ফটাঢোল

অসমীয়া ব্যংগ সাহিত্যৰ বিষয়ে অলপ কথা – মনোহৰ দত্ত

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া ব্যংগ সাহিত্যলৈ যি অৰিহণা আগবঢ়াই গ’ল, সেয়া আজিও সজীৱ হৈ আছে। তথাপি ‘অসমীয়া ব্যংগ সাহিত্য’ৰ দিশটো সবল নহয় বা বৰ্তমান সময়ত ইয়াৰ বিশেষ আৰু সঠিক চৰ্চা দেখা নাযায়। ফলত ঐতিহ্যপূৰ্ণ ধাৰাটোৰ পৰাও অসমীয়া পাঠক আঁতৰি গৈছে৷ ভিন্ন কাৰণত ‘ভোকেন্দ্ৰ বৰুৱা’ৰ দৰে তীক্ষ্ণ গল্প আজি নাই৷ এই স্থৱিৰতাক আমি কিদৰে গতিশীল কৰিম, সেয়া এক জটিল প্ৰশ্ন। এতিয়া বিষয়টো এনে পৰ্যায় পালেগৈ যে ব্যংগ সাহিত্য আচলতে কি – তাৰ সৈতে আমাৰ পৰিচয় নোহোৱা হৈ পৰিল৷ অ’ত, ত’ত ব্যংগ ৰচনা বুলি কিছু ৰচনা পোৱা যায় যদিও, কৃপাবৰ বৰুৱাৰ ধাৰাটো আমি আগুৱাই নিব পৰা নাই বা তেনে আলোচনাও হোৱা দেখা নাযায়। অসমীয়া ভাষাত ব্যংগ সাহিত্যৰ যি আলোচনা হৈছে, তাৰ ভিতৰত ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ গবেষণামূলক গ্ৰন্থ ‘Humour and Satire in Assamese Literature’ উল্লেখযোগ্য। অৱশ্যে এই গ্ৰন্থখনো বজাৰত পাবলৈ নাই।

সাহিত্যৰ অন্যান্য বিভাগসমূহৰ বিষয়ে আলোচনাৰ কিতাপ অসমীয়া সাহিত্যত আজিও প্ৰকাশ হৈ আছে। কিন্তু ‘ব্যংগ সাহিত্য’ৰ বিষয়ে আলোচনামূলক গ্ৰন্থ এখন পাবলৈ নাই। ফলত নতুনচামৰ মাজত ‘ব্যংগ সাহিত্য’ৰ প্ৰয়োজনৰ বিষয়টো এলাগী হৈ পৰিছে। আনকি বিশ্ববিদ্যালয় পৰ্যায়ৰ পাঠ্যক্ৰমৰ কাৰণেও এনে আলোচনামূলক গ্ৰন্থৰ অভাৱ দেখা যায়। যাৰ ফলত বাংলা বা ইংৰাজী সাহিত্যৰ গ্ৰন্থকেই নতুনচাম গবেষক ছাত্ৰী-ছাত্ৰই সমল পুথি হিচাপে ব্যৱহাৰ কৰে বা গুগলকেই সাৰথি কৰি লয়। এনে প্ৰেক্ষাপটত আমাৰ ‘আখৰুৱা : literati’ গোটৰ হাস্য-ব্যংগ শিতান ‘বিহলঙনি’ প্ৰকাশ হোৱাৰ সময়ৰে পৰা আমি এনে গ্ৰন্থৰ সন্ধান কৰিবলৈ লওঁ। তেনে সময়তে আখৰুৱাৰ মাননীয় সদস্য ড° খগেশ সেন ডেকাই ‘কুৰি শতিকাৰ অসমীয়া ব্যংগ গল্প সংকলন’ শীৰ্ষক গ্ৰন্থ এখনৰ বিষয়ে আমাক অৱগত কৰে। কিন্তু দুখৰ কথা যে এই গ্ৰন্থখনো বজাৰত পাবলৈ নাই। উল্লেখ্য যে কুমুদ গোস্বামী আৰু ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যই সম্পাদনা কৰা এই সংকলনখনৰ এগৰাকী সম্পাদক কুমুদ গোস্বামীৰ ইতিমধ্যে মৃত্যু হৈছে। আমি বহুদিন চেষ্টা কৰি ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হওঁ যদিও তেখেতৰ হাতত মাত্ৰ এটা কপিহে আছে বুলি তেখেতে আমাক জনায়। আমাৰ উদ্দেশ্যৰ বিষয়ে জানি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰত কিতাপখন বিচাৰি চাবলৈ তেখেতে আমাক পৰামৰ্শ দিয়ে। সেইমতে ‘কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰ’লৈ গৈ আমি উক্ত গ্ৰন্থখন পাবলৈ সক্ষম হওঁ আৰু গ্ৰন্থাগাৰত থকা একমাত্ৰ কিতাপখনৰ প্ৰতিলিপি কৰি আনিবলৈ আমি সুযোগ পাওঁ।

কুমুদ গোস্বামী আৰু ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যই সম্পাদনা কৰা ‘কুৰি শতিকাৰ অসমীয়া ব্যংগ গল্প সংকলন’ শীৰ্ষক গ্ৰন্থখনৰ বিষয়ে, নতুনচাম ব্যংগ-সাহিত্যৰ চৰ্চা কৰিব বিচৰা লেখিকা-লেখকৰ কাৰণে প্ৰসংগক্ৰমে উল্লেখ কৰিব বিচাৰিছোঁ৷ গ্ৰন্থখনৰ ‘ভূমিকা’ত যিখিনি কথা সন্নিবিষ্ট হৈছে তাৰ জড়িয়তে অসমীয়া ব্যংগ সাহিত্যৰ ধাৰা সম্বন্ধে সুস্পষ্ট ধাৰণা পোৱা যায়৷ দীৰ্ঘদিনীয়া অধ্যয়ন আৰু শ্ৰমৰ ফচল এই গ্ৰন্থত শঙ্কৰদেৱ – মাধৱদেৱৰ পৰা লক্ষ্মীনাথ বেজবৰুৱাৰ উপৰিও ত্ৰৈলোক্য নাথ গোস্বামী, মহিম বৰা, পদ্ম বৰকটকী, শীলভদ্ৰ, সৌৰভ কুমাৰ চলিহা আদিৰ ব্যংগ-সাহিত্যৰ বিষয়ে আলোচনা আগবঢ়াইছে৷ সেয়ে উক্ত ‘ভূমিকা’ৰ পঠনৰ জড়িয়তে আমি ব্যংগ-সাহিত্যৰ এক ধাৰণা পাম৷ উদাহৰণ স্বৰূপে ‘ভূমিকা’ত লিখিছে – “বেজবৰুৱাৰ লিতিকাই, চিকৰপতি নিকৰপতি, নোমল, পাচনি, কৃপাবৰ বৰবৰুৱাৰ ওভতনি, কাকতৰ টোপোলা আৰু ভাবৰ বুৰবুৰনিয়ে অসমীয়া মানুহৰ নিস্প্ৰাণ ওঁঠত হাঁহিৰ সঞ্চাৰ কৰিলে৷ তেওঁৰ ব্যংগৰ অস্ত্ৰ আছিল ছুইফটৰ অস্ত্ৰৰ দৰে ক্ষুৰধাৰ৷ তেওঁৰ চানেকি আছিল চাৰ্লছ ডিকেন্সৰ ‘পিক্ৱিক পেপাৰ্ছ’৷ ৰচনাৰ তীক্ষ্ণতা আৰু প্ৰাচুৰ্যৰ ফালৰ পৰা বেজবৰুৱাই ব্যংগৰ লেঞ্চেটখন সুনিপুণ চিকিৎসকৰ দৰে ব্যৱহাৰ কৰিছে৷ ৰচনা শৈলীৰ ফালৰ পৰাও কৃৃপাৱৰী স্পিৰিটৰ এক মৌলিকতা আছে৷ সমাজৰ বুদ্ধিমত্তা আৰু ৰাজনৈতিক বিকাশৰ লগে লগে সেই সমাজত হাস্য ৰসৰ সংজ্ঞা তথা আবেদনৰ সালসলনি ঘটে৷ ইংৰাজী সাহিত্য-সমাজতো আজি ‘পিক্ৱিক পেপাৰ্ছ’ৰ আবেদন নাই৷ তেনেদৰে বেজবৰুৱাৰ কৃপাৱৰী হাস্যৰসতো আজিৰ অসমীয়াই তৃষ্ণা নিবাৰণ কৰিব নোৱৰে৷ কিন্তু, ডিকেন্সৰ ব্যংগৰ আবেদন যুগজয়ী হৈ থকাৰ দৰে কৃপাবৰৰ ব্যংগৰ আবেদনো অদ্যাৱধি জীৱন্ত হৈ আছে৷ কৃপাবৰী ব্যংগত অসমীয়া কাঁহুদি-খাৰলিৰ সোৱাদ আছে৷ য’ত খাৰনি-পানী সৰহকৈ পৰিছে তাতে ইয়াৰ চোক বাঢ়িছে৷ কৃপাবৰৰ ছেটায়াৰিক স্পিৰিট এই খাৰনি-পানীয়ে নিৰূপিত কৰিছে৷” – এনেদৰেই বিশ্বৰ ব্যংগ-সাহিত্যৰ পৰা, অসমীয়া ব্যংগ-সাহিত্যলৈ যি বিশ্লেষণ গ্ৰন্থখনৰ ভূমিকাত আগবঢ়াইছে, তাৰ জড়িয়তে ব্যংগ-সাহিত্যৰ ধাৰণা পাব পাৰি৷

উল্লেখ্য যে গ্ৰন্থখনত সন্নিবিষ্ট ব্যংগ গল্পসমূহ হ’ল ক্ৰমে – ভোকেন্দ্ৰ বৰুৱা / লক্ষ্মীনাথ বেজবৰুৱা, স্বৰ্গ দুৱৰী গোবৰ্ধন দেউ আতা / হেমচন্দ্ৰ বৰুৱা, লাভ লোকচান / মহীচন্দ্ৰ বৰা, ভৱিষ্যৎ / হলীৰাম ডেকা, গবেষণাৰ গজালি / ত্ৰৈলোক্য নাথ গোস্বামী, বিপদ ভঞ্জন / ড° জগদীশ চন্দ্ৰ মেধি, লালুক গাঁৱৰ কুকুৰ / কীৰ্ত্তিনাথ হাজৰিকা, জৰাসন্ধা নহয় জোৰাফন্দ / নৱকান্ত বৰুৱা, এটা নিৰ্বাচনী ভাষণ / পদ্ম বৰকটকী, গান্ধীটুপী বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন / তিলক হাজৰিকা, কেইটামান অন্ধ মূহুৰ্ত / চৈয়দ আব্দুল মালিক, ফুলগুৰীয়া চেধা / কুমাৰ শ্ৰীমধুসুদৰ্ণ, বালিভোজ / ড° ভবেন্দ্ৰ নাথ শইকীয়া, গোলাম / সৌৰভ কুমাৰ চলিহা, কৃষি গৌৰৱ / ড° লক্ষীনন্দন বৰা, মানী ব্যক্তি / শীলভদ্ৰ, শকুণি / চন্দ্ৰ প্ৰসাদ শইকীয়া, পেন্সিল কটা মেচিন / নাৰায়ণ বৰপূজাৰী, কুকুৰা ঠেঙৰ হাড়় / মহেন্দ্ৰ বৰঠাকুৰ, ৰাজনীতি / ড° প্ৰণৱজ্যোতি ডেকা, সভাপতি শৰ্মাৰ বক্তৃতা / ৰিজু হাজৰিকা, নিৰ্জিভ / আনন্দ গোস্বামী, দাম / হৰেন্দ্ৰ কুমাৰ ভূঞা, নিচা / অৰুণ গোস্বামী, লখিমী স্কীম / নলিনী শৰ্মা, পানী হিলৈ / জ্ঞান পূজাৰী, মুখা / যমুনা শৰ্মা চৌধুৰী, মৰা কাউৰী / বিজয় শংকৰ শৰ্মা, নৰ্দমা চাফাই / মদন শৰ্মা, এক এগুণ এক / উদায়াদিত্য ভৰালী, আজিৰ মহাত্মা / কুমুদ গোস্বামী, চৰকাৰী কলম / ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য৷ এনেদৰে লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যলৈকে মুঠ যি ৩২টা গল্প গ্ৰন্থখনত প্ৰকাশ হৈছে, সিবোৰৰ পৰা অসমীয়া ব্যংগ গল্পৰ এটা সুস্পষ্ট ধাৰণা আমি পাব পাৰোঁ৷ যিয়ে আমাক অসমীয়া ব্যংগ গল্পৰ ধাৰাটোৰ সৈতে পৰিচয় কৰি দিব পাৰে আৰু তেনে পঠনৰ জড়িয়তেহে আমি সঠিক দিশত ব্যংগ গল্পৰ চৰ্চা আগুৱাই নিব পাৰিম৷ অন্যথা অসমীয়া ব্যংগ গল্পৰ চহকী ধাৰাটো স্তব্ধ হৈ ৰ’ব৷ আশা কৰোঁ নতুন চাম লেখিকা-লেখকে নতুন এক সৃষ্টি কৰ্মৰ কাৰণে, এনে গ্ৰন্থ অধ্যয়নলৈ গুৰুত্ব প্ৰদান কৰিব৷

এনে পৰিস্থিতিত ‘Humour and Satire in Assamese Literature’ আৰু ‘কুৰি শতিকাৰ অসমীয়া ব্যংগ গল্প সংকলন’ শীৰ্ষক গ্ৰন্থ দুখনৰ পুনৰ প্ৰকাশ জৰুৰী হৈ পৰিছে। কাৰণ, এই দুয়োখন গ্ৰন্থৰ অধ্যয়ন কৰিলেহে নতুন চাম লেখিকা-লেখক আৰু পাঠকসকলে ‘হাস্য-ব্যংগ সাহিত্য’ সম্বন্ধে সঠিক ধাৰণা পাব পাৰিব৷

☆★☆★☆

2 Comments

  • Moon Moon Sarkar Saikia

    হাস্য ব্যংগৰ লগত জড়িত সাহিত্যৰ প্ৰয়োজনীয়তাৰ ওপৰত আগবঢ়োৱা উপযোগী লিখনি এটা পঢ়িবলৈ পালোঁ।

    Reply
  • Moon Moon Sarkar Saikia

    মনোহৰ দালৈ ধন্যবাদ।

    Reply

Leave a Reply

Your email address will not be published.