ফটাঢোল

অভিমান – ময়ূৰী শৰ্মা বৰুৱা

গৃহস্থৰ জিঅ’ফ’ন আৰু মোৰ জীঅ’নি। মে’ড ফৰ ইচ্ছ আদাৰ! সকলো কুশলে চলি আছিল। দুয়োটা ফ’নে আমাক বিশেষ অসুবিধাত পেলোৱা মনতে নপৰেচোন! আমাৰ হাতে, বেগে, পকেটে(কেতিয়াবা মাটিত পৰিও) সিহঁত সুস্থ হৈয়ে আছিল। কেতিয়াবা কেতিয়াবা নেটৱৰ্কৰ বেমাৰ হ’লে, সিহঁতৰো গা চেঁচা পৰি যায়, মুখৰ মাত নোহোৱা হয়! তথাপি সকলো ভালেৰে আছিলোঁ, কুশলে আছিলোঁ।

পিচে এদিন গৃহস্থই আৰু এখন জিঅ’ চিমৰ কথা ক’লে, বোলে লাগে বুজিছা, লৈয়ে লওঁ নহ’লে! ময়ো বিশেষ নাভাবি হয়ভৰ দিলোঁ। চিম আহি ঘৰ সোমাল। কিন্তু মোৰ জীঅ’নি থ্রীজি ফ’ন, তাত এইখন চিম অকামিলা! লাগিল লেঠা … আকৌ এটা হেণ্ডছেট কিনিব লাগিব! উপায়ো নাই! সেইমতে এইবাৰ ভিভ’ৰ আগমন। চিমৰ প্রাণপ্রতিষ্ঠা হ’ল, তেওঁ কামত লাগিল। জিৰণি বুলিবলৈ নাই… ছোৱালীয়ে গান ডাউনল’ড কৰিছে, কিবা পঢ়াৰ সমল বিচাৰিছে।

সকলো ঠিকে আছিল। কিন্তু তেনেদৰে ভবাতো মোৰ ভুল আছিল! কেইদিনমান যোৱাৰ পিছত এদিন মন কৰিলোঁ, মোৰ জীঅ’নিয়ে চাৰ্জ নলয়। চাৰ্জাৰৰ পিনটো বেয়া হ’ল। পিন বদলাই অনাত পুনৰ সুস্থ। তেনেকৈয়ে চলি আছিল। দেওবাৰ এটাত কিনো ওফোন্দ লাগিল, দিলে নহয় জীঅ’নিয়ে মোৰ হাতৰ পৰা জপিয়াই! পৰিলো পৰিল, মুখখন দি! ফলত গাল ফাটি তেওঁ বিকল। স্ক্রীণলক খোলাৰ উপৰ্যুপৰি প্রয়াসত (মাক জীয়েকৰ যৌথ) ফ’ন লক হৈ গ’ল। আকৌ এবাৰ গৃহস্থ দৌৰিল ডাক্তৰ বিচাৰি! ফটা গালৰ চাৰ্জাৰিৰ অন্তত চাৰিঘন্টামানৰ মূৰত জীঅ’নি মোৰ ওচৰ পালেহি। কেইদিনমান একান্ত বাধ্য হৈ মোৰ মন যোগালে।

তাৰ পিছতে আকৌ লাগিল কেণা! এইবাৰ বিৰাট অশান্তি! হাত দিবই নোৱাৰি, কি উষ্মা! নিজৰ মতে স্ক্রীণত যিতি ওলাই আছে, মুঠৰ ওপৰত দেওধনী লম্ভিল!! কি কৰা যায় এতিয়া?

বিশ্বাস কৰক এদিন হাতত লৈ মৰমেৰে কথাও পাতি চালোঁ জীঅ’নিৰ লগত! ভিভ’টো যে জিঅ’ চিমৰ কাৰণেহে ল’লোঁ তাকো বহলাই বুজালোঁ! মোৰ সাৰথি জীঅ’নিহে তাকো বুজা নাইনে বুলি কাণে কাণে ফুচফুচাই কওঁতে এখন্তেক তভক মাৰি ৰ’ল। বোলো ৰক্ষা!
নাইইই…. নহ’ল…. চুবলৈকে নিদিয়ে! বলিয়াটোৰ দৰে ইফালে সিফালে দৌৰাদৌৰি! কি কৰোঁ এতিয়া?

তিনিৰাতিমান ৰখাৰ পিছত ডাক্তৰেও হাত দাঙি দিলে। ঘৰলৈ ঘূৰাই আনি খঙে বেজাৰে ফ’ন অফ কৰি থ’লোঁ। প্রায় এসপ্তাহমান বিনা ফ’নে পাৰ কৰিলোঁ, বেয়া লগা নাছিল! পিছে মানুহে যোগাযোগ কৰিব নোৱাৰিলে অসুবিধা হ’ব বুলি গিৰিহঁতে জোৰ দিলে নতুন হেণ্ডচেটৰ কাৰণে। সস্তাতকৈয়ো সস্তাত যিহকে পোৱা তাকে আনিবা বুলি তেওঁক বজাৰলৈ পঠিয়ালোঁ।

আনিলে কিবা honor বুলি এটা কম দামত পাই। বুকুখন বিষাই গ’ল। পৰাপক্ষত চীনা বস্তু নিকিনোঁ। পিছে এইবাৰ ‘সেইখন চুবুৰীয়া দেশ হে’ বুলি নিজকে প্রবোধ দি চিমখন সুমুৱালোঁ। একতিল মৰম লগা নাছিল নতুন ফ’নটোলৈ, এতিয়ালৈকে সি মোৰ মন পাব পৰা নাই! বাৰু যি নহওক, ‘অনাৰ’ ফ’ন অহাৰ পৰা যোগাযোগ অব্যাহত হ’ল ঠিকেই, পিচে মোৰ মনৰ কলীয়া ডাৱৰকণ নাঁতৰাই হ’ল! মাজতে এদিন জীঅ’নিটো অন কৰিছিলোঁ। কি আচৰিত! এতিয়া কোনো পাগলামি নাই! এটাই খুঁত ৰৈ গ’ল – back কৰিব নোৱাৰা হ’ল। সেই ঠাইখিনি অসাৰ হৈ ৰ’ল। দিনটোত এবাৰমান অন কৰি চাওঁ, আশা এৰি দিয়া নাই!

আমি যে যন্ত্রবিলাকৰ অনুভূতি নাথাকে বুলি কওঁ, সেয়া কিমানদূৰ সত্য বাৰু?
মোৰ ভাৱ হয় যন্ত্রবিলাকৰো চাগে অভিমান হয়, ঈৰ্ষা হয়! নহ’লেনো বাৰু নতুন ফ’ন এটাৰ আগমনত পুৰণিটোৱে নিজকে এলাগী বুলি মানি লয়নে?
এক নুবুজা সাঁথৰ…

আজিৰ কথা। প্রজেক্ট এটাৰ কাৰণে লেপটপ এটা ল’ব লাগে। ইতিমধ্যে নিজৰ এটা আছেই। আজি সন্ধিয়া লেপটপত কাম কৰি থাকোঁতে বন্ধু এজনীৰ আগত প্রসংগক্ৰমে কথাটো উলিয়ালোঁ। তায়ো এটা লয় বোলে। ফ’ন সামৰি লেপটপত পুনৰ টাইপ কৰিবলৈ লওঁতে হঠাতে স্ক্রীণখনৰ বৰণ সলনি হৈ গ’ল, নীলাৰ পৰা গুলপীয়া, সেউজীয়া কিবাকিবি! ভয়তে অফ কৰি থ’লোঁ। দহমিনিটমানৰ মূৰকত আকৌ খুলি চাওঁ, ছে’হৰেকা ৰংগ অভি ভী উতৰা হুৱা হ্যে!
কি বুলি ব্যাখ্যা কৰোঁ এতিয়া?
এলাগী হোৱাৰ ভয়ত নে আন কিবা?
মই টু মাচ্চ কনফিউজড!!

অন্ধবিশ্বাসী হোৱা হ’লে বাৰু ভৌতিক বুলিয়ে ক’লোঁহেঁতেন, পিচে এতিয়া!

মানিবলৈ বাধ্য হৈছোঁ,
যন্ত্রৰো চাগে থাকে অভিমান!
ঈৰ্ষাৰ জুয়ে হয়তোবা দহি নিয়ে বুকু…

☆★☆★☆

4 Comments

  • হেমন্ত কাকতি

    মজা লাগিল দেই বৰ্ননা৷

    Reply
  • BITUPANSAIKIA

    সুন্দৰ বৰ্ণনা। পঢ়ি ভাল লাগিল।।

    Reply
  • হিৰণ্যজ্যোতি দাস

    ভাল লাগিল পঢ়ি

    Reply
  • ৰূপম বৰা

    মজা লাগিল

    Reply

Leave a Reply

Your email address will not be published.