ফটাঢোল

অলৌ গুটি তলৌ গুটি-পৰী নেওগ

বাসন্তীহতঁৰ ঘৰত জীয়েকে এইকেইদিন বিভিন্ন ধৰণৰ ৰেচিপিৰ খাদ্য বনাই আছে। আগতে পাকঘৰৰ ওচৰলৈও নোযোৱা মণিয়ে এইকেইদিনত নতুন নতুন খাদ্যবস্তু ৰান্ধিবলৈ যত্ন কৰিছে। মুঠতে বন্ধৰ দিনকেইটাৰ বাবে ফেচবুক আৰু ইনষ্টাগ্ৰামত ‘কুকিং_ডায়েৰী’ বুলি পৃথককৈ এলবাম এটাই বনাই লৈছে। আচলতে সঁচা কথাটো হ’ল, সামাজিক মাধ্যমত সকলোৱে ফ’টোবোৰ দি আছে, তাইনো পিছপৰি থাকিবই বা কিয়? ঘৰৰ মানুহখিনিৰ এটাই ভাল হৈছে ভালে বেয়াই হ’লেও মণিৰ হাতেৰে কিবা খাবলৈতো পাইছে। মণিৰ আজিকালি কিবা এটা খোৱাৰ আগত ফ’টো এখন মাৰি আপডেট দিলেহে ভোক মৰে।

মাজতে এদিন মণি ঘৰৰ পিছফালৰে বাৰীখনলৈ গৈছে তাকো চাদৰ মেখেলা এযোৰ পিন্ধি। আজি হেনো তাই কচু আৰু ঢেকীয়া আনিব। যাওঁ‌তে লগতে বিজন্ত (সিহঁতৰ ঘৰত থকা ল’ৰা)কো লৈ গৈছে। আচলতে কচু আৰু ঢেকীয়া ছিঙি থাকোঁ‌তে সি বোলে ফ’টো তুলি দিব লাগে। লাগিবইতো ফেইচবুকত দিব লাগিব নহয়। বাৰীৰ কচু-ঢেঁকীয়া চিঙিছে বুলি মানুহে নাজানিলে সেইবোৰ চিঙাৰেই বা কি লাভ।

যি কি নহওক আনিবলৈ মন মেলিছে যে সেয়ে বহুত। কচু দুডালমান ছিঙি ফ’টো উঠিছিলহে হাতৰ তলুৱাখন গোটেই ক’লা পৰি গ’ল বোলে কচুৰ আঠাৰে। ঢেঁকীয়া পিছে এসোপা আনিছে। ঘৰত আনি মাকক বাচিবলৈ দি কাপোৰসাঁজ সলাবলৈ যাওঁ‌তেই বাসন্তীয়ে গিৰিয়েকক চিঞৰি ক’লে, “আপোনাৰ জীয়ে আজি বিহলঙনীৰ ভাজি খুৱাব ৰ’ব।” কি, তাই তাৰমানে ইমান পৰে ঢেঁকীয়া বুলি বিহলঙনীসোপাহে ঙিলে। ইস! হ’ব যা ফ’টোত ঢেঁকীয়া নে বিহলঙনী ধৰিবই নোৱাৰিব।

এদিন আকৌ মণিয়ে ভাবিলে কিবা এটা আঁকিবলৈকে চেষ্টা কৰোঁ‌ নহ’লে, তাকে ভাবি তাই বহুপৰ চেষ্টা কৰিলে ডিজাইন এটা উঠাবলৈ, নাই নুঠিল। উপায়ন্তৰ হৈ তাই বহীৰ পিছফালে থকা কাৰ্টুন কেইটাকে চাপ মাৰি উঠালে আৰু লগে লগে ফেচবুক- ইনষ্টাগ্ৰামত প’ষ্ট কৰিয়েই দিলে। যিয়েই নহওক তাইৰ এইটো টেলেণ্টৰ কথাও আজি ৰাইজে গম পাব কিছু। যিয়েই নকৰক কিয়, তাই মোবাইলটো কিন্তু নেৰে হাতৰ পৰা। সেইটো নোহোৱাকৈ চলিব পাৰে নেকি কোনোবা! কোনোবা পাৰে যদি নাজানো কিন্তু মণি হ’লে নোৱাৰে।

বন্ধৰ দিনবোৰে তাইক বৰ ধুনীয়া ধুনীয়া ফ’টো উঠাৰ সুযোগ দিছে। সেয়ে আজি মণিয়ে ভাবিলে ফ’টোনো কিমান উঠিম আজি নৃত্যৰ ভিডিও এটাকে বনাও নহ’লে। তাকে চিন্তা কৰি তাই আকৌ সাজ-পোছাক কৰি এইবাৰ নাচিবলৈ লাগিল। কোনো দিন নাচি নোপোৱা মণিজনীয়ে আজি নাচিবলৈও লাগিল। নৃত্যৰ ভংগীমা যি হৈছে তাৰ প্ৰতি কোনো খেয়াল নাই কিন্তু তাই নিজকে ভালেই দেখিছে। লগে লগে সামাজিক মাধ্যমত আপডেট পঠিয়াইয়েই দিলে।

মণিয়ে আকৌ এযোৰ কাপোৰ দুবাৰ পিন্ধিও বেয়া পায়। আজিকালি ফুৰিবলৈ গ’লে এযোৰ কাপোৰ দুবাৰ পিন্ধিবলৈ ভাল নালাগে। এবাৰ ফটো উঠিলেই কাপোৰযোৰ পুৰণি হৈ নাযায় জানো। পুৰণি কাপোৰসাঁজ আকৌ দুবাৰ পিন্ধে কেনেকৈ?

আমাৰ বাসন্তী বৰমাৰ ছোৱালী মানে মমিৰ আকৌ টিকটক একাউণ্ট এটা আছে দেই। সেইফালৰ পৰা চালে আকৌ তাই এজনী ভাল চেলিব্ৰেটিও হ’ব কিজানি তথাপি তাইৰ আকৌ ভেম-অহংকাৰ নাই দেই। সিদিনা টিকটিকৰ বাবেই বৰষুণত তিতি তিতি কেইবাটাও ভিডিও বনালে। অৱশ্যে ভিডিও কেইটাই টিকটিকত তাইৰ ভাষাত জুই লগাই দিছিল। কিন্তু দিলে কিডাল হ’ব সেই দিনাৰ ৰাতিৰ পৰাই তাইৰ চৰ্দি লাগি অৱস্থাই নাই, হাঁচিয়াই হাঁচিয়াই টিকটকত লগা জুইকুৰা নুমুৱাব পৰাকৈ নাকৰ পৰা পানী উলিয়াইছে। এতিয়া বেচেৰী ভয়তে পেপুৱা লাগিছে। ভয় খোৱাৰ কাৰণটো পিছে মণিয়ে কাকো নক’লেও আমি বুজিব পাৰিছোঁঁ ‌দেই……..।

☆ ★ ☆ ★ ☆

4 Comments

  • Anonymous

    Xsake dy ajikli suali hok ba buwari hok fb jikkunu bostu post nkrile vlai lgai ki jai hb.

    Reply
    • পৰী নেওগ

      সাম্প্রতিক সময় আৰু সামাজিক মাধ্যমৰ ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই উপস্থাপন কৰিলো।

      Reply
  • Sadananda Bhuyan

    হাঃ হাঃ… মজা লাগিল ।

    Reply
    • পৰী নেওগ

      ধন্যবাদ জনালো দেই।

      Reply

Leave a Reply

Your email address will not be published.