ফটাঢোল

অমৰনাথ যাত্ৰাৰ লটিঘটি- জয়ন্ত দাস

২০০৭ চনৰ জুন মাহ৷ আমি কেইজনমান বন্ধু  অমৰনাথ যাত্ৰালৈ বুলি ওলালোঁ৷ তাৰে কেইমাহমানৰ পিছত মোৰ বিয়া। গতিকে বিয়াৰ আগতে ভগৱানৰ আশীৰ্বাদ লৈ আহোঁ, সেই ভাবি ওলালোঁ৷ গুৱাহাটীৰপৰা ৰেলেৰে জম্মু আৰু জম্মুৰপৰা গাড়ীৰে বালটাল৷ বালটালত নিশাটো কটাই পিছদিনা ৰাতিপুৱাই দুৰ্গম পাহাৰীয়া পথেৰে অমৰনাথ গুহালৈ যাত্ৰা আৰম্ভ কৰিলোঁ। অমৰনাথ দৰ্শন কৰি সেই নিশাটো তাৰেই অস্থায়ী তম্বুত কটালোঁ। (তাৰ স্থানীয় মানুহবোৰে অতি কম মূল্যত এনেকুৱা তম্বুত থকা খোৱাৰ ব্যৱস্থা কৰে) পিছদিনা ৰাতিপুৱা আমি খোজকাঢ়িয়েই উভতি অহাৰ কথা পহেলগাম হৈ৷ কিন্তু হঠাত মোৰ শৰীৰটো অলপ বেয়া হোৱাত মই ঘোঁৰাত অহাৰ সিদ্ধান্ত ল’লোঁ৷ বাকীবোৰে খোজকাঢ়িয়েই পহেলগামলৈ নামি আহিব৷ ইতিমধ্যে আমাৰ সকলোৰে বস্তু বাহানিবোৰ পিত্থুৰ (যাত্ৰীসকলৰ বস্তু বাহানি কঢ়িওৱা লোক) হাতত গটাই দি তাৰ পৰিচয় পত্ৰ আৰু ফোন নম্বৰটো আমাৰ এজনে ল’লে৷ পহেলগাম আহি পোৱাৰ পিছত আমি থকা হোটেলখনৰ ঠিকনাটো দিলে সি তাত আমাৰ বয় বস্তুবোৰ দি যাম বুলি ক’লে৷ ময়ো ঘোঁৰাত উঠি পহেলগামলৈ যাত্ৰা কৰিলোঁ৷ আবেলিলৈ পহেলগাম পালোঁ৷ ঘোঁৰাৰ গৰাকীক পইচা দিবলৈ খোজোঁতেই মনত পৰিল যে মোৰ পাৰ্চ, মোবাইল ফোনকে আদি কৰি সকলো প্ৰয়োজনীয় বস্তু পিত্থুক দিয়া বেগটোৰ ভিতৰতে থাকি গ’ল৷ ভাগ্য ভাল পকেটত ৮০০ মান টকা আছিল, তাৰে ৬০০ টকা ঘোঁৰাৰ মালিকক দি ওচৰৰে হোটেল এখনত উঠিলোঁ৷ হোটেলৰ কাউণ্টাৰত এজনী প্ৰায় পঞ্চাশ বছৰীয়া ছোৱালী (মহিলা!) বহি আছিল৷ তেঁৱেই ৰূম এটা দেখুৱাই দিলে৷ (পৰৱৰ্তী সময়ত তেওঁ হোটেলৰ মালিকৰ ভনীয়েক বুলি জানিব পাৰিলোঁ) এতিয়া হাতত আছে মাথো দুশ টকা, ইপিনে বেলেগকৈ কাপোৰ কানিও একো নাই৷ কি কৰা যায়! সেই টকাখিনিৰেই এখন লুংগী, হাৱাই চেণ্ডেল এযোৰ, চাবোন এটুকুৰা, টুথপেষ্ট আৰু ব্ৰাচ কিনিলোঁ৷ পকেটৰ পইচা শেষ৷ হোটেলৰ মেনু চাই যি মন যায় অৰ্ডাৰ দি খালোঁ। পইচাৰ কিহৰ চিন্তা, পিছদিনা লগৰবোৰ আহি পাবই৷ দ্বিতীয় দিনা হোটেলত ব্ৰেকফাষ্ট কৰিয়েই অমৰনাথৰপৰা নামি পহেলগামৰ যিটো পথত যাত্ৰীবোৰ উঠে তাত ৰৈ থাকিলোঁ৷ কিয়নো লগৰীয়াখিনিক যদি সেই এণ্ট্ৰি পইণ্টতে লগ নধৰোঁ তেতিয়াহ’লে গোটেই পহেলগামখনত সিহঁতক ক’ত বিচাৰি পাম? আনহাতে মোবাইলটোও বেগত, ইপিনে কোনো এজনৰ ফোন নম্বৰো মনত নাই৷ ৰৈ ৰৈ আবেলি হ’ল, সিহঁতৰ দেখাদেখি নাই৷ গোটেই দিনটো লঘোণে ভোকে পাৰ কৰিলোঁ৷ হোটেললৈ উভতি আহিয়েই কিবাকিবি খোৱাৰ অৰ্ডাৰ দিলোঁ৷ অলপ পিছতে হোটেল বয় এজনে আহি ক’লে যে মেনেজাৰে কিছু টকা এডভাঞ্চ হিচাপে দিবলৈ কৈছে৷ কি কৰা যায় এতিয়া? মেনেজাৰক ক’লোঁ আজি নিদিওঁ কাইলৈ দি দিম৷ নাই, তেওঁ নাচোৰবান্দা৷ আজিয়েই লাগে৷ মই পুনৰ ক’লোঁ আৰে ভাই কাইলৈ দিম, চিন্তা কৰিব নালাগে৷ ওহোঁ তেওঁ কোনোপধ্যেই নামানে৷ বুজি উঠিলোঁ, কিছুমান কাহিনী যে শুনো পইচা দিব নোৱাৰি হোটেলৰ বাচন ধোৱা, কাপোৰ ধোৱা, ৱেটাৰৰ দৰে কাম কৰিব লগা হোৱা বুলি, মোৰো চাগে কঁপালত সেইটোৱেই আছে৷ ইফালে লাঠিৰ কোবত পিঠি লাল কৰে বুলিহে ভয়৷ তাৰোপৰি কিমান দিনলৈ বা বাচন ধুবলগীয়াত পৰোঁ! মই মেনেজাৰক গোটেই ঘটনাটো ক’লোঁ৷ নাই তেওঁ নামানে৷ মই যেন বাহানাহে কৰিছোঁ৷ এনেতে সেই ছোৱালীজনী মানে ভনীয়েকজনী আহিল। তাইক মই গোটেই কথাখিনি ক’লোঁ। তাই মোৰ ফালে কিছু সময় চাই থাকি মেনেজাৰক ক’লে “ভইয়া মুঝে ইনপে য়কীন হে। ইয়ে ঝুঠ নহি বোলা”। মালিকৰ ভনীয়েকে কোৱাৰ পিছত তেওঁ যেন কিছু আশ্বস্ত হ’ল, কিন্তু পিছদিনা যদি পইচা দিব নোৱাৰোঁ কথা বেয়া হ’ব বুলি সকিয়নীও দিলে৷ মই ৰিচেপচন ৰূমলৈ আহি তাত থকা চোফাত অলপ বহিলোঁ। হঠাতে দেখিলোঁ চাহ একাপ ৱেইটাৰে আনিছে। মইতো চাহৰ অৰ্ডাৰ দিয়া নাই। ৱেইটাৰক ক’লোঁ। সি ক’লে যে মেডামে পঠিয়াইছে। এইবুলি মালিকৰ ভনীয়েকজনীক দেখুৱাই দিলে। তাই কাউণ্টাৰত বহি আছিল। মই চোৱাৰ লগে লগে হাঁহি মাৰি খাবলৈ ইঙ্গিত দিলে চকুৰে। আচৰিত, ককায়েকে পইচা নিদিলে কথা বেয়া হ’ব বুলি কৈছে আৰু ভনীয়েকে চাহ বিস্কুট পঠিয়াইছে। খাবলৈ ধৰিলোঁ আৰু এবাৰ ভনীয়েকৰ ফালে চাওঁতে দেখিলোঁ তাই মোৰ ফালে চাই আছে। চকুত চকু পৰাত আকৌ হাঁহিলোঁ। অলপ পিছত ইফালে সিফালে চাওঁতে দেখিলোঁ তাই মোৰ ফালে চায়েই আছে একে থিৰে। হে হৰি, কি কথা? ইফালে মোৰ চিন্তাত অৱস্থা নাই। ৰূমলৈ যোৱাই ভাল হ’ব বুলি ভাবি উঠোঁতে তেওঁ মোক মাতিলে কাউণ্টাৰলৈ। মই গ’লোঁ ভয়ে ভয়ে কিয় বা মাতিলে বুলি। নে আকৌ পইচা খোজে? কিন্তু নাই! তাই মোক ঘৰ ক’ত, কি চাকৰি কৰোঁ, ঘৰত কোন আছে সেইবোৰহে সুধিলে আৰু শেষত লাজ লাজকৈ বিয়া পতিছোঁনে নাই সুধিলে। মই নাই পতা বুলি কোৱাত তাই একদম নতুন কইনাৰ দৰে লাজ কৰি মোৰো বিয়া হোৱা নাই বুলি ক’লে। মই ইমান বয়সলৈ বিয়া নপতা বুলি ভবা নাছিলোঁ। মোৰ মুখেৰে ওলাই গ’ল কিয় বুলি? তাই একদম সলাজেৰে ক’লে যে মনে বিচৰামতে দৰা পোৱা নাই। বিচাৰি পালে হ’ব বুলি কৈ যিটো চাৱনি দিলে মোৰ বুকু চিৰিংকৈ মাৰিলে ভয়ত। হে ভগৱান, এইজনীয়ে মোৰ বিষয়ে একো ভবা নাইতো? নে সেইকাৰণে মোক আজি পইচা নিদিয়াকৈ থাকিবলৈ দিলে? ঘামি গ’লোঁ ভিতৰি। তাইৰ ওচৰৰপৰা বিদায় লৈ কোনোমতে ৰূমলৈ আহি দীঘলকৈ উশাহ ল’লোঁ৷

পিছদিনা ৰাতিপুৱা আকৌ সেই এণ্ট্ৰি পইণ্টলৈ বুলি ওলালোঁ৷ দুপৰীয়া বাৰ বাজিল কোনো নাই, দুই বাজিল কাৰো দেখাদেখিয়েই নাই৷ লাহে লাহে কলিজা কঁপি আহিল৷ নে সিহঁতে মই নেদেখাকৈ ওলাই গ’ল, আকৌ যদি পহেলগামো এৰি গুচি গৈছে তেতিয়া মোৰ কি অৱস্থা হ’ব? তথাপিও আশা বান্ধি সন্মুখৰ পথটোৰ ফালে চাই থাকিলোঁ৷ হঠাতে এজন CRPF ৰ জোৱান আহি মই তাত কি কৰি আছোঁ সুধিলে৷ গম পালোঁ এইবাৰ যেন যমৰ পাল্লাত হে পৰিলোঁ৷ ফৰ্জি এনকাউণ্টাৰত হত্যা কৰি নিউজ চেনেলত অসমৰ সন্ত্ৰাসবাদীৰ কাশ্মীৰী উগ্ৰপন্থীৰ লগত যোগাযোগ বুলি হেড নিউজ বনাই দিব৷ জোৱানজনে মোক প্ৰায় টানি আনি এটা কোঠাত সুমুৱাই দিলে৷ তাত সিহঁতৰ অফিচাৰজন আছিল৷ জোৱানজনে অফিচাৰজনক  মোক যে যোৱা দুদিন ধৰি একেটা ঠাইতে ৰৈ থকা দেখিছে সেইটো কথা ক’লে৷ তেওঁৰো সন্দেহ হ’ল৷ চকু দুটা ডাঙৰকৈ মেল খালে৷ মোৰ শৰীৰটো কিমান জোৰেৰে কঁপিছিল বৰ্ণনা কৰিব নোৱাৰিম৷ কঁপা কঁপা মাতেৰেই তেওঁক সকলো বিৱৰি ক’লোঁ৷ ওহোঁ কোনো পধ্যেই নামানে৷ লাঠিডাল এবাৰ হাতেৰে চুই মোক ধমক দি সঁচা কথা ক’বলৈ ক’লে৷ মই পুনৰ মা কামাখ্যা, জয় মাতা দি আদিকে ধৰি যিমান দেৱ দেৱীৰ নাম মনলৈ আহিছিল সকলোৰে নামত শপত খাই সঁচা কথাকেই কোৱা বুলি ক’লোঁ৷ এইবাৰ যেন তেওঁৰ বিশ্বাস জন্মিল৷ মোক এৰি দিলে৷ কিন্তু চিপাহীজনক নজৰ দি থাকিবলৈ ক’লে৷ আকৌ সেই আগৰ ঠাইত ঠিয় হৈ থাকিলোঁ৷ ইতিমধ্যে সন্ধিয়া হ’ল৷ আজিও লগ নাপালোঁ৷ কি হ’ব এতিয়া মোৰ? সেই সময়ত মোৰ হৃদপিণ্ডৰ শব্দ কিজানি কাষৰ মানুহেও শুনা পাইছিল৷ দুঃচিন্তাৰ মাজেৰেই হোটেললৈ খোজ ল’লোঁ৷ হোটেল পোৱাৰ লগে লগেই মেনেজাৰে সুধিলে লগৰবোৰক পালোনে নাই। মই নাইপোৱা বুলি কওঁতে তেওঁ ক’লে “অব ক্যা হ’গা”? উত্তৰ মই জানো, হয় পিঠি লাল, নহ’লে চাৰা জীৱন বাচন ধোৱা৷ নহ’লে আন এটা চিন্তায়ো খুলি খাইছিল৷ যদি মালিকৰ পঞ্চাশ বছৰীয়া ভনীয়েকৰ লগত বিয়া পাতি দি তাতেই ৰাখি থয়৷ এইজনীৰ লগত কেনেকৈ সংসাৰ কৰিম? ইফালে ঘৰত ঠিক কৰি যোৱাজনীৰ কি হ’ব? তাই মোক বাৰে বাৰে কৈছিল ফোন কৰিবলৈ। ঘৰৰ মানুহ, কইনাৰ কি অৱস্থা হৈছে গম পাইছোঁ। মুখেৰে একো এটা কোৱা নহ’ল৷ মেনেজাৰেও ট ট কৈ মোৰ ফালে চাই থাকিল৷ এনেকুৱা লাগিছিল যেন নেলু চেপি মাৰিহে পেলাব৷ ভয়ে ভয়ে ৰূমত সোমালোঁ৷ দিনটো একো খাবলৈ পোৱা নাই৷ ভোকে পিয়াহে জৰ্জৰিত৷ কি কৰা যায় এতিয়া? এগিলাচ পানী খাই আকৌ বাহিৰলৈ ওলাই আহিলোঁ৷ আহিয়েই দেখিলোঁ চমৎকাৰ৷ অকণমান আঁতৰত এজন বন্ধুক দেখা পালোঁ৷ দৌৰি আহিলোঁ তাৰ ওচৰলৈ৷ মই কিবা কোৱাৰ আগতেই তাৰ ধমক, মোবাইলটো কিয় চুইটচ অফ কৰি থৈছোঁ বুলি৷ ধমকি খালেও মোৰ কিমান আনন্দ লাগিছিল বুজাব নোৱাৰিম৷ সিহঁতৰ হোটেললৈ আহিলোঁ৷ গোটেই কাহিনীৰ বৰ্ণনা দিলোঁ৷ বেগৰপৰা ATM, পাৰ্চ, মোবাইল বাহিৰ কৰিলোঁ৷ পাৰ্চত পইচা আছিলেই। তাৰপৰা পইচা উলিয়াই মোৰ ৰূমৰ বিল পৰিশোধ কৰিলোঁ৷ ময়ো সিহঁতৰ হোটেললৈ লগে লগে চিফ্ট হ’লোঁ৷ কিন্তু আহিবৰ সময়ত মালিকৰ ভনীয়েকৰ কৰুণ চাৱনিটো নাপাহৰোঁ। মোক তাই সিহঁতৰ হোটেলতে থাকিবলৈ জোৰ কৰিছিল। কিন্তু মই অন্তৰেৰে নমস্কাৰ দি কোনোমতে ওলাই আহি দীঘলকৈ উশাহ ল’লোঁ। সেই নিশাটো যেন মোৰ জীৱনৰ অন্য এক আনন্দৰ দিন৷

(উপসংহাৰ : কিছুমান প্ৰয়োজনীয় ফোন নম্বৰ সৰু ডায়েৰীত নোট কৰি নিজৰ লগত ৰাখিব লাগে)

☆ ★ ☆ ★ ☆

8 Comments

  • ডলী তালুকদাৰ

    ভাল লাগিল।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বৰ ধুনীয়া লটিঘটি। ভাবিছো বন্ধু জনক নাপালে আপুনি এইটো কাহিনী এতিয়া সেই হোটেলতে বহি বহি লিখিব লাগিলহয় দাদা,

    Reply
    • Anonymous

      কব নোৱাৰো৷ কাশ্মীৰীী জোৱায়েই বনালে হয়, নে বাচনেই ধুৱালে হয় ভগৱানে হে জানিলে হেতেন৷

      Reply
  • জিতু

    ভাল লাগিল

    Reply
  • Arup Das

    ভাল লাগিল ৷

    Reply
  • Dhiren Medhi

    ঔ যোৱা বাৰ অমৰনাথ যাওঁতে মই থকা হোটেলখনত এজনী আদহীয়া ছোৱালী লগ পাইছিলোঁ। মোৰ ঘৰ অসমত বুলি জানিব পৰি লৰা এজনৰ কথা সুধিছিল…… ।আজিহে বুজিলো সেই মহাপুৰুষ জন এই জনাই!!! পাৰিলে এবাৰ লগ দি আহিব…. বেচেৰী বৰ আশাৰে বাট চাই আছে….. হবলগা আপোনজনলৈ……

    Reply

Leave a Reply

Your email address will not be published.