ফটাঢোল

অমৰনাথ যাত্ৰাৰ লটিঘটি- জয়ন্ত দাস

২০০৭ চন, জুন মাহ৷ আমি কেইজনমান বন্ধু  অমৰনাথ যাত্ৰালৈ ওলালোঁ৷  গুৱাহাটীৰ পৰা ৰেলেৰে জন্মু আৰু জন্মুৰ পৰা গাড়ীৰে বালটাল৷ বালটালত নিশাটো কটাই পিছদিনা ৰাতিপুৱাই দুৰ্গম পাহাৰীয়া পথেৰে অমৰনাথ গুহালৈ যাত্ৰা আৰম্ভ কৰিলোঁ ( অমৰনাথ অভিমুখে গৈ থাকোঁতে যাত্ৰা কালৰ আহুকালবোৰ সময় পালে আন এদিন বৰ্ণনা কৰিম)৷ অমৰনাথ দৰ্শন কৰি সেই নিশাটো তাৰেই অস্থায়ী তম্বুত কটালোঁ (তাৰ স্থানীয় মানুহবোৰে অতি কম মূল্যত এনেকুৱা তম্বুত থকা খোৱাৰ ব্যৱস্থা কৰে)৷ পিছদিনা ৰাতিপুৱা আমি খোজকাঢ়িয়েই উভতি অহাৰ কথা, কিন্তু এইবাৰ পহেলগাম হৈ৷ মোৰ শৰীৰটো অলপ বেয়া হোৱাত মই ঘোঁৰাত অহাৰ সিদ্ধান্ত ল’লোঁ৷ বাকীবোৰে খোজকাঢ়িয়েই পহেলগামলৈ নামি আহিব৷ ইতিমধ্যে আমাৰ সকলোৰে বস্তু বাহানিবোৰ পৃত্থুৰ ( যাত্ৰী সকলৰ বস্তু বাহানি কঢ়িওৱা লোক) হাতত গটাই দি তাৰ পৰিচয় পত্ৰ আৰু ফোন নম্বৰটো আমাৰ এজনে ল’লে৷ পহেলগাম আহি পোৱাৰ পিছত আমি থকা হোটেলখনৰ ঠিকনাটো দিলে সি তাত আমাৰ বয়-বস্তুবোৰ দি যাম বুলি ক’লে৷ ময়ো ঘোঁৰাত উঠি পহেলগামলৈ যাত্ৰা কৰিলোঁ৷  আবেলিলৈ পহেলগাম পালোঁ৷ ঘোঁৰাৰ গৰাকীক পইচা দিব খোজোঁতেই মনত পৰিল যে মোৰ মনিবেগ, মবাইল ফোনকে আদি কৰি সকলো প্ৰয়োজনীয় বস্তু পৃত্থুক দিয়া বেগটোৰ ভিতৰতে থাকি গ’ল৷ ভাগ্য ভাল পকেটত ৮০০ মান টকা আছিল, তাৰে ৬০০ টকা ঘোঁৰাৰ মালিকক দি ওচৰেৰে হোটেল এখনত উঠিলোঁ৷ টকা হাতত আছে মাথো ২০০, ইপিনে এক্সট্ৰা কাপোৰ কানি একো নাই৷ কি কৰা যায়! সেই টকাখিনিৰেই এখন লুংগী, হাৱাই চেণ্ডেল এযোৰ, চাবোন এটুকুৰা আৰু টুথপেষ্ট ব্ৰাচ কিনিলোঁ৷ পকেটৰ পইচা শেষ৷  হোটেলৰ মেনু চাই চাই যি মন যায় অৰ্ডাৰ দি খাই আছোঁ৷ পইচাৰ কিহৰ চিন্তা, নেক্সট ডে  লগৰবোৰটো আহি পাবই৷ হোটেলৰ ২য় দিনা ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিয়েই অমৰনাথৰ পৰা নামি পহেলগামৰ যিটো পথত যাত্ৰীবোৰ উঠে তাত ৰৈ থাকিলো‍ঁ৷ কিয়নো লগৰীয় খিনিক যদি সেই এন্ট্ৰি পইন্টতে লগ নধৰোঁ তেতিয়া হ’লে গোটেই পহেলগাম খনত ক’ত বিছাৰি পাম! আনহাতে মবাইলটোও বেগত, ইপিনে কোনো এজনৰ ফোন নম্বৰো মনত নাই৷ ৰৈ ৰৈ আবেলি হ’ল সিহঁতৰ দেখাদেখি নাই৷ গোটেই দিনটো লঘোণে ভোকে পাৰ কৰিলোঁ৷ হোটেললৈ উভতি আহিয়েই কিবাকিবি খোৱাৰ অৰ্ডাৰ দিলোঁ৷ অলপ পিছতে হোটেল বয় এজনে আহি ক’লে যে মেনেজাৰে কিছু পইচা Advance হিচাপে পে কৰিব দিছে৷ কি কৰা যায় এতিয়া? মেনেজাৰক ক’লো আজি নিদিওঁ অহাকালি দি দিম৷ নাই তেওঁক আজিয়েই লাগে৷ মই পুনৰ ক’লো আৰে ভাই কালি দিম চিন্তা কৰিব নালাগে৷ ওহো তেওঁ কোনোপধ্যেই নামানে৷ বুজি উঠিলোঁ কিছুমান কাহিনী যে শুনো পইচা দিব নোৱাৰি হোটেলৰ বাচন ধোৱা, কাপোৰ ধোৱা আদি কাম কৰিব লগা হয় মোৰো যে কপালত সেইটোৱেই আছে৷ কিন্তু লাঠিৰ কোবত পিঠি লাল কৰে বুলিহে ভয়৷ তাৰোপৰি কিমান দিনলৈ বাচন ধোৱলগীয়াত পৰোঁ! মই মেনেজাৰক গোটেই ঘটনাটো ক’লো৷ নাই তেওঁ নামানে৷ মই যেন বাহানা কৰিছো‍ঁ৷ বহুবাৰ কোৱাৰ পিছত তেওঁ যেন কিছু আশ্বস্ত হ’ল কিন্তু নেক্সট ডেত যদি পইচা দিব নোৱাৰোঁ কথা বেয়া হ’ব বুলি সকীয়নিও  দিলে৷

পিছদিনাখন ৰাতিপুৱা আকৌ সেই এন্ট্ৰি পইণ্ট ওলালোঁ৷ ১২ টা বাজিল কোনো নাই, ২ টা বাজিল কাৰো দেখাদেখিয়েই নাই৷ লাহে লাহে কলিজা কঁপি আহিল৷ নে সিহঁতে মই নেদেখাকৈ ওলাই গ’ল, আকৌ যদি পহেলগামো এৰি গুছি গৈছে তেতিয়া মোৰ কি অৱস্থা হ’ব? তথাপিও আশা বান্ধি সন্মুখৰ পথটোৰ ফালে চাই থাকিলোঁ৷ হঠাতে এজন CRPF ৰ জোৱান আহি মই তাত কি কৰি আছোঁ সুধিলে৷ গম পালো এইবাৰ যেন যমৰ পাল্লাতহে পৰিলোঁ৷ ফৰ্জি এনকাউণ্টাৰত হত্যা কৰি নিউজ চেনেলত অসমৰ সন্ত্ৰাসবাদীৰ কাশ্মীৰী উগ্ৰপন্থীৰ লগত যোগাযোগ বুলি হেড নিউজ বনাই দিব৷ জোৱানজনে মোক টানি আনি এটা কোঠাত সোমাই দিলে৷ তাত সিহঁতৰ অফিচাৰজন আছিল৷ জোৱানজনে অফিচাৰজনক  মোক যে যোৱা দুদিন ধৰি একেটা ঠাইতে ৰৈ থকা দেখিছে সেইটো কথা ক’লে৷ তেওঁৰো সন্দেহ হ’ল৷ চকুদুটা ডাঙৰকৈ মেল খালে। মোৰ শৰীৰটো কিমান জোৰে কঁপিছিল বৰ্ণনা কৰিব নোৱাৰিম৷ কঁপা কঁপা মাতেৰেই তেওঁক সকলো বিৱৰি ক’লো৷ ওঁহো কোনোপধ্যেই নামানে৷ লাঠি ডল এবাৰ হাতেৰে চুই মোক ধমক দি সঁচা কথা ক’বলৈ ক’লে৷ মই পুনৰ মা কামাখ্যা, জয় মাতা দী আদিকে ধৰি যিমান দেৱ দেৱীৰ নাম মনলৈ আহিছিল সকলোৰে নামত শপত খাই সঁচা কথাকেই কোৱা বুলি ক’লো৷ এইবাৰ যেন তেওঁৰ  বিশ্বাস জন্মিল৷ মোক এৰি দিলে৷ আকৌ সেই আগৰ ঠাইত ঠিয় হৈ থাকিলো৷ ইতিমধ্যে সন্ধিয়া হ’ল৷ আজিও লগ নাপালো৷ কি হ’ব এতিয়া মোৰ? সেই সময়ত মোৰ হৃৎপিণ্ডৰ শব্দ কিজানি কাষৰ মানুহেও শুনা পাইছিল৷ দুঃচিন্তাৰ মাজেৰেই হোটেললৈ খোজ ল’লো৷ হোটেল পোৱাৰ লগে লগেই মেনেজাৰে সুধিলে লগৰবোৰক পালোনে নাই?  মই নাই বুলি কওঁতে তেওঁ ক’লে “অব ক্যা হগা”? উত্তৰ মই জানো, হয় পিঠি লাল নহ’লে চাৰা জীৱন বাচন ধোৱা৷ কিন্তু কোৱা নহ’ল৷ ট ট কৈ চকু দুটাৰে মোৰ ফালে চাই থাকিল৷ এনেকুৱা লাগিছিল যেন নেলু চেপি মাৰি পেলাব৷ ভয়ে ভয়ে ৰুমত সোমালোঁ৷ দিনটো একো খাব পোৱা নাই৷ ভোকে পিয়াহে জৰ্জৰিত৷ কি কৰা যায় এতিয়া?  এগিলাছ পানী খাই আকৌ বাহিৰলৈ ওলাই আহিলোঁ৷ আহিয়েই যেন মোৰ কাৰণে চমৎকাৰ৷ অলপমান আঁতৰত এজন বন্ধুক দেখা পালোঁ৷ দৌৰি আহিলোঁ তাৰ ওচৰলৈ৷ মই কিবা কোৱাৰ আগতেই তাৰ ধমক মবাইলটো কিয় চুইচ অফ কৰি থৈছোঁ বুলি৷ ধমকি খালেও মোৰ কিমান আনন্দ লাগিছিল বুজাব নোৱাৰিম৷ সিহঁতৰ হোটেললৈ আহিলোঁ৷ গোটেই কাহিনীৰ বৰ্ণনা দিলোঁ৷ বেগৰ পৰা ATM, পাৰ্চ, মোবাইল বাহিৰ কৰিলোঁ৷ ATM ৰ পৰা পইচা উলিয়াই মোৰ ৰুমৰ বিল পৰিশোধ কৰিলোঁ৷ ময়ো সিহঁতৰ হোটেললৈ চিফ্ট হ’লোঁ৷ সেই নিশাটো যেন মোৰ জীৱনৰ অন্য এক আনন্দৰ দিন আছিল৷৷

(উপসংহাৰঃ কিছুমান প্ৰয়োজনীয় ফোন নম্বৰ সৰু ডায়েৰীত নোট কৰি নিজৰ লগত ৰাখিব লাগে৷ ২ য়তে কাশ্মীৰৰ মানুহ খিনিয়ে অমাৰনাথ যাত্ৰী সকলক খুব ভাল পায়)

☆ ★ ☆ ★ ☆

One comment

  • দীক্ষিতা

    ভাল লাগিল ভ্ৰমণ কাহিনীটো। ল’বলগীয়া শিক্ষাও আছে।

    Reply

Leave a Reply

Your email address will not be published.