ফটাঢোল

অ’ভাৰ স্মাৰ্টৰ আত্মবোধ -অভিজিৎ মেধী

মই মানুহজন বেছ সপ্ৰতিভ আৰু প্ৰখৰ বুদ্ধি থকা, এক কথাত সহজ ভাষাত ক’বলৈ গ’লে মই স্মাৰ্ট (বুলি মই ভাবোঁ)৷ বহুতেই মোক এই কাৰণতে অন্ধবিশ্বাসী বুলিও আখ্যা দিব খোজে যদিও কথাষাৰ মই মনে-প্ৰাণে বিশ্বাস কৰোঁ, যে মই এজন স্মাৰ্ট মানুহ৷ এতিয়াৰ কথা নহয়, সৰুৰে পৰাই মই ভীষণ স্মাৰ্ট৷ তাহানিৰ দিনবোৰত মায়ে লাড়ু-পিঠাৰ বৈয়ামবোৰ মোৰ চুৰি-কাৰ্য্যৰ প্ৰকোপৰ পৰা বচাবলৈ বুলি প্ৰায়েই লুকুৱাই ৰাখিছিল৷ পাছে মাৰ বিপদটো হয় আলহীক চাহ দিবলৈ লোৱাৰ সময়ত৷ ঠিক তেতিয়াই মায়ে পাহৰি যায় লাড়ু-পিঠাৰ গোপন ঠিকনাবোৰ৷
: দুটে লাড়ু দিম দে তোক, বিচেৰি দি বৈয়ামকিটা৷
: ইহ্…দুটে দিলি নহ’বো, চাট্টা (চাৰিটা) লাগবো মোক৷
স্মাৰ্টনেছৰ বাবেই ছয়-সাত বছৰীয়া মইজনে ভাল বিজনেছ ডীল এটা সহজেই ক্ৰেক কৰিবলৈ সক্ষম হৈছিলোঁ৷ কিন্তু বয়স বঢ়াৰ লগে লগে মোৰ স্মাৰ্টনেছো বাঢ়ি গৈ থাকিল, ফলত অজানিতে মাজে মাজে মই হৈ পৰোঁ অ’ভাৰ স্মাৰ্ট৷ অ’ভাৰ স্মাৰ্টনেছৰ ইয়াৰ প্ৰথমটো লক্ষণ হাইস্কুলীয়া দিনতেই পাইছিলোঁ যদিও সেই সময়ত কথাটোক বৰ বিশেষ গুৰুত্ব দিয়া নাছিলোঁ৷
অষ্টমমানত পঢ়া সময়ৰ কথা খুব সম্ভৱ৷ আমাৰ গণিতৰ ছাৰজন সিদিনা ছুটীত আছিল৷ তেওঁৰ ঠাইত ক্লাছটো ল’বলৈ আহিল জেষ্ঠ্য শিক্ষক ধনেশ্বৰ দাস ছাৰে৷ ধনেশ্বৰ ছাৰে সাধাৰণতে ক্লাছ নাইনৰ পৰাহে উচ্চ গণিত শিকায়, সেইদিনা আমি প্ৰথমবাৰৰ বাবে সেইদিনা তেওঁৰ ক্লাছ পাইছিলোঁ৷
: ছ’লিহাঁঁত, তহঁতোৰ কুনি কুনি গণিতোক ভয় কৰা?
ক্লাছত সোময়ে ছাৰে কৰা প্ৰশ্নটোত গোটেই ক্লাছটোৱে হাত দাঙিলে, ব্যতিক্ৰম কেৱল মইহে৷ কেলেই হাত দাঙিম? ছাৰে নিশ্চয় আমাৰ আত্মবিশ্বাস জুখিবলৈকেহে প্ৰশ্নটো কৰিছে, হাত নদঙাজনক তেওঁ যে প্ৰশংসাৰে ওপচাই পেলাব সেই বিষয়ে মই প্ৰায় খাটাং আছিলোঁ৷ ঘৰ গৈয়ে কিদৰে লেনিয়াই লেনিয়াই মাক “আজি স্কুলত কি হ’ল জানা“ বুলি মোৰ এই দুৰদৰ্শিতাৰ কাহিনী শুনাম সেইয়াও প্ৰায় মনস্থ কৰিয়েই লৈছিলোঁ৷
কিন্তু কিয় জানো মোৰ ওপৰত ছাৰৰ খঙহে উঠিল৷ বোধহয় ছাৰৰ বিষয়টোক সহজে লোৱাৰ ধৃষ্টতা দেখুৱাত তেওঁৰ ইগ’ক হাৰ্ট কৰিলোঁ৷ অজয় দেৱগণে সিংহম চিনেমাখনত জয়কান্ত শিকৰেৰ ইগ’ হাৰ্ট কৰাৰ দৰেই কথা! অন্ততঃ সেই সময়ত মই এনেকুৱা কিবা এটাকে মনতে ভাবি লৈছিলোঁ৷ ছাৰে লগে লগে বোৰ্ডত বৈদ্য টান সমীকৰণৰ অংক এটা লিখিলে৷
“আলি ৰে আলি, আটা তুঝি বাৰি আলি! “
গণিতক ভয় নকৰাজনে এইটো সমাধান কৰি এক্স-ৰ ভেল্যু উলিয়াই দেখুৱাওক বুলি ছাৰে মোক চেলেঞ্জ কৰিলে৷ বৰ এটা ভাল নাপালোঁ কথাটো৷ কিন্তু ভয়ত পিছ হোঁঁহোকা মানুহ ময়ো নাছিলোঁ৷
সাহ কৰি উঠি গ’লোঁ, দেৱগণ ষ্টাইলত ডিঙিটো অলপ অলপ বাওঁফালে হলাই, আত্মবিশ্বাসত চৌ-চৌৱাই থকা খোজত গৈ চকডাল হাতত তুলি ল’লোঁ৷ পাঁচ মিনিট, দহ মিনিট, পোন্ধৰ মিনিট…সমীকৰণৰ সমাধান নোলায়হে নোলায়৷ তাৰ মাজতে ছাৰে “অমুকটো তমুক হ’লি তমুকটো ফমুক হ’বো না ন’হে? “ বুলি প্ৰশ্ন কৰি মোক হায়ৰাণ কৰি তুলিছে৷ নাই, নহ’ব, নহৈছে…চকুৰে কেৱল ন-জাতীয় শব্দবোৰহে দেখিছোঁ৷ এক্স-ৰ ভেল্যু বিচাৰি মই যিমান হাবাথুৰি খালোঁ সিমান হাবাথুৰি খোৱাৰ ফলত ক’লম্বাছে কিজানি আমেৰিকা আৱিষ্কাৰ কৰিছিল৷
চেটেপ্…….!
শব্দটোৰ ঠিক লগেলগেই টিকাত ভয়ংকৰ যন্ত্ৰণা এটা অনুভৱ হ’ল৷ আকৌ চেটেপ্, চেটেপ্, চেটেপ্….৷ আদিম মানৱে দুটা শিল ঘঁহি আৱিষ্কাৰ কৰিব খোজা বস্তুবিধ ছাৰে যে এচাৰি আৰু মোৰ টিকাৰে সম্ভৱ কৰি তুলিব খুজিছে সেইয়া মই নিশ্চিত হ’লোঁ৷ কথাটো বিজ্ঞানৰ মতে অসম্ভৱ৷ কিন্তু ছাৰে চেষ্টা এৰি দিয়া নাই! “আই ঐ, মাই ঐ মল্লু ঐ“ ধৰণৰ চিৎকাৰ এটা বাহিৰ ওলাবলৈ বুলি মোৰ ওঁঠৰ বন্ধ দুৱাৰত বাৰম্বাৰ লথিয়াইছে৷ তেনেতে ক্লাছ খতম হোৱাৰ বেলটো বাজিল৷ কেনেবাকৈ জীউটো ঘূৰাই পালোঁ৷ ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী বন্ধু-বান্ধৱীহঁতৰ সমুখত বহুদিনলৈকে কুমলীয়া মোৰ মুখখন লাজতে ৰঙা-ছিঙা হৈ থাকিল৷
বহুদিনলৈকে ঘৰত কথাটো জনোৱা নাছিলোঁ৷ সন্ধিয়াৰ প্ৰাৰ্থনাতো ভগৱানক খাটিছিলোঁ- “হে প্ৰভু, স্কুলত গৰুপিটন খোৱা কথাটো মা-দেউতাৰ কাণত নপৰক! ৷ “ কিন্তু হঠাতে এদিন গধূলি ধনেশ্বৰ ছাৰে আহি পদূলিতে দেখা দিলেহি৷ চাহ-পানী খাই থকা সময়তে মা-দেউতাৰ আগত উলিয়ালে তেওঁ কথাটো৷
: সিদনে তহঁতোৰ আপাটোক দুই কোবমান মাল্লো ৰহ, সি গণিতোক ভয় নকৰে বোলে, ময়ো বোলো ৰহ বেটা তোৰ অহংকাৰ ভাঙি দেওঁ…নহ’লি সি বৰ জানাটো হৈ পঢ়া-শুনা ভালকে নকাৰবো না!
মা-দেউতাই ছাৰক সমালোচনা কৰিব দূৰৰে কথা, উল্টা ভাল ভাল বুলি শলাগিহে থ’লে৷ অন্তৰত বেজাৰে খুন্দা মাৰি ধৰিছিল সেইদিনা৷
ছাৰৰ কোবকেইটাৰ পোৰণি আজিলৈকে অনুভৱ হয় মাজে মাজে৷ অৱশ্যে তেতিয়া হয়তো মোক কোবকেইটাৰ প্ৰয়োজনেই আছিল৷ লাভ এটা হ’ল, তেতিয়াৰে পৰা গণিত বুলিলে অলপ চিৰিয়াছলি লোৱা হ’লোঁ কথাবোৰ, যাতে আকৌ লাজত নপৰোঁ৷ গণিত আৰু উচ্চগণিত, মেট্ৰিকত দুয়োখনতে লেটাৰ মাৰ্ক পালোঁ৷ ঘটনাটোত এটা ভাল নীতিশিক্ষাও নিহিত হৈ আছিল, যিটো অৱশ্যে বহু পাছলৈকেহে বোধগম্য হ’ল- যে স্থান-কাল-পাত্ৰ নোচোৱাকৈ ওফাইডাং মাৰিলে নিজৰেই মৰণ, স্মাৰ্ট হোৱাটো ভাল, কিন্তু স্মাৰ্টনেছ বাঢ়ি বাঢ়ি অ’ভাৰ হ’লেই বিপদ!
☆ ★ ☆ ★ ☆

8 Comments

  • ডলী

    বৰ সুন্দৰ ব্যঙ্গ

    Reply
  • ভাল লাগিল ।অভাৰস্মাৰ্ট হোৱাটো সচাঁকৈ বেয়া ।

    Reply
  • ভাল লাগিল।

    Reply
  • অঞ্জলি

    ভাল লাগিল অভিজিৎ

    Reply
  • Mridul Nath

    বেচেৰা বুলিয়ে ক’লোঁ

    Reply
  • নীলাক্ষি দেৱী ডেকা

    তোমাৰ লিখনি পঢ়ি সদায়েই ভাল পাওঁ। এইটোও ভাল লাগিল।

    Reply
  • Anonymous

    সুন্দৰ

    Reply
  • ৰিণ্টু

    এইটো খুব ভাল লাগিল পঢ়ি অভিজিত

    Reply

Leave a Reply

Your email address will not be published.