ফটাঢোল

অসমীয়া প্ৰবাদ -প্ৰবচন, ফঁকৰা-যোজনাত হাস্য-ব্যঙ্গ ভাবৰ প্ৰকাশ-শাশ্বতী শৰ্মা

অসমীয়া ভাষাৰ আপুৰুগীয়া সম্পদ হ’ল, প্ৰবাদ-প্ৰবচন আৰু ফঁকৰা-যোজনা৷ লোক সাহিত্যৰ অমূল্য সম্পদ এই প্ৰবাদ-প্ৰবচন আৰু ফঁকৰা-যোজনাৰ বুকুতেই  ৰক্ষিত হৈ আছে অসমীয়া জনজীৱনৰ শতিকাযোৰা জ্ঞানৰ মণি-মুকুতা৷ প্ৰবাদ-প্ৰবচন বা যোজনা শব্দ ইংৰাজী Proverb ৰ প্ৰতি শব্দ হিচাপে ব্যৱহাৰ কৰা যায়৷ ড° নবীন চন্দ্ৰ শৰ্মা দেৱে ‘লোক সংস্কৃতি’ গ্ৰন্থত এইবোৰক স্থিৰীকৃত বাক্ বৈশিষ্ট্য(Fixed -Phrase geners) আখ্যা দিছে৷ প্ৰবাদবোৰ সংক্ষিপ্ত হয়৷ এইবোৰ মানুহৰ বুদ্ধি নিষ্ঠা পৰম্পৰাগত উক্তি৷ সমজাতীয় ঘটনাৰ ৰিজনি দিবলৈ প্ৰবচন ব্যৱহাৰ কৰা হয়৷ এই ক্ষেত্রত প্ৰবচনবোৰত আমাৰ জ্ঞানৰ ভঁৰাল, নৈব্যক্তিক সম্পত্তি ৰৈ গৈছে৷

হিন্দী ভাষাৰ ফক্কৰ শব্দৰ অৰ্থ ধেমেলীয়া কথা কোৱা লোক৷ ফক্কৰে কোৱা কথা ফঁকৰা বুলি অনুমান কৰিব পাৰি বুলি বিজ্ঞজনে কৈ আহিছে৷ প্ৰবাদ-প্ৰবচন, ফঁকৰা-যোজনা এটা শ্ৰেণীৰেই৷ ফঁকৰাৰ অৰ্থ সহজতে বুজিব নোৱাৰি৷ ইয়াৰ গভীৰ অৰ্থ থাকিলেও শুনোতে ধেমেলীয়া যেন লাগে৷ এইবোৰ লোকসমাজৰ বুদ্ধিদীপ্ত উক্তি৷ অতীজতে অসমীয়া সমাজত অনাখৰী মানুহৰ মাজত প্ৰবাদ-প্ৰবচন, ফঁকৰা-যোজনাৰ ব্যৱহাৰ অধিক আছিল৷ এইবোৰে হাঁহিৰ খোৰাক যোগোৱাৰ উপৰিও জ্ঞান বুদ্ধিৰো পৰিচয় দি আহিছে৷

অসমীয়া জনজীৱনত বহুত প্ৰবাদ-প্ৰবচন, ফঁকৰা -যোজনা প্ৰচলিত হৈ আহিছে (বৰ্তমান লুপ্তপ্ৰায়), তাৰে মাত্র কেইটামান প্ৰকাশৰ প্ৰয়াস কৰা হ’ল৷

সমাজত কিছুমান মানুহ আছে এনে দেখুৱাই যেন তেওঁহে সকলো ৰীতি-নীতি, নিয়ম জানে৷ মুখত কটকটীয়া ৰীতি ভিতৰি সোলোক-ঢোলোক৷ বাহিৰত বৰলোক ঘৰলৈ গ’লে একোতো নাই, তেনে লোকৰ বাবে ব্যঙ্গ কৰি কোৱা প্ৰবচন

আগফালে মাৰো দাং

পাছফালে ঢোপাং পাং||

আগফালে চুৰিয়াৰ ফেৰ

পাছফালে ঢকুৱাৰ বেৰ||

কিছুমান বিয়াৰ উপযুক্ত ছোৱালীয়ে চাবলৈ ল’ৰা আহিবনে নাহে সেয়া নজনাকৈয়েই সুন্দৰকৈ সাজি কাচি ৰৈ থাকে, আনক দেখুৱাই এনেকৈ ধুন-পেচ মাৰি থকা ব্যক্তি বিশেষক ব্যঙ্গ কৰি কোৱা প্ৰবচন,

আহক বা নাহক বৰ

সেওঁতা ফালি মৰ||

কেতিয়াবা আকৌ সাজি-কাচি সুন্দৰী হৈ থাকিলেও সেয়া আদৰহীন হৈ পৰে৷ তাকো ব্যঙ্গভাৱে কোৱা হয়  ফঁকৰাৰে,

সাজি কাচি ওলালোঁ

নগাই নিয়ক বুলি

সিও নগাই এৰি গ’ল

মাজ ডিঙৰীয়া বুলি||

কোনো ধৰণৰ সম্পৰ্ক নথকা মানুহৰ লগত যেতিয়া বহুত ঘনিষ্ঠ হয় তেতিয়া তেওঁলোকৰ মাজত সম্পৰ্ক কি তাক লৈ দুই চাৰিৰ মাজত আলোচনা কৰি সম্পৰ্ক যে একো নাই সেইটো ৰগৰ কৰি ফঁকৰাৰে কোৱা হয়,

আইৰ মাকৰ তাই

ধীতেইৰ মাকৰ সতিনাকৰ মিতিনাকৰ বাই||

অন্য এটা,

এলেকৰ ভায়েক পেলেক

কুকুৰ চানাৰ ভাগিনীয়েক

মেকুৰীচানাৰ মোমায়েক||

ঘৰবিলাকত যেতিয়া তিৰোতা মানুহ বেছি হয় তেতিয়া ঘৰৰ কাম-বনৰ কিছু খেলি মেলি হয়৷ এগৰাকী পতিৰ দুই বা তিনিগৰাকী তিৰোতা থাকিলে সেই পতিয়ে সময় মতে ভাত সাজো খাবলৈ নাপায়গৈ৷ তেনে প্ৰসঙ্গত কোৱা যোজনা হাস্য-ব্যঙ্গাত্মক ৰসেৰে সিক্ত হৈ আছে,

এক তিৰীয়া লোদোৰ-পোদোৰ

দুই তিৰীয়া গাঁতৰ এন্দুৰ

তিনি তিৰীয়াই নাপায় ভাত

চাৰি তিৰীয়াৰ মূৰত হাত||

সমাজত দেখা যায়, কিছুমান মানুহৰ ঘৰত বয় বস্তু  একোৱেই নাই, ফিতাহি মাৰি কথা কোৱা অভ্যাসটো  কিন্তু নেৰে, কামতো যেন সিদ্ধ হস্ত, তেনে লোকৰ মুখৰ কথাত হাঁহিৰ সমল পোৱা যোজনা,

কি নাই ঘৰত, কি খোজোঁ পৰত

কুঠাৰেদি মাছ বাছোঁ পৰত পৰত||

বহুত লোক আছে কোনো গুৰুত্বপূৰ্ণ কথাক সময় মতে গুৰুত্ব নিদি পিছত অপ্ৰাসঙ্গিকভাৱে গুৰুত্ব দিয়ে৷ কিছুমানে আকৌ বহুত দিন আগতে ঘটা ঘটনা মনত পেলাই দুখ কৰে, আনক দেখুৱাই, তেতিয়া তেনে লোকক উদ্দেশ্যি হাস্য-ব্যঙ্গ ফঁকৰা এটি কোৱা হয়,

কলীয়াবৰত পৈয়ক মৰিল

ঢেঁকী দিওঁতে মনত পৰিল||

অন্য এটা,

সিদিনাই মৰিল ঢেঁকুৰী

আজি কান্দিছে ফেঁকুৰি||

গৃহস্থৰ ঘৰত কোনোধৰণৰ আপ্যায়নৰ ব্যৱস্থা নাই, নাইবা আলহীৰ প্ৰতি কোনো আগ্ৰহ নাই, অথচ আলহীৰহে উথপ-থপ গৃহস্থৰ ঘৰলৈ যোৱাৰ৷ তেনে প্ৰসঙ্গত ৰগৰ কৰি কোৱা ফঁকৰা,

গৃহস্থৰ নাই কাণ সাৰ একো

অতিথিৰহে হেঁকো-হেঁকো||

কোনো কাম কাজ নোহোৱাকৈ কিছুমান মানুহে  মুখত দাড়ি-গোফ ৰাখি, কঁপালত চন্দনৰ ফোঁট লৈ ধাৰ্মিক হৈ ফিটাহি মাৰি ঘূৰি ফুৰে৷ তেনে চাম লোকক কোৱা ব্যঙ্গত্মক ফঁকৰা,

চাকৰি নাই বাকৰি নাই

গোফ ভৰা মুখ

জলৰ লগত সম্বন্ধ নাই

ৰঙা চন্দনৰ ফোঁট||

দাংকোপ মাৰি ঘূৰি ফুৰা তেনে চাম লোকৰ আকৌ কথাৰ কোনো যুক্তিও নাথাকে, সাহসো নাথাকে৷ তেনেলোকৰ প্ৰসঙ্গত কোৱা হাস্যৰস যুক্ত ফঁকৰা,

চোতালে চোতালে ফুৰোঁ মই

বাঘে খায় যি খাওক

ঘিঁউ-মৌ খাওঁ মই

দেহা যায় যি যাওক||

চোতালে চোতালে ফুৰিছে বাঘে খালেও আপত্তি নাই, সেইদৰে নিজৰ দেহাৰ কথাও নাভাৱে কিন্তু ঘিঁউ-মৌ খাই আছে৷

কেতিয়াবা কিছুমান কথা নিজৰ অজ্ঞতাৰ বাবে ভুল হৈ যায় বা প্ৰকৃত বস্তুটো চিনি নাপাই তাক ভুল কৰা হয়৷ তেনে প্ৰসঙ্গত কোৱা ফঁকৰাবোৰে হাঁহিৰ সমল দিয়ে৷

জালকে বুলিলে জকাই

আন্ধাৰে মুন্ধাৰে চিনিব নোৱাৰি

পৈয়েকক বুলিলে ককাই||

অন্য এটা,

শালকে বুলিলে শিঙি

আন্ধাৰে মুন্ধাৰে চিনিব নোৱাৰি

পৈয়েকক বুলিলে ভিনিহ||

এজনে আনজনৰপৰা কিবা বস্তু বিচাৰিলে ওভতাই তেওঁতহে বিচাৰিব খুজিছিল কোৱা কথাটো ফঁকৰাৰে ক’লে ৰস পোৱা যায়,

তোৰ মুখ ফেদ্-ফেদ্

মোৰৰ মুখ বাহী

তোৰ ফালে চালে মোৰ উঠে হাঁহি||

লজ্জাবোধ নকৰা মানুহে যি কোনো কামেই কৰিব পাৰে, অপমানবোধ নকৰে৷ যি দৰে জোকৰ চকু নহ’লেও যাব পাৰে, কেঁকোৰাৰ মূৰ নহ’লেও তেনেকৈয়েই বাচি থাকে, বাদুলিয়ে মুখেৰেই ভাল বেয়া সকলো কাম কৰিব পাৰে৷ হাস্য ব্যঙ্গভাৱে কোৱা ফঁকৰা,

নিলাজৰ লাজ নাই

কেঁকোৰাৰ মূৰ নাই

জোকৰ চকু নাই

বাদুলিৰ টিকা নাই||

কিছুমান তিৰোতা আছে অতি আলসুৱা, যেনেকৈ লাজুকী লতা (পৈ আদেৰী বন) চুই দিলেই জয় পৰি যায়৷ তেনে আলসুৱা তিৰোতাক কোৱা ব্যঙ্গাত্মক ফঁকৰা,

পৈ আদেৰীৰ বাটত ঘৰ

পৈয়েকক দেখিলে উঠে জ্বৰ

ঠিক সেইদৰে কিছুুমান তিৰোতা আছে কামলৈ  অতিপাত ভয়, মিছাতে বেমাৰৰ ভাও ধৰে৷ তেনে ভাওযোৰা তিৰোতাৰ বেমাৰৰ বৃত্তান্ত দিয়া  ফঁকৰা ফাঁকিয়েও ৰস দিয়ে,

ভৰিত ভোট গুটি

আঁঠুত লেং

চুলিৰ আগত কঁটাই বিন্ধিছে

পাতিব নোৱাৰে ঠেং||

ভৰিত ভোট গুটি বা জ্বৰ-কাহ; আঁঠুত পানী লগা; চুলিৰ আগত কাঁইটে বিন্ধাৰ বাবে ভৰি পাতিব নোৱাৰে৷ এনে অসম্ভৱ কথাৰে বেমাৰৰ ভাও ধৰে বুলি ব্যঙ্গ কৰা হয়৷

কিছুমান মানুহে কামতকৈ কথা বেছি কয়৷ দাংকোপ মৰা কথা কৈ সমাজত জহাবলৈ যোৱা এই চাম মানুহৰ উদ্দেশ্যে কোৱা ফঁকৰা,

ফোপ জহি ৰঙাই

এডোন চাউলৰ পিঠাগুৰি খুন্দি

সাতখন গাঁৱক জহায়||

যোগ্যজনে পাবলগীয়া সুবিধাখিনি কেতিয়াবা নাপায় বা সেই সুবিধাৰপৰা বঞ্ছিত হ’বলগীয়া হয়৷ অযোগ্যজনে আকৌ যোগ্যজনে নোপোৱাখিনি পাবলৈ বা তাতকৈয়ো অধিক পাবলৈ বিচাৰিলে ৰসালভাৱে কোৱা ফঁকৰা এটি,

ভাল ভাল বা বৰ বৰ ঘোঁৰাই নাপায় ঘাঁহ

বটুৱা ঘোঁৰাই বিচাৰে কলামাহ||

নিজৰ তিৰোতা গৰাকী কুৰূপা হ’লেও গিৰীয়েকৰ বাবে ধুনীয়া ৰূপৱতী৷ আনহাতে নিজৰ বয় বস্তু বেয়া হ’লেও সেয়া সদায় উৎকৃষ্ট বুলি ভবা হয়৷ তেনে ফঁকৰাই আমাক হাস্যৰস দি আহিছে,

মাজ মূৰত নাই চুলি

পৈয়েকে মাতে ৰূপহী বুলি||

তেনে অৰ্থতে কোৱা অন্য এটা,

ভাল ৰাস্তা ঘূৰাই হওক

নিজৰ তিৰী বুঢ়াই হওক||

তাহানিৰেপৰা সমাজত কিছুমান বস্তু আজি পৰ্যন্ত এলাগি বুলি গণ্য কৰি অহা হৈছে৷ কোনবোৰ বস্তু বেয়া তাক যোজনাৰ জৰিয়তে কৈ বিশেষ ৰসাস্বাদন কৰা যায়৷ তেনে এটি যোজনা,

মাছৰ লাউপতি, কুৰ্মাৰ শালপতি

বাঁহৰ ঘন গাঁঠি, ছাগলীৰ ক’লী পাঠী

তিৰী সৰুমুৱা, ঘূমেটিৰ বৰেত পুৱা||

গিৰীয়েক ঘৈনীয়েক দুয়োজনৰে স্বভাব চৰিত্র একে, তেনে অৰ্থত কিছুমান যোজনা কোৱা হয় যে গিৰীয়েকৰ স্বভাবো বেয়া চুৰি কায্যত পাকৈত; ঘৈনীয়েকেও লুকাই চুৰিকৈ খোৱা লোৱা কৰে৷

যোৰো যোৰ পাভ যোৰ

তায়ো হাড়িত খাইতি

সিও গৰু চোৰ||

ৰুগীয়া গিৰীয়েকৰ কথা চিন্তা নকৰি কিছুমান তিৰোতাই নিজে ধুন-পেচ মাৰি গা ঘেলাই ফুৰি ভাল পায়, তাকে ৰগৰ কৰি কোৱা যোজনা,

লাহেতী মৰে লাহত

পৈয়েক মৰেই ঘুগুৰীয়া কাহত||

বৃদ্ধ বয়সত বিয়া পাতিলে মানুহক খোৱা লোৱাৰ কথাৰে আকৰ্ষণ কৰি মাতিবলৈ চেষ্টা কৰা হয়৷ কাৰণ সেই সময়ত বিয়া পাতিবলৈ লাজ পায়, সেয়ে ফঁকৰা ফাঁকিৰে মতা হয়,

লোধেই পোধেই বিয়াক যাবি

বুঢ়া বয়সত বিয়া পাতিছোঁ

ডিঙিলৈকে খাবি||

সমাজত কিছুমান ধনী মানুহ আছে অতি কৃপণ৷ তেওঁলোকে কিন্তু সাধাৰণ শ্ৰেণীৰ মানুহৰ আগত দম্ভালি মাৰি কথা কয়, নিজে সদায় ওপৰত থাকিবলৈ বিচাৰে৷ তেনে দাম্ভিকতাৰে দিয়া যোজনাই হাঁহিৰ খোৰাক যোগায়,

হাত ডাঙৰ ডাঙৰ

ভৰি ডাঙৰ ডাঙৰ

ডাঙৰ মানুহৰ জী

একঠোক তামোলে মুখখন নভৰে

এখন তামোলনো কি||

কাম কাজত মন নকৰি দিন ৰাতি বিছনাতে পৰি থকা এলেহুৱা লোকক ব্যঙ্গ কৰি কোৱা ফঁকৰা এটি,

হাঁহে কৰে খেত্ খেত্

কাউৰীয়ে পাৰে ডিমা

বুৰী হাঁহিনী উমনি ধৰিছে

চানাৰ নাই সীমা||

কিছুমান অকাজী লোকৰ কামৰ নমুনাক ব্যঙ্গ কৰি কোৱা যোজনা,

হাতত পিন্ধে মণিমালা

গলত পিন্ধে খাৰু

পিঠাগুৰিত হাল বায়

দলিচপৰাৰ লৰু||

অসমীয়া ভাষাত, লোকসমাজত এনেধৰণৰ প্ৰচলিত অসংখ্য প্ৰবাদ প্ৰবচন ফঁকৰা-যোজনা সিঁচৰিত হৈ আছে, যিবোৰ লোকজীৱনত বেদৰ বাণী স্বৰূপ হৈ আছে৷ বৰ্তমান  সামাজিক জীৱন ধাৰাৰ পৰিবৰ্তনৰ লগে লগে  মানুহৰ কথা-বতৰা, ভাৱ-ভংগী আদিৰো পৰিবৰ্তন হৈ আহিছে, সেয়ে এই হৃদয় চুই যোৱা, হাস্য-ব্যঙ্গ ৰসেৰে চপ্ চপীয়াহৈ থকা প্ৰবাদ-প্ৰবচন আৰু ফঁকৰা-যোজনাবোৰ জীয়াই ৰাখিবলৈ চেষ্টা কৰা উচিত৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.