিনৰ মূৰত এই আলোড়ন। যেন কুঁৱলীবোৰে আহি মোৰ মুখত খুন্দিয়াইছে। অদূৰত কোন সেই নাৰী? ইমান ঘন কুঁৱলী। মই যিমানে আগুৱাও তেওঁ সিমানেই কুঁৱলীৰ গভীৰত সোমাইগৈ। অৰুণিমা নেকি? সেই যে ৰাতিপুৱাই টিউচনলৈ গৈছিল। এবাৰ সন্মুখৰ পৰা চাব পৰা হ’লে! না এনেকৈ নহ’ব।

তৃতীয় পেগৰ শেষত:
——————–

মই দৌৰিবলৈ ধৰিলোঁ। ধেই এইটো ৰাণাহে দেখোন! সৰস্বতী পূজাৰ আগদিনা স্কুলত পতা নাটকত ভাগ ল’বলৈ নাৰীৰ ড্ৰেছত আহিছে। মৰাটো ক’ৰবাৰ। লগৰ গোটেইমখা ঘৰৰ পৰা একেবাৰে ওলাই আহিছে ৰাতি প্ৰতিমাৰখীয়া হ’বলৈ।

:অই ভাস্কৰ নাচোঁ আহ, মাইকত গান লাগি আছে।

সিহঁতবোৰ দৌৰিলে। মই ৰৈ গলোঁ। উভতি আহিলোঁ দিঠকলৈ। নাঃ ময়ো নাচিম আজি। কিন্তু অকলে অকলে এই ৰাতি? পত্নী ভিতৰৰ কোঠাত শুই আছে। তাইৰ টোপনি ভাঙিলে! না না, নহ’ব। কলিজা খাব মোক। মই বাৰু ব্যংগৰ তেনেই কাষত আহিও উভতিব খুজিছোঁ নেকি? নাই, এনে হ’বলৈ দিব নোৱাৰি।

চতুৰ্থ পেগৰ শেষত:
—————–

লেপটপত গানটো উলিয়াই ল’লোঁ। প্লে কৰি ভলিউম বঢ়াই ময়ো থিয় হ’লোঁ।

‘জিলে লে জিলে লে

আয়ৌ আয়ৌ জিলেলে ………

ভাগৰুৱা জীৱনলৈ ঘূৰি আহিল শৈশৱৰ ছন্দ। সৌটো দেৱই বিহু নাচহে নাচিছে দেখোন এইটো গানতো যে। হাঃ হাঃ হাঃ। সমীৰণে মাত্ৰ কিলাকুটি দুটা কোঁচাই মাত্ৰ চৰায়ে ডেউকা কোবোৱাৰ দৰে কৰি আছে। মানুহ মাৰিব ই। ময়ো আৰম্ভ হৈ গ’লোঁ নিজস্ব ক’ৰিঅ’গ্ৰাফীৰে।

মস্তি মে মস্তি মে
আয়ৌ আয়ৌ জিলেলে ………

‘কি চলি আছে এইবোৰ?’ সন্মুখত পত্নী।

ভয় নালাগিল দেখোন। মদ সম্পূৰ্ণ বিশুদ্ধই আছিল তাৰমানে। সকলোৱেই ভেজাল নকৰেতো। ধন্যবাদ হে নিষ্ঠাবান ব্যৱসায়ী। এইবাৰ মুখৰ পৰা স্বতঃস্ফুতভাৱে ওলাই আহিল – ‘ব্যংগ’।

‘মানে?’

‘মানে আৰু কি? এই কঠিন সময়ত জীৱনক স্মৃতিৰ সঁফুৰাৰ পৰা ৰং আনি সানিব খুজিছোঁ। আহা, তুমিও নাচা। তোমাৰ মনত পৰা এনে এটা গানৰ কলি গোৱা যিটো শুনি তোমাৰ শৈশৱ অথবা কৈশোৰে নাচিব খুজিছিল। কিন্তু নাচিব নাজানো, আনে কি ক’ব বুলি সংকোচত তুমি ৰৈ গৈছিলা। আজি তোমাৰ লগত ময়ো নাচিম সেই গানৰ তালত।’

মই আগ বাঢ়িলোঁ মদৰ বটলটোৰ ফালে। মোৰ এনে লাগিল প্লুটো নামৰ বামন গ্ৰহটো নিজ কক্ষপথত সূৰ্যৰ একেবাৰে ওচৰ চাপিব খুজিছে তাৰ ভাগ্যত থকা সৰ্বোচ্চ উষ্ণতা পাবলৈ।

☆ ★ ☆ ★ ☆

10 Comments

  • ডলী তালুকদাৰ

    বহুত ভাল লাগিল পঢ়ি।

    Reply
  • অলকেশ ভাগৱতী

    বঢ়িয়া লাগিল৷

    Reply
  • HEMANTA KAKATI

    বঢ়িয়া লাগিল ভাস্কৰ৷

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বঢ়িয়া লাগিল দাদা

    Reply
  • Bornali S Mudoi

    বৰ ভাল লাগিল

    Reply
  • Anonymous

    অতি সুন্দৰ।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বঢ়িয়া৷

    Reply
  • Sadananda Bhuyan

    বহুত বঢ়িয়া লাগিল ।

    Reply
  • Deepjyoti Handique

    অ বৰ ভাল লাগিল ।

    Reply
  • ভাস্কৰ জ্যোতি বৰুৱা

    মন্তব্য কৰা সকলোকে ধন্যবাদ জনালোঁ‌। অশেষ ধন্যবাদ।

    Reply

Leave a Reply

Your email address will not be published.