ফটাঢোল

অসন্তুষ্ট বুঢ়ী – অঞ্জলি গগৈ বৰগোহাঞি

: কোন অ’ এইটো? মাত এষাৰো নলগোৱাকৈ ফুঁ-ফুঁৱাই নেদেখাৰ ভাও ধৰি গ’লি যে!

বীৰেনে লগৰ ল’ৰাৰ লগত চিনেমা চাবলৈ যাবৰ বাবে আগতীয়াকৈ টিকট কাটি থৈছিল। পিচে সি পুৱা সোনকালে সাৰ নাপালে, তাৰ দেৰি হৈছিল বাবে মাধুৰিমা আইতাক দেখিও নেদেখাৰ ভাও ধৰি আঁতৰি যাব খুজিছিল৷ পিচে বুঢ়ীৰ চকুৰ আগেদি কোনোবা সাৰি যাব পাৰিলেহে! চকুত ছানি পৰিছিল, তেতিয়া বাটেদি কোনোবা পাৰ হৈ গ’লেও বুঢ়ীয়ে গম নাপাইছিল৷ কিন্তু আজি এমাহৰ আগতে চকুৰ অপাৰেচন কৰাৰ পৰা বাটেদি কোনো হাৰি যাব নোৱাৰে৷

মানুহগৰাকীৰ পোচাকী নাম এটা বিয়াৰ আগলৈকে আছিল। হয় বিয়াৰ আগতে তেখেতৰ নাম মাধুৰিমা আছিল। হেমচন্দ্ৰ মাষ্টৰে বিয়া কৰাই অনাৰ পাছত প্ৰথমে ন-ছোৱালী বুলি কিছুমানে মাতিছিল৷ তাৰপিছত লাহে লাহে মাষ্টৰণী হ’ল৷ মইনাৰ জন্মৰ পাছৰ পৰা মইনাৰ মাক হ’ল নামটো৷ সময় বাগৰাৰ লগে লগে মাধুৰিমা নামটো জাঁহ গ’ল৷ বুঢ়ীক কেতিয়াবা নিজৰ নামটো সুধিলে তেওঁৰে পটকৈ মনত নপৰে আচল নামটো৷ হেমচন্দ্ৰ মাষ্টৰে বিয়াৰ পাছতে দুদিনমান মাধুৰিমা বুলিয়ে মাতিছিল, কিন্তু এটা সময়ত মাধুৰিমাৰ ঠাইত হে’ৰা হ’লগৈ৷ এই বয়সত তেখেতৰ আগৰ সকলো নাম তল পৰিল, এটা নতুন নাম হ’ল , অসন্তুষ্ট বুঢ়ী৷ নামটোনো কি, বুঢ়ীৰ সেইবোৰ লৈ আক্ষেপ বা ভ্ৰূক্ষেপ নাই। কিবা এটা বুলি মাতিছে যে তাতেই সন্তুষ্ট৷ পিচে অলপ দিনৰ পৰা বুঢ়ী খুবেই অসন্তুষ্ট হৈ আছে! এৰা নহ’বনো কিয়? এইহেন শাওনৰ ভৰপকৰ দিনত বুঢ়ীৰ ঘৰৰ সন্মুখৰ পথাৰখন সেউজীয়াই পোহাৰ মেলিব লাগিছিল, কিন্তু গোটেই সাৰুৱা পথাৰখন ছন পৰি আছে! এই সময়ত পথাৰত ৰোৱনী, হালুৱাৰ চিঞৰত পথাৰবোৰ সাৰ পাই থাকিব লাগিছিল! বুঢ়ী এইখন গাঁৱলৈ বিয়া হৈ অহাৰ দিন ধৰি গোটেই পথাৰখন এনেকৈ ছন পৰি থকা দেখা নাই। পথাৰখনৰ এনেকুৱা ৰূপ বুঢ়ীৰ কেনেকৈ সহ্য হয়!

বীৰেনৰ যদিও পলম হৈছিল বুঢ়ীৰ কথাত ৰৈ দিবলৈ বাধ্য হ’ল৷ বুঢ়ীলৈ চাই ক’লে,

: এস্! আইতা কিনো ক’ব! মানে গৰমৰ বন্ধ হৈ আছে যে ঘৰত ব’ৰ হৈ গৈছোঁ, সেয়েহে লগৰ ল’ৰাৰ সৈতে চিনেমা চাবলৈ যাওঁ। এই অলপ আগতে সাৰ পালোঁহে। সাৰ পাইয়েই লৰালৰিকৈ ওলাই আহিছোঁ। আইতা ভালনে আপোনাৰ? মই গৈ থাকোঁ তেনে।

বীৰেনৰ কথাবোৰ শুনি বুঢ়ীৰ টিঙিচকৈ খঙটো উঠিয়ে আহিল। বুঢ়ীৰ তাক ভালকৈ এজাউৰি দিয়াৰ মন আছিল৷ পিচে সি বুঢ়ীক সেইটো সুবিধা নিদি খৰধৰকৈ সেই ঠাইৰ পৰা আঁতৰি গ’ল৷ আজিকালি বুঢ়ীৰ কথাবোৰ কোনেও শুনিবলৈকে নিবিচাৰে৷ হ’ল বুলিনো বুঢ়ীৰ সেই পুৰণিকলীয়া ধ্যান ধাৰণাৰ কথাবোৰ শুনিবলৈ কাৰনো বাৰু মন যাব! পিচে বুঢ়ীৰো মনত কটকটাই থকা কথাবোৰ নক’লে শান্তি নালাগে, সেয়েহে বৰপুখুৰীৰ পাৰৰ মাণিকহঁতৰ ঘৰ পালেগৈ। মাণিকৰ মাকে বুঢ়ীৰ কথাবোৰ একান্তমনে শুনে বা বুঢ়ীয়েও মাণিকৰ মাকৰ কথাবোৰ শুনে৷ এৰা একেই সমনীয়া জা-জোৱালী যে ইজনীয়ে সিজনীক ভালকৈ বুজি পায়৷ পদূলি মূৰৰ পৰাই বুঢ়ীয়ে চিঞৰিলে,

: বোলো মাণিকৰ মাক, ঘৰত আছানে?

জপনাখন খুলি সোমাই অহা বুঢ়ীক দেখি মাণিকৰ ঘৈণীয়েকে মাত দিলে,

: অ’ আইতা দেখোন, আহক আহক। মা, ঘৰত নাই, ভণ্টিহঁতৰ ঘৰলৈ গৈছে৷

: ই, মাৰে নাই যদি মই যাওঁৱেই দে। মাৰক লগ পাবলৈহে আহিছিলোঁ৷

: মা নাই কি হ’ল মই আছোঁ নহয়৷ আপুনি দেখোন সদায় মাৰ লগত কথা পাতিয়ে থাকে, আজি মোৰ লগতে পাতকচোন৷

বুঢ়ীয়ে মাণিকৰ ঘৈণীয়েক বাসন্তীলৈ এপলক চালে৷ সঁচাকৈয়ে আগ্ৰহ প্ৰকাশ কৰিছেনে বুঢ়ীৰ কথা শুনিবলৈ! তাৰপিছত বাসন্তীলৈ চাই ক’লে,

: মোৰ কথাবোৰ তহঁতৰ দৰে আজিৰ যুগৰ বোৱাৰীয়ে ক’তনো ভাল পাবি৷ নালাগে দে যাওঁ মই৷

: আপুনি কেনেকৈ ভাবিব পাৰিলে মই বেয়া পাম বুলি? কওক মোৰ শুনিবলৈ মন গৈছে৷ ৰ’ব তাৰ আগতে চাহ অকণ কৰি আনো৷

বাসন্তীয়ে অনা গাখীৰ চাহটোপা খায়, বুঢ়ীয়ে তামোল এখন চকলিয়াই মুখত ভৰাই কথা আৰম্ভ কৰিলে,

: মোৰ বুজিছ এই গোটেই পথাৰখন ছন পৰি থকা দেখি বুকুখন ফাটি গৈছে অ’৷ এনেকুৱা দিনত আগতে ঘৰখনৰ সকলো মানুহে পথাৰৰ কাম কৰিছিল৷ চাকৰিয়ালকেইটায়ো পুৱা সোনকালে উঠি কামলৈ যোৱাৰ আগলৈকে পথাৰৰ কাম কৰিহে গৈছিল৷ ঠিক তেনেকৈ স্কুল-কলেজলৈ যোৱা ল’ৰা-ছোৱালীয়েও৷ আৰু এই গৰমৰ বন্ধৰ দিনকেইটাত খেতিৰ ভৰপক নহয়জানো, সেয়েহে সম্পূৰ্ণ খেতিত মনোযোগ দিছিল। মুঠৰ ওপৰত কাম কৰি খোৱাত আমাৰ ৰাইজৰ লাজ নালাগিছিল৷ কিন্তু আজি চাচোন কি দিন আহিল? স্কুল-কলেজলৈ বা চাকৰি কৰাকেইটা নালাগে ঘৰতে এনেই ধদুৱা কোবাই থকা কেইটায়ো খেতিলৈ পিঠি দিলে৷ খেতি কৰিবলৈ লাজ লগা হ’ল। তাৰোপৰি বাৰী-ঘৰত বতৰৰ শাক-পাত এডাল নলগাই। তাঁতশালত ঘূণে ধৰিলে। বিহুৱে-পৰবে ঢেঁকীৰ মাত নাই৷ পাৰোঁনে চকুৰ আগতে অসমীয়াৰ এনে পতন চাই থাকিব? পাৰোঁনে মুখেৰে নমতাকৈ থাকিব?

ইমানবোৰ উত্তেজিত কথা কৈ বুঢ়ীয়ে ফোঁপাইছিল। বাসন্তীয়ে কুহুমীয়া গৰম পানী এগিলাচ আনি বুঢ়ীক খাবলৈ দিলে৷ খাইহে বুঢ়ী অলপ শান্ত হ’ল। এইবাৰ বাসন্তীয়ে বুঢ়ীক কৈ গ’ল,

: আপোনাৰ কথাবোৰ মই উপলব্ধি কৰিছোঁ আইতা। আজিৰ পৰা দহ পোন্ধৰ বছৰৰ আগলৈকে আমিও পথাৰৰ কাম পুৰা কৰিছিলোঁ৷ লাহে লাহে সহজলভ্য বণুৱাৰ আগমন হৈ গাঁৱে-ভুঁঞে সোমাই পৰিল৷ সিহঁত সাংঘাটিক কৰ্মী৷ আমাৰ দহটা মানুহে এটা দিনত কৰিব নোৱাৰা কাম সিহঁতৰ দুটা মানুহে কৰিব পাৰে৷ মানে চাওক আমাৰ বাবে কঠিয়া তুলিবলৈ বেলেগ মানুহ, পথাৰলৈ কঠিয়াৰ ফেৰাবোৰ নিবলৈ বেলেগ মানুহ আৰু ৰুবলৈ আকৌ বেলেগ মানুহ৷ কিন্তু এইচাম বণুৱা একেবাৰে পাকৈত বুজিছে৷ একেদিনাই দুটা বণুৱাই কঠিয়া তুলি পথাৰলৈ কঢ়িয়াই সাত আঠ বিঘা মাটি ৰুই শেষ কৰে৷ গতিকে সেই বণুৱাৰ আগমনতে প্ৰথম আমাৰ মানুহবোৰ সোৰোপা হ’বলৈ আৰম্ভ কৰিলে৷ দ্বিতীয়তে আগতে মানুহৰ কামৰ লাজ নাছিল৷ পিচে পৃথিৱীখন আজিকালি হাতৰ মুঠিত হ’ল৷ মানে এই ম’বাইল ফোনটো হোৱাৰ পাছত ৰঙ-বিৰঙৰ পৃথিৱীখন দেখি পোৱা হ’ল৷ এতিয়া আৰু কোনে বোকা-পানীত লেটি লৈ সময় কটাবলৈ ভাল পাব! তৃতীয়তে সেই বণুৱাবোৰে চাপৰি অঞ্চলত ইমানবোৰ খেতি কৰে, বজাৰলৈ পইচা লৈ গ’লেই হ’ল৷ মোনা ভৰাই লৈ আহিব পাৰি। মিছামিছি বাৰীত কষ্ট কৰাৰ কি প্ৰয়োজন আছে কওক! চতুৰ্থতে তাঁতশালত কাপোৰ বৈ থাকি অবাবতে সময় অতিবাহিত কৰাতকৈ আমিবোৰে টিভিৰ ছিৰিয়েল চাই, ফেচবুক আৰু ৱাটচ্এপ কৰিবলৈহে ভাল লাগে৷ পঞ্চমতে উৎসৱ-পাৰ্বনে ঢেঁকী মাৰি কলাফুলৰ বিষ তোলাতকৈ আজিকালি সকলো বস্তু কিনিবলৈ পাইয়ে দেখোন৷ গতিকে কিয়নো কষ্ট কৰি মৰিব লাগে৷ আইতা এইখিনিৰ ওপৰিও আৰু সুবিধা চাওক৷ চৰকাৰে আমাক কষ্টকৰ জীৱন অতিবাহিত নকৰিবলৈ বহুতো সুবিধা দিছেই, তেনে ক্ষেত্ৰত কিয় কষ্ট কৰি থাকিম বাৰু! এক টকাতে চৰকাৰে চাউল দিছে, থাকিবলৈ ঘৰ বনাই দিছে, মলত্যাগ কৰিবলৈ পাইখানা সাজি দিছে, পোহৰত থাকিবলৈ ফ্ৰী লাইটৰ ব্যৱস্থা কৰি দিছে, খৰিৰ জুই জ্বলাব নালাগে গেছৰ ব্যৱস্থা কৰি দিছেই, খেতি কৰোঁ বা নকৰোঁ ছয়হাজাৰ টকা দিছে। গতিকে আমাৰ জীৱন এতিয়া নদন-বদন, কিয় ফাল্টু কাম কৰি নিজৰ জীৱন কৰোঁ সমাপন! অ’ আৰু এটা কথা মানে পথাৰ এইবাৰো সেউজীয়া হ’লহেঁতেন কিন্তু কি সেইযে এন.আৰ.চি নে কিবা সেইখনৰ ভয়ত হেনো বণুৱাবোৰ নাহিলে এইবাৰ৷ চাওকচোন কিমান বেয়া কথা হৈছে সেইবোৰ কৰি, আমাৰ পথাৰ সেউজীয়া কৰাৰ মানুহ নাই আজি!

বুঢ়ীৰ বাসন্তীৰ কথাবোৰ শুনি মূৰটো ঘূৰাবলৈ ধৰিলে৷ বাসন্তীয়ে আৰু কিবাকিবি কৈছিল পিচে বুঢ়ীৰ শুনিবলৈ ধৈৰ্য্য নাথাকিলে৷ কোনোমতে লাখুটিডালত ভৰ দি উঠিল, তাৰপিছত লাখুটিডাল টোঁৱাই বাসন্তীক ক’লে,

: তহঁতৰ এই ধ্যান ধাৰণাৰ বাবেই অসমীয়া জাতিটো তল যাব চাই থাক৷ সেই বণুৱাবোৰে তহঁতক অগ্ৰাসন কৰি আগবাঢ়ি যাব৷ তহঁতৰ ভৃত্যই তহঁতকে ভৃত্য কৰিব। জোঁৰ পুৰি হাত পালেহি৷ জাগ্ৰত হ’ ঐ জাগ্ৰত হ’৷

লৰক-ফৰক, দুৰ্বল খোজেৰে অসন্তুষ্ট বুঢ়ী ঘৰ পালেহি৷ সেইদিনাই বাটেৰে আহি থাকোঁতে বুঢ়ীয়ে এটা পণ ল’লে৷ কি জানেনে? নাজানে! শুনক, মানে মাতি থাকিলেও বুঢ়ীয়ে আজিকালি একো নুশুনে আৰু নিজে শুনি নাপায় বাবে বুঢ়ীয়ে কথাও নকয়৷

☆★☆★☆

2 Comments

  • হেমন্ত কাকতি

    বৰ চিন্তনীয় বিষয়ত অসন্তুষ্ট বুঢ়ী৷

    ভাল লাগিল অঞ্জলী

    Reply
  • ৰাজীৱ শৰ্মা

    কথাখিনিয়ে ভবাই তুলিলে।

    Reply

Leave a Reply

Your email address will not be published.