ফটাঢোল

অলপ বৰপেইটা – ড° বিৰিঞ্চি কুমাৰ দাস

প্ৰতিটো ভাষাৰে কিছুমান উপভাষা থাকে, যিবােৰে সেই উপভাষা প্রচলিত থকা স্থানৰ বা উপভাষাটো কোৱা জনগােটটোৰ সৈতে সম্পর্কিত কিছু বৈশিষ্ট্য বহন কৰি থাকে। এই উপভাষাবােৰে মূল ভাষাটোৰ অন্তর্নিহিত বৈচিত্র্যক তুলি ধৰাৰ লগতে সেই উপভাষা কোৱা মানুহখিনিৰ স্থানীয় আৰু জনগােষ্ঠীগত সমলেৰে সমৃদ্ধ স্বকীয় জীৱনৰীতি আৰু সংস্কৃতিৰাে কিছু আভাস দিয়ে।

অসমীয়া ভাষাৰ কথালৈকে আহিছোঁ৷ ভাষাবিদসকলে অসমীয়াৰ যি চাৰিটা উপভাষা চিনাক্ত কৰিছে, তাৰে এটা হৈছে কামৰূপী৷ আচলতে কামৰূপী উপভাষাটোক তিনিটা উপভাষা(বা উপ উপভাষা – subdilect) সম্বলিত এটা উপভাষা গােট বুলি ধৰিব পাৰি। কামৰূপী উপভাষাৰ অন্তর্নিহিত এই তিনিটা উপ উপভাষা হৈছে বৰপেটীয়া, নলবৰীয়া আৰু পলাশবৰীয়া। আমি এতিয়া বৰপেটীয়া (স্থানীয় উচ্চাৰণত বৰপেইটা) উপভাষা বা উপ উপভাষাৰ সৈতে জড়িত কিছুমান কথা ক’ম৷ আমােদজনক কথা হ’ল আন উপভাষা বা উপ উপভাষাৰ ক্ষেত্ৰত হােৱাৰ দৰে বৰপেইটা উপ উপভাষাৰ মাজতাে আঞ্চলিক বা জনগােষ্ঠীগত ভিন্নতাবিশিষ্ট কিছু ক্ষুদ্রতৰ গােট আছে, যিবােৰৰ উপস্থিতিয়ে এই উপ উপভাষাটোৰ আকর্ষণীয়তা অধিক বৃদ্ধি কৰিছে।

একোটা উপভাষা (বা উপ উপভাষা) যেতিয়া শব্দ, প্রকাশভংগী আদিৰ দিশেৰে মূল ভাষাটোৰপৰা বেছি নিলগত থাকি যায়, তেতিয়া এই উপভাষা নােকোৱা বহু মানুহৰ বাবে উপভাষাটোৰ বহু কথা আচহুৱা যেন অনুভৱ হয়। যেনে, বৰপেইটা বা নলবৰীয়া মানুহে যেতিয়া কথা কয়, তেতিয়া শিৱসাগৰীয়া এগৰাকী লােকে তেওঁলােকৰ ভাষাটো কিছু আচহুৱা পাব পাৰে। নহয়৷ এইটো কাৰণতে বৰপেইটা বা নলবৰীয়া মানুহে কোৱা ভাষাটো আন অসমীয়া মানুহৰ বাবে আমােদৰ উৎস হৈয়াে নুঠা নহয়, যাৰ বাবে বহু নাটক, দূৰদৰ্শনৰ ধাৰাবাহিক, চলচ্চিত্র আদিত ইয়াক কেৱল তৰল হাস্যৰস সৃষ্টিৰ যােগ্য হিচাপেহে ব্যৱহাৰ কৰা হয়৷ এনে কৰোঁতে এইটো মনত পেলােৱা নহয় যে আন কোনােবাই হাঁহিৰ খােৰাক পালেও বৰপেইটা বা নলবৰীয়া মানুহে সুখ-দুখ, হাঁহি-কান্দোন, জীৱন-মৰণৰ দৰে অত্যন্ত গভীৰ কথা সেইটো ভাষাৰেই পাতে।

অৱশ্যে ভাষাকেন্দ্রিক কিছু আমােদজনক কথা যে বৰপেইটা মাত-কথাই সৃষ্টি নকৰাকৈ নাথাকে, সেইটোৱাে নহয়৷ যেতিয়া বাহিৰৰ মানুহ এগৰাকী কৰ্মসূত্রে বৰপেটালৈ আহে বা আন ধৰণেৰে বৰপেইটা মানুহৰ সংস্পৰ্শলৈ আহিব লগা হয়, তেতিয়া তেওঁলােকক বৰপেইটা কথা-বতৰাই কেতিয়াবা কেতিয়াবা আহুকালতাে পেলায়৷ এনে হােৱাৰ এটা কাৰণ হৈছে বৰপেটাত কিছুমান শব্দ প্রচলিত মান্য বা আভিধানিক অর্থতকৈ আন অর্থত ব্যৱহাৰ কৰা হয়৷ এটা উদাহৰণ দিছোঁ৷ বিশ্বনাথ চাৰিআলিৰপৰা আহি বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত গণিতৰ শিক্ষক হিচাপে কৰ্মৰত ড° ব্ৰজেন দাসে এদিন মােৰ সৈতে বৰপেটা বৰবজাৰত পাঁচলি কিনি থাকোঁতে এঠাইত পানীলাও দেখি মই মন্তব্য কৰিলোঁ যে পানীলাওকেইটা ভাল, সােনকালে ‘গেলি’ যায়। ব্ৰজেন আচৰিত, সােনকালে গেলি-পঁচি যােৱা বস্তুটো কেনেকৈ ভাল হ’ব পাৰে। বহু ভবা চিন্তাৰ পিছত তেওঁ বুজি পালে যে মই ‘গেলি’ শব্দটো ‘গলি’ অৰ্থত ব্যৱহাৰ কৰিছোঁ; অর্থাৎ পানীলাওটো ইমান ভাল যে ই সােনকালে সিজি গলি যায়, টান হৈ নাথাকে৷

মান্য অর্থতকৈ আন ধৰণে বৰপেটাত প্ৰায়ে ব্যৱহৃত হােৱা এটা শব্দ হৈছে ‘আফচোচ’। ‘হেমকোষ’ অভিধানৰ নতুন সংস্কৰণ মতে ‘আফচোচ’ মানে হৈছে অনুতাপ, খেদ, আক্ষেপ। “সিদিনা মই কম দামতে পােৱা চাদৰখন নিকিনি পিছত বৰ আফচোচ কৰিলোঁ।” এনে ধৰণৰ বাক্যত শব্দটোৰ প্রকৃত অর্থ প্রকাশিত হয়৷ বৰপেইটা মানুহেও এই অর্থত শব্দটো ব্যৱহাৰ নকৰাকৈ নথকা নহয়৷ মিঠাইৰ কাৰণে সুনাম থকা বৰপেটাত এসময়ত আনকি ‘আফচোচ’ (বৰপেটাৰ মানুহে ইয়াক আফচচ হিচাপে উচ্চাৰণ কৰে!) নামৰ এবিধ মিঠাইয়াে আছিল। এই নামটো দিয়াৰ কাৰণ বােলে এইটো আছিল: ই ইমানেই সােৱাদযুক্ত মিঠাই যে ইয়াক নাখালে পিছত আফচোচ কৰিব লাগিব৷ কিন্তু এই ‘আফচোচ’ শব্দটোকে আন এটা অৰ্থত বৰপেটাৰ বহুত মানুহে ব্যৱহাৰ কৰে, য’ত শব্দটোৱে ইয়াৰ আভিধানিক অর্থৰ লগত কোনাে সামঞ্জস্য নথকা এটা অর্থহে প্রকাশ কৰে। এই ব্যৱহাৰ অনুসৰি ‘আফচোচ’ শব্দটোৰ অৰ্থ হৈ পৰেগৈ অত্যন্ত আগ্ৰহেৰে আদৰ-আপ্যায়ণ কৰা। ধৰা হওক এই বাক্যটো — “অদলগুৰিত আমাৰ জেঠী এটা আছে, দূৰ কাৰণে যাৱা নােহােয়ে। গেলি কিন্তু এথেনাে বৰ আফচচ কৰে ।” (ওদালগুৰিত আমাৰ জেঠী এগৰাকী আছে, দূৰ কাৰণে যােৱা নহয়েই। গ’লে কিন্তু এতিয়াও বৰ আফচোচ কৰে।) বাহিৰৰ মানুহে ভাবিব, এয়া আকৌ কেনেকুৱা জেঠীয়েক, গ’লে আফচোচ কৰে। পিচে নহয়, এই বাক্যটোৰ মতে জেঠীগৰাকীয়ে গ’লে খেদ নকৰে, আদৰ-সাদৰহে কৰে।

বৰপেইটা মানুহ সাধাৰণতে অভিনৱ ধৰণৰ নাম দিয়াত পাকৈত, মানুহৰেই হওক, বস্তুৰেই হওক৷ বৰপেটা সত্ৰৰ দেউল (দৌল) উৎসৱৰ দিনকেইটাত সাধাৰণতে সত্ৰৰ ওচৰে- পাঁজৰে থকা দোকানসমূহত, বিশেষকৈ চাহ-দোকান আদিত বৰকৈ বিক্রী চলে৷ সেইকেইদিন আকৌ বহুতে অস্থায়ীকৈয়াে দোকান দিয়ে। আৰু গ্ৰাহকক নিজৰ দোকানলৈ বুলি আকর্ষিত কৰিবলৈ দোকানীবােৰে যে কেনে ধৰণৰ উপায় অৱলম্বন কৰে! বহু বছৰৰ আগৰ কথা৷ দেউলৰ সময়ত সত্ৰৰ ওচৰৰ এখন চাহ-মিঠাইৰ দোকানে বাহিৰত এখন ফলক লিখি দিলে, “ইয়াত ফুইকে গিলা পােৱা যায়।” প্রথমে স্থানীয় বহুতেও ধৰিবই পৰা নাছিল কি ফুইকে গিলা, কিবা নতুন মিঠাই বা তেনে কিবা খােৱা বস্তু ওলাল নেকি! বাহিৰৰ মানুহৰতাে বুজাৰ উপায়ে নাই। পিছতহে গম পােৱা গ’ল কথা কি। আচলতে দোকানীয়ে ক’ব খুজিছে ইয়াত গৰম চাহ পােৱা যায় বুলিহে। বৰপেইটাত ‘ফুইকে’ মানে ফু মাৰি৷ অর্থাৎ ইয়াত পােৱা চাহ ইমানেই গৰম যে আপুনি চাহখিনি ফুইকে অর্থাৎ ফুৱাইহে গিলিব লাগিব৷ দুজনমান ল’ৰাই দেউলৰ দিনকেইটাৰ বাবে অস্থায়ী চাহ দোকান এখন দিলে৷ তেওঁলােকে হঠাতে দোকানখন দিলে বাবে দোকানখনৰ নামেই ৰাখিলে ‘হঠাৎ কেবিন’। খাদ্যৰ কথা ক’বলৈ গ’লে, বৰপেটাৰ টেপাৰ নিমকি বিখ্যাত। বহু বছৰৰ আগতে বৰপেটা সত্ৰৰ ওচৰৰ টেপা বুলি পৰিচিত এগৰাকী লােকে অত্যন্ত সােৱাদযুক্ত সৰু নিমকি তৈয়াৰ কৰিছিল; সেয়ে পিছলৈ উৎকৃষ্ট মানৰ সৰু নিমকি বুজাবলৈ ‘টেপাৰ নিমকি’ শব্দযুগল ব্যৱহাৰ কৰাটোৱেই নিয়ম হৈ পৰিল৷ বৰপেটাত আগতে কটা নিমকিক কোৱা হৈছিল শংকৰ ভাজা বুলি, কাৰণ হয়তাে কোনাে শংকৰ নামৰ মানুহে ভজা এই কটা নিমকি এসময়ত খুব জনপ্রিয় হৈছিল। স্থানীয়ভাৱে প্ৰস্তুত কৰা টোষ্ট জাতীয় এবিধ বিস্কুটৰ নাম মদন কটকটী, কাৰণ ইয়াক খাওঁতে কটকটকৈ শব্দ এটা উঠে আৰু হয়তাে কোনােবা মদন নামৰ লােকে এসময়ত ইয়াক জনপ্রিয় হােৱাকৈ প্ৰস্তুত কৰিছিল৷

কিছুমান বৰপেইটা প্রকাশভংগীয়েও বহুতৰে কাৰণে সমস্যাৰ সৃষ্টি কৰে। বৰপেইটা মানুহে সাধাৰণতে খৰকৈ কথা কৈ ভাল পায় বাবে বাক্য বা শব্দবােৰ যিমান পাৰে সংকুচিত কৰি পেলায়৷ এতিয়া কোনােবা পুৰণি বৰপেইটাই ‘সেহেকচুপি’ বুলি শব্দ এটা কৈ দিলে বাহিৰৰ মানুহৰ কথা বাদেই দিলোঁ, বহু নতুন বৰপেইটায়ে মুখ মেলি দিব। তেওঁলােকেনাে কেনেকৈ বুজিব এই অদ্ভুত শব্দটো আচলতে এটা বাক্যহে, আৰু সেয়া হৈছে “সেইপিনে অকণমান কাষ চাপি যােৱা”! বিদেশী শব্দৰ স্থানীয়কৰণতাে আৰু বেছি ভয়াবহ। গাড়ীৰ চালকে গাড়ীৰ মালিকক গৈ কয়, “গাড়ীখেনােৰ চকেট জাবাৰ গেইছে, পােইচা কিছু খৰচ হ’বাে।” জাবাৰ হ’ল জাবৰৰ বৰপেইটা ৰূপ। এতিয়া আপুনি ভাবি থাকক, গাড়ীত আকৌ জাবৰ কেনেকৈ আহি গ’ল। আচলতে কওঁতাই ক’ব বিচাৰিছিল, “গাড়ীখনৰ শ্বক এবজর্বাৰ গৈছে, পইচা কিছু খৰচ হ’ব।” বজাৰত এবিধ মাছ পােৱা যায় যাৰ নামটো বহুতে বিকেট বা বেকেট বুলি উচ্চাৰণ কৰে। পিছে সেইবিধ মাছৰ আচল নাম হৈছে বিগ হেড (big head)।

নামৰ প্ৰসংগলৈকে পুনৰ আহিছোঁ। এটা বেচ আমােদজনক কথা কৈছিল মােৰ ভাতৃসম, মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক পার্থপ্রতিম চৌধুৰীয়ে। কথাটো তেওঁ শুনিছিল তেওঁৰ পিতৃ, কোকৰাঝাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন সহযােগী অধ্যাপক (এতিয়া প্রয়াত) চিত্তৰঞ্জন চৌধুৰীৰ পৰা। বৰপেইটা মানুহৰ মুখত প্ৰায়ে মানুহৰ মান্য নামবােৰাে আচল ৰূপৰ চিনচাব নােহােৱাকৈ পৰিৱৰ্তিত হৈ যায়৷ যেনে ধ্ৰুৱ হয়গৈ ধূপ, জনার্দন হয়গৈ দনা, অমৰেন্দ্ৰ গুচি হয় অমেন। পাৰ্থৰ দেউতাক চৌধুৰী ছাৰে কৈছিল যে ‘প্রসাদ’ শব্দটোৱে নাম-কীর্তনৰ পিছত বিলােৱা মুগ-বুটেৰে প্ৰস্তুত কৰা খােৱা বস্তুটোকো বুজায় আৰু মানুহৰ নামাে বুজায়; এতিয়া বৰপেইটা মানুহে প্রসাদ শব্দটো নিজৰ জিভাৰ মতে পৰিৱৰ্তন কৰি লওঁতে এই দুটা বেলেগ বেলেগ অর্থ বুজাবলৈ ইয়াক দুটা বেলেগ বেলেগ ৰূপ দিয়ে৷ যেতিয়া প্রসাদ শব্দটোৱে নাম-কীৰ্তনৰ পিছত বিলােৱা বস্তুটোক বুজায়, পেইটাই ইয়াক পর্যদ বুলি কয়। আকৌ যেতিয়া প্রসাদ মানুহৰ নাম হয়, তেতিয়া বৰপেইটা মানুহৰ মুখত ই হয়গৈ পচ্চাদ।

অৱশ্যে এইটোও কৈ থােৱা ভাল যে একে ধৰণৰ কথা অসমীয়াৰ আন আন উপভাষা আৰু উপ উপভাষাৰ ক্ষেত্ৰতাে ক’ব পৰা যায়। এনেয়ো ভাষাৰ কথাটো সদায়েই আহুকলীয়া। আগতে গাড়ী এখনে লুটিবাগৰ খালে কোৱা হৈছিল গাড়ীখনে উলটি (বৰপেইটাত ‘উল্টি) গৈছে। পিচে আজিকালি গাড়ীয়ে উল্টি নাযায়, পাল্টিহে খায়৷

এতিয়া কথা হ’ল, কৈ থাকিলে ওৰকে নপৰে বৰপেটাৰ কথা। গতিকে আমিও পাল্টি খােৱাৰ ভয়ত আজিলৈ ইমানতেই এৰিলোঁ৷

☆★☆★☆

8 Comments

  • কমলা দাস

    বৰ ভাল লাগিল পঢ়ি । সেহেকচুপি টো আমি সেহেকচিপি যা বুলি কওঁ ।

    Reply
  • Anonymous

    Porhi val laagil sir….

    Reply
  • Karabi Kherkatary

    বৰ আমোদ পালোঁ লগতে নতুন কথাও জানিলোঁ ৷

    Reply
  • হিৰণ্যজ্যোতি দাস

    বিৰিঞ্চি দাৰ লেখাৰ এক সুকীয়া ষ্টাইল আছে, পাঠকে অলপো আমনি নোপোৱাকৈ শেষলৈ পঢ়ি যাব পাৰে ৷ এই লেখাটোও তাৰ ব্যতিক্ৰম নহয় ৷ সম্পাদকলৈ অশেষ ধন্যবাদ তেখেতৰ লেখাক ফটাঢোলৰ মজিয়াত স্থান দিয়াৰ বাবে ৷

    Reply
  • লখিমী নাথ

    পঢ়ি আমোদ পালো ছাৰ। অতি সুন্দৰকৈ উপভাষাটি প্ৰকাশ কৰিলে। কিছু নতুন শব্দও শিকিলো।

    Reply
  • Anonymous

    Porhi khub bhal lagil Dada. Bohut notun kotha u xikilu

    Reply
  • Papori Senapati Bharali

    Porhi khub bhal lagil Dada. Bohut notun kotha u xikilu

    Reply
  • Papori Senapati Bharali

    Porhi khub bhal lagil Dada. Bohut notun kotha u xikilu

    Reply

Leave a Reply

Your email address will not be published.