ফটাঢোল

অসমীয়া বিজ্ঞান নাটকৰ এটি চমু আভাষ-ড° চাহিন জাফ্ৰি

সাম্প্ৰতিক নাট্য সাহিত্যৰ ভিতৰত এক উল্লেখযোগ্য নাট্যধাৰা হৈছে বিজ্ঞান নাটক৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাসমূহক জনসাধাৰণৰ মাজত জনপ্ৰিয় কৰি তোলাৰ প্ৰচেষ্টাৰে এচাম নাট্যকাৰে বিজ্ঞান নাটক সৃষ্টি কৰিছিল৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ৰমবৰ্ধিত ব্যৱহাৰৰ বাবে জনসাধাৰণক আকৰ্ষিত কৰি তুলিবলৈ হ’লে ব্যাপক, কাৰ্যদক্ষ আৰু ধাৰাবাহিক প্ৰচাৰৰ প্ৰয়োজন আছে৷ এনে প্ৰচাৰৰ অন্যতম কাৰ্যদক্ষ আৰু আকৰ্ষণীয় সাধন হ’ল নাটক৷ ইয়াকেই আমি বিজ্ঞানভিত্তিক নাটক, বিজ্ঞানৰ নাটক বা চমুকৈ বিজ্ঞান-নাট বুলি ক’ব পাৰোঁ৷ এই নাটকসমূহক কল্পবিজ্ঞান নাটক বুলিও কোৱা হয়৷ বৈজ্ঞানিক চিন্তা-চৰ্চাক কল্পনাৰ ৰঙেৰে সজাই তোলাৰ বাবেই কল্পবিজ্ঞান নামাকৰণ কৰা হৈছিল বুলি ভাবিব পাৰি৷ অসমীয়া কল্পবিজ্ঞান নাটক ৰচনাৰ প্ৰথম প্ৰয়াস দেখা গৈছিল নাট্যকাৰ অৰুণ শৰ্মাৰ স্থাৱৰ [১৯৫৬] নাটকখনত৷

ইয়াৰ পাছতেই শ্যামা প্ৰসাদ শৰ্মাই দেৱতাৰ অন্যৰূপ [১৯৯৯], মমতাৰ মহাকাব্য, মিলিজুলি মিতিৰালি, মথাউৰি, বিশ্বাস, ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে, মাটিয়ে উচুপে মাটিয়ে বিনায়, পানীয়ে জীৱন, দোমোজা আদি বিজ্ঞান নাটকৰ ৰচনা কৰে৷ ইয়াৰ বাহিৰেও দীনেশ চন্দ্ৰ গোস্বামীয়ে শিশু আৰু কৈশোৰক অভিনৱ পন্থাৰে বিজ্ঞান শিক্ষা দি কেইবাখনো বিজ্ঞান নাটক ৰচনা কৰিছে৷ তাৰ ভিতৰত পৰিব্ৰাজক [১৯৭৪], বিজ্ঞাপন-বিজ্ঞাপন [১৯৮৪], এক তৰংগৰ দৰে, আলস্য, আলফা স্পন্দন, নিস্পৃহ [১৯৭৬], আশ্বৰ্য [১৯৯৭], উত্তৰণ [১৯৯৭] সংযোগ [১৯৯৭] ৰবট বিজয় [১৯৮৬]৷ আকাশবাণী গুৱাহাটী আৰু ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰপৰাও নাটককেইখন প্ৰচাৰিত হৈছে৷ সুশীল গোস্বামীয়ে মন গুহাৰ আন্ধাৰত নামৰ  এখন সফল বিজ্ঞান নাটক ৰচনা কৰে৷ সাংকেতিক [১৯৮৮] নামেৰে অন্য এখন সফল সাংকেতিক নাটক ৰচনা কৰে অমৰজ্যোতি চৌধুৰীয়ে৷

অৰুণ শৰ্মাৰ স্থাৱৰ নাটকখনৰ জৰিয়তে বিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰ উন্নয়নে চিৰসেউজ পৃথিৱীলৈ ভৱিষ্যতে আনিব পৰা ভাবুকিক বুজাবলৈ যত্ন কৰা হৈছে৷ যান্ত্ৰিক পৰিৱৰ্তনৰ ফলত সৌৰজগতৰ বিভিন্ন গ্ৰহ আৰু বিজ্ঞানৰ আণৱিক শক্তিৰ অপপ্ৰয়োগে আনিব পৰা ধ্বংস আদিক নাটকখনত ঠাই দিয়া হৈছে৷

বিজ্ঞানৰ অৱদানসমূহে মানৱ সমাজলৈ অনা পৰিৱৰ্তনকেই মূল হিচাবে লৈ শ্যামাপ্ৰসাদ শৰ্মাৰ দেৱতাৰ অন্যৰূপ নাটকখন ৰচিত হৈছে৷ সেইদৰে মূলতঃ ৰাষ্ট্ৰীয় পৰিৱেশ সম্পৰ্কীয় নীতিসমূহ জনতাৰ ওচৰ চপাই দিয়াৰ উদ্দেশ্যেৰে তেওঁৰ ‘শেষ আশ্ৰয়’ নাটকখন, শিশুৰ পৰিৱেশ সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ বাবে ‘মিলিজুলি-মিতিৰালি’ নাটকখন, বন ধ্বংসই আমাৰ মাজলৈ মাতি আনিব পৰা প্ৰাকৃতিক দুৰ্যোগক ভিত্তি কৰি ‘মমতাৰ মহাকাব্য’ নাটকখন আৰু সাধাৰণ মানুহক ধৰ্মৰ ভয় দেখুৱাই সমাজৰ একশ্ৰেণীৰ লোকে কেনেদৰে বিশ্বাসৰ নামত নিজৰ স্বাৰ্থ সিদ্ধি কৰি আহিছে তাৰ প্ৰকাশেৰে ‘বিশ্বাস’ নাটকখন ৰচনা কৰা হৈছে৷

দীনেশ চন্দ্ৰ গোস্বামীৰ ‘পৰিব্ৰাজক’ নাটকখনৰ যোগেদি এটা বৈজ্ঞানিক সম্ভাৱনা বাস্তবায়িত কৰাৰ চেষ্টা কৰা হৈছে৷ মৃত্যুৰ লগে লগে এটা পৰিপক্ব মন চিৰদিনৰ বাবে হেৰাই যায়নে? তাৰ লগে লগে সকলো শেষ হৈ যায়নে? অথবা অতীতৰ বুকুলৈ ওভতি গৈ আমাৰ পৰম আপোন মৃত ব্যক্তিসকলক লগ কৰিব পাৰিনে? আদি চিন্তা-চৰ্চাক নাটকখনত প্ৰাধান্য দিয়া হৈছে আৰু এনেবোৰ সন্ধানৰ মাজেৰেই নাটকখনৰ নায়ক ৰঞ্জন আৰু সহযোগী গৱেষিকা মালবিকা অতীত সন্ধানত ব্যস্ত হৈছে৷ ফলত ৰঞ্জনে এদিন অশৰীৰ শক্তিৰ নৰ অংশ হৈ অতীতত বিচৰণ কৰি ফুৰিবলৈ ধৰিলে৷ এনে এটা জটিল নাট্য কাহিনীৰে ‘পৰিব্ৰাজক’ নাটকখনে পাঠক-শ্ৰোতাক আকৰ্ষিত কৰিবলৈ সক্ষম হয়৷

বিজ্ঞাপনদাতা কোম্পানী এটাৰ অভিনৱ কৌশলৰ ফলত নগৰৰ প্ৰধান অঞ্চলত আঁৰি দিয়া বিজ্ঞানৰ ফলকবোৰ নগৰবাসীৰ বাবে কেনেকৈ বিপৰ্য্যয়ৰ কাৰণ হৈ পৰিল তেনে এক বিষ্ময়কৰ কাহিনীৰে দীনেশ চন্দ্ৰ গোস্বামীৰ ‘বিজ্ঞাপন-বিজ্ঞাপন’ নাটকখন ৰচিত হৈছে৷ তেওঁৰ নিস্পৃহ নাটকখন ৰচিত হৈছে মানুহৰ মস্তিষ্কৰ দুখৰ অনুভূতি নোহোৱা কৰিব পৰাৰ এক বিশেষ তত্ত্বক কেন্দ্ৰ কৰি৷ বিজ্ঞানৰ শেহতীয়া আৱিস্কাৰে আমাৰ জীৱন যাত্ৰা সহজ কৰি তোলাৰ ফলত নৱপ্ৰজন্মই অতীতৰ দিনবোৰৰ কথা আৰু অতীত প্ৰজন্মই পুৰণি ঐতিহ্যক সংস্কৰণ কৰাৰ প্ৰচেষ্টাত অভিভূত হোৱাৰ বিষয়বস্তুৰে গোস্বামীৰ ‘আৰ্য’ নাটকখন ৰচিত হৈছে৷

কম্পিউটাৰ নেটৱৰ্কে ঘৰ, অফিচ, খেলা-ধূলা, সমাজ-ব্যৱস্থা আদি সকলোতে আনি দিয়া অদ্ভূত পৰিৱৰ্তনৰ চিত্ৰৰে ‘উত্তৰণ’ নাটকখন, ভৱিষ্যতৰ দিনবোৰৰ সম্পৰ্কে সজাগ কৰি তোলাৰ চিন্তাৰে ‘সংঘাত’ নাটকখন, মানুহৰ জীৱন যাত্ৰাৰ পৰিৱৰ্তনে মনোজগতৰো পৰিৱৰ্তন ঘটোৱাত বিভ্ৰান্ত হৈ পৰা নায়কৰ কথাৰে ‘সংযোগ’ নাটকখন আৰু ৰবট আৰু মানুহৰ মাজৰ অন্তৰায়ৰ কথাৰে ‘ৰবট বিজয়’ নাটকখন ৰচনা কৰা হৈছে৷

সুশীল গোস্বামীৰ ‘মন গুহাৰ অন্ধকাৰত’ নাটকখনৰ মূল বিষয়বস্তু হৈছে মানুহৰ মনৰ মাজত লুকাই থকা হিংসাত্মক প্ৰবৃত্তিৰ ৰূপায়ণ৷ হিংস্ৰতা মানৱ প্ৰকৃতিৰ এটা অংশ হিচাপে উপলব্ধি কৰি এক কৰুণ পৰিণতিৰ মাজেৰে নাটকখনৰ কাহিনীৰ অন্ত পৰিছে৷

অমৰজ্যোতি চৌধুৰীৰ ‘সাংকেতিক’ নাটকখনত বিজ্ঞানৰ নতুন আহিলা আৰু তথ্য-প্ৰযুক্তিৰ উৎকৰ্ষ সাধনৰ লগতে বিয়োগাত্মক দিশবোৰৰ বাবে বিপদাপন্ন হোৱা ৰূপটোক তুলি ধৰিব বিচৰা হৈছে৷ অৰ্থাৎ ভাইৰাছৰ জৰিয়তে বিপদাপন্ন হ’ব পৰা ভৱিষ্যৎ সম্ভাৱনাৰ দিশটোক দৃষ্টিগোচৰ কৰোৱাই নাটকখনৰ মূল উদ্দেশ্য আছিল৷ নাটকখনত বিজ্ঞানৰ লগত সম্ভাব্য কল্পনাক যুক্ত কৰাৰ লগতে চৰিত্ৰৰ মনঃসমীক্ষাত্মক উপস্থাপনেৰে কাহিনীক আগবঢ়াই নিয়া হৈছে৷ এনে নাটকে বিজ্ঞানক জনপ্ৰিয় কৰি তোলাৰ লগতে অসমীয়া নাট্য সাহিত্যৰ প্ৰসাৰতো সহায় কৰিছে৷

☆ ★ ☆ ★ ☆

2 Comments

  • পঙ্কজ বৰুৱা

    ভাল লাগিল জানি এনে নাটক সমূহে বিজ্ঞানক সাধাৰণ মানুহৰ মাজত জনপ্ৰিয় কৰাত সহায় কৰিব, বিজ্ঞান অপবিজ্ঞানৰ মাজৰ পাৰ্থক্য বুজিব, অন্ধবিশ্বাসৰ ঠাইত বৈজ্ঞানিক মনস্কতাই স্থান পাব ৷

    Reply

Leave a Reply

Your email address will not be published.