ফটাঢোল

অসমীয়া বিয়াৰ ইতিহাসত হয়তো কেতিয়াও নঘটা ঘটনাটো। কেতিয়াও নিলিখা কথাবোৰ-অসীমা শইকীয়া দত্ত

আগৰ বিয়াবোৰত, দিনটো কামত লাগি, গধূলিলে পানী জাৰটো লৈ, নৰমনিচৰ পৰা আঁতৰি বহা জীৱকেইটাই, দৰা আহোঁতে বেছি নাচে। আমাৰ বাইদেউৰ বিয়াত তেনেকুৱা পাঁচটামান, দাদাৰ লগৰ দুটামান, বাকী গাঁৱৰ দুটামান, গেট দিয়াৰপৰা কইনাৰ মৰল বনোৱালৈকে সৱ কৰি দিয়া কেইটাই গধূলিলৈ গাৰ বিষ মৰাৰ দৰৱ খাই মিল মিলকে হাঁহি, সৱৰে খা-খবৰ লৈ ফুৰিছে। এটাই জেনেৰেটৰ মাততো নেৰিব্বা বুলি নাচোঁতে, ৰভাতলত টোপনিয়াই থকা আমাৰ সত্ৰৰ পেহীৰ পুতেকটো লুটি খাই পৰিছিল। দে’তাৰ ফাই, ইহঁতে পালে ক’ত খাবলে। আজি সৱ পণ্ড কৰিব।

বাৰ বিয়াৰ বেণ্ডপাৰ্টিটোৰ, “তু চিজ বৰীহে মস্ত মস্ত” গানত, সিহঁতৰ নাচোনত বিয়াঘৰ দুফালফাল।  ভিতৰত সৱৰে চিন্তা, এই চিজ বৰী হে কেইটাক দৰা অহাৰ আগে আগে কেনেকে আঁতৰোৱা যায়। সকলোতকৈ  বেছি খং উঠিছে পেহীৰ পুতেকৰ। তাৰ সত্ৰত ফিল আছে। সত্ৰৰ আধা ভকত উঠি আহিছে বিয়াখনলে। কম লাজ পাইছেনে সি। সত্ৰৰ পেহীৰ পুতেকৰ সখীয়েকটো এনেই মামাৰ জীয়েকৰ ভয়ত আঁতৰি ফুৰিছে, তাতে লম্ভিল এইকেইটা। ‘আতৈ নাচোঁ আহক’ কে চিঞৰাৰ মহতত  সি দৌৰি তৎ পোৱা নাই। এপাকত সি ভিতৰতে তাপ মাৰি ৰওঁ বুলি ধুতিখন কিবা কায়দাত মেৰিয়াই  জুপুকা মাৰি বহি আছে কইনাৰ মৰল সজোৱা কোঠাৰ চুকত অকলে। মূৰটো আঁঠুত গুজি হয়তো শুইছিল আতৈ। তাতে গৈ……:

: হৌ অউউ মুন, তই কেলে উচুপি আছ তেনেকে,  আমি কেনেকে থাকিম তই কান্দিলে। অলপ পিছতে লোকৰ হবিগে। তোক ধৰি কান্দিবলে পোৱাই নাই…

বুলি জঁপটিয়াই ধৰিলেগৈ মামাৰ জীয়েকে। তাই ৰূমটোলে আহিছিল চেলেং চাদৰ নিবলে। তাই বগৰাই পেলালে আতৈক। আতৈৰ মূৰতো সমুলঞ্চে হেঁচা খাই আঁঠুৰ ভিতৰত সোমাই, বগা চুৰীয়াৰে, সঁচলে থোৱা কোমোৰাটোৰ দৰে বাগৰি ফুৰিছে। তাই মূৰ উলিয়াই ক’বলে চান্সেই দিয়া নাই আতৈক। মই হঠাৎ ওলালোঁগৈ তাত। আতৈয়ে বিশেষ আসনত মানে হেঁচাসনত পৰি থকাৰপৰা, ভৰিৰ তলেৰে মোক দেখি কৈছে,

: এই হেৰামজাতিজনীক আঁতৰাই নে, মই তাতকে মদাহি কেইটাৰ লগতে নাচোঁগে ঐ বালক। কি পাগলৰ জাত এইটো তহঁতৰ।

মই গৈ ধৰি ক’লোঁগৈ,

: ঐ বুলু বা, মুন বা নহয়তো এইজনী। আতৈ হে এয়া।

তাই চক খাই…উৱৱ নহয় নি, অলপ আন্ধাৰ চুকটোত বহি আছে, মই আকৌ মুনে বগাকে মেইন চেটতো পিন্ধি কান্দি আছে বুলিহে।

আতৈ উঠি লৈ ৰূদ্ৰ ৰূপত,

: এইক যদি তহঁতে বান্ধি নথৱ, মই এতিয়াই ৰভাতল ত্যাগ কৰিম। কি পাষণ্ড দুৰাচাৰ মাইকী। মোৰে ডিঙিটো এই কেলে পাই এই অকল কান্দিবলে।আকৌ গা ধুই মৰালে মোক। সিফালে দৰা আহিবৰ হ’ল।

আমি দুজনী পলালোঁ তাৰপৰা, আতৈৰ খঙত। সিফালে ৰভাতলত নাচ তুংগত, গৰি হে কা লাৰিয়াত পাঁচোটা মদাহিয়ে ৰভাতল লৰাই আছে। দাদাই বুজাইও আঁতৰাবপৰা নাই। খুৰাই বেণ্ডপাৰ্টিটোক বিদায় দিলে, হ’ব আজিলে, হোমৰ কাম আৰম্ভ হ’ব অলপ পিছত এইবোৰ নবজাবিহঁত। সিহঁতেও বন্ধ কৰি, বজোৱা সঁজুলি থৈ খাবলে গ’ল খোৱা ৰূমলৈ। মদাহি পাঁচটাই সিহঁতে নবজাই যদি আমি বজাম বুলি সিহঁতৰ সঁজুলিবোৰ দাঙি ধৰিলে। দেতাই ৰ’ব নোৱাৰিলে, জাককে খেদি নিলে, বেয়া পালেও পা অশনজাতিহঁত বুলি।

পিচে আচল কেচটো ঘটিল পিছফালে! বেণ্ডপাৰ্টিৰ এটাই লেট্ৰিন কৰিব লাগিছিল বাবে, নিজৰ ৰং বিৰঙী মস্ত মেক্সি টাইপৰ সাজটো খুলি, পিছফালৰ ৰছীতে থৈ, লেট্ৰিনত সোমাইছিলগৈ। তাতে বহি আছিল আগৰেপৰা পেহীৰ পুতেকৰ সখীয়েকটো। সি হুক লগোৱা নাছিল ভিতৰৰপৰা, ডাইৰেক্ট বেণ্ডপাৰ্টিয়ে দুৱাৰ খুলিলত, মুখামুখী হোৱা আতৈৰে, দুই ফালৰপৰা এটাই কেতেহ  চিঞৰ। কোন ঐ এইটো!

শব্দৰ কম্পনাঙ্কত লেট্ৰিন উৰোঁ উৰোঁ।

সিফালে, দৰা অহাৰ আগে আগে গা পা ধুই সাজিব কাচিব লাগিব বুলি,  চাইদৰ বাথৰূমত গা ধুই থকা মামাৰ জীয়েকে সিহঁতৰ চিঞৰত মেথনিৰেই পিছফালৰ ডাংডালৰপৰা কাপোৰ লৈ মুধচত পিন্ধিছেগে।

বচ, তাৰপিছৰখিনি, শইকীয়া ঘৰৰ বুলিয়ে নহয় অসমীয়া বিয়াৰ বুৰঞ্জীত এক অলিখিত অধ্যায়! লাইটৰ পোহৰত মাথো, দুফালে দুটা দৃশ্য চাই মানুহ বাগৰিছে, এই কেচ হ’ল কেনেকে! বেণ্ড পাৰ্টিৰ মানুহটোৱে পিন্ধিছে মামাৰ জীয়েকৰ দীঘল  ফ্ৰকটো। আৰু তাই পিন্ধি হাজিৰ হৈছেহি, ড্ৰেচিং আইনাৰ ৰূমত বেণ্ডপাৰ্টিৰ মস্ত হোলোঙা মেক্সী টাইপৰ ড্ৰেছটোৰে, সোনবৰণীয়া নীলা, তাত ৰঙা চেক চেক  ড্ৰেছটোৰে।

খুৰাৰ জীয়েকে কৈছে,

: তই বেণ্ডপাৰ্টিত জইন কৰিলি কেতিয়া?

বেণ্ডপাৰ্টিৰটোক দেখি অহা এটাই তাইক চাই সুধিছে,

: তহঁতৰ এই মহা মিলন কেতিয়া!

দেতা ৰূমটোতে আছিল, সকলো দেখি শুনি কৈছে,
: ঐ নাতেশৰী তয়ে বেণ্ড পাৰ্টিয়ে মদৰ খোলাত অৱশিষ্টকণ মাৰি এই ৰূপ ল’লি নেকি? আজি মোৰ ঘৰত বিয়াখন হৈ যাবলে দিবিহঁতনে? নে কইনাক আগবঢ়াই লৈ যাওঁ… আধা বাটতে দৰা আগচি, গাড়ীত বহুৱাই ঘূৰাই পঠাম।

তিতা মূৰটো জোকাৰি জোকাৰি, ৰূমলে সোমাই অহা পেহীৰ পুতেকৰ সখীয়েকৰ এটাই প্ৰাৰ্থনা,

“যাদৱৰায়, সোনকালে ৰাতিটো পুওঁৱা, মই যাতে দৰাতকৈও আগত যাবগৈ পাৰোঁ বহালে।

মামাৰ জীয়েকক পিছফালৰপৰা চাই সি চোঁচা মাৰি গ’ল,

: মোক লেট্ৰিনত বহাৰো শান্তি নিদিয়াটোক কোনে ইয়ালে মাতি আনিছে।

মামাৰ জীয়েকে উভটি,

: মোৰ চোলাটোৰ কি হ’ব বুলি… হিয়ালি-জিয়ালীকৈ কান্দিছে।

আতৈয়ে তাইক চাই,

: তোৰ কি হ’বয়ে মেইন, এই দশা কেনেকে হ’ল,
বুলি পৰি পৰি হাঁহিছে!
 তেনেতে বিহুৰ ঢোলৰ মাত, দৰা পালেহি। সৱ তেনেকৈয়ে দৌৰিল, লগতে মামাৰ জীয়েকো।

☆ ★ ☆ ★ ☆

6 Comments

  • কমলা দাস

    ঠিকচে হাঁহিলো পঢ়ি😂😂😂

    Reply
  • Abhijit Goswami

    কি যে হব 🙄🤣🤣ভাল লাগিল বা

    Reply
  • Rimjhim Borthakur

    হাঁহিছোহে আৰু…

    Reply
  • হেমন্ত কাকতি

    মজা লাগিল অসীমা৷

    Reply
  • উত্তম নেওগ

    ভাল লাগিল পঢ়ি । বেণ্ড পাৰ্টিৰ মানুহ টোক চাবলৈ মন থাকিল ।

    Reply
  • দীক্ষিতা

    চিঞৰি চিঞৰি হাঁহিব হে পাৰিছোঁ আৰু

    Reply

Leave a Reply

Your email address will not be published.