ফটাঢোল

অলকেশ ভাগৱতীৰ আধালিখা ডিভাইন কমেডি : ৰীতা লীনা সোণোৱাল

পাহাৰীয়া সৰু টিলাটোৰ পৰা থুপুক-থাপাককৈ দুটা সৰু ল’ৰা-ছোৱালী হাতত ধৰাধৰিকৈ নামি আহিছিল। সিহঁতৰ পিঠিত স্কুলৰ বেগ। ল’ৰাটো থুপুকা, গাৰ ৰঙটো পকা বেলৰ ভিতৰখিনিৰ দৰে। ছোৱালীজনী সাইলাখ পুতুলা এটাৰ নিচিনা। সিহঁত টিলাটোৰ পৰা নামি সমান ৰাস্তা পাইছিলহে এনেতে পিছফালৰ পৰা দাঁত ঘঁহা ব্ৰাছৰ দৰে থিয় চুলিৰ ল’ৰা এটা দৌৰি আহি থুপুকা ল’ৰাটোক খুন্দিয়াই পেলাই থৈ গ’ল। চুলি থিয় ল’ৰাটো আছিল- কিম জঙ লিংডো। ছোৱালীজনী আছিল কিম জঙ লিংডোৰ ভনীয়েক মনালিছা লিংডো আৰু থুপুকা ল’ৰাটো আছিল আমাৰ অতি মৰমৰ অলকেশ ভাগৱতী। কিম জঙ লিংডোৱে অলকেশ ভাগৱতীক চকুপাৰি দেখিব নোৱাৰিছিল। বাটত অকলে পালেই লগৰবোৰক লৈ অলকেশ ভাগৱতীক পিটিছিল। যদিও অলকেশ ভাগৱতী কিম জঙতকৈ চাৰি বছৰ মানৰ সৰু আছিল তথাপিও অলকেশ ভাগৱতীয়েও কিন্তু কাকো কেয়াৰ নকৰাকৈ দুঘোঁচা হ’লেও মাৰি থৈ আহিছিল।

আচলতে সেই সময়ত শ্বিলং অসমৰ ৰাজধানী আছিল আৰু অলকেশ ভাগৱতীৰ পিতৃৰ চাকৰি সূত্ৰে তেওঁলোক শ্বিলংত বসবাস কৰিছিল। অলকেশ ভাগৱতী দাদাহঁতৰ কাষৰ ঘৰটোৱেই আছিল আমাৰ ৰূপকথাৰ নায়িকা মনালিছা লিংডোহঁতৰ ঘৰ। মনালিছা লিংডোৰ বয়স তেতিয়া প্ৰায় ছয়বছৰ আৰু অলকেশদাদাৰ বয়স আঠ বছৰ। সেই সময়ত দুয়োজনৰে প্ৰেম মানেনো কি বুজিবৰ বয়স হোৱা নাছিল। তথাপিও দুয়োজনৰে অন্তৰত যেন কুলু-কুলুকৈ এক অজান ভালপোৱাৰ নদী বৈ গৈছিল। কিন্তু সেই ভাল পোৱাৰ নদীত সাঁতুৰি নাদুৰি ফুৰা মৰম নামৰ সৰু মাছবোৰক কিম জঙ নামৰ শ্বাৰ্কটোৱে বাৰে বাৰে খাবলৈ খেদি লৈ ফুৰিছিল। কিন্তু অলকেশদাও হাৰ মনা ভকত নহয়। চেগ বুজি মাজে মাজে কিম জঙ নামৰ শ্বাৰ্কটোক ধৰাশায়ী কৰি পেলাইছিল৷

অলকেশদাহঁতৰ ঘৰৰ সমুখৰ পাহাৰখনতেই আছিল তেওঁলোকৰ মৰমৰ অক্সজেলিয়াম স্কুলখন। পাহাৰৰ দাঁতিতেই আছিল এজোপা বৰ ধুনীয়া প্লামৰ গছ। প্লামজোপা স্কুলখনৰ সম্পত্তি আছিল, সেইকাৰণে কোনো ল’ৰা ছোৱালীকে স্কুলৰ বিনা অনুমতিত প্লাম পাৰিবলৈ দিয়া নহৈছিল। কিন্তু মনালিছা লিংডোৱে প্লাম খাই বৰ ভাল পোৱাৰ কাৰণে অলকেশদাই বৰ বুদ্ধি কৰি মনালিছাৰ বাবে প্লাম পাৰি নিছিল। যেতিয়া গছত প্লামবোৰ পকে ঠিক তেনেকুৱা সময়খিনিতেই শ্বিলংৰ পাহাৰবোৰক মাজে মাজে কুঁৱলীয়ে ঢাকি ধৰে। আৰু যেতিয়াই কুঁৱলীয়ে আহি প্লামজোপাক ঢাকি ধৰে ঠিক সেইখিনি সময়তে অলকেশদাই দৌৰ মাৰি গৈ প্লাম পাৰেগৈ মনালিছা লিংডোৰ বাবে। এনেকৈ লুকাই-চুৰকৈ প্লাম পাৰি থাকোঁতেই অলকেশদা এদিন ধৰা পৰি গ’ল কিম জঙ লিংডোৰ চকুত। এইবাৰ কিম জঙক কোনে পাই আৰু, চিধাই গ’ল স্কুলৰ ফাদাৰৰ ওচৰলৈ অলকেশদাৰ গুপুত কথা ফাদিল কৰিবলৈ। ফাদাৰে বিনা অনুমতিত প্লাম পাৰাৰ বাবে ক্লাছ টিছাৰক মাতি আনি অলকেশদাক পানিছমেণ্ট দিবলৈ ক’লে। সেইদিনা পানিছমেণ্ট হিচাপে অলকেশদাই লাভ কৰিলে টিকাত চাৰিচাট বেতৰ কোব আৰু স্কুল চুটি হোৱাৰ পাছতো আধাঘণ্টা বাৰাণ্ডাত আঠুকাঢ়ি থকাৰ নিৰ্দেশ। বাৰাণ্ডাত অকলে আঠুকাঢ়ি থকাৰ সময়ত অলকেশদাৰ অন্তৰত বৰকৈ দুখ লাগিল আৰু ফেঁকুৰি-ফেঁকুৰি কান্দিবলৈ ধৰিলে। মনতে প্ৰতিজ্ঞা কৰিলে যে আজিৰ পৰা আৰু কেতিয়াও মনালিছাৰ বাবে প্লাম পাৰিবলৈ নাযায়। কাৰণ অলকেশদাৰ ইমান দুখৰ সময়তো মনালিছাই তেওঁৰ লগ নিদি ঘৰলৈ অকলে গুচি গ’ল। কিন্তু ই কি? অলকেশদাই কান্দি কান্দি চকু মোহাৰি থাকোঁতে দেখিলে যে মনালিছা লিংডোৱে হাতত অলকেশদাৰ বেগটো লৈ স্কুলৰ গেটৰ ওচৰত ৰৈ আছে। লগে লগে অলকেশদায়ে নিজৰ প্ৰতিজ্ঞাৰ ওচৰত নিজেই লাজ পাই প্ৰতিজ্ঞা সলনি কৰিলে। তেওঁ সেই সময়তে প্ৰতিজ্ঞা কৰিলে যে আজিৰ পৰা হাজাৰটা কিম জঙৰ ষড়যন্ত্ৰয়ো তেওঁক দুৰ্বল কৰি তুলিব নোৱাৰিব। তেওঁ যেনেতেনে হ’লেও মনালিছাৰ বাবে প্লাম পাৰিবই। এয়ে তেওঁৰ এক কথা আৰু শেষ কথা। প্ৰবাদ আছে যে সেই সৰু কালছোৱাৰ পৰাই অলকেশদাৰ আজিৰ দৰে সাংঘাটিক দৃঢ়তা গঢ় লৈ উঠিছিল।

শ্বিলঙৰে মনালিছা লিংডো
তোমাৰ হাতৰ গীটাৰখনি
হিলিবিলি মিউজিক বজাই যোৱা
হিলিবিলি মিউজিক বজাই যোৱা….

সেইদিনা আছিল দেওবাৰ। আগদিনা ৰাতিৰ বৰষুণজাকে গোটেই শ্বিলংখন ধোৱাই নিছিল। পাইন গছৰ জোঙা পাতবোৰ ডাঠ সেউজীয়া হৈ জিলিকি উঠিছিল। মনালিছা লিংডো আৰু অলকেশদাই মনালিছাহঁতৰ একমাত্ৰ গাইজনী শ্বিলং পিকৰ ফালে চৰাবলৈ লৈ গ’ল। শ্বিলং পিকৰ কাষতে থকা বিস্তীৰ্ণ সমভূমিখনত গাইজনী এৰি দি দুয়োৱে নাচপতি গছ এজোপাৰ তলত আউজি বহি ল’লে। আৰু তাৰ অলপ পাছতেই অলকেশদাই গান গাবলৈ লাগি গ’ল:

শ্বিলঙৰে মনালিছা লিংডো……

মনালিছা লিংডোৱেও হাতৰ সাৰথি গীটাৰখন লৈ বজাবলৈ লাগিল। সেই সময়ত অলকেশদা আৰু মনালিছা লিংডোৱে শৈশৱ কাল এৰি কৈশোৰত ভৰি দিছিল। তেতিয়া অলকেশদাৰ বয়স আছিল চৈধ্য আৰু মনালিছাৰ আছিল বাৰবছৰ। এনেকৈ দুয়োৱে গীটাৰ বজাই গান গাই মচগুল হৈ থাকোঁতেই তাত কিম জঙৰ আৱিৰ্ভাৱ হ’ল। অলকেশদা আৰু মনালিছাই তলকিব পৰা আগতেই, “আমাৰ গাইজনী ইয়াত চৰাবলৈ আনি গান গাই আছহি” বুলি কিমজঙে অলকেশদাক মাৰিবলৈ খেদি লৈ গ’ল। আনহাতে সেইখিনি সময়তে দুষ্ট গৰুজনীয়েও পিকৰ কাষতে থকা বন্ধা কবিৰ খেতি এডৰাত সোমালগৈ। কবি খেতিয়কজনে আকৌ সেই সময়ত খেতি ডৰাতেই কাম কৰি আছিল। গাইজনীয়ে এফালৰ পৰা তহিলং কৰি বন্ধাকবিবোৰ খাই পেলোৱা দেখি খেতিয়কজনৰ সাংঘাটিক খং উঠিল। গৰুজনী মাৰিবলৈ খেদি যাওঁতেই তাই খেতি ডৰাৰ পৰা ওলাই ভিৰাই দৌৰ মাৰি কিমজঙহঁতৰ কাষত ৰ’লহি। খেতিয়কজনো গৰুজনীৰ পিছে পিছে খেদি আহি কিমজঙহঁতৰ কাষ পালেহি। খেতিয়কজনে কিমজঙক সুধিলে:

: এইজনী কাৰ গাই?

কিমজঙে বুকুফিন্দাই  উত্তৰ দিলে-

: মোৰ। কি হ’ল?

পাহোৱাল খেতিয়কজনে কিমজঙৰ কথা শুনি “অ’ নিজৰ গৰু-গাই ভালকৈ চম্ভালি ৰাখিব নোৱাৰ?” বুলি কিমজঙক গুৰুলা গুৰুলকৈ পিটন দিলে। পিটন খাই কিমজঙ তাৰ পৰা দৌৰি পলাল। খেতিয়কজন আঁতৰি যোৱাৰ পাছত গাইজনী লৈ অলকেশদা আৰু মনালিছা লিংডোও ঘৰলৈ ঘূৰি আহিল।

ক্ৰিছেনথিমাম যিমান ৰঙা
মোৰ, তোমাৰ সোঁৱৰণি সিমানেও ৰঙা…

শ্বিলঙত সেইখিনি সময়ত ক্ৰিছেনথিমাম ফুলাৰ বতৰ। ৰঙা, বগা, হালধীয়া ৰঙৰ ক্ৰিছেনথিমামবোৰ মানুহৰ ঘৰে ঘৰে ৰমকজমককৈ ফুলি উঠিছিল। মনালিছা লিংডোৱে নতুনকৈ কলেজ যোৱা আৰম্ভ কৰিছিলহে আৰু ঠিক সেইখিনি সময়তে বতৰা আহিল যে অসমৰ ৰাজধানী দিছপুৰলৈ উঠি যাব। অলকেশদাৰ মূৰত আকাশীসৰগ ভাগি পৰিল। হৃদয়ত নতুনকৈ অংকুৰণ হোৱা প্ৰেমৰ লতাডাল যেন ছিগি যাব। এদিন মনালিছা লিংডোৱে কলেজৰ ব্লেজাৰত গুজি দিয়া ৰঙা ক্ৰিছেনথিমামপাহ বুকুত সাৱটি অলকেশদাহঁত সঁচাকৈয়ে গুৱাহাটীলৈ উভতি আহিল। গুৱাহাটীলৈ উভতি অহাৰ এবছৰৰ পাছত অলকেশদা ইঞ্জিনিয়াৰিং পঢ়িবৰ বাবে নাগপুৰলৈ গুছি যায়গৈ। মনালিছা লিংডোৰ মিঠা সোঁৱৰণীখিনি বুকুতলৈ অলকেশদায়ে জীৱনৰ এটা নতুন ঢাপলৈ আগবাঢ়ে। অলকেশদা মানুহজনহে নাগপুৰ পালেগৈ কিন্তু অন্তৰখন শ্বিলঙতে থাকি গ’ল। মনত পৰে মনালিছা লিংডোৰ মাখন বৰণীয়া মুখ, পকা প্লামৰ ৰঙৰ দৰে দুটি ৰঙা ওঁঠ, কঁকাললৈ বৈ পৰা একোচা চিধা বাদামী চুলি। পৃথিৱীৰ সাতটা আশ্চৰ্য দেখি যেন বহলকৈ মেল খাই যোৱা দুচকুৰ পাহি। মুঠতে অলকেশদা অলপো সুখী নহ’ল নাগপুৰলৈ গৈ। কিন্তু নাগপুৰত পঢ়িবলৈতো তেওঁ মনালিছা লিংডোক কথা দিয়া মতেই গৈছিল। ভাবিছিল তেওঁ ইঞ্জিনিয়াৰ হোৱাৰ পাছতেই মনালিছা লিংডোক একেবাৰে নিজৰ কৰি লৈ আহিব। পাচে চাৰিবছৰৰ মূৰত প্ৰতিটো চেমিষ্টাৰত দুই তিনিখনকৈ বেক লগাই, একেবাৰে শেষ চেমিষ্টাৰটোত সৰ্বমুঠ একৈশখন পেপাৰ দি ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি আহিল। ৰিজাল্ট কিন্তু ভালেই হ’ল অলকেশদাৰ। কিন্তু ইয়াৰ পাছতো ব্যস্ততাৰ অন্ত নহ’ল। এইবাৰ আহিল সংস্থাপনৰ বাবে সংঘৰ্ষ।

অৱশেষত শ্বিলঙৰ পৰা উভতি অহাৰ প্ৰায় চৈধ্য বছৰমান পাছত ভাল দিন বাৰ এটা চাই অলকেশদা মনালিছা লিংডোহঁতৰ ঘৰলৈ ওলাল। ইতিমধ্যে অলকেশদাৰ চুলিও মাজে মাজে দুই একোডাল পকিবলৈ আৰম্ভ কৰিছিল। আবেলি সময়ত অলকেশদা মনালিছাহঁতৰ ঘৰত গৈ উপস্থিত হ’লগৈ। সেইদিনা যেন শ্বিলঙখন বেছিকৈ গোমা হৈ আছিল। বেগনভেলিয়া ফুলবোৰ বৰষুণত তিতি জুৰুলি জুপুৰি হৈ পৰিছিল। মনালিছাহঁতৰ ঘৰলৈ উঠি যোৱা চিৰিতেই অলকেশদাই সৰু ছোৱালী এজনী লগ পালে। ঠিক যেন অকমানি মনালিছাজনী নামি আহিছে তললৈ অলকেশদাৰ বাবে। কিন্তু মনালিছাহঁতৰ ঘৰত উপস্থিত হৈ অলকেশদায়ে গম পালে যে তেওঁৰ বাবে আটাইতকৈ পৃথিৱীৰ বেয়া খবৰটোৱে অপেক্ষা কৰি আছিল। বহুবছৰৰ আগতেই ছোৱালীজনী জন্ম দিবলৈ গৈ মনালিছা লিংডো ঢুকাই থাকিল। অলকেশদাৰ ভৰিৰ তলৰ মাটিখিনি যেন নোহোৱা হৈ গ’ল।

মনালিছা লিংডো নোহোৱা হৈ যোৱাৰ পাছত অলকেশদাদাৰ জীৱনৰ গতি সলনি হৈ গ’ল। তেওঁ লাহে লাহে আধ্যাত্মিকতাবাদত বিশ্বাস কৰিবলৈ ধৰিলে। এই  আধ্যাত্মিকতাবাদ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তেওঁ প্ৰথমে নিজকে শ্ৰেষ্ঠ কবি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিলে। প্ৰথমে তেওঁ কবি আৰু তাৰপাছত নিজকে মহাকবি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ল। তেওঁৰ আধ্যাত্মিকতাবাদত বিশ্বাসী হৈ আমাৰ নব্য ধাৰাৰ কবিসকল যেনে, সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য, আদিত্যজ্যোতি বৰঠাকুৰ , ধূৰ্জ্জতি কাকতিৰ দৰে মহান কবিসকল তেওঁৰ শৰণাপন্ন হয়। আনহাতে অভিজিত কলিতা,  ৰামানুজ গোস্বামী, হেমন্ত কাকতিৰ দৰে প্ৰাচীন আধ্যাত্মিকতাবাদত বিশ্বাসীসকলেও তেওঁৰ আধ্যাত্মিকতাবাদক পূৰ্ণ সমৰ্থন জনায়। কিন্তু এই মহাকবি অলকেশ ভাগৱতী জনাই ইমানতে ক্ষান্ত নাথাকি তেওঁ ডাণ্টেৰ দৰে এখন ডিভাইন কমেডি লিখি উলিয়াবলৈ চেষ্টা কৰে। আৰু ইয়াত তেওঁক প্ৰতি মুহূৰ্ততে, ডাণ্টেক ‘ইনিড’ ৰ স্ৰষ্টা ভাৰ্জিলে সহায় কৰাৰ দৰে যোৰহটীয়া মহাকবি ৰিণ্টুমনি দত্তদেৱে সহায় কৰে। কিন্তু অলকেশ ভাগৱতী দেৱে এতিয়ালৈকে নৰকৰ বৰ্ণনা কৰিয়ে শেষ কৰিব পৰা নাই। স্বৰ্গলোকলৈ হেনো এতিয়াও বহুদূৰ বাকী। যিদিনাই তেওঁ স্বৰ্গলোকৰ বৰ্ণনা দি শেষ কৰিব তাৰ পাছৰ পৰাহে হেনো মিউনিখ নামৰ গ্ৰন্থখনৰ কামত ধৰিব। সেইবাবে এতিয়াও এই মহাকবিয়ে শেষনিশা চক খাই উঠি সাৰ পাই গায়…..

মনত পৰে নে দুয়ো গৰখীয়া
চেৰতীৰ সুৰে সুৰে কিন কিন বৰষুণে
বৰষুণে ভিজা
শ্বিলং পিকত সেই দেওবাৰে পুৱা?
হিলিবিলি মিউজিক বজাই যোৱা
হিলিবিলি মিউজিক বজাই যোৱা….

☆ ★ ☆ ★ ☆

17 Comments

  • অলকেশ ভাগৱতী

    ক্ৰিচেনথিমাম যিমানে ৰঙা
    মোৰ ম’নালিছাৰ সোঁৱৰণিও সিমানে ৰঙা..
    কিম জঙ ডন, নপোংলৈ এবাৰ আহানা
    ছুটি পালে ময়ো যাম নংপোলৈ
    মন দিম, প্ৰাণ দিম আৰু দিম গীতাৰৰ সুৰে সুৰে
    উধাই মুধাই চাৰি পাঁচটা ঘোঁচা….

    ভাল লাগিল ৷

    Reply
    • Anonymous

      অশেষ ধন্যবাদ দাদা।

      Reply
    • Reeta Leena Sonowal

      অশেষ ধন্যবাদ দাদা।

      Reply
  • ইন্দ্ৰ মোহন বৰা

    ভাল লাগিল পঢ়ি

    Reply
    • Reeta Leena Sonowal

      আন্তৰিক ধন্যবাদ।

      Reply
  • HEMANTA KAKATI

    তামাম দেখোন ৰীতা৷ মনালিছা লিংড’ৰ আচল ৰহস্য টো আজিহে গম পালোঁ৷

    Reply
  • Krishna

    বঢ়িয়া, ভাল লাগিল পঢ়ি

    Reply
    • Reeta Leena Sonowal

      আন্তৰিক ধন্যবাদ।

      Reply
  • Anonymous

    মনালিছা লিংড’ হা হা হা বঢ়িয়া ৰীতা।

    Reply
  • ডলী

    বঢ়িয়া লাগিল

    Reply
  • Sadananda Bhuyan

    বঢ়িয়া লাগিল যদিও অলকেশ ভাগৱতীলৈ এচিকুটমান দুখো লাগিল ।

    Reply
    • Reeta Leena Sonowal

      হয়, শেষৰ ফাললৈ মোৰো বেয়া লাগিছিল। ধন্যবাদ দাদা।

      Reply
  • Sankar Jyoti Bora.

    বঢ়িয়া৷ভাগৱতীৰ দুখৰ কাহিনীটো গম পাই বৰ দুখ পালো৷

    Reply
    • Reeta Leena Sonowal

      হয় দাদা। অশেষ ধন্যবাদ।

      Reply

Leave a Reply

Your email address will not be published.