ফটাঢোল

অভ্যাস-আদিত্য জ্যোতি বৰঠাকুৰ

এবাৰ কেইজনমান নাবিকে সাগৰেদি যাত্ৰা কৰা অৱস্থাত প্ৰচণ্ড ধুমুহাৰ সন্মুখীন হ’ল৷ তাৰে চাৰিজনৰ কোনোমতে প্ৰাণ ৰক্ষা পৰিলেও ঢৌৱে নি তেওঁলোকক এটা দ্বীপত আবদ্ধ কৰি পেলালে৷ নাওখন ধ্বংস হোৱাৰ ফলত মানুহৰ বসতি নথকা দ্বীপটোত তেওঁলোক যোগাযোগ হীন হৈ পৰিল৷

প্ৰথম দুই এদিনত অসুবিধা পালেও লাহে লাহে দ্বীপটোৰ পৰিবেশৰ লগত অভ্যস্ত হৈ পৰিল৷ পূৰ্বৰ দৰে কামো নোহোৱা হ’ল জীৱনটোত৷ কেৱল খোৱা, শুৱা আৰু আড্ডা মৰা বা তাচ খেলা (এজনৰ পকেটত কেনেবাকৈ তাচপাতৰ পেকেট এটা আছিল, দ্বীপলৈ অহাৰ সময়তে)৷ এনেদৰেই দিন পাৰ হৈ থকাৰ মাজতে এদিন সাগৰৰ তীৰত ভ্ৰমণ কৰি ফুৰাৰ সময়তে এটা বটল পালে৷ অলপ আচৰিত ধৰণৰ, ভিতৰত ধোঁৱাৰ দৰে কিবা পদাৰ্থৰ উপস্থিতি চকুত পৰিল৷ বহু চিন্তাৰ অন্তত বটলটোৰ সাফৰখন খুলি দিয়াৰ লগে লগেই ধোঁৱাই কুণ্ডলী পকাই বাহিৰ হৈ এক দৈত্যৰ আকৃতি ল’লে৷ নাবিককেইজনে ভয়তে পলাব খোজোঁতেই দৈত্যটোৱে হাত জোৰ কৰি ক’লে,

: মালিকসকল, ভয় নকৰিব৷ আপোনালোকক মই একো অপকাৰ নকৰোঁ৷ মোক এই বটলটোত আবদ্ধ কৰি ৰখা হৈছিল৷ আজি আপোনালোকে মোক মুক্ত কৰি দিলে৷ মই প্ৰত্যেকৰে মনোবাঞ্চা পুৰণ কৰিম৷ কৈ যাওক৷

প্ৰথম নাৱিক : মোৰ ঘৰলৈ খুব মনত পৰি আছে৷ যাব পৰা হ’লে!

দৈত্য : (হাতেৰে তালি মাৰি) ফুহ!

প্ৰথম নাৱিক গৈ ঘৰত৷

দ্বিতীয় নাৱিক : মোৰো ঘৰলৈ যাবলৈ মন গৈছে৷

দৈত্যৰ হাততালি আৰু দ্বিতীয় নাৱিক গায়ব৷

তৃতীয় : মোৰ কাপোৰৰ ফেক্টৰিত বা কি আছে ইমানদিনে? যাব পৰা হ’লে!

দৈত্যৰ হাততালি আৰু তৃতীয় নাৱিকো গায়ব৷

চতুৰ্থ নাৱিক : ধেই, ইহঁতকেইটা ইয়াত থকা হ’লে! ধুনীয়াকৈ আড্ডা দিব বা তাচ খেলিব পাৰিলোহেঁতেন৷

দৈত্য : তালি বজাই ফুহ!

পুনৰ তিনিজন আহি আগৰ ঠাইত উপস্থিত৷

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published.