ফটাঢোল

অভ্যাস – মৃগাংক শইকীয়া

“দেখিছনে, জলপানকেইটা খাই চামুচখন কেনেকৈ গপচত জেপত ভৰাই লৈ গুছি গ’লগৈ দেখিলি? আহিবি এইবাৰৰপৰা খোৱাম জলপান তোক বুঢ়ীমাৰে।”

সুতুলী পেহী খঙত জকজকাই উঠিল। এৰা, কণ্ঠী চোৰৰ কথাই কৈছো। কঠালগুৰি গাঁৱৰ নামজ্বলা চোৰ এই কণ্ঠীৰাম। গাঁৱৰ ৰাইজৰ কিবা বস্তু হেৰালে প্ৰথমে কণ্ঠীৰ ঘৰতেই খানাতালাছী চলে। তামোলখন খাবলৈ দিলেও তামোলৰ বটাটো চকুৰ আগতেই কোন পলকত চুৰিয়াৰ তলত পাক মাৰি ভৰাই লয় কোনেও টলকিবই নোৱাৰে। সেই কণ্ঠী চোৰেই তিনিআলিৰ বকুলজোপাৰ তলত কেঁচা শাক পাচলিৰ দোকান দিয়া আৰম্ভ কৰিছে কেইদিনমানৰপৰা। গোটেই গাঁৱৰ ৰাইজৰ বাবেই এইটো “ব্ৰেকিং নিউজ” টাইপৰেই খবৰ। পেটুৱা বিধায়কজনে নামঘৰ উন্নয়নৰ বাবে এক লাখ টকা ঘোষণা কৰাৰ সময়তো চাগৈ ইমান আনন্দ পোৱা নাছিল গাঁৱৰ ৰাইজে। হেজাৰ হ’লেও চুৰি-তাৰিবোৰ কমিব গাওঁখনত এতিয়াৰপৰা।
দেউকন খুড়াই বকুল তলেদি আহোঁতে কণ্ঠীৰ দোকানৰ সন্মুখতে চাইকেলখন ৰখাই কণ্ঠীক ক’লে, “কণ্ঠী আগৰ কামবোৰ এৰিলি হব পায়? হওক দে ভাল কৰিছ।”
কণ্ঠী : এহ, কি ক’বি দেদাই! এই মোবাইল নে কি সেইচটা চৰকাৰখনে যে কি বস্তু উলিয়াই দিলে জানো! ল-ছালিবোৰ ৰাতি নুশুৱাই হ’ল দেখোন। কেনেকৈ কাম কৰিবি!
দেউকন : ভালেই কৰিছ দে। মন দি কৰিবি। চাওঁ বিলাহী আধা সেৰকে দেচোন মোক।
কণ্ঠী : ৰ’ব দিছো।

তেনেতে দেউকন খুড়াৰ চকু গ’ল জলকীয়াকেইটাৰ কাষতে থিয় কৈ ৰখা পানীলাউটোৰ ওপৰত। ৰাতিপুৱা ঘৈণীয়েক মানিকী খুড়ীৰ কথাষাৰ সাউতকৈ মনলৈ আহিল দেউকন খুড়াৰ।
“হেৰি, চাওকহিচোন চাওকহি। কোন তিঁতালাউ গজাই নতুনকৈ লগা পানীলাউজোপাৰ একমাত্ৰ কুমলীয়া লাউটো কাটি নিলেহি ঔ গোঁসাই।”

☆★☆★☆

Leave a Reply

Your email address will not be published.